Saturday, August 20, 2011

তোলৈ...

সুৰেৰে সজোৱা এটা গান আছিলি,
তই বৰষুণ...!
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি,
তই বৰষুণ...!

পাহাৰখন খহাই দি ৰং বুটলিলি,
তই বৰষুণ...!
নদীখনক বাউলী কৰি ধেমালি কৰিলি,
তই বৰষুণ...!

পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা,
তই উন্মাদ বৰষুণ।

হ’ব জানো পাৰিবি চিৰমধুৰ,
তই ডাৱৰৰ কান্দোন...???

Tuesday, August 16, 2011

স্বাধীনতা দিৱসৰ চিঠি

প্ৰিয় অৰূপ সমীপেষু,

দূৰণিবটীয়া মৰম গ্ৰহণ কৰিবি | আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত তোৰ মঙ্গল |

ভাগৰুৱা চহৰখন এতিয়া লেবেজান হৈ শুইছে | কিনকিনীয়াৰ টিপ্‌টপ্‌ শব্দই জগাব পৰা না‍ই চহৰ, নিচুকাব পৰা না‍ই মোৰ চকু | এতিয়া নিঃশব্দতাৰ সময় | নিঃশব্দতাৰ বুকুত গুজি আছোঁ ম‍ই শব্দ, চিঠিৰ ভাঁজত | পোহৰে পূৱত ভুমুকি মৰাৰ আগতেই যে শেষ কৰিব লাগিব শব্দ গুজাৰ কাম ! সুৰুজ জ্বলিলেই স্বাধীন হোৱাৰ ভয়ত কম্পিত হ’ব শব্দ ! গিৰিম...গাৰাম...গুৰুম !!! স্বাধীন দেশত ভয়ংকৰ শব্দৰ অবাধ বিচৰণ |

অৰূপ, তোৰ বাৰু এবাৰো মন নাযায়নে স্বকীয় ঘৰখনৰৰ খবৰ এটা ল’বলৈ ? ঘৰত তোৰ সকলোৰে মঙ্গল দে | দুবছৰ আগতে তোৰ বিধৱা মা স্বাধীন হৈছিল যদিও ঘৰত সকলোৰেই মঙ্গল দে | যৌতুকে তোৰ ভনীয়েৰক জ্বলালে যদিও তাইৰ শহুৰেকৰ ঘৰত আটাইৰে কুশল দে | তোৰ মেধাৱী ভায়েৰেও সন্ত্ৰাসবাদীৰ ভুৱা নাম পালে যদিও তাৰ নথি-পত্ৰবোৰ এতিয়াও সযতনেই সাঁচি থোৱা আছে তাৰ বৰপেৰাত | ইখনৰ পিছত সিখন টেবুলত পেঞ্চনৰ নামত অপমান বুটলিব যোৱা তোৰ দেউতাৰৰো মঙ্গলেই আছিল কেইবছৰমান আগলৈকে | মহাজনৰ মুঠিত তোৰ প্ৰেমিকাই সতীত্ব হেৰুওৱালে যদিও মহাজনৰ ঘৰত সকলোৰে কুশল দে | বানপানীয়ে প্ৰায়েই স্নান কৰালেও তোৰ গাঁওখনো কুশলেই আছে দে, চিন্তা নকৰিবি ত‍ই |

পৰ্দা ঠেলি সোমা‍ই আহিছে পোহৰ | কেইমুহূৰ্তমান পিছতেই সাৰ পাব স্বাধীনতা দিৱস | মোৰ দেহেৰে গিৰিম-গুৰুম শব্দ স্বাধীন নহ’লে ঠিকেই লিখি থাকিম চিঠি তোলৈ, চিন্তা নকৰিবি ত‍ই | তোৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ ম‍ই আশা কৰা বুলি নাভাবিবি | নেদেখাজনৰ কৃপাত তোৰ মঙ্গল বুলিয়েই ধৰি লৈছোঁ ম‍ই |

চিঠিখন ম‍ই ডাকত নিদিওঁ | ওক এডাল ৰুইছোঁ | তাৰেই ঠানি এটিত গুজি দিম বুলি ভাবিছোঁ | ওকজোপা এদিন ওখ হ’ব | চিঠিখন নি চিলনীক দিব | চিলনীয়ে মেঘক দিব আৰু মেঘেই তোৰ বতৰা ল’ব |


ইতি
তোৰ মৰমৰ
স্বাধীন দেশৰ এজন পৰাধীন নাগৰিক



১৪ আগষ্ট
গুৱাহাটী


পুনশ্চঃ- কোনোবা এটা স্বাধীনতা দিৱ্সত ত‍ই স্বাধীন হৈছিলি জীৱনৰ পৰা | পৰাণ ত্যাগী অৰূপ হৈছিলি ত‍ই | ভুৱন ক’কা, বিজিত খুৰাৰ কোলাত থকা দুবছৰীয়া টিক্‌লু, সদ্যবিবাহিত বিভোৰ, জিতুৰ বাবে "চেৰেলেক" কিনিবলৈ যোৱা পুটুলি পেহী আদি জীৱনৰ পৰা স্বাধীন হোৱা অৰূপসকলৰ যাকেই লগ পাৱ নজনোৱাকৈ নাথাকিবি ত‍ই...স্বাধীনতাই আজি ভয় কৰে স্বাধীনতা দিৱসলৈ যদিও দেশখন কুশলেই আছে দে |

Monday, August 8, 2011

সংকীৰ্ণ ভৱিষ্যত: কুলদীপ মেধি

নৰাণিৰ মাজেদি খোজকাঢ়িলে ভৰি কাটে
কটা ঘাঁত চূণপানী
আইচু-বাইচু কৰিলেই মৰম নুবুজায়
আগলি কলপাতত কাউৰীয়ে কলমলায়
লহপহকৈ ফুলিছিল ফুলনিত কতনা
ফুলৰ ঠেঙুলিত বিছা, পাতত বিছা
আনকি পাহিতো বিছা...

খহুৱা বুকু
খৰে খোৱা পিঠি
ৰ’দৰ উত্তাপত বৈ পৰা
চকুহালি
এতিয়াচোন একো নমনি
আই, পোহৰৰ বাট কেনি !

Thursday, August 4, 2011

তোমালৈ…

তোমাৰ হিয়াৰ বুলনিত খোজ দিব দিয়া এবাৰ
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবাচোন কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি সপোনৰ ৰূপালী আভা।

হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম
গুটিমালি ফুলবোৰৰ কথা...
Related Posts Plugin for WordPress, Blogger...