Tuesday, January 31, 2017



ধৰ্ম

পুৱাই উঠি টুথপেষ্টটোক সুধিলো
কি ধৰ্ম অ' তোৰ?
কোনে বনাইছে তোক
হিন্দু? ইচলাম? খ্ৰীষ্টান………?
স্নানাগাৰৰ চাবোন টুকুৰাক সুধিলো
কি চৰ্বিৰে তৈয়াৰি তই?
গৰু? গাহৰী?????
 দাপোন খনক সুধিলো
প্ৰতিফলিত কৰণে তই
পৃথক প্ৰতিবিম্ব,  পৃথক ধৰ্মীৰ?

আলনাৰ চোলাটোক সুধিলো
কোনে বা সী- ছে টোক?
সি বা কোন ধৰ্মৰ?

পথটোক সুধিলো
যাব পাৰেনে তোৰ ওপৰেৰে
সৰ্বধৰ্মৰ মানুহ?

পথটোৰ কাষৰ মন্দিৰ, মচজিদ, গীৰ্জা, গুৰুদ্বাৰা সকলোতে মূৰ দোঁৱালো
সিহঁতে  নোসোধিলে
"অই তোৰ ধৰ্ম কি?"

Wednesday, January 25, 2017

ছাকিৰা আহিব বকুল তলৰ বিহুলৈ

ছাকিৰা আহিব বকুল তললৈ

ছাকিৰা,
তই বকুল তললৈ আহিবি
বিয়পি পৰিছল খবৰ
বনজুইৰ দৰে
ইখন সিখন সাতো খন গাঁও ৷
তই আহিবি বুলি
আয়ে ভাজিছিল
বৰাধান হুৰুম
জেতুকা বুলাইছিল
গাঁৱৰ গাভৰু জাকে
তোৰ স'তে এপাক কঁকাল ভাঙি নচাৰ হেঁপাহত ৷
ধোঁৱা চাঙত তুলি থোৱা ঢোলৰ খোলাটো
দি আহিছিল মুচিয়াৰক
ৰং মন ককাইদেৱে ন-চাওনি চোৱাবলৈ
ওজা ঢোলৰ ৷
বতাহে বতাহে বিয়পিছিল খবৰ
ছাকিৰা আহিব
ছাকিৰা আহিব
বকুল তলৰ বিহুলৈ ৷
গাঁৱৰ ডেকা জুমে
চিকুনাই বকুলৰ তল
পাৰিছিল দলিচা
তোৰ বাবে ৷

ছাকিৰা
বকুল তলতচোন কোনোবা
বহিৰাগতই তৰিছে
তম্বু দেখুৱাবলৈ
অৰ্থ গৰ্বৰ যাদু খেল ৷৷

কলৈ আহিবি ছাকিৰা?
ক'ত নাচিবি বিহু কঁকাল ঘূৰাই??

সেই বুলিয়ে তই ককাইদেউক
কিয় লগাই দিলি সিহঁতৰ কথা
তেওঁ যে বৰ খঙাল
স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা
ককাইদেও জনৰ যদি খং উঠে
আৰু জ্বলাই দিয়ে বকুল তলৰ
বহিৰাগতৰ তামিঘৰা
লেৰেলি নাযাবনে তাৰ তাৰ তাপত
আমাৰ হেঁপাহৰ বকুল ৷

ছাকিৰা
তইতো দেখানাই লক্ষীপথাৰৰ আৰ্তনাদ
পোৱা নাই চৰাইপুঙৰ বাতৰি
তোৰ ককাইদেউক বিচাৰি যদি আকৌ আহে সিহঁত
সাৰ পাই চিঞৰিব এবাৰ
ভনীমাইৰ আত্মাই আকৌ

ছাকিৰা অ'
নেলাগে মাতিব তোৰ সূৰ্য সন্ধানী
ককাই দেওক
তই আমাৰ বুকুত আছ
আৰু তোৰ লগত আছে
জেতুকা বুলিয়া বুকুৰ উচাহ ৷

চাকিৰা
নাশিৱ লাগিব দুষ্কৃতি
সুন্দৰৰ মন্ত্ৰ আওঁৰাই
নে লাগে দে থক
খঙাল ককাইদেউক মাতিব
তই আছচোন আমাৰ হিঁয়াই হিঁয়াই
- বিনয় ২৫ জানুৱাৰী

Sunday, January 8, 2017

অসমীয়া ভাষা-গীত ইত্যাদি ৷৷

সংস্কৃতি বোৱতী নৈ ৷ ই গতি সলোৱাতো স্বাভাৱিক ৷ সেই দৰে ভাষাও ৷ ভাষাৰ জন্ম আছে বিকাশ আছে, মৃত্যু আছে ৷ মই অৱশ্যে
কোনো ভাষাবিদ নহও ৷ কলা শাখাৰ এজন সাধাৰণ স্নাতক ৷ ওজা ছাত্ৰও নাছিলো ৷ মধ্যমীয়া ৷ তথাপি আপোন ভাষাটো ভাল পাওঁ ৷
সংস্কৃতি ভাল পাওঁ ৷ সেইবাবেই মনলৈ কিছু কথা আহিছে ৷ ক'লৈ গৈ আছে অসমীয়া ভাষা? ভাষাৰ লগত যিহেতু সংস্কৃতিৰো ওতঃপ্ৰোতঃ সম্বন্ধ,  সেই বাবে ভাষাৰ আঁচলত ধৰি আওবাটে গতি কৰিছে নেকি অসমীয়া সংস্কৃতি? কিয় কৈছো বুজি পাইছে চাগৈ ৷
বৰ্তমান সময়ত অসমীয়া ভাষাত যিবোৰ গীত ওলাইছে, গীতবোৰত যিবোৰ শব্দৰ প্ৰয়োগ হৈছে - সেইবোৰ দেখি শুনি এই ভাৱ মনলৈ আহিছে ৷ অসমীয়া ভাষাটো ইমান দুখীয়া হ'ল নে যে ইংৰাজী,  হিন্দীৰ খিচিৰি নপকালে গীতৰ সৃষ্টি কৰিব নোৱাৰি?? কৈছো ভাষাৰ বিকাশ আছে ৷ "চচাৰ''ৰ সময়ত ইংৰাজী ভাষাটোত মাত্ৰ দহ হাজাৰ শব্দ আছিল ৷ যেতিয়া এসময়ত বৃটিচৰ বেলি ডুৱ নোযোৱাৰ অৱস্থাৰ সৃষ্টি হ'ল, গোটেই বিশ্বতে বৃটিচৰ আধিপত্য হ'ল
তেতিয়া বৃটিচ দখলিকৃত সৰু সৰু অঞ্চলৰ ভাষাৰ শব্দক ইংৰাজী ভাষাই সামৰি ল'লে ৷
বৰ্তমান ইংৰাজীৰ অক্সফোৰ্ড অভিধানত থকা শব্দৰ সংখ্যা 171,476 টা ৷ সেই দৰে "অৰুণোদয়" যুগৰ পৰা বিকশিত হৈ অসমীয়া ভাষাই আজিৰ অৱস্থা পাইছেহি ৷ অসমীয়া ভাষাটো অসমৰ খিঞ্জীয়া জাতি-জনগোষ্ঠীৰ নিজা ভাষা নহয় ৷ এসময়ত ই বৰ অসমৰ সকলো ৰাজ্যৰে সংযোগী ভাষা আছিল ৷
অসমীয়া ভাষাটো বিভিন্ন ভাষাৰ আমদানি ঘটিছে ৷ থলুৱা বড়ো, আহোম আদি ভাষাৰ দেধাৰ শব্দই অসমীয়া ভাষাত ঠাই পাইছে ৷
উদাহৰণ স্বৰূপে বড়োৰ "বৰদৈচিলা" আহোমৰ
সম্বন্ধ বাচৰ শব্দ যেনে - নিচাদেও, আপাদেও, এনাইদেও, পুথাও, ৰাজমাও, স্বৰ্গদেও আদি শব্দৰ ওপৰি বস্ত বাচক শব্দ কাৰেং,মাইহাং,ভোগজৰা, দৌল,হেংদাং ইত্যাদি ৷ সেই দৰে ৰুটি, পৰঠা, ৰসগোল্লা, চিংৰা,  কচৌৰী, চামুচ, আলমিৰা, কম্পিউটাৰ, কেলকুলেটৰ আদি শব্দবোৰ অসমীয়া ভাষাই জাতত তুলি লৈছে ৷ নহ'লে উপায় নাই ইয়াৰ প্ৰতি শব্দ অসমীয়াত কৰিলে বুজি পোৱাত অসুবিধা হ'ব ৷
     কিন্তু সেই বুলিয়েই বিহুৰ নামত বাৰে ভচহু
শব্দ কেইটামান সংযোজন কৰি আধুনিক বাদ্য যন্ত্ৰ সহিতে গাই দিলেই সি গ্ৰহণযোগ্য হ'ব - এনে কথা মানিবলৈ টান লাগে ৷ বিহুৰ ঐতিহ্য আছে ৷ বিহু গীতৰ সুকিয়া বৈশিষ্ট আছে ৷ সেইবোৰ ধোঁৱা চাঙত তুলি মুখত যি আহে তাকেই গালে বিহু বিহু হৈ থাকিবগৈ নে?
বহুতে ক'ব এইজন আওপুৰণি মানুহ,  সংৰক্ষণশীল মানুহ ৷ উত্তৰত ক'ম -
জাতীয় স্বাৰ্থত আমাক অকণমান সংৰক্ষণশীলতাৰো দৰকা আছে ৷ কৈছোৱেই মই ভাষাবিদ বা বিহুৰ গৱেষক নহও ৷ এজন মধ্যম শ্ৰেণীৰ সাধাৰণ স্নাতক ৷ মোৰ সীমিত জ্ঞানেৰে কথা খিনি ক'লো ৷ বাকী  ভাষা সংস্কৃতিৰ গৱেষক, পণ্ডিত, জাতীয় সংগঠন সমুহলৈ এৰিছো ৷ মোৰ মতে বিহু বা অসমীয়া আধুনীক গীতৰ ক্ষেত্ৰত এখন ' চেন্সৰ বৰ্ড'ৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ সুৰ যি কৰে কৰি থাকক ৷ কিন্তু প্ৰতিজন গীতিকাৰে গীত সমুহ এই 'চেন্সৰ বৰ্ড'ৰ দ্বাৰা  অনুমোদন কৰোৱাবই লাগিব ৷ এনে নিয়মৰ প্ৰৱৰ্তন নকৰিলে ভাষাৰ লগতে অসমীয়া সংস্কৃতিও যায় যায় ৷

বিনয় 8/2/2017
মদিৰাৰ ৰং

আপুনি সুৰাপায়ী???

হয় আপোনাকে সুধিছো
সুৰাপান কৰে নে আপুনি?
মাতাল হ'বলৈ
নে পাহৰাই ৰাখিবলৈ নিজক
মদৰ ৰাগীত?
নে সুৰাই পান কৰি পেলাইছে
আপোনাৰ জীৱনৰ সমষ্ট ৰং?

হয় আপোনাকে সুধিছো
শেতেলীত এৰি
নৱবিবাহিতা পত্নীক
গুছি যায় নে "বাইন বাৰ"
অথবা "বাইৰ গলি"লৈ??
ঢলং পলং খোজেৰে যেতিয়া
আপুনি ঢকিয়াই আপোনাৰ
শুৱনি কোঠাৰ দুৱাৰ
উৎকণ্ঠিত পত্নীয়ে
উচুপি উঠে নে নিৰৱে?
নিশাৰ বাবে পোহি ৰখা
তেওঁৰ প্ৰজন্মৰ সপোনবোৰ
আপোনাৰ অশ্লীল চিঞৰত
ভাগি পৰাৰ শেষত
আপুনি যেতিয়া কামনা পূৰ্ণকৰে তেওঁৰ স'তে
সেয়া বাৰু মিলন
নে বলাৎকাৰ?

হয় আপোনাকে সুধিছো
বিয়াৰ আগতে যে
প্ৰতিশ্ৰুতি দিছিল তেওঁক
"তোমাক পালে মই এৰিদিম
সমষ্ট নিচা-
মদ, চিগাৰেট, গুটখা…"

হেৰি কিয় পাহৰিছে আপুনি
তেওঁৰ সেওঁতাৰ ৰং
আৰু আপোনাৰ ৰঙীন পানীয়ৰ গিলাচৰ ৰঙৰ
সামঞ্জস্য আছে জানো

আপোনাৰ পানীয়ৰ গ্লাচত
বৰফৰ টুকুৰা গলা দি
তেওঁৰ যে সপোনবোৰ
চকুপানী হৈ গলিছে
আপুনি জানে জানো??
হেৰি
কিয় হেৰুৱাব খুজিছে
আপোনাৰ জীৱনৰ ৰং
সুৰাৰ ৰঙীন আৱেশত।
যি ৰং মিহলি হ'লে
নিস্তেজ হৈ পৰে
সেওঁতাৰ ৰঙা ৰং ?

হেৰি এবাৰ ভাবক
সেওঁতাৰ ৰং আৰু
পানীয়ৰ ৰং মিলাই
"কক্ টেল" নকৰিব
তাইৰ জীৱন ৷

কাৰণ তাই জীৱনক ভালপায়
যি জীৱনৰ স'তে
সাঙুৰ খাই আছে
আপোনাৰ কলিজাৰ ৰং

ৰঙীন সুৰা ঢালি ঢালি
এঙেৰুৱা কৰি নেপেলাব
আপোনাৰ কলিজা ৷

ৰং ভাল পাবলৈ শিকক
জীৱনৰ ৰং

( সদ্যোবিবাহিত এজন মাতাল বন্ধুৰ হাতত)
-বিনয় 6/1/17

Tuesday, December 27, 2016

চিঠিবোৰ ক'ত হেৰাল?

"প্ৰকৃতিৰ চ'ৰা ঘৰ
চালো পিত্ পিত্
কাউৰী ঠেঙীয়া সেই আখৰ কেটিত
যি অমিয়া ঘঁহা আছে
আৰু ক'তো নাই"
            হেমচন্দ্ৰ গোস্বামী
নাজিতৰা অ'
মই আজিও বাট চাও
ছাঁইৰঙী জীৰ্ণ চাইকেলত
বেতৰ বাস্কেটত ওলোমাই
বন্ধ খামত বুকুৰ উশাহ বিলাই ফুৰা
ডাকোৱাল জনলৈ

গাঁৱত থাকোতেই ভাল আছিল
সিকিটোৰ লুজেন গুটি কিনি দি
কণল'ৰাৰ হাততে পঠাব পাৰিছিলো
তোলৈ টোপনি খতি কৰি লিখা চিঠিখন ৷
ক'তবাৰ যে লিখিছিলো, ফালিছিলো
আকৌ লিখিছিলো…
পুনশ্চত লিখিছিলো
"আখৰ বেয়া বুলি নাহাঁহিবা ৷"

যিদিনা গাওঁ এৰি চহৰলৈ আহিছিলো
তই কণপাহিৰ হাতত এজাপ চিঠি দিছিলি
কেইবাদিনো লিখা অথচ
দিবলৈ সুবিধা নোপোৱা এজাপ চিঠি ৷
নগৰত
বেডিং খোলাৰ আগতে
খুলিছিলো তোৰ দেহৰ চিনাকী গোন্ধ থকা
ফুলাম চিঠি ৷

উৰি গৈছিলো গাঁৱৰ চিনাকি ঘাট,
নৰা পথাৰৰ ৰৱাৱ টেঙাৰ সোৱাদ,
ভদীয়া পথাৰৰ আলিত বহি খোৱা
টোপোলা জলপান,
বিয়া ঘৰৰ যোৰা নামৰ জাঁত
আৰু ক'ত কি……

নাজিতৰা
তই সপ্তাহত এখনকৈ চিঠি দিছিলি মোলৈ
ডাকত ৷
মৰম বুজাবলৈ তই কেতিয়াবা
আঙুলি কাটি
তেজেৰে লিখিছিলি চিঠি ৷
লিখিছিলি গাঁৱৰ খবৰ
"কফে হেঁচি বায়ণ দাইটিক নিলে ৷"
" কপাহীৰ জীয়েক নিচকুলীয়া
ল'ৰা এটালৈ পলাই গ'ল ৷"
"বৰ আমৰ ডালৰ কাউৰীৰ বাঁহত
কুলিয়ে কণী পাৰিছে………"

নাজিতৰা
মই কংক্ৰিটৰ দেৱালত বন্দী কোঠাৰ পৰা
লোৰ জপনাৰে কাণ উনাইছিলো
চিনাকি ডাকোৱালৰ বাইচকলৰ
টিলিঙাৰ শব্দৰ বাবে ৷

বুকুৰ সমস্ত হেপাহেৰে খুলিছিলো
তোৰ কাউৰী ঠেঙীয়া আখৰৰ চিঠি
মৰমৰ, প্ৰিয়তম……

ক'ত হেৰাই গ'ল অ নাজিতৰা
হেপাহৰ- অপেক্ষাৰ সেই
সোনোৱালী দিন?
মই আজিও বিচাৰো তোক
ফেচবুকৰ ইনবক্সত,
ৱাটচ এপৰ গ্ৰুপত
এচ এম এচ বক্সত

নাই অ' নাজিতৰা
বৰ আমৰ কাউৰীৰ বাঁহত
কুলিৰ পোৱালীয়ে জগিল
বুকুৰ লঠঙা আজাৰত পৰি
কাউৰীজনীয়ে ৰমলিয়াইছে
কণ্ঠত তাইৰ
বিষাদৰ গান

      - বিনয় 26/12/2016

Sunday, August 3, 2014

কণিকা



কেতিয়াবা শব্দহীন হ'ব খোজো
অগনন অভিমানৰ ভৰত
যেতিয়া কথাবোৰ অকথ্য হৈ পৰে।

কেতিয়াবা জোনাকৰ বোকোচাত
কিছুপৰ নিৰলে জিৰাব খোজো
দৈনন্দিন জীৱনৰ বাস্তৱিকতাত
যেতিয়া সপোনবোৰে অনিস্ছাস্বত্তেও দহি মৰিব খোজে।  

ক্ৰমাৎ অশৰীৰী ৰূপ ধৰা আবেগানুভূতিবোৰক
কেতিয়াবা আতোলতোলকৈ তুলি ধৰাৰ প্ৰয়াস কৰো
কিজানি সংগোপনে মনে মনে
মোৰ মনেও কাৰোবাৰ ওঁঠত হাঁহি বিয়পাব বিচাৰে। 

কংক্ৰিটৰ এই জীৱনত
হেৰাই যোৱাত অভ্যস্ত হ'ব নোখোজো কেতিয়াবা
ফুল হৈ ফুলি সুবাস হৈ উৰি ফুৰাৰ হেঁপাহবোৰ
যেতিয়া ৰৈ যায় কেতিয়াবা।

সেয়ে কিজানি থমকি ৰ'ব খোজো কেতিয়াবা
এটা উশাহৰ পৰা আনটো উশাহৰ বাটতে
যানোচা কেনেবাকৈ নিজৰে অচিনাকী হৈ যাওঁ কাহানিবা।




Tuesday, January 21, 2014

তুমি অহাৰ কথা



নিশাৰ জোনাকীপৰুৱাবোৰৰ সৈতে তুমি অহাৰ কথা আছিল
সপোন হৈ। সুৰ হৈ অথবা মৌনতা হৈ।
মোৰ অকলশৰীয়া আশাবোৰ সজীৱ কৰিবলৈ তুমি অহাৰ কথা আছিল।
পুৱাৰ মলয়াজাকৰ সৈতে পদূলিৰ ফুলবোৰ কঁপাই তুলি
শুকুলা মেঘৰ বোকোচাত উঠি তুমি অহাৰ কথা আছিল।
তোমাৰ অপেক্ষাতে মোৰ ৰাতি গুচি দিন কিম্বা ৰাতিবোৰো অন্তহীন
মেজৰ কাগজখিলাত তোমাৰ নামত লিখিম বোলা কবিতাটো
ওঁঠত লুকুৱাই ৰখা নিঃশব্দ সুহুঁৰিটো
মোৰ বিশৃঙ্খল জীৱনৰ প্ৰতিটো পথ-উপপথ
তোমাৰেই প্ৰতীক্ষাত মচগুল।
বসন্তৰ ডাকত অহা চিঠিখনে চটিয়াই গৈছিল সেই খবৰ
ফুল ফুলাৰ সময়বোৰত হেনো ঘাটলৈ আহিবা তুমি
সৌৱা, মোৰ হৃদয়ৰ গোদাৱৰীত শুকুলা নাওঁখন ভাঁহি আহিছে
কিজানি উজাই আহিছে স্বপ্নবোৰ
সেইয়া তুমি আহিছা নেকি?

Tuesday, July 30, 2013

এজন ছাত্রই পঢ়িব নিশ্চয়, কিন্তু তেওঁ কিয় পঢ়িব?


              আচলতে, মনোযোগ আৰু কঠোৰ পৰিশ্রমেৰে পঢ়াশুনা কৰিলে, যিকোনো ছাত্র বা ছাত্রীয়েই ভাল ফলাফল দেখুৱাব পাৰে। কথাটো ইমান সহজ হোৱা হ’লে অধিকাংশ ছাত্র-ছাত্রীয়েই সেয়া কৰিলেহেতেঁন। তেতিয়া হয়তো বেয়া ছাত্র বা অনুত্তীর্ণ ছাত্র বুলি কোনো নাথাকিলেহেতেঁন, নাইবা থাকিলেও সেই সংখ্যা হ’লহেতেঁন নিচেই তাকৰ। বহুতে অবশ্যে ভাগ্যৰ ওপৰত বিশ্বাস কৰিও কঠোৰ পৰিশ্রম নকৰাকৈ থাকে। বিশেষকৈ যিসকলৰ দাৰিদ্র্য নাইবা সাংসাৰিক দায়-দায়িত্ব ইমানেই বেছি যে লিখা-পঢ়া কৰা কামটো,তেওঁলোকৰ বাবে কোনোপধ্যেই প্রাথমিকতাৰ মাজত নাথাকে। দেখাত, তেওঁলোকে স্কুল কলেজত নাম ভর্তি কৰে যদিও, ঘৰতো তাৰ বাবে হেঁচা কম নাথাকে । তথাপি, তেওঁলোকৰ অৱচেতন মনত দাৰিদ্র্য নাইবা সাংসাৰিক দায় - দায়িত্ব, কিম্বা বাধা-বিঘিনি নেওঁচি লিখাপঢ়া কৰাৰ কামটো কম গুৰুত্বপূর্ণ হৈ থাকে। কিন্তু আমি কঠোৰ পৰিশ্রম কৰা বহুতকে আশানুৰূপ ফল কৰা নেদেখো। ইয়াৰ ৰহস্য বুজি নেপোৱাত বহুতে পিছৰ কালত হতাশ হৈ পৰে। তেওঁলোকক লক্ষ্য কৰি আনকো হতাশ হৈ পৰা আমি দেখো। সহপাঠি সকলৰ পৰস্পৰে পৰস্পৰক প্রভাৱিত কৰা কথাটোত আমাৰ সকলোৰে কিবা নহয় কিবা এটা অভিজ্ঞতা জড়িত হৈ আছে।
           নিজৰ ল’ৰা নাইবা ছোৱালীয়ে পঢ়াশুনা নকৰে—এই আক্ষেপ বহুতো অভিভাবকৰে থাকে। তাৰবাবে সন্তানক গালি শপনিও দিয়ে। শিক্ষক –শিক্ষয়িত্রী সকলেও তাত যোগ দিয়ে। কাম একো নহয়। বৰঞ্চ নিজৰ ভাগ্য, নিজৰ মেধা সম্পর্কে ছাত্র-ছাত্রীৰ হতাশা বাঢ়িয়েই গৈ থাকে। পঢ়াশুনা কৰ---বুলি ক’লে অধিকাংশই ইমান কঠিন কাম নকৰিবও পাৰে। তাৰ আগতে এজনৰ ওচৰত দায়বদ্ধ হৈ থাকিব লগা কামটো তেওঁ কৰিব কিয়? আৰু কেনেকৈ কৰিব?
           লিখা-পঢ়া কৰি চাকৰি গোটাব লাগিব, অলপ বেছি ভাল হ’লে ডাক্তৰ- ইঞ্জিনিয়াৰ হ’ব লাগিব--- এনে চিন্তাই যিকোনো সাধাৰণ মধ্যবিত্ত মনক আচ্ছন্ন কৰি ৰাখে। ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটোও চাকৰিয়েই। অলপ ডাঙৰ ধৰণৰ চাকৰিৰ চিন্তা। লিখাপঢ়া কৰি ভালকৈ খেতিবাতি কৰিব পাৰি , নাইবা ভাল নাও সাজি ব্রহ্মপুত্র পাৰ হোৱাৰ কামটো সহজ কৰি তুলিব পাৰি এনে কথা কোনেবাই ভাৱিলেও তেওঁক লৈ আত্মীয়-বন্ধু সকলে হাঁহিব। অথচ অসম তথা ভাৰতবর্ষৰ কৃষি আৰু নদী নির্ভৰতাৰ কথা মনত ৰাখি এনেদৰে ভাবিব পাৰিব লাগিছিল। সামাজিক সংস্কাৰ অনুসৰি যদি এইবোৰক সৰু কাম বুলি ভাৱিও লও, তথাপিও আমাৰ যিসকলে ডাক্তৰ –ইঞ্জিনীয়াৰ হোৱাৰ কথা ভাবে ; তেও লোকেও কেঞ্চাৰ বেমাৰৰ ঔষধ ওলিয়াব বুলি সপোন নেদেখে নাইবা মঙ্গল গ্রহত ভৰি দিয়াৰ কথাও নাভাবে। যেনিবা এইবোৰ আমাৰ কাম নহয়, এই বোৰৰ কাৰণে আমি বগা চাহাবসকলক দায়িত্ব দি থৈছো। তেওঁলোকে কৰিব। আমি কিয় এনেকৈ ভাবো, সেয়া এক স্বতন্ত্র অধ্যয়নৰ বিষয় হ’ব পাৰে। বোধ কৰো আমাৰ সমাজখন প্রধানত: কৃষিনির্ভৰ সমাজ । আমি ইয়াতকৈ বেছিকৈ ভাৱিবও নোৱাৰো। চাকৰি কৰি টকা ঘটাৰ চিন্তাই কেৱল নাথাকে, লগতে থাকে সামাজিক সন্মানৰ স্তৰ উন্নীত কৰাৰ চিন্তা। লিখাপঢ়া কৰি মানুহ হোৱাৰ যিবোৰ কথা আমি শুনি থাকো—এই কথাৰ বাস্তৱ অর্থ এয়াই। উন্নত চৰিত্রৰ মানুহ হোৱাৰ চিন্তাও আমাৰ অধিকাংশৰ নাথাকে। থাকিলে চাকৰি কৰা মানুহৰ মাজত দুর্নীতিগ্রস্ত খুবেই কম থাকিলেহেতেন। যিকি নহওক, আমাৰ পঢ়াশুনাক এইবোৰ চিন্তাই প্রভাৱিত কৰে।                                                        
           এতিয়া প্রকৃত কথাটো হ’ল, জীবনটোক আমি কেনেকৈ গঢ় দিব বিচাৰো। যিহেতু আমাৰ জন্মক আমি নির্ধাৰণ কৰিব নোৱাৰো, মৃত্যুক আমি ৰচনা কৰিব বিচাৰো। মৃত্যুও কাৰ কেতিয়া, কেনেকৈ হয় কোনেও নাজানে। কিন্তু ইয়াক বিলম্বিত কৰা, জীৱনটোক প্রলম্বিত কৰা আৰু নিজ ইচ্ছামতে ইয়াক গঢ় দিয়াৰ চিন্তা সকলো মানুহৰ থাকে। এনে চিন্তাই আনকি এচাম মানুহক মৃত্যুক পৰাস্ত কৰি অমৰ হোৱাৰো প্রেৰণা দিয়ে। আত্মাৰ অমৰত্ব নাইবা ভাৰতীয় জন্মান্তৰৰ ভাৱনাও এনে প্রেৰণাৰ পৰাহে অহা। বাস্তৱত ই সম্ভৱ হওঁক বা নহওঁক। অলপতে তৰুণ শইকীয়া আৰু মনীষ ডেকা—অসমৰ দুই তৰুণে এভাৰেষ্ট শৃঙ্গ আৰোহণ কৰি আহিলে। এই কাম কৰিবলৈ গ’লে এটা উচ্চতাত প্রতি খোঁজতে মৃত্যুৰ সম্ভাবনা থাকে। তথাপিও যে তেওঁলোক তালৈ গ’ল ইয়াৰ আঁৰৰ চিন্তা অবশ্যেই মৃত্যুক বৰণ কৰি লোৱা নহয়, মৃত্যুক পৰাস্ত কৰা অথবা অতিক্রম কৰা। কল্পনা চাওলা যেতিয়া মহাকাশৰ পৰা ঘুৰি আহতে মৃত্যুক বৰণ কৰি ল’লে তেতিয়াও আচলতে এই কামহে কৰিছিল। জীবিত কল্পনা চাওলাতকৈ মৃত কল্পনা চাওলা বহুতো শক্তিশালী হৈ উঠিছিল। তেওঁ আৰু তেওঁক নজনা মানুহে তেতিয়াহে তেওঁক প্রথম চিনি পাইছিল, বুজি পাইছিল, জানিছিল আৰু জানি থাকিব। আমাৰ দেশৰ অনেক ছোৱালী কল্পনা চাওলা হোৱাৰ সপোন দেখে আৰু দেখি থাকিব।  
                জীবনটোক লৈ এনেবোৰ সপোন দেখা বেছি গুৰুত্বপূর্ণ।জীবনক টুকুৰা টুকুৰকৈ চাব নোৱাৰি। ই টেলিভিছন ছিৰিয়েলৰ এপিছোড নহয়। এসময়ত আমাৰ ভাৰতীয় চিন্তক সকলে ব্রহ্মচর্যাশ্রম, গার্হস্থ্যাশ্রম, বানপ্রস্থ আৰু সন্ন্যাসাশ্রম বুলি জীৱনৰ চাৰিটা খণ্ডৰ কথা কল্পনা কৰিছিল। ব্রহ্মচর্যাশ্রম আছিল অধ্যয়নৰ লগত সম্পর্কিত। কিন্তু এই খণ্ডবোৰো আছিল সমগ্র জীৱনটোক লৈ কৰা পৰিকল্পনাৰ অঙ্গ। ডাক্তৰ –ইঞ্জিনীয়াৰ হোৱাৰ সপোন যিহেতু আমাৰ এক প্রকাৰ সামাজিক সপোন, মানে অধিকাংশ মধ্যবিত্তই এই সপোন দেখে আৰু ইয়াক এক প্রকাৰে সর্বোচ্চ সামাজিক সপোন বুলি ক’ব পাৰি। দেখা যায়, সঁচাকৈ যিসকল ছাত্র-ছাত্রীয়ে এনে সপোন দেখে তেওঁলোক লিখাপঢ়াত আনতকৈ ভাল হয়। স্কুলৰ তলৰ শ্রেণিত পঢ়ি থাকোতেই এই সম্পর্কে তেওঁলোকে বা অভিবাবক সকলে খা-খবৰ সংগ্রহ কৰাত মন দিয়ে আৰু প্রতিযোগিতামূলক পৰীক্ষা আদিৰ বাবে প্রস্তুতি চলায়। এনেবোৰ পাঠ্যক্রমৰ বাবে বুজন পৰিমাণ ধনৰ প্রয়োজন হয় বুলি বহু আগৰে পৰা অভিবাবকে জমা কৰিবলৈ লয়।
          এইবোৰে লিখাপঢ়াত ভাল হোৱাৰ পদ্ধতি বিচাৰি আমি হাবাথুৰি খাব নেলাগে। কেৱল ওচৰ-চুবুৰীয়াৰ ফালে চকু দিয়া শিকিব লাগে। মেধা সকলোৰে সমান; পার্থক্য কেৱল ইয়াৰ ব্যৱহাৰিক মাত্রাত দেখা দিয়ে। যিকোনো ছাত্র বা ছাত্রীৰ মেধাবী বুলি নিজৰ চিনাকি গঢ়ি তোলাটো সম্ভব, কিন্তু ই কেৱল একক ব্যক্তিৰ কাম নহয়, সদায় ই এক সামাজিক আৰু দলবদ্ধ প্রয়াসৰ পৰিণাম। কেতিয়াবা আমি যে একোখন সম্পূর্ণ সমাজ বা ৰাষ্ট্রক এই ক্ষেত্রত আগ বঢ়া দেখি থাকো সেয়া তাৰ বাবেই হয়। সেয়েহে শিক্ষাৰ স্তৰ বা অগ্রগতিক দি আমি সামাজিক অগ্রগতিকো বুজিবলৈ চেষ্টা কৰো। আমাৰ অসমৰ সমাজ যে এই ক্ষেত্রত বহুতো পিছ পৰা ইয়াত বোধ কৰো কাৰো দ্বিমত নেথাকিব। সেই সমাজ পৰিবর্তন কৰাটোও এটা কাম হ’ব পাৰে। কিন্তু এতিয়া আমি সেই কথালৈ নাযাও।আমি কেৱল ক’ব বিচাৰো, এজন ছাত্র বা ছাত্রীক গালি শপনি দিয়াৰ আগতে, এজন শিক্ষক-শিক্ষয়িত্রী বা অভিভাৱকে যেন মনত ৰাখে, যে ছাত্রক অনুপ্রাণিত কৰা আৰু লগত থকাটো তেওঁলোকৰো কাম। ছাত্রক সপোন দেখুৱাব লাগিব, সহায় আগ বঢ়াব লাগিব, এই সম্পর্কে তেওঁ নির্ভৰ কৰিব পৰাকৈ লগত থাকিব লাগিব।
             কিন্তু যদি লগত কোনো নাথাকে ? মা-দেউতাইও যদি বাট দেখুৱাব নোৱাৰে? তেনে ক্ষেত্রত কি হ’ব? ছাত্রজনৰ জীৱন অথলে যাব নে? নাযায়। ধৰক কোনবা ছাত্রৰ গানৰ প্রতি বৰ ধাউতি। তেও গায়ক বা গায়িকা হ’ব বিচাৰে। আৰু তাৰ বাবে বিদ্যায়তনিক পাঠ্যক্রমৰ প্রতি অলপ অৱহেলা কৰি হ’লেও তেওঁ গান গায়, গান শিকে। গান গাই উপার্জন কৰি এক নিশ্চিত জীবন গঢ় দিয়াটো যিহেতু অনিশ্চিত মা-দেউতাকে তাৰ বাবে উৎসাহ নিদিব পাৰে। যিসকলে দি থাকে তেওঁলোকেও দেখা যায় এটা সময়ত আহি সন্তানক নিৰুৎসাহী কৰিব বিচাৰে। বিশেষকৈ যেতিয়া মাধ্যমিক বা উচ্চমাধ্যমিক পৰীক্ষাবোৰ ওচৰ চাপে। বহুতে এই সময়ত গান-বাজনা এৰি দিবলৈ বাধ্য হয় আৰু পাছৰ সময়চোৱাত আকৌ একে উৎসাহেৰে আৰম্ভ কৰা নহয় গৈ। বিশেষকৈ ছোৱালী হ’লেতো কথাই নাই। কিন্তু যিসকলে গানকে জীৱনৰ প্রধান লক্ষ্য হিচাপে বাছি লয়, আৰু আত্মীয় বন্ধুৰ বাধা নেওচি আগ বাঢ়ি যায়। দেখা যায়, পাছৰ কালত সকলোৱে তেওঁক সহায় কৰিবলৈ আগ বাঢ়ি আহে। এনে কিয় হয়? কাৰণ তেওঁ আন্তৰিকতা আৰু নিষ্ঠাই এক ধৰণৰ আস্থা আৰু সন্মানৰ পিনে চাই আনেও তেওঁক বিশ্বাস কৰিবলৈ ধৰে।
             গতিকেএটা নির্দিষ্ট সময়ত গৈ ছাত্র বা ছাত্রীয়ে নিজে ঠিক কৰি ল’লে ভাল, তেওঁ কিয় লিখাপঢ়া কৰিব। ন্যুনতম কিছু লিখাপঢ়াৰ এক সামাজিক উপযোগিতা আছে। সেই কথা ভাবি সমাজে বা চৰকাৰেও সামাজিক শিক্ষাৰ হাৰ বঢ়োৱাত গুৰুত্ব দিয়ে। অনিচ্ছুক অভিভাৱকৰ সন্তানকো স্কুললৈ লৈ অহাত সর্বশিক্ষা আঁচনিয়ে যে তাত্ত্বিকভাৱেও এনেবোৰ কাৰণতে গুৰুত্ব প্রদান কৰে । কিন্তু উচ্চমাধ্যমিকৰ পাছৰ সময়ত আৰম্ভ হয় বিশেষীকৰণ। আমাৰ শিক্ষা ব্যৱস্থাই কলা- বাণিজ্য- বিজ্ঞান এই তিনিটা শাখাত ছাত্র-ছাত্রী সকলক ভগাই লয়। অইন ব্যৱস্থাত এই বিভাজন অন্য প্রকাৰেও হয়। এনে বয়সত ধৰি লোৱা হয় যে ছাত্রই নিজে কি পঢ়িব পাৰে এই সম্পর্কে সিদ্ধান্ত লোৱাৰ ক্ষমতা অর্জন কৰিছে। কিন্তু আমাৰ সমস্যা হ’ল, আমি যদিও দেখাত বহুতে আত্মকেন্দ্রিক আৰু নিজ ইচ্ছাৰে জীৱনটোক গঢ় দিব বিচাৰো, বহুতে ব্যাক্তিৰ অধিকাৰ আৰু ব্যক্তিস্বাধীনতাৰ সম্পর্কে নিজেও সচেতন, আনকো সচেতন কৰিব বিচাৰো—বাস্তবত আমি সামাজিক ইচ্ছাক অতিক্রম কৰিব নোৱাৰো। আমি সদায় সমাজ বিচ্ছিন্ন হোৱাৰ এক আতঙ্কৰ মাজতে জীৱব যাপন কৰো। জীৱনটোক নিজ ইচ্ছাৰে গঢ় দিয়াৰ ইচ্ছাৰ আন অর্থ কিন্তু সমাজত নিজৰ গ্রহণযোগ্যতা বঢ়োৱাৰ চিন্তাই। সমাজৰ বাহিৰত গৈ কিবা কৰা নহয়। ‘সমাজত নিজৰ গ্রহণ যোগ্যতা’ কথাটোৰ দুটা দিশ আছে। নিজৰ গ্রহণ যোগ্যতাৰ চিন্তাটো ব্যক্তিকেন্দ্রিক, সমাজত গ্রহণযোগ্যতাৰ চিন্তাটো সামাজিক। অর্থাৎ আমাৰ এই চিন্তাৰ এক দ্বান্দ্বিক চৰিত্র আছে। ব্যক্তিস্বার্থৰ চিন্তাই যদি অধিক গুৰুত্ব পাবলৈ লয়, তেনেহলে কিন্তু আমি ব্যর্থ হ’ব পাৰো, কিন্তু কথাটোৰ সামাজিক দিশ বা সামাজিক স্বার্থৰ চিন্তাই যদি অধিক গুৰুত্ব পায় তেনে হলে আমাৰ সফলতাক কোনেও ৰখাব নোৱাৰে। ইয়াৰে পৰা আৰম্ভ হয় প্রকৃতার্থত মানুহ হোৱাৰ শিক্ষা। মূল্যবোধৰ শিক্ষা কিম্বা ভ্যালু এডুকেশ্বন অইন পদ্ধতিৰে পাব নোৱাৰি। আমি নিজে কি কৰিম এই ধাৰণাটো সদায় সমাজৰ পৰাহে গ্রহণ কৰো। কিন্তু আমাৰ ব্যক্তিস্বার্থ চিন্তাই অত্যাধিক গুৰুত্ব পালে আমি কি কৰো , আটাইতকৈ সহজ আৰু জনপ্রিয় ধাৰণাটোকে সকলোৰে আগতে গ্রহণ কৰো। কিয়নো , আমাৰ ব্যক্তিকেন্দ্রিক আৰু স্বার্থচিন্তাই কয়—আমি সহজতে আৰু সোনকালে নিজৰ গ্রহণ যোগ্যতা বঢ়াব লাগে। মোৰ যদি সাহিত্যৰ প্রতি আগ্রহ বেছি, মই ছাত্রও ভাল—মই কলা শাখাৰ ছাত্র হ’ব লাগিছিল। আৰু নিজে এজন লিখক বা সমালোক হিচাবে জীৱনটোক গঢ় দিবৰ বাবে সপোন দেখিব লাগিছিল। সেয়া নকৰাকৈ আমি কৰিম কি—ভাল ছাত্র বিজ্ঞান শাখাত পঢ়িব লাগে, ডাক্তৰ হ’ব লাগে—আমাৰ সমাজে গঢ় দিয়া এনে এক যান্ত্রিক ধাৰণাৰ প্রতি আমি আকর্ষিত হ’ম। পিছে মই, ডাক্তৰ হ’ব পাৰিম নে নাই, মই ডাক্তৰ হ’লে মোৰ ওচৰ চুবুৰিয়াৰ কিবা লাভ হ’ব নে নাই সেইবোৰ দূৰৈৰ নাইবা বৃহৎ চিন্তা কোনেনো কৰে? আচল কথা বিজ্ঞান শাখাত নাম ভর্তি কৰি ওচৰ চুবুৰিয়াক কথাটো জনাই সামাজিক সন্মান আৰু প্রতিপত্তি বঢ়াব পৰাটোৱে বহুতোৰ ওচৰত অত্যন্ত গুৰুত্ব পূর্ণ কথা। পিছে, মই বিজ্ঞান শাখাত ভালকৈ পঢ়িব নোৱাৰিলো, প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব নোৱাৰিলো, গ’লো নহয় বাঙ্গালুৰুত কম্পিউটাৰ বিজ্ঞান পঢ়িবলৈ। কিয়নো, আজিকালি ই এক নতুন জনপ্রিয় বিষয়। মোৰ বিষয়টোৰ প্রতি আগ্রহ নাথাকিলে কি হ’ল—মা-দেউতাই ওচৰ চুবুৰিয়াক ক’ব পৰা হ’ল –আমাৰ লৰাটো বাঙ্গালুৰুত পঢ়ে। এনেকৈ নিজা বাস্তৱ বুজি নোপোৱাকৈ আনৰ দেখাদেখি নিজৰ জীৱনৰ লক্ষ্য স্থিৰ কৰাৰ পাছত কিমান যে ল’ৰা - ছোৱালীৰ ভবিষ্যৎ এন্ধাৰত হেৰাই যায় আমি খবৰে নকৰো। আমি খবৰ ৰাখো কেৱল হাতৰ মুঠিত গণিব পৰা মুষ্ঠিমেয় কৃতকার্যজনৰ। নিশ্চয় কৃতকার্যজনৰ খবৰ ৰাখিব লাগে, তেওঁ কেনেকৈ কি কৰিলে তাৰ পৰা শিক্ষা ল’ব লাগে প্রেৰণা ল’ব লাগে—সেই বুলি নিজৰ বাস্তৱতাক পাহৰিব নেলাগে, আৰু ব্যর্থজনৰ পৰাও শিকিব লাগে। পিছে সেই ব্যর্থজনৰ কথা কিতাপ পুঁথিত , বাতৰি কাকতত পঢ়িবলৈ পোৱা নাযায়, তেওঁলোক আমাৰ চাৰিওকাষে অখ্যাত হৈয়ে জীবন যাপন কৰে।
         এই যে, ওচৰ চুবুৰীয়াৰ পৰা দেখি শিকিব লাগে বুলি কলো, অইন ফালে দেখি শিকি বিপদৰ কথাও ক’লো—ই আমাৰ স্ববিৰোধী কথা বুলি নাভাবি সমস্যাটোৰ আচলতে এক দ্বান্দ্বিক চৰিত্রযে আছে এই কথা মনত ৰাখিব লাগে। কাক দেখি শিকিম, এই কথাও আগতে বুজিব বা শিকিব লাগে। ইয়াৰ কোনো সুনির্দিষ্ট সূত্র নাই। কিন্তু এটা কথা খাটাং , নিজৰ বাস্তৱতাক চিনি পাব লাগে, নিজৰ পছন্দ আৰু দক্ষতাক চিনি পাব লাগে, পৰিয়ালটোৰ বাস্তৱতাকো মনত ৰাখিব লাগে। আৰু আটাইতকৈ ভাল, নিজকে এজন ভবিষ্যৎ নাগৰিক হিচাপে গঢ় দিবলৈ গৈ আছে -যিজন ছাত্রই তেওঁৰ প্রথাগত শিক্ষা সমাপ্ত কৰি সমাজখনৰ প্রতি নিজা দায়িত্ব কেনেদৰে পালন কৰিব, এনেবোৰ কথাও গমি চাব পাৰি। এনে মানুহে কেৱল নিজৰ জীৱনটোকে গঢ় নিদিয়ে, সমাজখনলৈও ডাঙৰ পৰিৱর্তন কঢ়িয়াই লৈ আহে। এই বোৰ কথা মনত ৰাখি ,কি পঢ়িম কিমান পঢ়িম এই কথা স্থিৰ কৰাৰ আগতে নিজৰ জীৱনটোক লৈ সুনির্দিষ্ট লক্ষ্য স্থিৰ কৰিব লাগে। আৰু লক্ষ্যৰ সদায় সম্পর্কিত বিকল্প থাকিব লাগে। যেনে,ডাক্তৰ নহলে ইঞ্জিনিয়াৰ এই দু’টা কোনো সুচিন্তিত বিকল্প নহয়। এটাৰ লগত আনটোৰ সম্পর্ক ঘনিষ্ট নহয়। ডাক্তৰ নহলে, ফার্মাচিস্ট হ’ব কথা ভাবিব পাৰি, ৰসায়নবিদ গবেষক শিক্ষক হবৰ কথাও ভাৱিব পাৰি। সাহিত্যিক হ’ব নোৱাৰিলে সাংবাদিক হ’বৰ কথা ভাৱিব পাৰি, নহলে বিজ্ঞাপন নির্মাতা হ’বৰ কথা ভাৱিব পাৰি। অভিনেতা হ’ব নোৱাৰিলে পৰিচালক হ’বৰ কথা ভাবিব পাৰি, শিক্ষক হ’ব নোৱাৰিলে গবেষক হ’বৰ কথা ভাৱিব পাৰি। বহু বিকল্প সদায় আমাৰ আগত খোলা থাকে, নাজানিলে এই সম্পর্কে আলোচনী কিতাপ ইত্যাদি সংগ্রহ কৰি পঢ়ি থাকিব পাৰি। আজিকালি সৰুসুৰা চহৰতো এই সম্পর্কে কিতাপ পত্র পোৱা যায় আৰু ইণ্টাৰনেটতো আছেই। হাতে হাতে আমাৰ কম্পিউটাৰ নাথাকিলেও মোবাইল ফোন আছেই। অলপ অনুসন্ধান অথবা চার্চ মাৰি গলেই হ’ল।
         আমাৰ জীৱনৰ পছন্দৰ লক্ষ্য ঠিক কৰাৰ পাছতেই, ঠিক কৰিব লাগে, এজন ছাত্র কলা, শাখাত পঢ়িব নে বিজ্ঞান শাখাত পঢ়িব- এই বোৰ কথা। কেতিয়াবা যদি মই কলা শাখাত পঢ়িব লাগে বুলি বুজি পাইছো, কিন্তু পছন্দমতে নাম কৰা বিদ্যালয় মহাবিদ্যালয়ত নাম ভর্তি কৰিব পৰা নাই, তাৰ বাবে আচল লক্ষ্যৰ পৰা আঁতৰি আহিব নালাগে। আচল লক্ষ্যক আগত ৰাখি বাকী যিবোৰ উপায় ওলাব, যেনে কি পঢ়িম, ক’ত পঢ়িম, কেনেকৈ পঢ়িম এইবোৰ সকলো, ক্ষণস্থায়ী লক্ষ্য হিচাপে আমাৰ সমুখত দেখা দিবহি। কেতিয়াবা এইবোৰত আমি সৰুসুৰা আপোচ কৰি ল’লেও; মূল লক্ষ্যত আপোচ কৰিলে কিন্তু সমগ্র জীবনটোতে আমি আপোচ কৰিয়েই থাকিব লাগিব। দেখা যাব, লাহে লাহে, আমি কেৱল পঢ়াৰ বিষয় নাইবা স্থান নহয়, অইন সকলো কথাই সুসংগঠিত উপায়েৰে ভাৱিব পৰা হ’ম। আনকি আমাৰ বন্ধু নির্বাচনো সেই চিন্তাই নির্ধাৰণ কৰিব। যি সকলে আমি বিচৰা বাটেৰে আগবাঢ়ি যোৱাত সঠিক পৰামর্শ দিব পাৰিব, তেওঁলোক স্বাভাবিকতে আমাৰ ঘনিষ্ট মিত্র আৰু শিক্ষক হৈ উঠিব।
          ধৰি লওক, মই চিনেমা চাই ভাল পাও, আৰু চিনামাত অভিনয় কৰা নাইবা পৰিচালনা কৰাটোকে জীৱনৰ লক্ষ্য হিচাপে বাছি ল’লো। আৰু খবৰ পালো যে স্নাতক হোৱাৰ পাছত সত্যজিৎ ৰায় ফিল্ম আৰু টেলিভিছন ইনস্টিটিউটত কেনেবাকৈ পঢ়িব পাৰিলে আৰু চিন্তা কৰিব নালাগে। তাত যিকোনো বিভাগৰ পৰাই স্নাতক হলে ভর্তি হ’ব পাৰি। তাৰ বাবে চিনেমা সম্পর্কে অলপ পঢ়াশুনা লাগিব, আৰু চাউণ্ড ৰেকর্ড আৰু ডিজাইন সম্পর্কে পঢ়িব বিচাৰিলে গণিত আৰু পদার্থবিজ্ঞান উচ্চতৰ মাধ্যমিকৰ পৰা বিষয় হিচাপে থাকিব লাগিব। সেই ক্ষেত্রত উচ্চমাধ্যমিকত কম নম্বৰ পাই পাচ কৰাৰ বাবে ভাল এখন স্কুলত বিজ্ঞান শাখাত নাম ভর্তি কৰিব নোৱাৰিলে কিনো হ’ল? যত নাম ভর্তি কৰিব পাৰিম অলপ কম বিখ্যাত স্কুলত হ’লেও গৈ – মই বিজ্ঞান শাখাতহে নাম লিখাম। আৰু চেষ্টা কৰিম অতিৰিক্ত পৰিশ্রম কৰি হ’লেও মই উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰত উন্নত ফলাফল কৰিবৰ বাবে। তেতিয়াহে এজন ছাত্রৰ মগজুত এই চিন্তা আহিব - তেওঁ কিমান কঠোৰ শ্রম কৰিব আৰু কেনেকৈ কৰিব। শ্রেণীকক্ষৰ পাঠদানক যথেষ্ট বুলি নাভাৱিলে গৃহ শিক্ষকৰ ওচৰ চাপিব পাৰি। তেনে শিক্ষকো নাপালে, আজি কালি বিভিন্ন আলোচনী ইত্যাদিৰ পৰাও সহায় ল’ব পাৰি। এনে এজন ছাত্রইহে কেৱল সময় আৰু দেউতাকৰ অর্থৰ মূল্য বুজি পাব পাৰে। অপচয় নকৰাকৈ প্রতিটো মুহূর্ত আৰু প্রতিটো পইচাৰ সদব্যৱহাৰ কৰিব পাৰে। তেওঁৰ দৃঢ়তাক চাই পৰিয়ালৰ অইন সদস্য নাইবা বন্ধুবান্ধৱ সকলেও অনুপ্রাণিত বোধ কৰিব পাৰে আৰু দেখা যাব, তেওঁলোক সকলোৱে ছাত্রজনক সহায় কৰিবলৈ আগ বাঢ়ি আহিছে । আনকি অর্থৰ সমস্যাও থাকিলে এই দৰে সমধান হৈ যাব পাৰে, দেউতাকেও সঞ্চয় কৰিব পাৰে, ছাত্রই টিউচন কৰি গোটাব পাৰে। অইন একো নহলে, আজি কালি উচ্চশিক্ষাৰ বাবে বেঙ্কবোৰেও আগবাঢ়ি আহে শিক্ষাঋণ দিবলৈ। বাকী কথা হ’ল; আচল কথা জানিব লাগিব ।এজন ছাত্রই পঢ়িব নিশ্চয়, কিন্তু তেও কিয় পঢ়িব? লাগিলে জীৱনৰ লক্ষ্য অসম্ভৱ যেন দেখাত ডাঙৰ কিবা স্থিৰ কৰি ল’ব লাগে। ভয় খাব নালাগে, যিমান দূৰলৈ চকু যায়, সিমান দূৰলৈ বাটও দেখা যাব। কেতিয়াবা অসম্ভব যেন লগা লক্ষ্যও ইমানে ওচৰ আহি পায় যে, তেতিয়া আকৌ তাক নিচেই সৰু যেন দেখি, নিজেই আচৰিত হ’ব লাগে।
---------- ------- ------ 
কৃতজ্ঞতাঃ লিখাটোৰ ভাষাশুদ্ধিত সহায় কৰি দিয়াৰ বাবে বিদুল বৰুৱা ডাঙৰীয়ালৈ ধন্যবাদ থাকিল।

Monday, July 22, 2013

তোমালৈ: এম. আবু হানিফা

অকল কবিতাই নহয়
জীৱনটো ভৰাই লৈ ফুৰোঁ মৰমৰ জোলোঙাত
তোমাৰ  নামত কৰিবলৈ মৰণ পণ
তুমি আতৰি গৈছা বাবেই মোৰ এই যন্ত্ৰনা
এই  আশা, এই সপোন
যুগ যুগ ধৰি
নীৰৱে কঢ়িয়াই লৈ ফুৰিম তোমাৰ বাবে

...অকল কবিতাই নহয়
মোৰ জীৱনটোও...

Sunday, June 10, 2012

উদ্ধৃতি- সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা....


* সংসাৰত উদগতি কৰাই মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন পশু-জীৱনৰ নিচিনা কেৱল শয়ন-ভোজনৰ আবৰ্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱাহেঁতেন, আমি বৰ্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁহেঁতেন।

* বিদ্যা মানৱ মনৰ দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে বিদ্যা যুগুত কৰি লোৱা উচিত।

* ... আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শিকিব লগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদগতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোন প্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল’ব পাৰে।

* সংসাৰত উদগতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।

* ... উদগতি কৰি ডাঙৰ হ’বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱঁলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে, কিন্তু তেনেকুৱা ধুৱঁলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদগতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু বলিয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে; তেহে উদগতি পথৰ বিকট বাধাবোৰৰ সমুখ হ’ব পাৰি। এনেকুৱা উদণ্ড বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে।

* চিন্তা প্ৰশ্নৰ ফল, অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।

* আগৰপৰা অসজ পথত প্ৰবৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে, পাছত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে পাছত শুধৰোৱা টান হয়।

* দয়া এটা মনৰ গুণ, সি মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া ওপজে। কিন্তু মনত উপজি মনত মাৰ গ’লে সেই দয়াৰপৰা কোনো ফলোদয় নহয়। যি দয়াৰপৰা কৰ্মৰ অভিলাষ জন্মে, সেয়ে আচল কাৰ্যকৰী দয়া।

* অহংকাৰ এটা স্বভাৱৰ ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙৰ যেন দেখে, আৰু আনৰ ডাঙৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহংকাৰী মানুহে নিজে কাকো প্ৰশংসা নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তেই তোমাতকৈ হীন নহয়, তাৰ আগত তোমাৰ অহংকাৰ নৰজে। সেইদেখি আনৰ আগত অহংকাৰ ফলাবলৈ অহংকাৰীয়ে আনৰ খুঁত বিচাৰি ফুৰে, আৰু সামান্য এটা খুঁত পালে তাকেই ওফোন্দাই ডাঙৰ কৰি অহংকাৰৰ ঠেক উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ নানা ফাং পাতে। অহংকাৰী মানুহৰ গাত যি এটা গুণ থাকে, সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই অবালচন্দ বুলি ইতিকিং কৰে। অহংকাৰীয়ে যদি খৰকৈ লিখিব পাৰে, তেনেহ’লে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি ভাবে; আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে, তাৰ আন কোনো ডাঙৰ গুণ থাকিলেও অহংকাৰীয়ে তাক লেখত নধৰে।

* অহংকাৰী মানুহৰ অহংকাৰেই পৰম বিভূতি; তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে।

* মান্যৱন্তক মান্য কৰাও অহংকাৰীৰ স্বভাৱ নহয়, আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে।

* শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।

* হেঁপাহত উৎসাহ জন্মে, উৎসাহত সাহ জন্মে আৰু সাহত সিদ্ধি বুলি সকলোৱে কয়।

* উৎসাহ হেঁপাহৰপৰা জন্মিলেও তাক শকত কৰিবলৈ অন্য আহিলা লাগে; সেই আহিলা আশা। আশা উৎসাহৰ সাৰ, তাৰ নাটনি হ’লে উৎসাহ অনুক্ৰমে জঁই পৰি যায়।

* চানেকি বুজিলেই ফুলতী হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ’ব পাৰে।

* সময়ৰ মূল্য নুবুজা মানুহ দীৰ্ঘসূত্ৰী হয়। এক মুহূৰ্তকৰ ভিতৰত সংসাৰ লয়খয় হ’ব পাৰে, এই কথাৰ বোধ যাৰ আছে সি কেতিয়াও ভৱিষ্যৎ নিধিয়ায়, কেতিয়াও কালিলৈ কৰিব বুলি কাম থৈ নিদিয়ে।

* নামাগিলে মগনীয়াৰ গা নৰয়, সেই দেখি মাগনত মগনীয়াৰ এলাহ নাই। ই অৱশ্যে অন্নজলৰ কথা, উদগতিৰ কথাতো তেনেকুৱা নাটনি বোধ হ’লে হামাহিৰ বা দীৰ্ঘসূত্ৰতাৰ মূৰ মৰে। দীৰ্ঘসূত্ৰীৰ মনত সদায় অশান্তি, হাতত লোৱা কাম নকৰা বাবে তাৰ মনত সদায় উগুল-থুগুল লাগি থাকে। দীৰ্ঘসূত্ৰতা সঞ্চিত ব্যাধিৰ নিচিনা, দিনে নিশায় সি মানুহক দুখ দিয়ে; এতেকে কৰিবলগীয়া কাম ততালিকে কৰি তাৰ হাতৰপৰা মুক্ত হোৱা শ্ৰেয়স্।

Tuesday, February 28, 2012

নাটক ,ৰাজনীতি আৰু উত্তৰাধুনিক দর্শনঃ ড০ সীতানাথ লহকৰ

প্রতিবছৰৰ দৰে এইবাৰো তিনিচুকীয়া মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা ‘প্রয়াত শিক্ষক সোঁৱৰণী বক্তৃতানুষ্ঠান’  ইং ৪ ফেব্রুৱাৰী ২০১২ তাৰিখ শনিবাৰে অনুষ্ঠিত  হৈ যায়।  উক্ত বক্তৃতানুষ্ঠানত বক্তা হিচাপে আমন্ত্রণ কৰি না হৈছিল কটন মহাবিদ্যালয়ৰ অধ্যক্ষ, প্রবীণ নাট্যকর্মী তথা অসমত বাটৰ নাটৰ গুৰি ধৰোঁতা ড০ সীতানাথ লহকৰ দেৱক।    উক্ত দিনা বক্তৃতানুষ্ঠানৰ লগতে দুপৰীয়া ১ বজাত এখনি নাট্য কর্মশালা তেখেতে পৰিচালনা কৰিছিল। সন্ধিয়া ৫.৩০ বজাত তেখেতৰ পৰিচানাত গুৱাহাটিৰ বিখ্যাত অপেচাদাৰী নাট্যদল—‘সমাহাৰ নাট্যগোষ্ঠী’য়ে মঞ্চস্থ কৰিছিল তেওঁলোকৰ বিখ্যাত নাটক ‘কহয় চন্ডীদাসে’।
        ইয়াত তেওঁৰ মূল্যবান বক্তৃতাৰ ৱেব সংস্কৰণ আপোনালোকৰ বাবে তুলি দিলো। আশা কৰিছোঁ আমাৰ দৰে আপোনালোকেও এইখন পঢ়ি উপকৃত হ'ব আৰু ভাল পাব। 






ড০ সীতানাথ লহকৰ দেৱৰ বক্তৃতা
Related Posts Plugin for WordPress, Blogger...