সূৰ্য্যমুখী হৈ ফুলিছে
তোমাৰ হাঁহিটি
আঘাট হানিছে
মোৰ কলিজাত
বৰফ হৈ গলিছে মৰমবোৰ
মোৰ চ্কুৰ পতাত
মোৰ যি আছে
সকলো তোমাকেই দিম
এটা কাচঁৰ ঘৰ
আৰু এখন সেউজ উদ্যান
পৃষ্ঠা সমূহ
Tuesday, November 11, 2008
Thursday, October 16, 2008
Three Flowers
THREE FLOWERS
By Prasad Natarajan
INTODUCTION:
Prasad Nataajan : Year of birth 1983. Born and brought up in Bangalore and also completed hiseducation there. Presently working for one of the top telecom company in U.S.A as a Engineer. Passionate about painting. Loves penning poems as well

Yamraj Ki Disha
যমৰাজৰ দিশ
মূল কবিতাঃ য়মৰাজ কী দিশা (यमराज की दिशा), লেখকঃ চন্দ্ৰকান্ত দেৱতালে( चन्द्रकान्त देवताले) | ভাষাঃ হিন্দী | চন্দ্ৰকান্তৰ কবিতা গাঁও আৰু নিম্ন মধ্যবিত্তক লৈয়েই ৰচিত | তেখেতৰ ৰচনাত মানুহৰ জীৱনৰ বিভিন্নতা আৰু সামাজিক বিড়ম্বনাৰ চিত্ৰ ফুটি ঊঠে | সহজ কথাৰ মাজেৰে গভীৰ ভাৱনাৰ প্ৰকাশ ঘটে তেখেতৰ ৰচনাত |
ঈশ্বৰৰ সৈতে আইৰ দেখা হৈছিল নে নাই
কোৱাতো কঠিন
কিন্তু তেওঁ এনে কৰে যেন
ঈশ্বৰৰ স’তে তেওঁৰ কথা-বতৰা চলি থাকে
আৰু ইজনে সিজনৰ সজ কথা মতে
জীৱন কটোৱাৰ আৰু দুঃখ সহি নিয়াৰ পথ বিচাৰি লয়
আয়ে মোক এবাৰ কৈছিল
দক্ষিণৰ ফালে ভৰি পতান কৰি শুব নাপায়
সেয়া মৃত্যুৰ দিশ
আৰু যমৰাজক ক্ষুন্ন কৰাটো জানো বুদ্ধিমানৰ কথা
তেতিয়া মই সৰু আছিলো
সোধিছিলো যমৰাজৰ ঘৰনো ক’ত
আয়ে কৈছিল
তুমি য’তেই আছা তাৰ পৰা সদায়েই দক্ষিণ দিশে
আয়ে বুজোৱাৰ পাছ্ত
দক্ষিণ দিশে ভৰি থৈ কেতিয়াও শোৱা নাই
আৰু সেইবাবে
দক্ষিণ দিশ চিনাত আজিলৈ
মোৰ কোনোদিন অসুবিধা হোৱা নাই
মই দক্ষিণে বহু দূৰ-দূৰণিলৈ গলোঁ
আৰু বাৰে বাৰে মনত পৰিল আইলৈ
সম্ভ্ৱ নাছিল দক্ষিণৰ সীমা পাৰ কৰা
পাৰ হ’লেই দেখিলোঁহেতেন
যমৰাজৰ ঘৰ
আৰু আজি যি দিশেই ভৰি পতান কৰি শোওঁ
সেয়াই দক্ষিণ হৈ পৰে
সকলো দিশেই য্মৰজাৰ ঊজ্জ্বল প্ৰাসাদ
আৰু সেই সকলোতে ৰক্ত ৰঙা চকুৰে
বিৰাজ কৰে তেওঁ
আই এতিয়া আৰু নাই
আৰু নাই আয়ে জনা সেই
যমৰজাৰ দিশ ||

Thursday, October 9, 2008
সুগন্ধি পখিলা
সুগন্ধি পখিলা
বোকামাটিৰ গোন্ধত শিকিলো জীৱন
নদীৰ দৰে শিপাই আছা মোৰ বুকুত
মই আকাশ হওঁ তোমাৰ হাতত হাত থৈ ।
(হীৰুদালৈ কৃতজ্ঞতাৰে)
ভালপোৱা শিকিলো তোমাৰ পৰা
শিকিলো পথাৰৰ গান
নদীৰ দৰে শিপাই আছা মোৰ বুকুত
মই আকাশ হওঁ তোমাৰ হাতত হাত থৈ ।
Subscribe to:
Posts (Atom)