Tuesday, August 31, 2010

মহৎ লোকৰ বাণী


মহৎ লোকৰ বাণী



ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে।
-বাইবেল

সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।
-যতীন্দ্র নাথ দুৱৰা-

সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে।
-মহাত্মা গান্ধী-

অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে।
-ছিডনি স্মিথ –

যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়।
-বাইৰণ-

এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি।
-চেইন্ট টেৰেজা-

আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম।
-স্বামী বিবেকানন্দ-

আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়।
-আনন্দ চন্দ্র আগৰৱালা-

ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান।
-কমলা কান্ত ভট্টাচার্য্য-

শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ।
-চক্রেটিজ-



সংগ্রাহক - শুভদীপ পাল, তিনিচুকিয়া।



Wednesday, August 25, 2010

আকৌ শ্ৰুতিধাৰা : কুলদীপ মেধি

এনেদৰেই মই ইখনৰ পিছত সিখন
সিখনৰ পিছত আনএখন
পাহৰ বগাই বগাই
তোমাৰ কাষ পাইছিলোঁ
তুমি!
যিদৰে এটা কঠিন শিল
কোনোবা শিল্পীৰ হাতৰ পৰশত
ভাস্কৰ্য হ’বলৈ ৰৈ থাকে
ঠিক তেনেদৰেই
অৰণ্যৰ দৰে গহীন ভাব এটাত...

বাস্তৱত ম‍ই এক পলাতক
কিন্তু কাপুৰুষ বুলি নাভাবিবা,
বিপ্লৱী মন এটা নথকা নহয়
বিদ্ৰোহ কৰিব নোখোজো
জানোচা শিয়ালবোৰ গৈ গাঁতত লুকায় |

তোমাৰ হাতত হাত তুলি
চকুত চকু থৈ
আওঁৰাবৰ মন যায়
ভালপোৱাৰ নুফুটা শব্দবোৰ...

গধুৰ হৈ পৰে গধূলি
সোঁ-সোঁৱাই নামি আহে
ডিক্ৰং আৰু দিচাং...
ভালপোৱাবোৰে
ৰাতি কিয় আমনি কৰে
গাৰুৰ গিলিপত লাগি ৰয়
লুণীয়া দাগ ?

উত্তৰ বিচাৰি ফুৰোঁ
বিচাৰি বিচাৰি মোৰ চুলিত
হেজাৰ প্ৰশ্নৰ জোঁট,
ৰূপান্তৰিত হ’লো ভাস্কৰ্যলৈ
এটা আপুৰুগীয়া প্ৰেমৰ ভাস্কৰ্য
আৰু স্থানান্তৰিত হ’লো চানমাৰিৰ পদপথলৈ |

তোমাক কেতিয়াবা এইফালে অহা যেন দেখোঁ
নীলা ছাতিৰ তলত এজাক বৰষুণৰ লগত
বাৰিষাৰ কি অশ্লীল বৰষুণ !
ই তোমাৰ ওঁঠ, বুকু, নাভিৰে বাগৰি আহি
উলংগ হৈ নাচে ৰাজপথত,

ম‍ই চাই থাকোঁ আকুলতাৰে
আৰু আহ্বান কৰোঁ
আহা, মোৰ কাষলৈ আহা
ময়েতো তোমাৰ চিৰদিনৰ চিৰকালৰ
অনন্ত যাত্ৰাৰ পথিক |

ম‍ই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত: কুলদীপ মেধি

বিষাদ-ব্যঞ্জনাৰে গধূৰ হৈ পৰিছে
খবৰৰ ভৰ
ধূমুহা-বৰষুণে বুৰাই পেলাইছে
জীৱন
কেৱল বোকা আৰু পানী...

কেতিয়া আহিব সেইজাক বৰষুণ
ধোৱাই লৈ যাব মোৰ
আইৰ উকা চাদৰত লাগি থকা
তেজৰ চেঁকুৰাবোৰ
এই ভেকেটা-ভেকেট গোন্ধ আৰু
গেঁথনিবোৰ...

আহিবনে তেনে এজাক বৰষুণ
আইৰ গাৰ তেজ পি থকা
মেলেৰিয়া, কলেৰা নামৰ অসুৰবোৰক
গিলি থবলৈ
কৃষ্টি, সংস্কৃতি নামৰ ভাই-ভনী দুজনাক
জীয়াই তুলিবলৈ...

আহিবনে, আহিবনে ?
ম‍ই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত... |

Saturday, August 14, 2010

স্বামী বিবেকানন্দ


-স্বামী বিবেকানন্দ-
"সাগৰ যেতিয়া শান্ত হৈ থাকে তেতিয়া তাক ব্রহ্ম বুলিব পাৰি আৰু যেতিয়া সেই সাগৰেই ঢৌ উঠি খলক লগায় তাকেই আমি শক্তি বা ‘মা’ বোলো। সেই শক্তি বা মহামায়াই দেশকালৰ নিমিত্ত স্বৰূপা। প্রথমে কোৱা ৰূপত তেওঁ ঈশ্বৰ আৰু জগত। দ্বিতীয় ৰূপত অজ্ঞাত, অজ্ঞেয়। সেই নিৰাকাৰ অবিনাশী অৱস্থাৰ পৰাই ঈশ্বৰ জীৱ আৰু জগত- এই তিনি তত্বময়ভাৱ আহিছে। সকলো সত্তা, অৰ্থাৎ স্থিতি অৱস্থা যিবোৰ আমি জানো, এই তিনি আত্মাগত এয়েই বিশিষ্ট অদ্বৈত।"

Saturday, May 29, 2010

Saturday, April 3, 2010

A Dream in Blue

Title: A Dream In Blue
Medium: Digital Art
©jaminianurag_2010

The Birth

Title: The Birth
Medium: Digital Art.
©jaminianurag_2010

Monday, November 23, 2009

Friday, November 13, 2009

এজনী বেশ্যাৰ দুঃখত দুখী হৈ : কুলদীপ মেধি

কমলা অ’
তোৰ বুকুৰ কামিহাড় খুলি
কিয় চাবলৈ দিয় উঁই হাফলু
কিয় কিয়

তোৰ কেচাঁপাতৰ বিচনাত
নৈখনে সদায় শুবলৈ আহে

তোৰ কি এনে কি দুখ
কলিজাটো কাটি পিবলৈ দিয় তেজ
নিলাজ তৰাবোৰক

ৰাস্তাবোৰ ৰৈ থাকে তোলৈ
চকু টিপিয়াই, চকু টিপিয়াই
শূন্য আস্থানবোৰত

তোৰ কিয় সপোন ভাল নালাগে
অকোৱা-পকোৱা বোৰেদি গৈ থকা মৰম
ভাল নালাগে
কিয় ক’চোন

অ’ কমলা
তই হাঁহিছ
ত‍ই কান্দিছ
তোৰ চকুপানীৰে আৰু কিমান
জ্বলাবি চাকি 

এটা পোহৰ নমনা বাট
বনৰীয়া ফুলৰ গোন্ধ এটি হৈ
তই গৈ আছ’
আৰু গৈয়েই আছ’

এপদ এপদকৈ খুলি
তোৰ হৃদয়ৰ সকলো ঊছাহ |

Sunday, November 1, 2009

waiting by madhumita saikia

Love by Madhumita Saikia


উদাসীন যাত্ৰা : কুলদীপ মেধি

আৰু কিমান বেলি পাৰ হ’লে
তোমাক দেখা পাম
আৰু কিমান বাট বুলিলে
তোমাক লগ পাম

মই গৈ আছো চহৰৰ পিছত চহৰ
কৈশোৰৰ পৰা যৌৱন
ধূলি আৰু ধূমুহাৰ কিছু টুকুৰা-টুকুৰ ছবি এৰি থৈ
দুৰণিৰ টিং এটাত
এছটা মেঘ জমা হয় |

Friday, August 21, 2009

তুমি জোন : কুলদীপ মেধি

তৰাৰ দেশত থকাহেঁতেন
হয়তো দিব পাৰিলোহেঁতেন
এটা ধুনীয়া সপোন আৰু
ৰামধেনুৰ সাতোটা ৰঙেই
তৰাৰ দেশত থকাহেঁতেন
ঘাটলৈ পানী নিবলৈ অহা
বিজুলীজাকক কলোঁহেঁতেন
আৰু নোজোকাবা, তাই যে এতিয়াও ভালদৰে
হাঁহিবলৈ শিকা নাই
তৰাৰ দেশত থকাহেঁতেন
হয়্তো গলোঁহেঁতেন বেলিৰ দেশলৈ
তাত বোলে হালধীয়া ফুলৰ মিচিৰি খাই
মৌ-মাখি বোৰে সুহুৰিয়াই আৰু
সোণালী মাছবোৰে ছন্দতে ছন্দ মিলাই
তৰাৰ দেশত থকাহেঁতেন
কোমল মেঘৰ চপৰাতেই আঁকিলোহেঁতেন
এখন ছবি,
লিখিলোঁহেঁতেন এটা কবিতা, এটা গান
জীৱনৰ ছন্দ বিছাৰি
তৰাৰ দেশত থকাহেঁতেন
হয়তো কব পাৰিলোহেঁতেন
মোৰ গহ্বৰটোৰ ভিতৰতো এখন দেশ আছে
তৰাৰ
আৰু তুমিয়েতো সেই দেশৰ
জোন ||

Thursday, July 30, 2009

আকাশ : যামিনী অনুৰাগ

সৰুতে আকাশ চাই ভাবিছিলো
কিমান ওখ হ'লে ঢুকি পাম আকাশ
কিমান দীঘল হ'লে দুহাত
জুখিব পাৰিম আকাশ

আইৰ আঁচলত লুকাই থাকে
আকাশ
পিতাইৰ হাতৰ মুঠিত সোমাই থাকে
আকাশ
সন্ধিয়াৰ আকাশৰ হালধীয়া বেলিত
লাহে লাহে মাৰ যায় আকাশ

বৃত্তৰ দৰে চলি থাকে সময়
পুৱাৰ সূৰুযৰ হাতত ধৰি
মনে মোৰ আকাশ ধিয়াই ।

বৃত্ত : যামিনী অনুৰাগ

জীৱন

নদী আৰু আকাশ
মাটি আৰু মানুহ

এক সপোনৰ ৰাগী
যেন ৰাতিৰ বাঁহী

Sunday, June 21, 2009

তুমি নাজিতৰা : কুলদীপ মেধি

তুমি নাজিতৰা
ম‍ই তোমাক ভাল পাই পেলাইছিলোঁ, সিদিনা
নীলা আকাশ, সেউজীয়া পাহাৰ
আৰু হালধীয়া ফুলৰ কথা কৈছিলোঁ
তোমাৰ গাভৰু ওঁঠত বকুলে পাহি মেলিছিল
মোৰ বুকুত বুদ-বুদনি তুলি
এখন নৈৰ দৰে বৈ আছিলা
হৃদয়ত
চকুৰ পোতাশালত বন্দী কৰি
তোমাৰ প্ৰেমিক হোৱাৰ বাতুলতা দেখি
তুমি আত্মহাৰা হৈ উঠিছিলা
হাঁহিছিলা
কান্দিছিলা সেইদিনা
ভালপোৱাৰ সূতাদাল খামুচি

নাজিতৰা,
২০০৮, ৩০ অক্টোৱৰৰ দুপৰীয়া তুমি ক’ত আছিলা
গণেশগুৰি নে পানবজাৰ নে ডি. চি কোৰ্ট নে...
মোৰ বুকুৰ কেন্‌ভাচত কোনে আঁকি থৈ গ’ল
এপাহ ৰঙা জৱা
উফ! ম‍ই দৃষ্টিহীন, ঘ্ৰাণহীন হৈ নাযাওঁ কিয়
সেই ৰঙাই মোৰ চকুৰ পোতাশালত
বন্দী হৈ থকা অলেখ অযুত তৰাবোৰক
ভীত কৰি তুলিছে
সিহঁতবোৰে চিঞৰিছে
ৰাজনীতি, অৰ্থনীতি, স্বাধীনতা আমি নুবুজোঁ
আমি মাৰ্ক্সীয় নহয়, নেলাগে সাম্যবাদ
আমি মাথো জীয়াই থাকিবলৈ বিছাৰোঁ
এখন সপোনৰ প্ৰদেশত
সেই ৰঙৰ সুবাস ভাল নেলাগে
নিশা নিয়ৰ হৈ সৰি পৰে
সপোনবোৰ
তাম বৰণীয়া কোনোবা গছৰ পাতত
ওলমি ৰয়

নদী, আকাশ, পাহাৰ
সকলোবোৰতো একেই আছে
কিন্তু, তুমি !
কাৰ বাবে জীয়াই থাকিম
বেহেলা বজাম
বেজাৰত গীত গাম
এটা বেজেৰুৱা জীৱন লৈ

নাজিতৰা,
মোৰ প্ৰেমক চগা কৰি
মোৰ বুকুত প্ৰেমৰ সৌধ
প্ৰতিষ্ঠা কৰি
ক’ৰ মিচিলত হেৰাই গ’লা তুমি
সৌৱা চোৱা আকাশখনে হাউলি আহি পাহাৰখনক
সুধিছেহি তোমাৰ খবৰ
ফুলবোৰৰ গাত বসন্তৰ বতাহ
হালিছে-জালিছে
মোৰ বসন্তৰ গান শুনি শুনি
চকুৰ পোতাশালত জিৰাবলৈ
আকৌ আহিবানে
তুমি নাজিতৰা !

Wednesday, April 8, 2009

তোমালৈ মনত পেলাই : কুলদীপ মেধি

কিছুমান অলীক ভাৱনা -
মোৰ সপোনলৈ আহি
বাগৰ সলাই !

কিছুমান নোকোৱা কথা -
মোৰ পতাত জিৰণি লৈ
দুচকু সেমেকাই !

কিছুমান আশা -
মোৰ বুকুত উশাহ লৈ
তোমালৈ মনত পেলাই !

Saturday, April 4, 2009

তাইৰ ঠিকনা : কুলদীপ মেধি

চৰাইবোৰেও  জাক পাতি উৰে
আকাশত

মাছবোৰেও জাক পাতি ঘূৰে
পানীৰ মাজত

গৰুবোৰেও পাল পাতি চৰে
সেউজীয়া পথাৰত

কিন্তু মই অকলশৰীয়া এই ধৰাত আছে
জানো মোৰো লগৰী ক’ৰবাত

ৰকতখোৱা জোনটোৱেও কৈ নগ’ল
যাবৰ পৰত

ক’ত লুকুৱাই ৰাখিছে তৰাবোৰে
তাইৰ ঠিকনা |

Friday, December 5, 2008

শ্ৰুতিধাৰা কাৰ বাবে এই উজাগৰ ৰাতি : কুলদীপ মেধি

শ্ৰুতিধাৰা কাৰ বাবে এই উজাগৰ ৰাতি
আহ!কিযে এই পৱিত্ৰ দুখ
কিযে এই স্বৰ্গীয় অনুভূতি
কিযে অপূৰ্ব, এই পুণ্য
শ্ৰুতিধাৰা সকলো তোমাৰ বাবেই ।

শ্ৰুতিধাৰা কাৰ বাবে এই উজাগৰ ৰাতি
সেমেকা চকু, আন্ধাৰক সাৱটি
চেচাঁ হুমুনিয়াহ আৰু এটা ৰাতিৰ স্মৃতি
তোমাকে যাচিলোঁ ।

মই কঢ়িয়াই লৈ ফুৰোঁ তোমাৰ হৃদয়খন
মোৰ বুকুৰ মাজত, যেনিয়ে যাওঁ তোমাক লৈ যাওঁ
যি ভাবো তোমাক লৈ ভাবো ।
লগৰীয়াবোৰে হাহেঁ
আৰু এজন....(পাগল প্ৰেমিক)
কিন্তু মই যে এজন প্ৰেমিক যোদ্ধা
সিহঁতবোৰে নাজানে, নুবুজে (হয়তো তুমিও নুবুজা)
কিমান ভালপাওঁ তোমাক
মোৰ ভয় হয় (পৰাজিত নায়ক, উপহাস কৰে বুলি)
সাংগীনৰ খোচত থকা-সৰকা হৈ
কিমানবাৰ যে অস্ত্ৰোপচাৰ হৈছিল
মোৰ হৃদয়খন
এলক্‌হলৰ সাগৰত ডুবাই থৈছো
গুলপীয়া নিচা লাগি সি পাহৰি আছে
প্ৰেনৰ উন্মাদনা ।

শ্ৰুতিধাৰা তুমি জানানে
ফিনাইল, ইথাইল আৰু এমিনৰ মিশ্ৰণত কি হয়
বিজ্ঞানে কৈছে- প্ৰেম
তুমি পৰিছানে প্ৰেমত কেতিয়াবা ?

নাজানো আকাশ হ'বলৈ কিমান মেঘৰ প্ৰয়োজন
নদী, সাগৰ হ'বলৈ কিমান পানীৰ
এখন হৃদয় পূৰ হ'বলৈ কিমান মৰমৰ?
তুমি বাৰু জানানে-
চি প্ৰোগামিঙৰ প্ৰট'টাইপ মিচিং হ'লে
কি লুপ হ'য়? মোৰ মৰম তেনেকুৱাই 'ইনফিনিট' ।
শ্ৰুতিধাৰা তুমিয়ে মোৰ পৃথিৱী
তোমাক লৈ জোন, বেলি, তৰা
গ্ৰহ, নক্ষত্ৰ, এই সৌৰজগত ।
তোমাক সাৱটিয়ে ফুলবোৰে পাহি মেলে
তোমাকে ভাবি চৰাইবোৰে গীত গাই বসন্তত
সপোনবোৰ পূৰঠ হৈ পাখি মেলি উৰা মাৰে
তোমাৰ কাষলৈ.....

শ্ৰুতিধাৰা,মই তোমাৰেই চিৰজনমৰ
তুমি মোৰ হ'বানে ?

Tuesday, November 11, 2008

সূৰ্য্যমুখী হৈ ফুলিছে তোমাৰ হাঁহিটি : কুলদীপ মেধি

সূৰ্য্যমুখী হৈ ফুলিছে
তোমাৰ হাঁহিটি

আঘাট হানিছে
মোৰ কলিজাত

বৰফ হৈ গলিছে মৰমবোৰ
মোৰ চ্কুৰ পতাত

মোৰ যি আছে
সকলো তোমাকেই দিম
এটা কাচঁৰ ঘৰ
আৰু এখন সেউজ উদ্যান
Related Posts Plugin for WordPress, Blogger...