Saturday, January 28, 2012

কলিকতা গ্রন্থমেলাত অসমীয়া গ্রন্থ সম্ভাৰ

অসম তথা পূর্বোত্তরের বাংলা, অসমিয়া সহ অন্যান্য ভাষার বই নিয়ে ব্যতিক্রম কলকাতার বইমেলাতে। অসম তথা পূর্বোত্তৰৰ বাংলা, অসমীয়া গ্রন্থ সম্ভাৰ লই 'ব্যতিক্রম' কলিকতা গ্রন্থমেলাত। অনুগ্রহ কৰি, আপোনাৰ কলিকতাত থকা বন্ধুসকলৈ এই সংবাদ শেয়াৰ কৰক। স্টল নংঃ ৫৪৬

Saturday, January 14, 2012

প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে: হৃষীৰাজ শৰ্মা


সুৰুযৰ ৰথত উঠিবলৈ মোৰো মন
পোহৰৰ বাবে হাহাকাৰ কৰোতে
এদিনৰ বাবে হেৰুৱাইছিলোঁ চকুদুটা
মোৰ হাজাৰটা সেউজ সপোনৰ সমাধি
তোমালোকৰ বুকুত।
আজি এবেলা অন্ধকাৰৰ সৈতে চুক্তিবদ্ধ হ’লেও,
আলোকৰ সৈতে আলিংগনৰ নিৰ্যাস
মোৰ স্বপ্নাতুৰ হৃদয়ৰ গুপুত গান।
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে।
মেঘলৈ দলিওৱা নাই উন্মাদনাৰ অহংকাৰী পত্ৰ
সৌৱা মেঘনাদলৈ বতৰা পঠিয়াইছোঁ,
নামিব বুৰুয বৰষাৰ স’তে।
বিশল্যকৰণী বিচাৰি হাবাথুৰ লক্ষণ,
কলিযুগত নাই তোমাৰ ভৃত্য হনুমান
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে।

Thursday, November 17, 2011

প্ৰযত্নে: হৃষীৰাজ শৰ্মা

একাঁজলি শ্ৰদ্ধা

প্ৰযত্নে:

নাকান্দিবা.!
ৰাতিৰ আন্ধাৰে উচুপি কাণে কাণে কয়
সৌৱা দিখৌৰে ভটিয়াই গদাধৰেৰে উজাই
লুইতত মিলিছে অসমীয়া |
এহালি মৰমৰ বাবে তেওঁ এটি গান হ’ল
মানুহৰ বুকুত সুৰৰ ৰাং সানি থাকোতেই
পূৰ্ব দিশত সন্ধিয়া হ’ল.!
উহঃ, নাকান্দিবা
সেই সোৱাদবোৰৰ বাবেইতো
স্পন্দনৰ অন্য এক নাম
বুকু ফালি দেখুৱাইছা একেখন ছবি
ছবিৰ মাজত উদ্ভাসিত অতীত,
বৰ্তমান আৰু ভৱিষ্যতৰ ভিন্নতা
আৰু চকুদুটা?
হেৰৌ অসমীয়া.! অনন্তকাল সাক্ষী হৈ ৰ’ব
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাবা |

Wednesday, November 16, 2011

ভূপেন দা তুমি অমৰ হোৱা...

হে’ শিল্পী,
আজি তুমি শিল্প হ’লা।
আৰু সময় সেই অসহায় তুলিকাধাৰী...।
বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,
যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।

কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে
যেতিয়া তুমি মূর্ত হৈছা,
সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।

আভিমানবোৰৰ আঁত হেৰাই গৈছে,
অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,
চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।


অন্তিম শয়নৰ ঠিকনা বিচাৰি
ৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজি
আবেলিৰ অস্তমিত বেলি,
কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি
শীতৰে সেমেকা ৰাতি।

হে’ শিল্পী,
শব্দ যদি ব্রহ্ম হয়,
সেই ব্রহ্মত্বৰ স্বাক্ষৰ হোৱা তুমি।
মৃত্যু যদি শিল্প হয়,
সেই শিল্প হোৱা তুমি।

আৰু,
সৃষ্টি যদি অমৰ হয়,
তেন্তে অমৰ হোৱা তুমি...।

চন্দ্রমা কলিতা

Wednesday, November 2, 2011

মোৰ ঠিকনা: অমৃতা প্ৰীতমৰ কবিতা

( মূল পঞ্জাবী কবিতাৰ পৰা অসমীয়া অনুবাদঃ যামিনী অনুৰাগ )

আজি মই মোৰ ঘৰৰ নম্বৰ মছি পেলালো
আৰু গলিৰ মূৰত থকা ফলকৰ পৰা গলিৰ নাম আতৰাই দিলো
আৰু প্ৰতিটো পথৰ দিশৰ নাম মোহাৰি পেলালো
আৰু যদি আপুনি মোক বিচাৰি পাবই লাগে
তেন্তে প্ৰতি দেশৰ, প্ৰতি চহৰৰ, প্ৰতি গলিৰ দুৱাৰ খটখটাৱক
ই এক শাপ, ই এক বৰ
আৰু য’তেই স্বাধীন আত্মাৰ জিলিকনি পাব
-জানিব সেয়াই মোৰ ঘৰ ।

Wednesday, October 12, 2011

আবেলি এটিত তেওঁ...

সৰাপাতে ৰিঙিয়াই থকা আবেলিটোত,
তেওঁ বহু কথা সোঁৱৰে।
আছিলনে কাহানিবা তেওঁ,
কাৰোবাৰ ছন্দোবদ্ধ আবেগৰ শিৰোনাম?
হ’ব পাৰিছিলনে তেওঁ,
হালধীয়া দোপাত্তাৰে সোনাৰু সিচাঁ
এজনী অনামিকা অথবা সাগৰিকা?

হেমন্তৰ গুণগুণনিবোৰ শুনি শুনি
তেওঁ বাৰে বাৰে ভাবে,
কিহৰ ভয়ত তেওঁ শুনিব বিচাৰিও শুনা নাছিল,
সেউজ পাতৰ আঁৰৰ সখিয়তীজনীৰ গীত?
কি হেৰুওৱাৰ ভয়ত তেওঁ বুটলিব পৰা নাছিল,
পদূলিত সৰা ফুলবোৰৰ পাহি?

খিৰিকিখনৰ সিপাৰেৰে পাৰ হৈ গৈছিল,
অলেখ জোনাকী সপোনৰ মিছিল।
স্বপ্নাতুৰ বিহগীজনী হৈও তেওঁ জোনাক চুব নোৱাৰিলে।
বিষাদগ্রস্ত হৃদয়খনিত সদায় শূণ্য হৈ ৰ’ল,
বিষন্ন পঁজাটিৰ দুৱাৰ খোলাৰ সাহস।

বাহিৰ ওলালেইযে তেতিয়া নিয়ঁৰত তিতাৰ ভয়।

Sunday, October 9, 2011

এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি? : হৃষীৰাজ শৰ্মা






এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?
বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি
এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন কি?
বিষাদ সুৰত বিশৃংখল মোৰ বেদনাৰ নগৰী
এতিয়া শুকুলা ডাৱৰৰ আঁৰে আঁৰে ম‍ই তোমাৰ বাবে সাধুকথা নহওঁ
এতিয়া এটোপ দুটোপ বৰষুণত তিতিবলৈ ম‍ই তোমাৰ বাবে দুপৰীয়া নহওঁ
এতিয়া তোমাৰ সকলো উছাহৰ সমাপ্তি ম‍ই
সকলো উছৱৰ শেষ ম‍ই
সকলো ৰাতিৰ আৰম্ভণি আৰু সীমাহীন মৌনতাৰ প্ৰাতঃভ্ৰমণ ম‍ই
এতিয়া তোমাৰ আকাঙ্খাৰ সিমূৰত ৰৈ থকাৰ প্ৰয়োজন কি?

সকলোবোৰ কবিতাৰ বুকুৱেদি যদি বৈ যায় দুঃখৰ ফল্গুধাৰা
শব্দ‍ই হাহাকাৰ কৰক, নালাগে একোকে থাকিবলৈ স্মৃতি জোকাৰি
বাৰে বাৰে শৰত্‍ আহক
হুমুনিয়াহবোৰ নিশাৰ ডাৱৰৰ সৈতে ক’ৰবালৈ গুচি যাওক
ম‍ই প্ৰাণ ভৰি চাই ৰ’ম আকাশ আৰু জোনৰ প্ৰেমৰ মায়াময়তা
হৃদয় জুৰাই গান গাম, দুহাত মেলি স্পৰ্শ কৰিম সেউজীয়া উপত্যকাৰ মোহনীয়তা
কবিতাবোৰ কবিতা হৈ থকাত ক্ষতি কি?

সুখৰ এচিকুট বিচাৰি যোৱানিশা চাহেবপুৰালৈ গৈছিলোঁ, অনুৰাধাৰ স’তে
সৰিয়হ ফুলা দিনবোৰ মাজুলীৰ বালিচৰত সমাধি দিয়া বহুবছৰ হ’ল
এতিয়া তাৰ জীৱাশ্মটো বাকী আছে
জুৰাছিক পাৰ্কৰ লেবৰেটৰীত ক্লনিঙৰ বাবে উপহাৰ দিব পাৰিম
অন্ততঃ মোৰ বাবে নহ’লেও আনৰ বাবে জী উঠিব ৰঙবোৰ
য’ত চাগে’ তুমি নাথাকা
নথাকিলেই ভাল, মাজুলীত খহনীয়া আৰু নালাগে..!!

Sunday, October 2, 2011

মৃত্যু চেতনা : কুলদীপ মেধি

এটা জৰাগ্ৰস্থ কবিতা ম‍ই
মোৰ স’তে লৈ ফুৰিছো
দিহিঙে দিপাঙে অনাই বনাই
ঘুৰি ফুৰিছো সহবাস কৰিছো |

 ঘূণ পোক এটাই কুটি কুটি খাইছে
গোটেই ঘৰ খনৰ আচবাব কাঠৰ
দুৱাৰ খিৰিকি ইত্যাদি
জহিব ধৰিছে এপদ এপদকৈ
লাগতিয়াল সকলো মূল্যবান সামগ্ৰী |

মাস্তুল হেৰুৱা জাহাজ এখন 
গৈ আছে ভটিয়াই  
পাৰত কহুৱাৰ ৰিবৰিবনি 
অজস্ৰ হাত বাউলি 
পানীত সূৰ্যাস্তৰ প্ৰতিবিম্ব 
ভাহি উঠিছে জিলমিলায় |


এই আন্ধাৰ এই পোহৰ 
পলকতে লোপ পায় 
চকুৰ আগৰ নান্দনিক দৃশ্য 
কায়াকল্প শুভ্ৰ জোত্‍স্না 
হয়তো কোনোবা দোকমোকালি এটাত 
সাৰ পোৱা শেৱালিয়ে চোতালত বহি লৈ 
ৰাউচি জুৰিব 
জৰাগ্ৰস্ত কবিতাটোৰ মৰাশ দেখি 
আৰু নিজকে প্ৰশ্ন কৰিব 
জীৱন কি সচাঁকৈয়ে অসম্পূৰ্ণ !

Saturday, September 24, 2011

এনেকৈয়ে শৰত্‍ আহক

লাহে লাহে অনাবৃত হওক অৰণ্যখন
ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে
পুৱাটোৰ সেমেকা গালেদি
তৰুণ ৰ'দজাক বৈ আহক
ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক
বেলিটোৰ চেঁচা পৰি থকা মুখ
লালকাল দি থকা এডৰা ৰামধেনুত
প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া
শেষ হওক অন্তহীন বৰষুণৰ ঋতু
এনেকৈয়ে শৰত্‍ আহক।

Thursday, September 22, 2011

শৰৎ : মিতালী বর্মন

শৰৎ--- তুমি বিলাই যোৱা
শাৰদী জোনাক
তাতেই ৰচিব
মধুচন্দ্রিকা
আমাৰ হেঁপাহবোৰে
সুৰুয উঠাৰ আগতে...

Monday, September 19, 2011

অচিন্তন : হৃষীৰাজ শৰ্মা



বৰ্ণত যদি বৰণ সানি দিছিলা
মোৰ হৃদয় সেউজীয়া,
তোমাৰ অভিমান কজলা; চকুৰ বৰণৰ এফাল..!

Wednesday, September 7, 2011

সাপ

বৰষুণজাক খপজপকৈ পৰোঁতেই সাপটোৰ চিকমিকনি দেখিছিলো চাকিৰ অকমান পোহৰতচোন সি মোৰ ভৰিয়েদি বগাই আহে নিষিদ্ধতাত তাৰ হেনো দুআঙুল ডুবি চাবৰ মন।

Friday, September 2, 2011

আক্ষেপ: কুলদীপ মেধি

জীৱনটোক যদি কেমেৰাৰে লুক-থ্ৰু কৰিব পৰা হ’লে
বিষয় বস্তুৰ ওপৰত দৃষ্টি স্থিৰ কৰি
জুম ইন জুম আউট কৰি লৈ
ফ’কাছ মিলাব পৰা হ’লে

হয়তো হ’লহেতেন এখন সুন্দৰ প’ট্ৰেইট !

Saturday, August 20, 2011

তোলৈ...

সুৰেৰে সজোৱা এটা গান আছিলি,
তই বৰষুণ...!
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি,
তই বৰষুণ...!

পাহাৰখন খহাই দি ৰং বুটলিলি,
তই বৰষুণ...!
নদীখনক বাউলী কৰি ধেমালি কৰিলি,
তই বৰষুণ...!

পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা,
তই উন্মাদ বৰষুণ।

হ’ব জানো পাৰিবি চিৰমধুৰ,
তই ডাৱৰৰ কান্দোন...???

Tuesday, August 16, 2011

স্বাধীনতা দিৱসৰ চিঠি

প্ৰিয় অৰূপ সমীপেষু,

দূৰণিবটীয়া মৰম গ্ৰহণ কৰিবি | আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত তোৰ মঙ্গল |

ভাগৰুৱা চহৰখন এতিয়া লেবেজান হৈ শুইছে | কিনকিনীয়াৰ টিপ্‌টপ্‌ শব্দই জগাব পৰা না‍ই চহৰ, নিচুকাব পৰা না‍ই মোৰ চকু | এতিয়া নিঃশব্দতাৰ সময় | নিঃশব্দতাৰ বুকুত গুজি আছোঁ ম‍ই শব্দ, চিঠিৰ ভাঁজত | পোহৰে পূৱত ভুমুকি মৰাৰ আগতেই যে শেষ কৰিব লাগিব শব্দ গুজাৰ কাম ! সুৰুজ জ্বলিলেই স্বাধীন হোৱাৰ ভয়ত কম্পিত হ’ব শব্দ ! গিৰিম...গাৰাম...গুৰুম !!! স্বাধীন দেশত ভয়ংকৰ শব্দৰ অবাধ বিচৰণ |

অৰূপ, তোৰ বাৰু এবাৰো মন নাযায়নে স্বকীয় ঘৰখনৰৰ খবৰ এটা ল’বলৈ ? ঘৰত তোৰ সকলোৰে মঙ্গল দে | দুবছৰ আগতে তোৰ বিধৱা মা স্বাধীন হৈছিল যদিও ঘৰত সকলোৰেই মঙ্গল দে | যৌতুকে তোৰ ভনীয়েৰক জ্বলালে যদিও তাইৰ শহুৰেকৰ ঘৰত আটাইৰে কুশল দে | তোৰ মেধাৱী ভায়েৰেও সন্ত্ৰাসবাদীৰ ভুৱা নাম পালে যদিও তাৰ নথি-পত্ৰবোৰ এতিয়াও সযতনেই সাঁচি থোৱা আছে তাৰ বৰপেৰাত | ইখনৰ পিছত সিখন টেবুলত পেঞ্চনৰ নামত অপমান বুটলিব যোৱা তোৰ দেউতাৰৰো মঙ্গলেই আছিল কেইবছৰমান আগলৈকে | মহাজনৰ মুঠিত তোৰ প্ৰেমিকাই সতীত্ব হেৰুওৱালে যদিও মহাজনৰ ঘৰত সকলোৰে কুশল দে | বানপানীয়ে প্ৰায়েই স্নান কৰালেও তোৰ গাঁওখনো কুশলেই আছে দে, চিন্তা নকৰিবি ত‍ই |

পৰ্দা ঠেলি সোমা‍ই আহিছে পোহৰ | কেইমুহূৰ্তমান পিছতেই সাৰ পাব স্বাধীনতা দিৱস | মোৰ দেহেৰে গিৰিম-গুৰুম শব্দ স্বাধীন নহ’লে ঠিকেই লিখি থাকিম চিঠি তোলৈ, চিন্তা নকৰিবি ত‍ই | তোৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ ম‍ই আশা কৰা বুলি নাভাবিবি | নেদেখাজনৰ কৃপাত তোৰ মঙ্গল বুলিয়েই ধৰি লৈছোঁ ম‍ই |

চিঠিখন ম‍ই ডাকত নিদিওঁ | ওক এডাল ৰুইছোঁ | তাৰেই ঠানি এটিত গুজি দিম বুলি ভাবিছোঁ | ওকজোপা এদিন ওখ হ’ব | চিঠিখন নি চিলনীক দিব | চিলনীয়ে মেঘক দিব আৰু মেঘেই তোৰ বতৰা ল’ব |


ইতি
তোৰ মৰমৰ
স্বাধীন দেশৰ এজন পৰাধীন নাগৰিক



১৪ আগষ্ট
গুৱাহাটী


পুনশ্চঃ- কোনোবা এটা স্বাধীনতা দিৱ্সত ত‍ই স্বাধীন হৈছিলি জীৱনৰ পৰা | পৰাণ ত্যাগী অৰূপ হৈছিলি ত‍ই | ভুৱন ক’কা, বিজিত খুৰাৰ কোলাত থকা দুবছৰীয়া টিক্‌লু, সদ্যবিবাহিত বিভোৰ, জিতুৰ বাবে "চেৰেলেক" কিনিবলৈ যোৱা পুটুলি পেহী আদি জীৱনৰ পৰা স্বাধীন হোৱা অৰূপসকলৰ যাকেই লগ পাৱ নজনোৱাকৈ নাথাকিবি ত‍ই...স্বাধীনতাই আজি ভয় কৰে স্বাধীনতা দিৱসলৈ যদিও দেশখন কুশলেই আছে দে |

Monday, August 8, 2011

সংকীৰ্ণ ভৱিষ্যত: কুলদীপ মেধি

নৰাণিৰ মাজেদি খোজকাঢ়িলে ভৰি কাটে
কটা ঘাঁত চূণপানী
আইচু-বাইচু কৰিলেই মৰম নুবুজায়
আগলি কলপাতত কাউৰীয়ে কলমলায়
লহপহকৈ ফুলিছিল ফুলনিত কতনা
ফুলৰ ঠেঙুলিত বিছা, পাতত বিছা
আনকি পাহিতো বিছা...

খহুৱা বুকু
খৰে খোৱা পিঠি
ৰ’দৰ উত্তাপত বৈ পৰা
চকুহালি
এতিয়াচোন একো নমনি
আই, পোহৰৰ বাট কেনি !

Thursday, August 4, 2011

তোমালৈ…

তোমাৰ হিয়াৰ বুলনিত খোজ দিব দিয়া এবাৰ
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবাচোন কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি সপোনৰ ৰূপালী আভা।

হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম
গুটিমালি ফুলবোৰৰ কথা...

Friday, July 29, 2011

কবিতা: কুলদীপ মেধি


এতিয়া আহাৰ মাহ
আম কঁঠালৰ বতৰ
ভৰা নৈত টুলুং-ভুটুং নাও

কৃষ্ণ গহ্বৰত দৈত্যৰ বিকট চিঞৰ |




Wednesday, July 27, 2011

কিমান পালাগৈ অ’ সন্ধ্যাতৰা

(যাক চাই পচিমৰ আকাশত আপোন পাহৰা হওঁ প্ৰতিটো সন্ধিয়া, তেওঁলৈ)

কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ কঠিয়াডঁৰা পুৰঠ হৈ
মোৰ বুকুৰ পথাৰত এতিয়া আঘোঁণৰ উছাহ
সন্ধ্যাতৰা, ৰাতি কিমান গভীৰ হলে বাৰু
তোমাৰ সপোনত ভিৰ কৰে পুঁৱাৰ বোল, কিমান ?
জানাইতো, যাতনাৰ ভাৰেৰেই কঢ়িয়াই ফুৰো মই
ভাৰসাৰে সৈতে অলপ আশা, সম্ভাৱ্নীয়তাৰ সৈতে অলপ সপোন
আকাশত ডাঁৱৰৰ কিমান ডাঠ চামনি পৰিলে বাৰু
গধুৰ হয়, অঠবা কিমান জোৰেৰে বৰষুণ হৈ আহিলে ই
ভাল লাগে তোমাৰ মন !
স্মৃতিৰ সৰাপাটৰ কোনটো দুখৰ গানে বাৰু
সেমেকাই তোলে তোমাৰ বকুলফুলিয়া হাঁহিৰ দুগাল |
তুমিও উচপিচাই উঠা নেকি পদুলি মুখত জেওঁৰাৰ সিপাৰে
কোনোবাই টাং-গুটি খেলিলে অথবা দৌৰ মাৰিলে চুবলৈ ’হাউ’ৰ ঘাই
দেউতাৰ কান্ধেৰেই যেতিয়া পদুলিৰে ঘৰ সোমায়
জিৰ জিৰ আঘোণী সপোন
লেচেৰি বোটলাত হেৰাই পাওঁ মোৰ শৈশৱ
নিহালিখন লৈ ৰ’দালেই আইতাই পুহৰ কোমল ৰ’দ
সমগ্ৰ সত্তা জুৰি অনুভৱ কৰো
আইতাৰ চুলিত ’লক্ষীবিলাস’ তেলৰ গোন্ধ
ককাৰ প্ৰথম মৰমৰ চিন |
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ উজনি সোতে বাধা দিলেও যাবই যে লাগিব আগুৱাই
বিশ্বাসেই হব তোমাৰ বিশ্বাসী সহচৰ
সন্ধ্যাতৰা সপোন দেখি মইও ভাল পাওঁ জানা
তথাপিও কাৰোবাৰ সপোনেৰেই যদি বন্ধা থাকে মোক
ভয়াতুৰ হৈ পৰো মই
উৰুঙা উৰুঙা হৈ পৰে ভাৱনাৰ পথাৰ |
ভয় কৰো মই মোৰ দেউতাক, ভয় কৰো তেওঁৰ সপোন
দুখৰ নৈত সাতুৰি সাতুৰিও যে তেও এজন অক্লান্ত যোদ্ধা
যাতনাৰ হাকুটি জোৰাই জোৰাইও যে
তেওঁ পাৰি আনিব খোজে সুখৰ এটুকুৰা জোন |
কোনখন ক্ষোভৰ সাগৰত জানো মানুহজনে
বান্ধিলে অভিজ্ঞতাৰ পাৰ আৰু কব পাৰিলে
“কেবল আদৰ্শৰ নৈয়ে ধুই দিব নোৱাৰে বোপাই
উটুৱাই নিব নোৱাৰে কল-মল কল-মল পেটৰ জুই,
ভোকৰ সময়ত সকলোকে লাগে ভাত
লাজ ধাকিবলৈ নহলেও জাৰ ধাকিবলৈয়ে লাগে কাপোৰ এখনি গাত” |
সন্ধ্যাতৰা দুখৰ বোকোচাতো লৈ ফুৰিছো এয়া ফাগুণত উতলা এটি মন
দেউতাৰ সপোনকো নেওঁচা দি
মোৰ আবেগৰ ধমনিত ধৌৱাই আছে
টগ-বগ টগ-বগ সাটোতা তেজাল ঘোঁৰা
মাৰ মৰমকো এৰি থৈ দুখৰ বতাহতে জলিছে একুৰা জুই |
তুমিটো মৰমৰে এখনি নৈ
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
হ’মনে বাৰু হ’মনে মই
দুখৰ ৰ’দ অথবা সুখৰ বৰষুণ ঢাকিবলৈ
তাৰেই এখনি চৈ.....
কিমান পালাগৈ বাৰু অ’ মোৰ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই !!!!

Monday, July 25, 2011

বৰষুণ

আজি বৰকৈ তিতিলে
খেতিয়কৰ খৰাং হেঁপাহ
এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ
ভৰিত ছটফট মাছৰ লাহ-বিলাহ

ডাৱৰৰ ঠেঁহ ভাগোতে
আকাশমুৱা গছৰ চুবুৰিটো তিতে
কেঁচা ঘাঁহৰ গা জুৰ পৰে
সেমেকি সেমেকি থাকে ৰাতিপুৱা

বৰষুণৰ গানত কি সুৰ, কি ৰাগ?
যি সুৰত নৈখন কাষচাপি আহে
শেলুৱৈ টোপনিৰপৰা সাৰ পায়
প্রতিছটা প্রাচীন শিল

কালি হাবিখনৰ সিপাৰে
খহি পৰা বেলিটো হেনো
আজি গোটেই দিনটো শুব।
Related Posts Plugin for WordPress, Blogger...