অকল কবিতাই নহয়
জীৱনটো ভৰাই লৈ ফুৰোঁ মৰমৰ জোলোঙাত
তোমাৰ নামত কৰিবলৈ মৰণ পণ
তুমি আতৰি গৈছা বাবেই মোৰ এই যন্ত্ৰনা
এই আশা, এই সপোন
যুগ যুগ ধৰি
নীৰৱে কঢ়িয়াই লৈ ফুৰিম তোমাৰ বাবে
...অকল কবিতাই নহয়
মোৰ জীৱনটোও...
পৃষ্ঠা সমূহ
Monday, July 22, 2013
Sunday, June 10, 2012
উদ্ধৃতি- সত্যনাথ বৰাৰ ‘সাৰথি’ ৰ পৰা....
* সংসাৰত উদগতি কৰাই
মানুহৰ সংকল্প বা লক্ষ্য হোৱা উচিত। কিন্তু কিছুমান মানুহে বিবেচনা কৰে যে নিজৰ
অন্ন-জল যুগুত কৰাই উদগতিৰ ওৰ, আৰু জ্ঞান-বুদ্ধিৰ শেষ কৰ্ম। সেই দেখি সিহঁতে
যেতিয়ালৈকে অভাৱৰ চেঙা পায়, তেতিয়ালৈকে উদগতিৰ চেষ্টা কৰে, অভাৱ আঁতৰিলেই চেষ্টা
এৰি দিয়ে। অন্ন-জলৰ সংগতি লাগি উঠাৰ পাছত সিহঁতৰ জীৱন পশু-জীৱনৰ নিচিনা কেৱল
শয়ন-ভোজনৰ আবৰ্তন মাথোন। এই শ্ৰেণীৰ মানুহৰ পটন্তৰলৈ চাই চলিবলৈ হোৱাহেঁতেন, আমি
বৰ্তমান সভ্যতাৰ এই বিনন্দীয়া পোহৰ কেতিয়াও নেদেখিলোঁহেঁতেন।
* বিদ্যা মানৱ মনৰ
দীপ্তি; তাৰ ৰশ্মিৰ পোহৰত কাম কৰি মানুহে ধন, মান আৰু যশস্যা
লাভ কৰে। বিদ্যাই আন্ধাৰ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ক্ষমতা লগাবলৈ ঠাই দেখা
নাপায়। লিখনি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে। বিদ্যাৰে মন পোহৰাই নল’লে সংসাৰত কৰ্ম কৰিবলৈ সুচল নহয়। এতেকে উদগতিৰ পথৰ যাত্ৰা কৰিবৰ আগেয়ে
বিদ্যা যুগুত কৰি লোৱা উচিত।
* ... আনৰ আৰ্জিত
বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শিকিব লগীয়া হোৱাহেঁতেন
মানুহে কেতিয়াও ইমানখিনি উদগতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোন
প্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি
পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল’ব পাৰে।
* সংসাৰত উদগতি কৰিবলৈ
মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰপৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু
ভোটা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই।
* ... উদগতি কৰি ডাঙৰ হ’বলৈ সকলো মানুহৰ মনত এটা অথিৰ, ধুৱঁলি, অনিশ্চিত ৰকমৰ বাঞ্ছা আছে, কিন্তু
তেনেকুৱা ধুৱঁলি বাঞ্ছা মানুহৰ কেতিয়াও পূৰ নহয়। উদগতিৰ বাঞ্ছা থিৰ, নিশ্চিত আৰু
বলিয়া হাতীৰ নিচিনা উদণ্ড হ’ব লাগে;
তেহে উদগতি পথৰ বিকট বাধাবোৰৰ সমুখ হ’ব পাৰি। এনেকুৱা উদণ্ড
বাঞ্ছাকেই ওপৰত আকাংক্ষা বোলা হৈছে।
* চিন্তা প্ৰশ্নৰ ফল,
অৰ্থাৎ যি বস্তু দেখা যায় সেই বস্তু সম্বন্ধে মনক প্ৰশ্ন কৰিব লাগে, প্ৰশ্ন কৰিলেই
চিন্তা কৰা হয়। প্ৰশ্নৰ পৰিমাণেই শিক্ষাৰ পৰিমাণ।
* আগৰপৰা অসজ পথত
প্ৰবৰ্তাৰ নিমিত্তে তাত মানুহৰ ৰাপ জন্মে, পাছত জ্ঞানৰ পোহৰত তাৰ কুন্ধচালি
দেখিলেও সিহঁতে তাক এৰি দিব নোৱাৰে। এতেকে কোমল বয়সতে চৰিত্ৰ শুধৰাই নল’লে পাছত শুধৰোৱা টান হয়।
* দয়া এটা মনৰ গুণ, সি
মনত উদয় হয়। দুখ লগা কথা দেখা পালে মানুহৰ মনত দয়া ওপজে। কিন্তু মনত উপজি মনত মাৰ
গ’লে সেই দয়াৰপৰা কোনো ফলোদয় নহয়। যি দয়াৰপৰা কৰ্মৰ অভিলাষ
জন্মে, সেয়ে আচল কাৰ্যকৰী দয়া।
* অহংকাৰ এটা স্বভাৱৰ
ঘুণ। যাৰ স্বভাৱত এই ঘুণ জন্মিছে সি নিজৰ সামান্য গুণকো বৰ ডাঙৰ যেন দেখে, আৰু আনৰ
ডাঙৰ গুণকো সামান্য যেন বোধ কৰে। এই নিমিত্তে অহংকাৰী মানুহে নিজে কাকো প্ৰশংসা
নকৰে, আৰু আনে প্ৰশংসা কৰিলেও সহিব নোৱাৰে। যি মানুহ কোনো বিষয়তেই তোমাতকৈ হীন
নহয়, তাৰ আগত তোমাৰ অহংকাৰ নৰজে। সেইদেখি আনৰ আগত অহংকাৰ ফলাবলৈ অহংকাৰীয়ে আনৰ
খুঁত বিচাৰি ফুৰে, আৰু সামান্য এটা খুঁত পালে তাকেই ওফোন্দাই ডাঙৰ কৰি অহংকাৰৰ ঠেক
উলিয়ায়। সি গুণীৰ গুণ লঘু কৰিবলৈ
নানা ফাং পাতে। অহংকাৰী মানুহৰ গাত যি এটা গুণ
থাকে, সি তাকে গুণৰ প্ৰধান যেন বিবেচনা কৰে, আৰু যাৰ গাত সেই গুণ নাই তাক নিচেই
অবালচন্দ বুলি ইতিকিং কৰে। অহংকাৰীয়ে যদি খৰকৈ লিখিব পাৰে, তেনেহ’লে সি খৰকৈ লিখিব পৰা শক্তিটোক এটা প্ৰধান গুণ বুলি
ভাবে; আৰু যাৰ তেনে গুণ নাই তাক অকামিলা বুলি উপালম্ভ কৰে,
তাৰ আন কোনো ডাঙৰ গুণ থাকিলেও অহংকাৰীয়ে তাক লেখত নধৰে।
* অহংকাৰী মানুহৰ
অহংকাৰেই পৰম বিভূতি; তাক অটুট ৰাখিবলৈ সি সদায় চেষ্টা কৰে।
* মান্যৱন্তক মান্য
কৰাও অহংকাৰীৰ স্বভাৱ নহয়, আনক মান্য কৰিলে সি নিজে লঘু হোৱা যেন বোধ কৰে।
* শ্ৰম কুচিন্তাৰ পৰম
ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কুৰ্চুট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ
আজৰি নাপায়। কু-প্ৰবৃত্তি এলাহত বাঢ়ে, যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই।
* হেঁপাহত উৎসাহ জন্মে,
উৎসাহত সাহ জন্মে আৰু সাহত সিদ্ধি বুলি সকলোৱে কয়।
* উৎসাহ হেঁপাহৰপৰা
জন্মিলেও তাক শকত কৰিবলৈ অন্য আহিলা লাগে; সেই আহিলা আশা।
আশা উৎসাহৰ সাৰ, তাৰ নাটনি হ’লে উৎসাহ অনুক্ৰমে জঁই পৰি যায়।
* চানেকি বুজিলেই ফুলতী
হয়, কিন্তু বহুতদিন অভ্যাস কৰিলেহে ভাল শিপিনী হ’ব পাৰে।
* সময়ৰ মূল্য নুবুজা
মানুহ দীৰ্ঘসূত্ৰী হয়। এক মুহূৰ্তকৰ ভিতৰত সংসাৰ লয়খয় হ’ব
পাৰে, এই কথাৰ বোধ যাৰ আছে সি কেতিয়াও ভৱিষ্যৎ নিধিয়ায়, কেতিয়াও কালিলৈ কৰিব বুলি
কাম থৈ নিদিয়ে।
* নামাগিলে মগনীয়াৰ গা
নৰয়, সেই দেখি মাগনত মগনীয়াৰ এলাহ নাই। ই অৱশ্যে অন্নজলৰ কথা, উদগতিৰ কথাতো
তেনেকুৱা নাটনি বোধ হ’লে হামাহিৰ বা দীৰ্ঘসূত্ৰতাৰ মূৰ মৰে।
দীৰ্ঘসূত্ৰীৰ মনত সদায় অশান্তি, হাতত লোৱা কাম নকৰা বাবে তাৰ মনত সদায় উগুল-থুগুল
লাগি থাকে। দীৰ্ঘসূত্ৰতা সঞ্চিত ব্যাধিৰ নিচিনা, দিনে নিশায় সি মানুহক দুখ দিয়ে; এতেকে কৰিবলগীয়া কাম ততালিকে কৰি তাৰ হাতৰপৰা মুক্ত হোৱা শ্ৰেয়স্।
Tuesday, February 28, 2012
নাটক ,ৰাজনীতি আৰু উত্তৰাধুনিক দর্শনঃ ড০ সীতানাথ লহকৰ
প্রতিবছৰৰ
দৰে এইবাৰো তিনিচুকীয়া মহাবিদ্যালয় শিক্ষক গোটৰ তৰফৰ পৰা ‘প্রয়াত শিক্ষক সোঁৱৰণী বক্তৃতানুষ্ঠান’ ইং ৪ ফেব্রুৱাৰী ২০১২ তাৰিখ শনিবাৰে অনুষ্ঠিত হৈ যায়। উক্ত বক্তৃতানুষ্ঠানত বক্তা হিচাপে আমন্ত্রণ কৰি না হৈছিল
কটন মহাবিদ্যালয়ৰ অধ্যক্ষ, প্রবীণ নাট্যকর্মী তথা অসমত বাটৰ নাটৰ গুৰি
ধৰোঁতা ড০ সীতানাথ লহকৰ দেৱক। উক্ত দিনা বক্তৃতানুষ্ঠানৰ লগতে দুপৰীয়া ১ বজাত এখনি নাট্য কর্মশালা তেখেতে পৰিচালনা কৰিছিল। সন্ধিয়া ৫.৩০ বজাত তেখেতৰ পৰিচানাত গুৱাহাটিৰ বিখ্যাত অপেচাদাৰী নাট্যদল—‘সমাহাৰ নাট্যগোষ্ঠী’য়ে মঞ্চস্থ কৰিছিল তেওঁলোকৰ বিখ্যাত নাটক ‘কহয় চন্ডীদাসে’।
ড০ সীতানাথ লহকৰ দেৱৰ বক্তৃতা
ইয়াত তেওঁৰ মূল্যবান বক্তৃতাৰ ৱেব সংস্কৰণ আপোনালোকৰ বাবে তুলি দিলো। আশা কৰিছোঁ আমাৰ দৰে আপোনালোকেও এইখন পঢ়ি উপকৃত হ'ব আৰু ভাল পাব।
Saturday, January 28, 2012
Saturday, January 14, 2012
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে: হৃষীৰাজ শৰ্মা
সুৰুযৰ ৰথত উঠিবলৈ মোৰো মন
পোহৰৰ বাবে হাহাকাৰ কৰোতে
এদিনৰ বাবে হেৰুৱাইছিলোঁ চকুদুটা
মোৰ হাজাৰটা সেউজ সপোনৰ সমাধি
তোমালোকৰ বুকুত।
আজি এবেলা অন্ধকাৰৰ সৈতে চুক্তিবদ্ধ হ’লেও,
আলোকৰ সৈতে আলিংগনৰ নিৰ্যাস
মোৰ স্বপ্নাতুৰ হৃদয়ৰ গুপুত গান।
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে।
মেঘলৈ দলিওৱা নাই উন্মাদনাৰ অহংকাৰী পত্ৰ
সৌৱা মেঘনাদলৈ বতৰা পঠিয়াইছোঁ,
নামিব বুৰুয বৰষাৰ স’তে।
বিশল্যকৰণী বিচাৰি হাবাথুৰ লক্ষণ,
কলিযুগত নাই তোমাৰ ভৃত্য হনুমান
প্ৰতিজ্ঞা কৰাৰ অধিকাৰ মোৰো আছে।
Thursday, November 17, 2011
প্ৰযত্নে: হৃষীৰাজ শৰ্মা
একাঁজলি শ্ৰদ্ধা
প্ৰযত্নে:
নাকান্দিবা.!
ৰাতিৰ আন্ধাৰে উচুপি কাণে কাণে কয়
সৌৱা দিখৌৰে ভটিয়াই গদাধৰেৰে উজাই
লুইতত মিলিছে অসমীয়া |
এহালি মৰমৰ বাবে তেওঁ এটি গান হ’ল
মানুহৰ বুকুত সুৰৰ ৰাং সানি থাকোতেই
পূৰ্ব দিশত সন্ধিয়া হ’ল.!
উহঃ, নাকান্দিবা
সেই সোৱাদবোৰৰ বাবেইতো
স্পন্দনৰ অন্য এক নাম
বুকু ফালি দেখুৱাইছা একেখন ছবি
ছবিৰ মাজত উদ্ভাসিত অতীত,
বৰ্তমান আৰু ভৱিষ্যতৰ ভিন্নতা
আৰু চকুদুটা?
হেৰৌ অসমীয়া.! অনন্তকাল সাক্ষী হৈ ৰ’ব
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাবা |
প্ৰযত্নে:
নাকান্দিবা.!
ৰাতিৰ আন্ধাৰে উচুপি কাণে কাণে কয়
সৌৱা দিখৌৰে ভটিয়াই গদাধৰেৰে উজাই
লুইতত মিলিছে অসমীয়া |
এহালি মৰমৰ বাবে তেওঁ এটি গান হ’ল
মানুহৰ বুকুত সুৰৰ ৰাং সানি থাকোতেই
পূৰ্ব দিশত সন্ধিয়া হ’ল.!
উহঃ, নাকান্দিবা
সেই সোৱাদবোৰৰ বাবেইতো
স্পন্দনৰ অন্য এক নাম
বুকু ফালি দেখুৱাইছা একেখন ছবি
ছবিৰ মাজত উদ্ভাসিত অতীত,
বৰ্তমান আৰু ভৱিষ্যতৰ ভিন্নতা
আৰু চকুদুটা?
হেৰৌ অসমীয়া.! অনন্তকাল সাক্ষী হৈ ৰ’ব
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাবা |
Wednesday, November 16, 2011
ভূপেন দা তুমি অমৰ হোৱা...
হে’ শিল্পী,
আজি তুমি শিল্প হ’লা।
আৰু সময় সেই অসহায় তুলিকাধাৰী...।
বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,
যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।
কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে
যেতিয়া তুমি মূর্ত হৈছা,
সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।
আভিমানবোৰৰ আঁত হেৰাই গৈছে,
অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,
চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।
অন্তিম শয়নৰ ঠিকনা বিচাৰি
ৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজি
আবেলিৰ অস্তমিত বেলি,
কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি
শীতৰে সেমেকা ৰাতি।
হে’ শিল্পী,
শব্দ যদি ব্রহ্ম হয়,
সেই ব্রহ্মত্বৰ স্বাক্ষৰ হোৱা তুমি।
মৃত্যু যদি শিল্প হয়,
সেই শিল্প হোৱা তুমি।
আৰু,
সৃষ্টি যদি অমৰ হয়,
তেন্তে অমৰ হোৱা তুমি...।
চন্দ্রমা কলিতা
আজি তুমি শিল্প হ’লা।
আৰু সময় সেই অসহায় তুলিকাধাৰী...।
বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,
যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।
কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে
যেতিয়া তুমি মূর্ত হৈছা,
সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।
আভিমানবোৰৰ আঁত হেৰাই গৈছে,
অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,
চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।
অন্তিম শয়নৰ ঠিকনা বিচাৰি
ৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজি
আবেলিৰ অস্তমিত বেলি,
কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি
শীতৰে সেমেকা ৰাতি।
হে’ শিল্পী,
শব্দ যদি ব্রহ্ম হয়,
সেই ব্রহ্মত্বৰ স্বাক্ষৰ হোৱা তুমি।
মৃত্যু যদি শিল্প হয়,
সেই শিল্প হোৱা তুমি।
আৰু,
সৃষ্টি যদি অমৰ হয়,
তেন্তে অমৰ হোৱা তুমি...।
চন্দ্রমা কলিতা
Wednesday, November 2, 2011
মোৰ ঠিকনা: অমৃতা প্ৰীতমৰ কবিতা
( মূল পঞ্জাবী কবিতাৰ পৰা অসমীয়া অনুবাদঃ যামিনী অনুৰাগ )
আজি মই মোৰ ঘৰৰ নম্বৰ মছি পেলালো
আৰু গলিৰ মূৰত থকা ফলকৰ পৰা গলিৰ নাম আতৰাই দিলো
আৰু প্ৰতিটো পথৰ দিশৰ নাম মোহাৰি পেলালো
আৰু যদি আপুনি মোক বিচাৰি পাবই লাগে
তেন্তে প্ৰতি দেশৰ, প্ৰতি চহৰৰ, প্ৰতি গলিৰ দুৱাৰ খটখটাৱক
ই এক শাপ, ই এক বৰ
আৰু য’তেই স্বাধীন আত্মাৰ জিলিকনি পাব
-জানিব সেয়াই মোৰ ঘৰ ।
Wednesday, October 12, 2011
আবেলি এটিত তেওঁ...
সৰাপাতে ৰিঙিয়াই থকা আবেলিটোত,
তেওঁ বহু কথা সোঁৱৰে।
আছিলনে কাহানিবা তেওঁ,
কাৰোবাৰ ছন্দোবদ্ধ আবেগৰ শিৰোনাম?
হ’ব পাৰিছিলনে তেওঁ,
হালধীয়া দোপাত্তাৰে সোনাৰু সিচাঁ
এজনী অনামিকা অথবা সাগৰিকা?
হেমন্তৰ গুণগুণনিবোৰ শুনি শুনি
তেওঁ বাৰে বাৰে ভাবে,
কিহৰ ভয়ত তেওঁ শুনিব বিচাৰিও শুনা নাছিল,
সেউজ পাতৰ আঁৰৰ সখিয়তীজনীৰ গীত?
কি হেৰুওৱাৰ ভয়ত তেওঁ বুটলিব পৰা নাছিল,
পদূলিত সৰা ফুলবোৰৰ পাহি?
খিৰিকিখনৰ সিপাৰেৰে পাৰ হৈ গৈছিল,
অলেখ জোনাকী সপোনৰ মিছিল।
স্বপ্নাতুৰ বিহগীজনী হৈও তেওঁ জোনাক চুব নোৱাৰিলে।
বিষাদগ্রস্ত হৃদয়খনিত সদায় শূণ্য হৈ ৰ’ল,
বিষন্ন পঁজাটিৰ দুৱাৰ খোলাৰ সাহস।
বাহিৰ ওলালেইযে তেতিয়া নিয়ঁৰত তিতাৰ ভয়।
তেওঁ বহু কথা সোঁৱৰে।
আছিলনে কাহানিবা তেওঁ,
কাৰোবাৰ ছন্দোবদ্ধ আবেগৰ শিৰোনাম?
হ’ব পাৰিছিলনে তেওঁ,
হালধীয়া দোপাত্তাৰে সোনাৰু সিচাঁ
এজনী অনামিকা অথবা সাগৰিকা?
হেমন্তৰ গুণগুণনিবোৰ শুনি শুনি
তেওঁ বাৰে বাৰে ভাবে,
কিহৰ ভয়ত তেওঁ শুনিব বিচাৰিও শুনা নাছিল,
সেউজ পাতৰ আঁৰৰ সখিয়তীজনীৰ গীত?
কি হেৰুওৱাৰ ভয়ত তেওঁ বুটলিব পৰা নাছিল,
পদূলিত সৰা ফুলবোৰৰ পাহি?
খিৰিকিখনৰ সিপাৰেৰে পাৰ হৈ গৈছিল,
অলেখ জোনাকী সপোনৰ মিছিল।
স্বপ্নাতুৰ বিহগীজনী হৈও তেওঁ জোনাক চুব নোৱাৰিলে।
বিষাদগ্রস্ত হৃদয়খনিত সদায় শূণ্য হৈ ৰ’ল,
বিষন্ন পঁজাটিৰ দুৱাৰ খোলাৰ সাহস।
বাহিৰ ওলালেইযে তেতিয়া নিয়ঁৰত তিতাৰ ভয়।
Sunday, October 9, 2011
এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি? : হৃষীৰাজ শৰ্মা
এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?
বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি
এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন কি?
বিষাদ সুৰত বিশৃংখল মোৰ বেদনাৰ নগৰী
এতিয়া শুকুলা ডাৱৰৰ আঁৰে আঁৰে মই তোমাৰ বাবে সাধুকথা নহওঁ
এতিয়া এটোপ দুটোপ বৰষুণত তিতিবলৈ মই তোমাৰ বাবে দুপৰীয়া নহওঁ
এতিয়া তোমাৰ সকলো উছাহৰ সমাপ্তি মই
সকলো উছৱৰ শেষ মই
সকলো ৰাতিৰ আৰম্ভণি আৰু সীমাহীন মৌনতাৰ প্ৰাতঃভ্ৰমণ মই
এতিয়া তোমাৰ আকাঙ্খাৰ সিমূৰত ৰৈ থকাৰ প্ৰয়োজন কি?
সকলোবোৰ কবিতাৰ বুকুৱেদি যদি বৈ যায় দুঃখৰ ফল্গুধাৰা
শব্দই হাহাকাৰ কৰক, নালাগে একোকে থাকিবলৈ স্মৃতি জোকাৰি
বাৰে বাৰে শৰত্ আহক
হুমুনিয়াহবোৰ নিশাৰ ডাৱৰৰ সৈতে ক’ৰবালৈ গুচি যাওক
মই প্ৰাণ ভৰি চাই ৰ’ম আকাশ আৰু জোনৰ প্ৰেমৰ মায়াময়তা
হৃদয় জুৰাই গান গাম, দুহাত মেলি স্পৰ্শ কৰিম সেউজীয়া উপত্যকাৰ মোহনীয়তা
কবিতাবোৰ কবিতা হৈ থকাত ক্ষতি কি?
সুখৰ এচিকুট বিচাৰি যোৱানিশা চাহেবপুৰালৈ গৈছিলোঁ, অনুৰাধাৰ স’তে
সৰিয়হ ফুলা দিনবোৰ মাজুলীৰ বালিচৰত সমাধি দিয়া বহুবছৰ হ’ল
এতিয়া তাৰ জীৱাশ্মটো বাকী আছে
জুৰাছিক পাৰ্কৰ লেবৰেটৰীত ক্লনিঙৰ বাবে উপহাৰ দিব পাৰিম
অন্ততঃ মোৰ বাবে নহ’লেও আনৰ বাবে জী উঠিব ৰঙবোৰ
য’ত চাগে’ তুমি নাথাকা
নথাকিলেই ভাল, মাজুলীত খহনীয়া আৰু নালাগে..!!
Sunday, October 2, 2011
মৃত্যু চেতনা : কুলদীপ মেধি
এটা জৰাগ্ৰস্থ কবিতা মই
ঘূণ পোক এটাই কুটি কুটি খাইছে
গোটেই ঘৰ খনৰ আচবাব কাঠৰ
দুৱাৰ খিৰিকি ইত্যাদি
জহিব ধৰিছে এপদ এপদকৈ
লাগতিয়াল সকলো মূল্যবান সামগ্ৰী |
মাস্তুল হেৰুৱা জাহাজ এখন
গৈ আছে ভটিয়াই
পাৰত কহুৱাৰ ৰিবৰিবনি
অজস্ৰ হাত বাউলি
পানীত সূৰ্যাস্তৰ প্ৰতিবিম্ব
ভাহি উঠিছে জিলমিলায় |
এই আন্ধাৰ এই পোহৰ
পলকতে লোপ পায়
চকুৰ আগৰ নান্দনিক দৃশ্য
কায়াকল্প শুভ্ৰ জোত্স্না
হয়তো কোনোবা দোকমোকালি এটাত
সাৰ পোৱা শেৱালিয়ে চোতালত বহি লৈ
ৰাউচি জুৰিব
জৰাগ্ৰস্ত কবিতাটোৰ মৰাশ দেখি
আৰু নিজকে প্ৰশ্ন কৰিব
জীৱন কি সচাঁকৈয়ে অসম্পূৰ্ণ !
মোৰ স’তে লৈ ফুৰিছো
দিহিঙে দিপাঙে অনাই বনাই
ঘুৰি ফুৰিছো সহবাস কৰিছো |ঘূণ পোক এটাই কুটি কুটি খাইছে
গোটেই ঘৰ খনৰ আচবাব কাঠৰ
দুৱাৰ খিৰিকি ইত্যাদি
জহিব ধৰিছে এপদ এপদকৈ
লাগতিয়াল সকলো মূল্যবান সামগ্ৰী |
মাস্তুল হেৰুৱা জাহাজ এখন
গৈ আছে ভটিয়াই
পাৰত কহুৱাৰ ৰিবৰিবনি
অজস্ৰ হাত বাউলি
পানীত সূৰ্যাস্তৰ প্ৰতিবিম্ব
ভাহি উঠিছে জিলমিলায় |
এই আন্ধাৰ এই পোহৰ
পলকতে লোপ পায়
চকুৰ আগৰ নান্দনিক দৃশ্য
কায়াকল্প শুভ্ৰ জোত্স্না
হয়তো কোনোবা দোকমোকালি এটাত
সাৰ পোৱা শেৱালিয়ে চোতালত বহি লৈ
ৰাউচি জুৰিব
জৰাগ্ৰস্ত কবিতাটোৰ মৰাশ দেখি
আৰু নিজকে প্ৰশ্ন কৰিব
জীৱন কি সচাঁকৈয়ে অসম্পূৰ্ণ !
Saturday, September 24, 2011
এনেকৈয়ে শৰত্ আহক
লাহে লাহে অনাবৃত হওক অৰণ্যখন
ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে
পুৱাটোৰ সেমেকা গালেদি
তৰুণ ৰ'দজাক বৈ আহক
ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক
বেলিটোৰ চেঁচা পৰি থকা মুখ
লালকাল দি থকা এডৰা ৰামধেনুত
প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া
শেষ হওক অন্তহীন বৰষুণৰ ঋতু
এনেকৈয়ে শৰত্ আহক।
ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে
পুৱাটোৰ সেমেকা গালেদি
তৰুণ ৰ'দজাক বৈ আহক
ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক
বেলিটোৰ চেঁচা পৰি থকা মুখ
লালকাল দি থকা এডৰা ৰামধেনুত
প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া
শেষ হওক অন্তহীন বৰষুণৰ ঋতু
এনেকৈয়ে শৰত্ আহক।
Thursday, September 22, 2011
শৰৎ : মিতালী বর্মন
শৰৎ--- তুমি বিলাই যোৱা
শাৰদী জোনাক
তাতেই ৰচিব
মধুচন্দ্রিকা
আমাৰ হেঁপাহবোৰে
সুৰুয উঠাৰ আগতে...
Monday, September 19, 2011
অচিন্তন : হৃষীৰাজ শৰ্মা
বৰ্ণত যদি বৰণ সানি দিছিলা
মোৰ হৃদয় সেউজীয়া,
তোমাৰ অভিমান কজলা; চকুৰ বৰণৰ এফাল..!
Wednesday, September 7, 2011
সাপ
বৰষুণজাক খপজপকৈ পৰোঁতেই সাপটোৰ চিকমিকনি দেখিছিলো চাকিৰ অকমান পোহৰতচোন সি মোৰ ভৰিয়েদি বগাই আহে নিষিদ্ধতাত তাৰ হেনো দুআঙুল ডুবি চাবৰ মন।
Friday, September 2, 2011
আক্ষেপ: কুলদীপ মেধি
জীৱনটোক যদি কেমেৰাৰে লুক-থ্ৰু কৰিব পৰা হ’লে
বিষয় বস্তুৰ ওপৰত দৃষ্টি স্থিৰ কৰি
জুম ইন জুম আউট কৰি লৈ
ফ’কাছ মিলাব পৰা হ’লে
হয়তো হ’লহেতেন এখন সুন্দৰ প’ট্ৰেইট !
বিষয় বস্তুৰ ওপৰত দৃষ্টি স্থিৰ কৰি
জুম ইন জুম আউট কৰি লৈ
ফ’কাছ মিলাব পৰা হ’লে
হয়তো হ’লহেতেন এখন সুন্দৰ প’ট্ৰেইট !
Saturday, August 20, 2011
তোলৈ...
সুৰেৰে সজোৱা এটা গান আছিলি,
তই বৰষুণ...!
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি,
তই বৰষুণ...!
পাহাৰখন খহাই দি ৰং বুটলিলি,
তই বৰষুণ...!
নদীখনক বাউলী কৰি ধেমালি কৰিলি,
তই বৰষুণ...!
পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা,
তই উন্মাদ বৰষুণ।
হ’ব জানো পাৰিবি চিৰমধুৰ,
তই ডাৱৰৰ কান্দোন...???
তই বৰষুণ...!
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি,
তই বৰষুণ...!
পাহাৰখন খহাই দি ৰং বুটলিলি,
তই বৰষুণ...!
নদীখনক বাউলী কৰি ধেমালি কৰিলি,
তই বৰষুণ...!
পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা,
তই উন্মাদ বৰষুণ।
হ’ব জানো পাৰিবি চিৰমধুৰ,
তই ডাৱৰৰ কান্দোন...???
Tuesday, August 16, 2011
স্বাধীনতা দিৱসৰ চিঠি
প্ৰিয় অৰূপ সমীপেষু,
দূৰণিবটীয়া মৰম গ্ৰহণ কৰিবি | আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত তোৰ মঙ্গল |
ভাগৰুৱা চহৰখন এতিয়া লেবেজান হৈ শুইছে | কিনকিনীয়াৰ টিপ্টপ্ শব্দই জগাব পৰা নাই চহৰ, নিচুকাব পৰা নাই মোৰ চকু | এতিয়া নিঃশব্দতাৰ সময় | নিঃশব্দতাৰ বুকুত গুজি আছোঁ মই শব্দ, চিঠিৰ ভাঁজত | পোহৰে পূৱত ভুমুকি মৰাৰ আগতেই যে শেষ কৰিব লাগিব শব্দ গুজাৰ কাম ! সুৰুজ জ্বলিলেই স্বাধীন হোৱাৰ ভয়ত কম্পিত হ’ব শব্দ ! গিৰিম...গাৰাম...গুৰুম !!! স্বাধীন দেশত ভয়ংকৰ শব্দৰ অবাধ বিচৰণ |
অৰূপ, তোৰ বাৰু এবাৰো মন নাযায়নে স্বকীয় ঘৰখনৰৰ খবৰ এটা ল’বলৈ ? ঘৰত তোৰ সকলোৰে মঙ্গল দে | দুবছৰ আগতে তোৰ বিধৱা মা স্বাধীন হৈছিল যদিও ঘৰত সকলোৰেই মঙ্গল দে | যৌতুকে তোৰ ভনীয়েৰক জ্বলালে যদিও তাইৰ শহুৰেকৰ ঘৰত আটাইৰে কুশল দে | তোৰ মেধাৱী ভায়েৰেও সন্ত্ৰাসবাদীৰ ভুৱা নাম পালে যদিও তাৰ নথি-পত্ৰবোৰ এতিয়াও সযতনেই সাঁচি থোৱা আছে তাৰ বৰপেৰাত | ইখনৰ পিছত সিখন টেবুলত পেঞ্চনৰ নামত অপমান বুটলিব যোৱা তোৰ দেউতাৰৰো মঙ্গলেই আছিল কেইবছৰমান আগলৈকে | মহাজনৰ মুঠিত তোৰ প্ৰেমিকাই সতীত্ব হেৰুওৱালে যদিও মহাজনৰ ঘৰত সকলোৰে কুশল দে | বানপানীয়ে প্ৰায়েই স্নান কৰালেও তোৰ গাঁওখনো কুশলেই আছে দে, চিন্তা নকৰিবি তই |
পৰ্দা ঠেলি সোমাই আহিছে পোহৰ | কেইমুহূৰ্তমান পিছতেই সাৰ পাব স্বাধীনতা দিৱস | মোৰ দেহেৰে গিৰিম-গুৰুম শব্দ স্বাধীন নহ’লে ঠিকেই লিখি থাকিম চিঠি তোলৈ, চিন্তা নকৰিবি তই | তোৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ মই আশা কৰা বুলি নাভাবিবি | নেদেখাজনৰ কৃপাত তোৰ মঙ্গল বুলিয়েই ধৰি লৈছোঁ মই |
চিঠিখন মই ডাকত নিদিওঁ | ওক এডাল ৰুইছোঁ | তাৰেই ঠানি এটিত গুজি দিম বুলি ভাবিছোঁ | ওকজোপা এদিন ওখ হ’ব | চিঠিখন নি চিলনীক দিব | চিলনীয়ে মেঘক দিব আৰু মেঘেই তোৰ বতৰা ল’ব |
ইতি
তোৰ মৰমৰ
স্বাধীন দেশৰ এজন পৰাধীন নাগৰিক
১৪ আগষ্ট
গুৱাহাটী
পুনশ্চঃ- কোনোবা এটা স্বাধীনতা দিৱ্সত তই স্বাধীন হৈছিলি জীৱনৰ পৰা | পৰাণ ত্যাগী অৰূপ হৈছিলি তই | ভুৱন ক’কা, বিজিত খুৰাৰ কোলাত থকা দুবছৰীয়া টিক্লু, সদ্যবিবাহিত বিভোৰ, জিতুৰ বাবে "চেৰেলেক" কিনিবলৈ যোৱা পুটুলি পেহী আদি জীৱনৰ পৰা স্বাধীন হোৱা অৰূপসকলৰ যাকেই লগ পাৱ নজনোৱাকৈ নাথাকিবি তই...স্বাধীনতাই আজি ভয় কৰে স্বাধীনতা দিৱসলৈ যদিও দেশখন কুশলেই আছে দে |
দূৰণিবটীয়া মৰম গ্ৰহণ কৰিবি | আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত তোৰ মঙ্গল |
ভাগৰুৱা চহৰখন এতিয়া লেবেজান হৈ শুইছে | কিনকিনীয়াৰ টিপ্টপ্ শব্দই জগাব পৰা নাই চহৰ, নিচুকাব পৰা নাই মোৰ চকু | এতিয়া নিঃশব্দতাৰ সময় | নিঃশব্দতাৰ বুকুত গুজি আছোঁ মই শব্দ, চিঠিৰ ভাঁজত | পোহৰে পূৱত ভুমুকি মৰাৰ আগতেই যে শেষ কৰিব লাগিব শব্দ গুজাৰ কাম ! সুৰুজ জ্বলিলেই স্বাধীন হোৱাৰ ভয়ত কম্পিত হ’ব শব্দ ! গিৰিম...গাৰাম...গুৰুম !!! স্বাধীন দেশত ভয়ংকৰ শব্দৰ অবাধ বিচৰণ |
অৰূপ, তোৰ বাৰু এবাৰো মন নাযায়নে স্বকীয় ঘৰখনৰৰ খবৰ এটা ল’বলৈ ? ঘৰত তোৰ সকলোৰে মঙ্গল দে | দুবছৰ আগতে তোৰ বিধৱা মা স্বাধীন হৈছিল যদিও ঘৰত সকলোৰেই মঙ্গল দে | যৌতুকে তোৰ ভনীয়েৰক জ্বলালে যদিও তাইৰ শহুৰেকৰ ঘৰত আটাইৰে কুশল দে | তোৰ মেধাৱী ভায়েৰেও সন্ত্ৰাসবাদীৰ ভুৱা নাম পালে যদিও তাৰ নথি-পত্ৰবোৰ এতিয়াও সযতনেই সাঁচি থোৱা আছে তাৰ বৰপেৰাত | ইখনৰ পিছত সিখন টেবুলত পেঞ্চনৰ নামত অপমান বুটলিব যোৱা তোৰ দেউতাৰৰো মঙ্গলেই আছিল কেইবছৰমান আগলৈকে | মহাজনৰ মুঠিত তোৰ প্ৰেমিকাই সতীত্ব হেৰুওৱালে যদিও মহাজনৰ ঘৰত সকলোৰে কুশল দে | বানপানীয়ে প্ৰায়েই স্নান কৰালেও তোৰ গাঁওখনো কুশলেই আছে দে, চিন্তা নকৰিবি তই |
পৰ্দা ঠেলি সোমাই আহিছে পোহৰ | কেইমুহূৰ্তমান পিছতেই সাৰ পাব স্বাধীনতা দিৱস | মোৰ দেহেৰে গিৰিম-গুৰুম শব্দ স্বাধীন নহ’লে ঠিকেই লিখি থাকিম চিঠি তোলৈ, চিন্তা নকৰিবি তই | তোৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ মই আশা কৰা বুলি নাভাবিবি | নেদেখাজনৰ কৃপাত তোৰ মঙ্গল বুলিয়েই ধৰি লৈছোঁ মই |
চিঠিখন মই ডাকত নিদিওঁ | ওক এডাল ৰুইছোঁ | তাৰেই ঠানি এটিত গুজি দিম বুলি ভাবিছোঁ | ওকজোপা এদিন ওখ হ’ব | চিঠিখন নি চিলনীক দিব | চিলনীয়ে মেঘক দিব আৰু মেঘেই তোৰ বতৰা ল’ব |
ইতি
তোৰ মৰমৰ
স্বাধীন দেশৰ এজন পৰাধীন নাগৰিক
১৪ আগষ্ট
গুৱাহাটী
পুনশ্চঃ- কোনোবা এটা স্বাধীনতা দিৱ্সত তই স্বাধীন হৈছিলি জীৱনৰ পৰা | পৰাণ ত্যাগী অৰূপ হৈছিলি তই | ভুৱন ক’কা, বিজিত খুৰাৰ কোলাত থকা দুবছৰীয়া টিক্লু, সদ্যবিবাহিত বিভোৰ, জিতুৰ বাবে "চেৰেলেক" কিনিবলৈ যোৱা পুটুলি পেহী আদি জীৱনৰ পৰা স্বাধীন হোৱা অৰূপসকলৰ যাকেই লগ পাৱ নজনোৱাকৈ নাথাকিবি তই...স্বাধীনতাই আজি ভয় কৰে স্বাধীনতা দিৱসলৈ যদিও দেশখন কুশলেই আছে দে |
Monday, August 8, 2011
সংকীৰ্ণ ভৱিষ্যত: কুলদীপ মেধি
নৰাণিৰ মাজেদি খোজকাঢ়িলে ভৰি কাটে
কটা ঘাঁত চূণপানী
আইচু-বাইচু কৰিলেই মৰম নুবুজায়
আগলি কলপাতত কাউৰীয়ে কলমলায়
লহপহকৈ ফুলিছিল ফুলনিত কতনা
ফুলৰ ঠেঙুলিত বিছা, পাতত বিছা
আনকি পাহিতো বিছা...
খহুৱা বুকু
খৰে খোৱা পিঠি
ৰ’দৰ উত্তাপত বৈ পৰা
চকুহালি
এতিয়াচোন একো নমনি
আই, পোহৰৰ বাট কেনি !
কটা ঘাঁত চূণপানী
আইচু-বাইচু কৰিলেই মৰম নুবুজায়
আগলি কলপাতত কাউৰীয়ে কলমলায়
লহপহকৈ ফুলিছিল ফুলনিত কতনা
ফুলৰ ঠেঙুলিত বিছা, পাতত বিছা
আনকি পাহিতো বিছা...
খহুৱা বুকু
খৰে খোৱা পিঠি
ৰ’দৰ উত্তাপত বৈ পৰা
চকুহালি
এতিয়াচোন একো নমনি
আই, পোহৰৰ বাট কেনি !
Thursday, August 4, 2011
তোমালৈ…
তোমাৰ হিয়াৰ বুলনিত খোজ দিব দিয়া এবাৰ
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবাচোন কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি সপোনৰ ৰূপালী আভা।
হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম
গুটিমালি ফুলবোৰৰ কথা...
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবাচোন কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি সপোনৰ ৰূপালী আভা।
হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম
গুটিমালি ফুলবোৰৰ কথা...
Subscribe to:
Posts (Atom)
