জানো, মই এদিন মৰিম
তথাপিতো জীয়াই থাকিবলৈ বিচাৰোঁ
কাৰণ,
মোৰ এটা কুকুৰ, এটা গৰু আৰু এটা গাহৰি আছে
সিহঁতে চিঞৰে
মই জানো সিহঁতে ভোকত চিঞৰে
আৰু ইয়াকো জানো যে চিঞৰিলে ভোক বাঢ়ে
ময়ো চিঞৰি উঠো আৰু বজাৰলৈ ল’ৰ মাৰোঁ
বজাৰখনেও চিঞৰে,
ওখ চাপৰ ঘৰবোৰে চিঞৰে,
কাৰ্যালয়, চিকিত্সালয় সকলোৱে চিঞৰে,
ৰাস্তাৰ কাষত ফুটপাথবোৰে চিঞৰে,
ৰঙা, নীলা, হালধীয়া গাড়ীবোৰে,
নৈখনেও চিঞৰে...
ইয়াত নিচিঞৰে কোনে ?
আকাশ-বতাহ, পাহাৰ-ভৈয়াম
চাৰিওফালে মাথো চিঞৰ, চিঞৰ
আৰু চিঞৰৰ প্ৰতিধ্বনি
সকলো ভোকাতুৰ
ভোক বাঢ়ি বাঢ়ি গৈ আছে
আৰু ডাষ্টবিনত গেলিবলৈ ধৰিছে
সঁছা-মিছাৰ ধাৰণা, আচল নকলৰ বিৱৰণ
জীয়াই থকাৰ অৰ্থ
ভাবিবলৈ কাৰো আহৰি নাই
কাৰণ মোৰ এটা কুকুৰ, এটা গৰু আৰু এটা গাহৰি আছে
সিহঁতে ভোকত চিঞৰে -মই জানো
সকলো জানি-বুজিও জাপ দিওঁ বোকাৰ পুখুৰীত
কেৱল পদুমৰ মোহত !
No comments:
Post a Comment