Thursday, January 20, 2011

গান গোৱা ছোৱালীজনী: হৃষীৰাজ শৰ্মা



তাই গান গাই ভাল পায়
তাইৰ মাত নুশুনিলে বেলিয়ে শোৱাপাটী নেৰে
তাইৰ সুৰৰ সোৱাদত সন্ধিয়াবোৰ
ৰূপৰ কাঁহী-বাতি
সুৰৰ মাজত তাই বিচাৰি যায় কোনোবা স্বপ্নকুমাৰক
তাৰ পৰশ, তাৰ মৰম, তাৰ ঊষ্ণতা
তাইৰ গানে গানে বিয়পে
যেন এডালি লতা হৈ মেৰিয়াই ধৰিব সাতসৰী
ভালপোৱাৰ প্ৰতিটো স্বৰগমতেই তাইৰ লাজ ঢৌ খেলি থাকে
লাজ লাগিলে তাই এটা ৰঙা পনিয়ল হৈ গোট মাৰিব খোজে
তাইৰ কণ্ঠ বাৰিষাৰ ভোগদৈ
কঢ়িয়াই নিয়ে ৰং আৰু বিষাদ একেলগে
আপোনাৰ দুঃখ যন্ত্ৰনা হৰণকাৰী বিষল্যকৰণী
অথবা সুখৰ মূহুৰ্ত্তত গাই যোৱা ভৈৰৱ ৰাগ এটি
পুৱাৰ পোহৰত তাইৰ দুগাল উপচি গুলপীয়াবোৰৰ উচপিচনি
আবেলি নীলাভ বক্ষৰ পালপতা বগলী
ঋতুৱে ঋতুৱে তাইৰ ন-ৰং
সপোন আৰু হেঁপাহৰ আগমণি
ভুলতেও ভাল পাওঁ বুলি নক’ব তাইক
তাইৰ লাজ লাগিব পাৰে
লাজ লাগিলে পনিয়ল হৈ গোট মাৰিব খোজে তাই
তাইৰ ভালপোৱা গানৰ মাজতেই
পাৰে যদি সেই গানটো হ’বলৈ চেষ্টা কৰক
অথবা সুৰৰ সপ্তনদী
যাক লৈ তাই সপোন দেখে দিবানিশি..

1 comment:

যামিনী অনুৰাগ said...

শব্দৰ সৈতে সুন্দৰকৈ খেলিব জানা তুমি !অতি সুন্দৰ !

Related Posts Plugin for WordPress, Blogger...