Tuesday, February 15, 2011

সঁচা কথা


সঁচা কথা মনালিছা,
যুঁজি যুঁজি ভাগৰি পৰিছোঁ ’৭৯ৰ পৰা
ব্যাকৰণবিহীন যুদ্ধৰ ভাষা, লিখি আছোঁ
শুনাই আছোঁ অনৰ্গল, নুশুনাজনক
তেওতো নুবুজে কোনেও
বহু কষ্ট হয়, আইৰ পৰা নিলগত
বিশ্বাস কৰা মনালিছা, আইৰ আঁচলে আজিও ৰিঙিয়ায়
মন যায় দেউতাৰ সতে পথাৰত বোকা ফেনেকিবলৈ
ভাইটিৰ স’তে খেলিবলৈ এপলক,
ভন্টিৰ স’তে গাবলৈ গান সন্ধিয়া পৰত
তুমি হয়্তো বুজিও নুবুজা, অহোৰাত্ৰ সুধি আছা
দূৰণীৰ পৰা কিদৰে মচিম ম‍ই আইৰ কপালৰ আঘাত
সেওঁতাত যে এই সেন্দুৰ ৰঙী তেজৰেই কৰাল
কি দৰৱে ভৰাই তুলিব আইৰ বিক্ষত দেহৰ আঘাত
সেই বন দৰৱৰ ঠিকনা বিছাৰিয়েই মোৰ জংঘলে জংঘলে আৱাস
সঁচা কথা মনালিছা,
প্ৰহসন এতিয়া মাথোঁ, মোৰ বিগত সময়
পাহৰনি মোৰ পুৰণি সপোন, যেন এখিলা ধুই পেলোৱা কাগজৰ পাত
নাজানিলো, কিয় অতিথিৰ আগমনে বসন্ত আনিলে পিতাইৰ গাত
সহোদৰেও অঘৰী সজালে ৰাজপাতৰ আশাত
তুমিও নিলিখা চিঠি, উজাগৰি ৰাতি হৃদয়ৰ কবিতা সানি
হয়তো ঘৰ এৰিলে এনেকুৱাই হয়
সতিনীৰ পুতেকে আহি ল’ব‍ই ভেঁটি
সঁচা কথা মনালিছা,
নাস্তিক হ’বৰ মন মোৰ এতিয়াৰ পৰা
"অতিথি দেৱো ভৱঃ" ধৰ্মৰ ঢোল
কিৰাতৰ ৰাজপাত, চাণ্ডালৰ দয়া
ঘৰৰ ল’ৰা মৰিছেগৈ, কাৰ কি অহা-যোৱা?

1 comment:

Mitali said...

পঢ়ি খুব ভাল পালোঁ...... লিখি থাকিবা.....

Related Posts Plugin for WordPress, Blogger...