Sunday, March 31, 2024

শেষ হ'বলৈ ধৰা ৰাতি এটাৰ কথা

ওৰেটো ৰাতি শুই থাকিলোঁ
নৈখনৰ পাৰৰ শিল এচটাত
পদবিহীন দিব্যাংগ হৈ
কি মাছে খালে দুভৰি?
কি মাছে খালে??
বৰনদীত সাতোৰোতে অচিন মাছে খালে
দুভৰি অচিন মাছে খালে

পূবে ফেহুঁ‌জালি দিওঁতেই
কোন বনদেৱীয়ে বা বোলাই গ'ল
যাদুকৰী চৰাইৰ পাখি
পুনৰ গজি উঠিছে মোৰ পদযুগল
সোণালী ডেউকা লগা পাদুকা এযোৰৰ সৈতে
দুচকুত বাকি গ'ল অজস্ৰ হেঁ‌পাহ পুনৰ উৰিবলৈ

No comments:

Related Posts Plugin for WordPress, Blogger...