মহৎ লোকৰ বাণী
ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে।
-বাইবেল
সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।
-যতীন্দ্র নাথ দুৱৰা-
সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে।
-মহাত্মা গান্ধী-
অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে।
-ছিডনি স্মিথ –
যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়।
-বাইৰণ-
এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি।
-চেইন্ট টেৰেজা-
আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম।
-স্বামী বিবেকানন্দ-
আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়।
-আনন্দ চন্দ্র আগৰৱালা-
ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান।
-কমলা কান্ত ভট্টাচার্য্য-
শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ।
-চক্রেটিজ-
সংগ্রাহক - শুভদীপ পাল, তিনিচুকিয়া।