সময়ক মই কাহানিও ধৰি ৰাখিব নোৱাৰিলোঁ
তুমি আঁতৰি যোৱাটোৱেই শেষ কথা আছিল
তাৰ পিছৰ সময়বোৰ স্থবিৰ.! চন্দুকত ভৰাই থৈ কি লাভ?
তুমি আহিছিলা এদিন সময়ৰ বিমানত, সংগোপনে
মোৰ আইয়ে যে গাইছিল “দেউতা ৰাজা এ, হিৰ হিৰ ন’ক’ৰবি..”
দুঃসময়ৰ বৰষুণত তেওঁ তিতি জুৰুলী জুপুৰী
নাঙলৰ মুঠিত ধৰি উচপ খায় দেউতাই
কিজানি এইবাৰো কপালৰ ৰেখা বানে উটুৱায়.!
সময়বোৰ স্বাৰ্থপৰ, তোমাৰ দৰেই
তোমাৰ চৌপাশে যেতিয়া অনিশ্চয়তাৰ কুঁৱলী
সেমেকা ৰাতিপুৱাবোৰত উম বিচাৰিয়েইতো তুমি থিতাপি ল’ব খুজিছিলা
ময়েই কাষ চপাইছিলোঁ তোমাক হাতে হাত ধৰি..
সময়বোৰ মই কিদৰে ধৰি ৰাখোঁ?
শেতেলীত পৰি আকাশৰ তৰা গণাৰ উন্মাদনা
দেউতাৰ দৈন্যতা; ঘৰৰ উৰুখা চাল
বৰষুণ পৰিলেই পাটীগনিত পাতত ৰয়, দুটোপাল পানী মোৰ বহীৰ পাতত..
হাতত এচাৰিৰ কোব, সুৰেণ চাৰে সকীয়ায়
সময়বোৰ দূৰ্বোধ্য
তুমিও; আজিলৈ নুবুজিলোঁ, কিয়
মোৰ যন্ত্ৰণাৰ দিনবোৰতেই নিউটন আহিছিল, স্ক্ৰুডিনজাৰ আহিছিল
ভোকৰ স’তে যুঁজি যুঁজি এবেলা পাৰ কৰিছিলোঁ চাইন থিতা কচ থিতাৰ স’তে
পিছত সপোনে ভোকাতুৰ কৰিছিল পানবজাৰৰ চুকত
সময়বোৰে পিছলৈ নজোকোৱা হ’ল,
কিজানি তুমি আহিবা বুলি ভয় খাইছিল
সময়বোৰ মই কাহানিও পাহৰিব নোৱাৰিলোঁ
ইঞ্জিনিয়েৰিঙৰ ৰেগিঙৰ প্ৰথম ৰাতিৰ বাইশটা চৰ
কৃষ্ণাৰ সম্মুখত তোমাৰ নেইলপলিচৰ ৰং..কফি নে ৰঙা, চেঃ মনত নাই
এয়া মোৰ নিলাজ সময়, আশাৰ সময়, ভালপোৱাৰ সময়
তুমি হিয়াত গুজি থোৱা প্ৰতিটো ফুলকেই মই কবিতা নাম দিছোঁ
তুমি চাই ৰোৱা প্ৰতিটো ঋতুকে মই বসন্ত নাম দিছোঁ
তোমাৰ ওঁঠ নিগৰা প্ৰতিটো হাঁহিকেই মই গান বুলি গাইছোঁ
সময়বোৰ ধৰি ৰাখিবলৈ পৰা হ’লে..! কিজানি তোমাকো..
সময়বোৰে দেউতাক আজি গৌৰৱৰ পোছাক পিন্ধাইছে
আইৰ শুকান ওঁঠ ভেদি শাওঁনী হাঁহি বিৰিঙিছে
সময়ে কঢ়িয়াই আনিছে আনন্দৰ তানপুৰা, সুখৰ ধ্ৰুপদী সংগীত বাজিছে ৰাতি দিন
সময়ে হাঁহিছে, সময়ে নাচিছে, সময়ে উমলিছে
সেই হাঁহি বোৰক বান্ধি ৰাখিবলৈ তুমি নাই
তুমি আজি তোমাৰ সময়্ত বন্দী
আৰু মই?
আঁতৰি যোৱাটোৱেই তোমাৰ শেষ কথা আছিল
তাৰ পিছৰ সময়বোৰ স্থবিৰ.! চন্দুকত ভৰাই থৈ কি লাভ?
সময়ক মই কাহানিও ধৰি ৰাখিব নোৱাৰিলোঁ; ঠিক তোমাৰ দৰেই..