নিশাৰ জোনাকীপৰুৱাবোৰৰ সৈতে তুমি অহাৰ
কথা আছিল
সপোন হৈ। সুৰ হৈ অথবা মৌনতা হৈ।
মোৰ অকলশৰীয়া আশাবোৰ সজীৱ কৰিবলৈ তুমি
অহাৰ কথা আছিল।
পুৱাৰ মলয়াজাকৰ সৈতে পদূলিৰ ফুলবোৰ কঁপাই
তুলি
শুকুলা মেঘৰ বোকোচাত উঠি তুমি অহাৰ কথা
আছিল।
তোমাৰ অপেক্ষাতে মোৰ ৰাতি গুচি দিন কিম্বা
ৰাতিবোৰো অন্তহীন
মেজৰ কাগজখিলাত তোমাৰ নামত লিখিম বোলা
কবিতাটো
ওঁঠত লুকুৱাই ৰখা নিঃশব্দ সুহুঁৰিটো
মোৰ বিশৃঙ্খল জীৱনৰ প্ৰতিটো পথ-উপপথ
তোমাৰেই প্ৰতীক্ষাত মচগুল।
বসন্তৰ ডাকত অহা চিঠিখনে চটিয়াই গৈছিল
সেই খবৰ
ফুল ফুলাৰ সময়বোৰত হেনো ঘাটলৈ আহিবা তুমি
সৌৱা, মোৰ হৃদয়ৰ গোদাৱৰীত শুকুলা নাওঁখন ভাঁহি আহিছে
কিজানি উজাই আহিছে স্বপ্নবোৰ
সেইয়া তুমি আহিছা নেকি?