Sunday, June 21, 2009

তুমি নাজিতৰা : কুলদীপ মেধি

তুমি নাজিতৰা
ম‍ই তোমাক ভাল পাই পেলাইছিলোঁ, সিদিনা
নীলা আকাশ, সেউজীয়া পাহাৰ
আৰু হালধীয়া ফুলৰ কথা কৈছিলোঁ
তোমাৰ গাভৰু ওঁঠত বকুলে পাহি মেলিছিল
মোৰ বুকুত বুদ-বুদনি তুলি
এখন নৈৰ দৰে বৈ আছিলা
হৃদয়ত
চকুৰ পোতাশালত বন্দী কৰি
তোমাৰ প্ৰেমিক হোৱাৰ বাতুলতা দেখি
তুমি আত্মহাৰা হৈ উঠিছিলা
হাঁহিছিলা
কান্দিছিলা সেইদিনা
ভালপোৱাৰ সূতাদাল খামুচি

নাজিতৰা,
২০০৮, ৩০ অক্টোৱৰৰ দুপৰীয়া তুমি ক’ত আছিলা
গণেশগুৰি নে পানবজাৰ নে ডি. চি কোৰ্ট নে...
মোৰ বুকুৰ কেন্‌ভাচত কোনে আঁকি থৈ গ’ল
এপাহ ৰঙা জৱা
উফ! ম‍ই দৃষ্টিহীন, ঘ্ৰাণহীন হৈ নাযাওঁ কিয়
সেই ৰঙাই মোৰ চকুৰ পোতাশালত
বন্দী হৈ থকা অলেখ অযুত তৰাবোৰক
ভীত কৰি তুলিছে
সিহঁতবোৰে চিঞৰিছে
ৰাজনীতি, অৰ্থনীতি, স্বাধীনতা আমি নুবুজোঁ
আমি মাৰ্ক্সীয় নহয়, নেলাগে সাম্যবাদ
আমি মাথো জীয়াই থাকিবলৈ বিছাৰোঁ
এখন সপোনৰ প্ৰদেশত
সেই ৰঙৰ সুবাস ভাল নেলাগে
নিশা নিয়ৰ হৈ সৰি পৰে
সপোনবোৰ
তাম বৰণীয়া কোনোবা গছৰ পাতত
ওলমি ৰয়

নদী, আকাশ, পাহাৰ
সকলোবোৰতো একেই আছে
কিন্তু, তুমি !
কাৰ বাবে জীয়াই থাকিম
বেহেলা বজাম
বেজাৰত গীত গাম
এটা বেজেৰুৱা জীৱন লৈ

নাজিতৰা,
মোৰ প্ৰেমক চগা কৰি
মোৰ বুকুত প্ৰেমৰ সৌধ
প্ৰতিষ্ঠা কৰি
ক’ৰ মিচিলত হেৰাই গ’লা তুমি
সৌৱা চোৱা আকাশখনে হাউলি আহি পাহাৰখনক
সুধিছেহি তোমাৰ খবৰ
ফুলবোৰৰ গাত বসন্তৰ বতাহ
হালিছে-জালিছে
মোৰ বসন্তৰ গান শুনি শুনি
চকুৰ পোতাশালত জিৰাবলৈ
আকৌ আহিবানে
তুমি নাজিতৰা !
Related Posts Plugin for WordPress, Blogger...