Thursday, March 17, 2011

শামুক : মিতালী বৰ্মন

       
এখন সাগৰৰ দুষ্যন্ত প্ৰেমত
মই শকুন্তলা
তোমাৰ দুবাহুৰ অগ্নিগড়ত
ঊষা হ'ব বিচাৰোঁ মই
অথচ মোৰেই স্বপ্নেৰে
আশাৰ পাল তৰা এজাক মানুহ
মোৰ মাজতেই সিহঁতে বিচাৰে
সুখৰ এচমকা উৰ্মিলা হাঁহি৷
  -------------------

Wednesday, March 9, 2011

মইও এদিন ৰাজনীতিত যোগ দিম!

     বৰ্তমান যুগত এটা শব্দ শুনিলেই মানুহে নাক কোঁচাব খোজে, সেইটো হৰাজনীতি ৰাজনীতি শব্দটো ইমানেই বেয়া বুলি ভাবে যে ইয়াৰ নাম শুনিলেই কিছুলোকে সাত জাপ মাৰে কিন্তু ৰাজনীতি বাদ দি এখন দেশ অথবা সমাজ চলিব পাৰে জানো? সেই তাহানিৰ ৰজা মহাৰজাৰ দিনৰে পৰাই ৰাজনীতি শব্দটোৱে সমাজৰ এক অপৰিহাৰ্য্য অংগ হিচাবে চিহ্নিত হৈ আহিছে। কিন্তু আজি সমাজত ৰাজনীতিৰ প্ৰতি ৰাইজৰ ইমান বিতৃষ্ণা কিয়? ৰাজনীতি কেতিয়াও বেয়া হব নোৱাৰে, ইয়াক কলুষিত কৰি তুলিছে মাথোঁ কিছুমান ভণ্ড তথাকথিত ৰাজনীতিবিদে আজি চৌদিশে দুৰ্নীতি, সন্ত্ৰাসৰ পয়োভৰ আমি চৰকাৰ, ৰাজনীতিবিদক গালি শপনি পাৰি তত্ নাপওঁ। কিন্তু আমি এবাৰ ভাবি চাইচোনে যে কাৰ কাৰণে এওঁলোকে ক্ষমতা ভোগ কৰি আছে? আমিয়ে জানো এওঁলোকক ভোট দি জয়যুক্ত কৰি অহা নাই?  কিহৰ কাৰণে হবলৈ পাইছে এইবোৰ? আমাৰ অমনোযোগিতাৰ কাৰণেই নহয়নে? ৰাজপথত দুৰ্নীতিৰ বিৰুদ্ধে কিমান টেঁটু ফালিব আৰু? এনেধৰণৰ নেতিবাচক প্ৰশ্নবোৰে আমাৰ সকলোৰে মনটো ভাগৰুৱা কৰি তোলে। তেন্তে ইয়াৰ উপায় কি? এটাই হয়তো উত্তৰ, আমি যুৱ প্ৰজন্মটো ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱাটো কাৰণ এতিয়া সমাজ পৰিৱৰ্তন কৰিবলৈ ৰাজনীতিয়েই এটা ভাল হাথিয়াৰ শিক্ষিত নৱপ্ৰজন্মৰ যুৱ সমাজ যদি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয় তেন্তে ৰাজনীতিৰ গোটেই স্বৰূপ টোৱেই সলনি হৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস সকলো ব্যক্তিৰেই আছে নিজস্ব এক নীতি আৰু আদৰ্শ, সেইবাবে ৰাজনৈতিক দল যিয়েই নহওঁক কিয়, এজন সৎ লোকে যিকোনো ৰাজনৈতিক দলৰে ভাৱমুৰ্তি নিকা কৰি তুলিব পাৰে। কথাতে কোৱা হয়, "লংকালৈ যিয়েই যায় সিয়েই ৰাৱণ হয়" কিন্তু লংকালৈ ৰামো গৈছিল,ৰাম কেতিয়াও ৰাৱণ হৈ উভতি অহা নাছিল এটা সময়ত ভাবিছিলো এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ কিন্তু এতিয়া ভণ্ড ৰাজনীতিবিদ সকলৰ শ্ৰুতলিপি শুনি কাম কৰা সেই বিষয়া সকলৰ অৱস্থা দেখিলে পুতৌ ওপজে অৱশ্যে তাৰে মাজত কিছুমান নিষ্ঠাবান বিষয়াও দেখা যায়, যিসকলে কিবা এটা কৰিবলৈ বিচাৰে কিন্তু ৰাজনৈতিক মেৰপাকত সি সম্ভৱ হৈ নুঠে। এতিয়া আপুনি নিজকে সোধক, দিন ৰাতি একাকাৰ কৰি পঢ়ি শুনি হোৱা এজন প্ৰশাসনিক বিষয়াৰ ক্ষমতা বেছি নে এগৰাকী দুই তিনিবাৰ মেট্ৰিক ফেইল কৰা ভণ্ড ৰাজনীতিবিদ এজনৰ ক্ষমতা বেছি? ইয়াৰ দ্বাৰা যদিও মই প্রশাসনিক বিষয়া সকলক হেয় জ্ঞান কোনো কাৰণতে কৰা নাই, কিন্তু ই বৰ্তমান সামাজিক প্ৰেক্ষাপটত এখন প্ৰকৃত ছবি।
     কিন্তু আমি আমাৰ কেৰিয়াৰ বাদ দি ৰাজনীতিৰ পথাৰত কেনেকৈ নামিম? লাখটকীয়া প্ৰশ্ন এটা! ইয়াৰ বাবে আমি নিজকে স্বাৱলম্বী কৰি তুলিব লাগিব এতিয়া নহলেও হয়তো কিছু বছৰৰ পাছত কম্পিউটাৰত বহি, নিজৰ ৰাজ্যৰ বাহিৰত থাকি হা হুমুনিয়াহ কাঢ়ি থাকিলে নিশ্চয় একো নহব, যেতিয়ালৈকে আমি হাতে কামে নালাগো। উপদেশতকৈ সদায় আৰ্হি ভাল কিছুবছৰ পাছত হয়তো ময়ো ৰাজনীতিত যোগ দিম! এখন নিকা দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ আশাৰে! লংকালৈ মইও যাম, কিন্তু ৰাৱণ নহওঁ এয়া এক দৃঢ় বিশ্বাস

Tuesday, March 8, 2011

গীতৰ কথা

বাবু- (১)

আঁচুতীয়া কৈ থৈ দিয়া মোক
হৃদয়ৰ সোণৰ সঁজাত,
হিম চেঁচা যেন মৰমেৰে মোক,
লৈ যোৱা গানৰ দেশত
গুণ গুণ গানত ,
ঢৌ উঠে মনত,
প্ৰীতি সৰে মিঠা সুৰত,
চন্দ্ৰ মণি বিচাৰো যি
প্ৰতি অন্তৰেৰে কোমল ভাঁজত..
কাষলে অহাৰ সপোন জাগে,
আঁতৰি গ’লে দিঠকে মাৰে,
কিনো যে ভাবোঁ, কিনো যে কৰো
দুয়োটা দুই দিশে যায়,
আঁতুৰ আঁতুৰ ওঠৰে গান
তুমি ছাগে শুনিছাই,
আঁচুতীয়া কৈ থৈ দিয়া মোক..
ঘুমটি আহে, আহে ভাঁগে,
পলক খুলি থৈ ৰাতি ৰওঁ সাৰে,
বুকুৰ প্ৰতি উঠা নমাত,
তোমাক ৰাখিছো সঁচাই
আঁতুৰ আঁতুৰ ওঠৰে গান
তুমি ছাগে শুনিছাই,
আঁচুতীয়া কৈ থৈ দিয়া মোক.. (বাবু- অচিনাকী মন )




(১)
আগলি বাহঁৰে গগনা বজাওঁ
মাতে লাহৰি লাহৰি কৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা..?
ঘুমটিৰ বেলাতে,
চিকুণী সপোনে,
তোমাক আনি বুকুতে থয়...

ফুটুকীয়া সেই ফৰক চোলাটিৰে,
তোমাকে পাইছিলো ল’ৰালিত,
ফলি-কিতাপ লৈ বহিছিলা গৈ,
পাঠশালাৰে বাঁকৰিত,
হেঁচুকি থৈ যায় অতীতে...
হাতে বাউলী, সোঁৱৰণে মাতে,
মনটো যায় নিতে গাঁৱলৈ..

ছতিয়নাজোপা একেই আছেনে,
তোমাৰ নঙলা মুখতে,
দুয়োৰে শৈশৱ লগতে ৰাখি থৈ
কুক-ভা এতিয়াও খেলানে..?
নৈ পৰীয়া বা ৰুন্জুন..
উভতি আহিছো আপোন গাঁৱলৈ
আছা হ’বলা বাটে চাই...

আগলি বাহঁৰে গগনা বজাওঁ
মাতে লাহৰি লাহৰি কৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা..? (জুবিন - জোনাকীমন )

(২)

মন যায়…..মোৰো মন যায়…
চকুত চকু থৈ চাবলে,
লাহে লাহে ওচৰ পাবলে’
কাষে কাষে খোজ দিবলে,
মন যায়…
তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল..
মন নদী হৈ মৰম সুঁতি বয়,
ঢৌ বোৰো তাত হয় সাঁথৰ,
সমুখত যেতিয়া তোমাক দেখোঁ,
যাযাবৰ অভিমান মুঠিতে ৰাখোঁ,
মন যায়….
মোৰ বুলিবলে আছেহি বুকুত,
মৌ মিঠা তোমাৰে অনুভৱ
ভয় লাগে জানা কথাৰে ক’বলে,
নাম দিয়া জানোচা শিহৰণ
ক’বানে কিয় এনে ভাললগা,
অসহায় অসহায় নিৰৱতা,
মন যায়…
উদাসী উদাসী চকুৰ পলকতে
যোৰ সপোন আহি বহে,
চুবুৰীয়া বহু শিহৰণে আহি
মোক অকলশৰীয়া কৰে,
মোৰ খোজৰ বাটত ছায়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মন যায়…
আৰু কিছুবেলি দেখা দিবা নেকি..
তোমাক চোৱাৰ বতৰ এয়া
হৃদয়ৰে বাঁকি তেজ সিঁচি সিঁচি,
তোমাক ভবাৰ বতৰ এয়া,
দুচকুলে আহা সুৰে হাঁহে
আঁৰ হৈ আঁতৰা কাঁইটে খোঁচে,
মন যায়….
টুকুৰা টুকুৰা ভাঁঙি খুলি হোৱা
মনটো কিদৰে জোৰা দিওঁ,
খেলি মেলি বোৰে ধুই শেতা কৰা,
বুকুত কিহৰেনো ৰঙ সানো,
বেদনা বেদনা মোৰ ভালপোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
মন যায়….
সুখী হৈয়ে ৰোৱা মই অবিহনে,
এয়া মোৰে শুভ-কামনা
লাহে লাহে আঁতৰাই আনি ল’লো
মই মোক তোমাৰ পৰা
কিনো হ’ল সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল..
মন যায়… ( মন যায়- জুবিন)


(৩)

চকুলোৰে মালা গঁথা গানত
কি ৰঙ দিব খুজিছা,
শুকান এখিলা পাতৰ বুকুত
কিয় বসন্ত বাঁকিছা,
ডাল এৰি সৰা বহুদিন হ’ল
মিছাতে সতেজ কিয় বুলিছা..?

আপোন পৰিচয় হেৰোৱা
মই মৰা সুঁতি
কোন নদীয়ে এৰি গ’ল
সিয়ো বেথাৰে স্মৃতি,
শাওনৰ ঢল হয়নে আলহী
বুলি কিয় মোক সুধিছা..?
একোঠা দুকোঠা মনৰ পঁজা,
অবোধ সপোনে ভৰা,
খেলে ওমলে হাঁহে নাঁচে,
ৰঙাই থাকে মোৰ হিয়া
সেয়া যে অতীত নহয় আজি,
মিছাতে কিয়নো মাতিছা..? (আলসুৱা মন- জুবিন)

(৪)

টোপাল টোপাল বৰষুণে আহি,
চকুৰ পতাত চুমা সিঁচি দি যায়
মেঘৰ নাঁচোনে পৃথিবী কঁপালে
সেউজ অহাৰ আজি বাতৰি পাই
উপচি আহে কলিজাৰে জোঁৱাৰ
কোঁহে কোঁহে শুনো গীতি ন বৰষাৰ
টোপাল টোপাল…
প্ৰতিটো টোপালত স্পন্দন আহে গৈ
দুৰণিত হিয়াতে জোকাৰি যাবলৈ
সপোনৰ গুঞ্জণ থোপা থোপে আহে গৈ,
দুৰণিত বুকুতে জীপাল হ’বলৈ
উপচি আহে কলিজাৰে জোঁৱাৰ
কোঁহে কোঁহে শুনো গীতি ন বৰষাৰ
টোপাল টোপাল…

কেঁচা কেঁচা মাটিলে, থৌকি বাথৌ মন,
সুৱাসত আমোলমোল মিঠা মিঠা যৌবন,
মেঘে মেঘে ৰ’দালিৰ ,সোণালী চুলি মেলি,
মায়াময় অভিনয় লুকা-ভাকু খেলি,
উপচি আহে কলিজাৰে জোঁৱাৰ
কোঁহে কোঁহে শুনো গীতি ন বৰষাৰ
টোপাল টোপাল… (বৰষুণ- জুবিন)

Monday, March 7, 2011

"মা"লৈ এখন চিঠি: হৃষীৰাজ শৰ্মা




মা তোমালৈ এখন চিঠি লিখিম বুলি ভাবিছিলোঁ
সেই যে তাহানিতে বুকুৰ বাবাৰ শিৰত হাত ফুৰাই বিদায় দিছিলা
নোটোকো বুলিয়েইটো চকুপানীবোৰ সযতনে সাঁচি থ’লা
কিমান বিশাল তোমাৰ হৃদয়ৰ প্ৰতিটো কোঠালী
য’ত তুমি সাঁচি ৰাখিছা সময়বোৰ
সেই সময়বোৰকেই একলগ কৰি লিখাৰ কথা আছিল এদিন
তোমাৰ বিশালতাক কেতিয়া চিনি পাম ম‍ই?
মা ম‍ই দেখিছোঁ বন্ধুত্বৰ সোৱাদ, মৰমৰ প্ৰকাশ
ম‍ই দেখিছোঁ নদী পাৰ হৈ অহা প্ৰতিজন লোকৰে গুপুত অহংকাৰ
আৰু দেখিছোঁ আত্মপ্ৰতিষ্ঠাৰ দৌৰত নিজকে হেৰুৱাব খোজা প্ৰতিজনৰে নীৰৱ শোক
এই দেখি থকা বোৰকে তোমাকো দেখুৱাবলৈ খুজিছিলোঁ
পিছে কোনোবাই এদিন ক’লে,
চিঠিয়ে হেনো হৃদয়ৰ বতৰা কঢ়িওৱা বন্ধ কৰিছে আজিকালি
মা, তুমিতো তোমাৰ বাবাৰ অন্তৰৰ কথাবোৰ বুজি পাবা অন্তত
ম‍ই এতিয়াও তাহানিৰ বাবা হৈয়েই আছোঁ তোমাৰ বাবে
মা সময়বোৰ বদলিল,
হয়তো তুমি সাঁচি থোৱা সময়বোৰ আজিৰ বাবে ইতিহাস
পাঁচ বছৰত কত নদীয়ে সোঁত সলালে তাৰ হিচাপ তুমিতো ৰখা নাই
পাঁচ বছৰত মৰিশালিত ফুল গজিল, দিন বাঢ়িল, ৰাতি বাঢ়িল
নোকোৱা কথাবোৰ কৈ কৈয়েই কোনে কিমান কাঢ়িলে
তাৰ খবৰ তুমিতো ৰখা নাই
কিমান ৰাখিলোঁ, কিমান দিলোঁ,
সকলোবোৰ আজি অতীত মা
তোমালৈ লিখিবলৈ দুখ লাগিছে,
দূৰণীতো অনুভৱ কৰিছোঁ জাতিৰ পতন আৰু ব্যৰ্থ ৰণহুংকাৰ
মা, জীৱনৰ সকলো দ্বাৰ বন্ধ হোৱাৰ পিছত
ম‍ইও দৌৰিছোঁ ভোগবাদীৰ ভাৱনাত
পদে পদে বিশৃংখল হৈ পৰিছে মোৰ সত্ত্বা,
স্বপ্নবোৰ বৰ ভয়ানক মা
কেৱল জীয়াই থকাৰ তাড়নাতে চকু থাকিও কণা, কাণ থাকিও কলা আজি ম‍ই
বিপন্ন পথেৰে বহুখিনি আগবঢ়াৰ পিছত দিনবোৰৰ লগত মিলিবলৈ শিকিলোঁ
আৰু এদিন হাতত ধৰি পোহৰৰ স’তে চিনাকী কৰাই দিলে এজনে
দেখিলোঁ আজিও পুৱাৰ বেলিৰ সেই একেই সুমথিৰা ৰং
শুকুলা কুঁৱলীবোৰৰ আৰ্দ্ৰতা আৰু বতাহত ভাঁহি অহা মন্ত্ৰধ্বনি
বিশ্বাস কৰিবানে মা, সকলোবোৰ যেন আজিও সাৰে আছে
অন্তৰেৰে বৈ গৈছে সহস্ৰ সমুদ্ৰৰ ঢল
ম‍ই মুগ্ধ মা, তোমাৰ সময়বোৰ সযতনে আছে আজিও
তুমি সাঁচি ৰখা সময়বোৰকে ন সাজত নতুনকৈ গঢ়ি পিতি সজাম বুলি ভাবিছোঁ
তুমি আশীৰ্বাদ দি যাবা মা, তোমাৰ বাবা এতিয়া ঘূৰি আহিছে
কোনো কথাই সলনি হোৱা নাই এতিয়াও, তুমি শিকোৱাৰ দৰেই
ম‍ই আজিও জন্মৰে ভাৰতীয়, হৃদয়ৰে অসমীয়া..||

Sunday, March 6, 2011

মালিনী থান: লীলা গগৈ

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই । এই ঠাই ছিয়াং জিলাৰ দক্ষিণ সীমান্তত অৱস্থিত । চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত । পাহাৰৰ পাদদেশত । ইয়াত একালত কেইটিমান মন্দিৰ আছিল, নতুবা একোটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল । কিন্তু কালক্ৰমত মন্দিৰটি ভাগি পৰিল আৰু আৰু মূৰ্তি বা বিগ্ৰহ পোত গ’ল । অনেক দিন এইদৰে থকাৰ পাছত এই শতিকাৰ তৃতীয় দশকত ডব্লিউ-এইছ-কালভাৰ্ট নামেৰে পাছিঘাটৰ সহকাৰী পলিটিকেল অফিচাৰ এজনে মালিনী থান পৰিদৰ্শন কৰে আৰু উক্ত ঠাইত থকা সন্যাসী এজনক তাৰ পৰা খেদি পঠায় । সেই সময়লৈকে উক্ত ঠাইত ভালেমান দেৱ-দেৱীৰ মূৰ্তি অক্ষত অৱস্থাত আছিল কিন্তু আগতে উল্লেখ কৰা সন্যাসীজনে কিছুমান মূৰ্তি ভাঙি পেলাই সম্ভৱতঃ তেওঁৰ নিজৰ বিশ্বাসসন্মত কোনোবা দেৱতাক প্ৰতিষ্ঠা কৰিব খুজিছিল । তাৰ পিছত বছৰচেৰেক নীৰৱতাৰ মাজেদি পাৰ হৈ যায় । ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত পুনৰ দুজনমান চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি যোনী-পীঠৰপৰা বিচ্ছিন্ন হৈ থকা থকা এটা শিৱলিঙ্গ, তিনিডোখৰ হৈ ভাগি থকা দুৰ্গাৰ দশভূজা মূৰ্তি, গণেশৰ মূৰ্তি আদিৰ উপৰিও কিছুমান ভগা-ছিগা মূৰ্তি দেখিবলৈ পায় । ১৯৬৮-৬৯ চনত অৰুণাচল চৰকাৰৰ বিভাগীয় কৰ্ত্তৃপক্ষ‍ই ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ বস্তু উদ্ধাৰ কৰে । সেই সময়তে আমি মালিনী থান চাবলৈ গৈছিলোঁ আৰু ভগ্নাৱশেষৰ মাজত থকা শিলৰ ভাস্কৰ্য্য দেখি অভিভূত হৈছিলোঁ ।


মালিনী থানৰ সাম্প্ৰতিক ঐতিহাসিক গুৰুত্ব বিশেষ তাত্‍পৰ্য্যপূৰ্ণ । এই তাত্‍পৰ্য্যৰ ব্যাখ্যা দিবলৈ যাওঁতে স্বাভাৱিকতে অতীতলৈ তথা ইতিহাসলৈ উলটি যাব লাগিব । বৰ্তমান অৰুণাচল ৰাজ্যৰ ভিতৰত পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ড, তাম্ৰেশ্বৰী মন্দিৰ, ভীষ্মক নগৰ, মালিনী থান, ইটানগৰ আৰু ভালুকপুং এই ছঠাইত প্ৰাচীন ঐতিহ্যৰ ধ্বংসাৱশেষ দেখা পোৱা যায় । মালিনীথানৰ লগতে বাকী পাচঁখন ঠাইৰ ঐতিহাসিক গুৰুত্বও পৰ্য্যবেশনযোগ্য ।

অৰুণাচল আৰু দেশৰ বাকী অঞ্চলৰ মাজত বাধাৰ হৈ দেখা দিয়ে ১৮৭৩ চনত । যেতিয়া তেতিয়াৰ বৃটিছ চৰকাৰে ইনাৰ লাইন সৃষ্টি কৰে । ইয়াৰ আগতে অসম আৰু সীমান্ত প্ৰশাসনৰ মাজত তেনে কোনো ঢাপ বা সীমা নাছিল । মিচিমি গড়, ডফলা গড় বা ৰাজগড় আদি মাটি বা ৰাজ্যৰ সীমা নহয় । এই অঞ্চলৰ সকলো মানুহেই ঝুম খেতি কৰে । ঝুম খেতি কৰিবলৈ ঠাই সলনি কৰি থাকিব লাগে । গতিকে ভৈয়ামৰ মানুহৰ একেডোখৰ মাটিৰ প্ৰতি যি মোহ, সেই মোহ পৰ্বতীয়া মানুহৰ প্ৰকৃততে নাছিল । তদুপৰি পাৰ্বত্য-জনজীৱন সদায়েই বিপদসংকুল ; যিকোনো মুহূৰ্ততে বিৰোধী ফৈদে আক্ৰমণ কৰিব পাৰে, গতিকে পৰ্বতৰ গাত এনে ঠাইত গাওঁ পাতে য’লৈ মাত্ৰ এটা বাটহে থাকে । সেই বাটত থাকিয়েই থাকিয়েই আক্ৰমণকাৰীক প্ৰতিহত কৰিব পাৰি । গতিকে পাৰ্বত্য জনজাতীয় মানুহে পুৰণিকালত মুকলি , নিৰাপত্তাহীন ঠাইতকৈ হাবিতলীয়া পৰ্বতীয়া ঠাইহে বাছি লৈছিল । ফলত পাহাৰৰ পাদদেশ অঞ্চল উন্মুক্ত আছিল আৰু জনজাতীয় লোকসকল যথেষ্ট ভিতৰত বাস কৰিছিল ।

প্ৰাচীন কামৰূপত সৰহভাগ মঙ্গোলীয় জনগোষ্ঠীৰ মানুহৰে বসতি । ৰামায়ন-মহাভাৰত যুগৰে পৰা প্ৰাচীন কামৰূপৰ কিৰাত-চিন মানুহৰ কথা পোৱা যায় । সেয়ে হ’লেও এসময়ত ভাৰতীয় আৰ্য্য সংস্কৃতিৰ এটা সোঁতা উজাই আহি সুদূৰ পৰশুৰাম কুণ্ড পায়হি । আনপিনে ভাৰতীয় সংস্কৃতিৰ আৰ্য্যকৰণ কৰাত সহায় কৰোঁতা কৃষ্ণ-ভক্তি শাখাৰ মূল পুৰুষ শ্ৰীকৃষ্ণয়ো কুণ্ডিল নদীৰ পাৰত ভৰি দিয়া কাহিনীয়ে অসমৰ এই উত্তৰ-পূব অঞ্চল যে এসময়ত আৰ্য্য সংস্কৃতিৰে ধৌত হৈছিল তাৰ প্ৰমান পোৱা যায় । একালৰ হাবুং অঞ্চলত বসবাস কৰা কিছুমান বাহ্মণ মানুহ মিচিমি ৰাজ্যত সোমাই মিহলি হৈ যোৱাৰ কথাও শুনা যায় । ড: বাণীকান্ত কাকতিয়ে এই অঞ্চলত এখন কলিতা ৰাজ্য থকাৰ কথাও উল্লেখ কৰিছে । এইদৰে বৰ্তমান অৰুণাচল ৰাজ্যৰ দক্ষিণ সীমাৰপৰা অনেক ভিতৰলৈকে অ-জনজাতীয় মানুহৰ বসতি আছিল আৰু তাত নগৰ আৰু মঠ-মন্দিৰ নিৰ্মিত হৈছিল । কোনো পাৰ্বত্য জনজাতিৰ মানুহে এই ধ্বংসাৱশেষবোৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কীৰ্তিচিন আছিল বুলিও দাবী কৰে । সেয়ে হ’লে তেওঁবিলাক মূলতে অ-জনজাতীয় মানুহ আছিল, কালক্ৰমত সংমিশ্ৰিত হৈ জনজাতীয় মানুহত পৰিণত হ্য় ।

ইটানগৰ আৰু ভীষ্মক নগৰৰ ইটাৰ গড় আৰু নগৰৰ পৰিকল্পনাৰ পদ্ধতি দেখিছোঁ । ইটাবোৰ আহোম যুগত ব্যৱহৃত ইটাৰ আকাৰ-প্ৰকাৰৰ লগত মিলে । ইটানগৰৰ ইটাৰ দুৱাৰ মুখকেইখনো দেখিছোঁ ।ভীষ্মক নগৰ নামে অভিহিত ঠাইখনৰ ইটাৰ গড়, আলি আৰু পুখুৰীও দেখিছোঁ । বুৰঞ্জীত আছে ৰজা চক্ৰধ্বজ সিংহ‍ই ১৫৯০ শকত অৰ্থাত্‍ ১৬৬৮ খৃষ্টাব্দত মণিপুৰলৈ (বৰ্তমান বৰদলনিৰ ওচৰত) গ’ল । টুৱা বিহিয়াৰ (ডফলা) গাঁৱৰ কোষত সোৱণশিৰীৰ কাষৰত ৺দেৱে নগৰ পাতিলে । তাতে বহুতো নগৰীয়া বৃত্তিয়াল নিলগাই পাতিলে । সোৱণশিৰীত মাঘ স্নান কৰি ৺দেৱো গড়গাঁৱলৈ আহিল ।সোৱণশিৰী অঞ্চলৰ দক্ষিণতে মাঘ-নোৱা সৰোবৰ। এই মাঘ-নোৱা সৰোবৰৰ উত্তৰতে ইটানগৰ ।সোৱণশিৰীৰ দক্ষিণ অঞ্চল টুৱা আৰু তিতা নামৰ দুজন ডফলা গামৰ অধীনত আছিল আৰু এওঁবিলাক বিহ-যোগনীয়া বিহিয়া বুলি জনাজাত আছিল। আনপিনে আজিকালি যাক ভীষ্মক নগৰ নাম দিয়া হৈছে, এইখনেই প্ৰকৃততে শদিয়াখোৱা গোহাঁইৰ ৰাজধানী শদিয়া । ছৈখোৱাৰ বিপৰীতে পতা শদিয়াখন ইংৰাজে পতা শদিয়াহে । পুৰণি শদিয়ালৈ অহা-যোৱা কৰা ৰাজগড় আলি এতিয়াও আছে । সেই ইটা আহোম যুগৰ ইটাৰ সৈতে একে । পুখুৰীতো খন্দাৰ পদ্ধতিও আহোম যুগৰ পুখুৰীৰ নিচিনা । ভীষ্মক ৰজাৰ সময় নাই বুলিও খৃষ্টপূৰ্বলৈ উজাই যাব । খৃষ্টপূৰ্বত বিশেষকৈ প্ৰাক্‌ আহোম যুগৰ মাজভাগৰ আগলৈকে অসমৰ স্থাপত্যত ইটাৰ ব্যৱহাৰ হোৱা নাছিল, শিলৰহে ব্যৱহাৰ হৈছিল । মালিনী থানৰ স্থাপত্য আৰু ভাস্কৰ্য্য শিলৰ । সেইবাবেই ইয়াৰ ঐতিহাসিক গুৰুত্ব মন কৰিবলগীয়া । মালিনী থানত আৱিষ্কৃত হোৱা সম্পদসমূহৰ ভিতৰত মন্দিৰৰ ভেটিৰ কাৰুকাৰ্য্যখচিত গাথঁনি, গণেশ- মূৰ্তি, অপ্সৰা, পাৰ্বতী, শিৱলিঙ্গ আদি পোৱা গৈছে । শিৱৰ বাহন নন্দী, পাৰ্বতীৰ বাহন সিংহ আৰু ইন্দ্ৰ নামেৰে অভিহিত প্ৰস্তৰ মূৰ্তিটোত সোঁহাতত ডম্বৰু আৰু স্পষ্ট লিঙ্গলৈ চাই শিৱমূৰ্তি যেন লগা মূৰ্তি কেইটাৰ যথাৰ্থতে কোনো ৰূপদক্ষ ভাস্কৰৰ নিপুণ হাতৰ পৰশ পৰা যেন লাগে ।

মালিনী থানৰ মন্দিৰটো দেখ্‌ দেখকৈ প্ৰাক্‌-আহোম যুগৰ । মই নিজে এটা কথা লক্ষ্য কৰিছিলোঁ মালিনী থানৰ ধ্বংসাৱশেষৰ মাজত যি কেইটা হাতীৰ মূৰৰ মূৰ্তি পোৱা গৈছে, সেই মূৰ্তিৰ চানেকীৰ লগত বৰ্মন বংশীয় ৰজাসকলৰ ৰাজকীয় তামৰ ফলিসমূহৰ ছীল-মোহৰৰ সাদৃশ্য আছে । এনে হাতীৰ মূৰ উৰিষ্যা আৰু দাক্ষিণাত্যৰ মন্দিৰবিলাকৰ গাতো দেখা পোৱা যায় । উৰিষ্যাৰ বিখ্যাত কোনাৰক মন্দিৰটি হাতী আৰু সিংহৰ ’মতিফ’ দেখা যায় । মালিনী থানৰ ভাস্কৰ্য্যসমূহত খৃষ্টীয় নৱম-দশম শতিকাত নিৰ্মিত অসমৰ অন্যান্য ঠাইত আৱিষ্কৃত হোৱা ভাস্কৰ্য্য্সমূহৰ লগতো মিল দেখা যায় । বৰগঙ্গাৰ ভগ্নাৱশেষত পোৱা প্ৰস্তৰ বাসুদেৱঁৰ পাদশিলা, নুমলীগড়ৰ দেওপৰ্বতত পোৱা উৰণীয়া বিদ্যাধৰৰ সৌন্দৰ্য্যপূৰ্ণ ভাস্কৰ্য্য, বেতালৰ মূৰ্তি, ডবকাৰ পাদশিলা, গছতলৰ দ্বাৰস্তম্ভৰ, জীৱজন্তুৰ মূৰ্তি, প্ৰহৰীৰ মূৰ্তি আদিৰ লগত মালিনী থানৰ ভাস্কৰ্য্যসমূহৰ সাদৃশ্য মন কৰিবলগীয়া । ইয়াৰদ্বাৰা এইটো প্ৰতীয়মান হয় যে গুপ্ত সংস্কৃতিৰ প্ৰভাৱ লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যি সংস্কৃতিৰ বিকাশ সাধন হৈছিল তাৰ স্মৃতি পুৰাতত্বৰ বুকুতহে জীয়াই আছে । কিন্তু এইটো সত্য যে খৃষ্টীয় অষ্টম-দশম শতিকাৰ ভিতৰত অসমলৈ হিন্দুধৰ্ম আৰু আৰ্য্য সংস্কৃতিৰ এটি কোবাল ঢৌ আহিছিল । এই সময়তে ক্ষীণকৈ বৌদ্ধধৰ্ম আৰু বৈঞ্চৱ আদৰ্শ জীয়াই থাকিলেও তান্ত্ৰিক শাক্তধৰ্ম প্ৰৱল হৈ উঠিল। ইতিমধ্যে শাক্ত আৰু শৈৱৰ মাজত সন্ধি স্থাপিত হৈছিল । সেয়েহে দুৰ্গা, শিৱ, গণেশ, কাৰ্তিক, নন্দীৰ মূৰ্তি একে ঠাইতে পোৱা গৈছে। শাক্ত পূজাৰ অন্যতম তাম্ৰেশ্বৰীৰ অভ্যুত্থানৰ লগত মালিনী সম্বন্ধ অতি ওচৰ।

মালিনী থান কোন বংশীয় ৰজাসকলৰ কীৰ্ত্তি, এই বিষয়ে আলোচনাৰ থল আছে । চুতীয়াসকল শাক্ত-পন্থী।তামেশ্বৰী কেচাইখাতীৰ উপাসক। মালিনী থানত বাসন্তী দুৰ্গাপূজা অনুষ্ঠিত হ্য়। দুৰ্গা-পূজাৰ ইতিহাসত বাসন্তী দুৰ্গা-পূজাহে প্ৰাচীন । প্ৰাক-আহোম যুগৰ চুতীয়া ৰজাসকলৰ লগত কমতাৰ ৰাজবংশৰ বৈবাহিক সম্পৰ্ক সংঘটিত হৈছিল । আনপিনে পালবংশীয় ৰজাসকলে চুতীয়া ৰাজ্যৰ অনেক ভিতৰলোকে দখল কৰি লৈছিল। উত্তৰ-পূব অসমত ভূঞা সকলো প্ৰতাপী হৈ উঠিছিল আৰু বৰ্তমান লক্ষীমপুৰ জিলাত নাৰায়ণপুৰ, চলপুৰ, কলংপুৰ, লক্ষীমপুৰ, ৰতনপুৰ, মণিপুৰ আদি স্থাপন কৰিছিল ।শংকৰদেৱৰ পূৰ্ববৰ্তী ভূঞা সকলো দোৰ্ঘোৰ শাক্ত আছিল ।কিবা কাৰণত আহোম যুগত মালিনী থান এৰা পৰিছিল নতুবা আহোম যুগৰ শেষলৈকে মালিনী থান মন্দিৰ অক্ষত অৱস্থাত আছিল । মালিনী থানৰ কাষেদি ঘাগৰ নামেৰে এখন নৈ বৈ গৈছিল । কোনোবা প্ৰলয়ংকৰী ভূমিকম্পত এই নৈখন পোত যায় আৰু মন্দিৰটোও ভাগি পৰে । তদুপৰি দাঁতিকাষৰীয়া ঠাই জনশূন্য হৈ পৰাত মালিনী থান অৱহেলিত হৈ পৰে ।

মালিনী থানৰ ঐতিহাসিক গুৰুত্ব এই কাৰণেই যে হাবিতলীয়া অনাৰ্য্য অধ্যূষিত অঞ্চলত আৰ্য্য সংস্কৃতিৰ ধ্বজাবাহী এটা মন্দিৰ অৱস্থিত, যি মন্দিৰৰ পূজা-পৰম্পৰা হেৰাই গ’লেও তাৰ ভগ্নাৱশেষত সৰ্বভাৰতীয় মন্দিৰ-ভাস্কৰ্য্যৰ চানেকী আৰু সাদৃশ্য দেখিবলৈ পোৱা যায় ।একালত পৰ্বত-ভৈয়াম, জাতি-উপজাতি সামৰি এই মন্দিৰে ঐক্য আৰু সংহতিৰ পৰিবেশ সৃষ্টি কৰিছিল, উত্‍সৱ পাৰ্বনৰ যোগেদি মানুহৰ পাৰলৌকিক ধাৰণা পূৰণ কৰাৰ উপৰিও প্ৰচুৰ আনন্দ দিছিল । (উত্‍‍স: হাঁহি আৰু বাঁহী: লীলা গগৈ)

Wednesday, March 2, 2011

মানুহৰ অধিকাৰ আৰু আধুনিক সভ্যতা

বিশ্বব্ৰহ্মাণ্ডৰ নটা গ্ৰহৰ ভিতৰত বৰ্তমানলৈকে একমাত্ৰ পৃথিবীত বাস কৰা মানুহেই হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী৷ বৰ্বৰ অৱস্থাৰ পৰা সভ্যতাৰ স্তৰলৈ আগুৱাই আহি এদিন মানুহে নিজকে জীৱশ্ৰেষ্ঠ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিছিল৷ অন্ন, বস্ত্ৰ, বাসস্থান তিনিটা মৌলিক প্ৰয়োজনৰ ভিত্তিত মানুহে নিজকে অন্য প্ৰাণীৰ পৰা পৃথক কৰি ৰাখিবলৈ সক্ষম হৈছে৷ সময়ৰ পৰিবৰ্তন, সভ্যতাৰ উন্নতিৰ পিছতো আজি আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে মানুহ সচাকৈ সভ্য হৈছে নে? নিজকে জীৱশ্ৰেষ্ঠ হিচাপে সভ্য সমাজত বাস কৰা আজিৰ মানুহে অন্য জীৱৰ ওপৰত নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰাৰ লগতে নিজ জাতিৰ ওপৰতো অধিকাৰৰ অপব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ পৰম্পৰাগত সভ্যতা, কৃষ্টি-সংস্কৃতি তথা ধৰ্ম-কৰ্ম আৰু আধুনিক শিক্ষাকো ওলাই কৰি আজিৰ মানুহে কোনো কোনো অৱস্থাত বৰ্বৰতাৰ সেই সীমালৈ গতি কৰিছে য'ত মানুহে নিজেই নিজকে পশুতকৈও তললৈ লৈ গৈছে৷ যি মানুহে আজি একবিংশ শতিকাৰ সময়তো অবোধ জীৱ-জন্তুৰ বলি দি নিজৰ জীৱন সুৰক্ষাৰ মিছা আস্ফালনত জড়িত হৈ পৰিছে, সেই সময়তে বাতৰি কাকতত পঢ়িবলৈ পোৱা গৈছে কোনোবা জীৱ-জন্তুৱে মানৱতাৰ পৰিচয় দি ৰক্ষা কৰিছে অবোধ মানৱ শিশুক৷ যি সময়ত আজিৰ মানুহে ব্যক্তিস্বাৰ্থৰ মায়াত বন্দী হৈ স্বজাতিৰ তেজেৰে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ ব্যস্ত হৈ পৰিছে সেই সময়ত সাধাৰণ জীৱ-জন্তুৰ প্ৰতি সেই জীৱশ্ৰেষ্ঠ মানুহৰ পৰা দয়া- মানৱতাৰ আশা কৰাতো পৰ্বতত কাছ কণী বিচৰাৰ দৰেই দূৰ্লভ৷ সেই বুলি আমি এমুঠি এনে বৰ্বৰ মানুহৰ দোষ-দুৰ্বলতাৰ কাৰণেই গোটেই মানৱ জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়াতো উচিত হ'বনে? তেন্তে মানুহৰ অধিকাৰো সীমিত কৰাৰ নতুন আইনৰ প্ৰয়োজন হৈ পৰিছে নেকি? কিন্তু ক্ষমতা আৰু দুৰ্নীতিৰ মোহত আবদ্ধ এচাম অত্যাধুনিক সভ্য মানুহৰ অধিকাৰ সীমিত কৰিব কোনে, য'ত আইন, ন্যায়ব্যৱস্থা সকলো হৈ পৰে অৰ্থ আৰু প্ৰতিষ্ঠাৰ বহতিয়া, য'ত সামন্ত্ৰযুগৰ ৰাজদণ্ডৰে গণতন্ত্ৰক পদপৃষ্ঠ কৰা হয়, য'ত সাধাৰণ মানুহৰ মূল্য হৈ পৰে নিজৰ ঘৰত পোহা লাখটকিয়া আধুনিক কুকুৰটোতকৈও নিম্ন তাত মানুহৰ অধিকাৰৰ সম মূল্যায়ন আশা কৰিব পাৰিনে?


প্ৰকৃততে মানুহ শব্দৰ কোনো আখ্যৰিক অৰ্থ নাই, পৃথিবীৰ সমস্ত প্ৰাণীজগতৰ যি শ্ৰেণীবিভাজন তাৰ তালিকাত মাথো মানুহ নামৰ প্ৰাণীটোক প্ৰথম স্থানত ৰাখিব পাৰি৷ আনহাতে সকলো জীৱৰ ভিতৰত আকৌ আন এখন তালিকা কৰিব পাৰি য'ত স্বজাতীৰ ভিতৰতে অৱস্থাৰ ভিত্তিত নামকৰণ কৰিব পাৰি৷ যি দৰে বাটৰ কাষৰ ভতুৱা কুকুৰৰ পৰা শীততাপ নিয়ন্ত্ৰিত কোঠাত থকা কুকুৰক একেটা শ্ৰেণীত সামৰিলেও কথাবোৰ খাপ নখাই তেনেদৰে মানুহৰ মাজতো এটা প্ৰভেদ লখ্য কৰা যায়৷ প্ৰায় এই গোটেই ব্যৱস্থাটোত দেখা যায় মানুহ হিচাপে মানুহে পাব লগা ন্যায় আৰু অধিকাৰৰ অপব্যৱহাৰ৷ ক্ৰমে ক্ৰমে আমাৰ সমাজত শিপাই যোৱা আনৰ মুৰত কঠাল ভাঙি খোৱা আধুনিক ভোগবাদি, ব্যক্তিকেন্দ্ৰিক জীৱন যাত্ৰাই মানুহক দিনে দিনে মানৱতাৰ শাৰীৰ পৰা তললৈ নমাই আনিছে আৰু মানুহ ক'ব নোৱাৰাকৈয়ে মানুহৰ বাবে পৰিণত হৈছে দানবলৈ৷ সেইবাবেই আজি মানুহৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে নিজৰ অধিকাৰক জীয়াই ৰখা আৰু তাৰ বাবে কৰিব লগা অবিৰাম সংগ্ৰাম৷ য'ত আজিৰ মানুহে ''যোগ্য ভোগ্য বসুন্ধৰা''ৰ মৰ্ম উপলব্ধি কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাতকৈ আদিম অৰণ্যত বাস কৰা সেই বৰ্বৰ অৱস্থাৰ দৰেই মাথো ''জোৰ যাৰ মলুক তাৰ'' নীতিৰ দৰে নিজৰ ক্ষমতাক প্ৰতিপন্ন কৰিব লগা হৈছে৷


সময়ৰ পৰা শিক্ষা গ্ৰহণ কৰি সভ্যতা আগুৱাই যায়৷ সভ্যতাই মানুহক ন ন শিক্ষা দিয়ে৷ সভ্যতাৰ অৰ্থই হৈছে এখন সমাজৰ সামগ্ৰিক উন্নতি৷ কিন্তু আজি একবিংশ শতিকাৰ দুৱাৰ দলিত থিয় হৈ ভাবিবলৈ বাধ্য হৈছোঁ সচাকৈয়ে সভ্যতাৰ পোহৰে মানুহৰ মনবোৰ পোহৰ কৰিব পাৰিছেনে? নে বিজ্ঞানৰ বলত দ্ৰুত গতিত আগবাঢ়ি যোৱা সভ্যতাৰ লগত মানুহে নিজকে সমানে আগবঢ়াই নিবলৈ অসমৰ্থ হৈ পৰিছে? নে মানুহে সভ্যতাৰ এখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি অন্য জীৱ-জন্তুৰ পৰা নিজকে পৃথক কৰিবলৈ এখন নাটকৰ সৃষ্টি কৰি মাথো সভ্য হোৱাৰ অভিনয় কৰি আছে? কাৰণ সাম্প্ৰতিক বহু ঘটনালীৰ প্ৰকৃত দৃশ্যাৱলীয়ে ইয়াকে প্ৰতিপন্ন কৰিছে যে প্ৰকৃততে অভিনয় শেষ হ'লেই মানুহে মানুহৰ আদিম পশু প্ৰবৃতিলৈ ঘুৰি যাবলৈ অলপো কুণ্ঠাবোধ নকৰে৷ তেন্তে আধুনিক সভ্যতাৰ প্ৰকৃত স্বৰূপ কি? সমস্ত মানৱজাতিক প্ৰতিনিধিত্ব কৰা সভ্যতা-সংস্কৃতি ধৰি ৰখাৰ দায়িত্ব কেৱল এচাম নিৰ্দিষ্ট মানুহৰ হাততেই নেকি? তাৰ বিপৰীতে এচাম মানুহৰ জড়িয়তে ক্ৰমে ক্ৰমে বিপন্ন হ'ব ধৰা সভ্যতাৰ গৰাখহনিয়াক ৰক্ষা কৰিব কোনে? পৃথিবীৰ কোনো এটা প্ৰান্তত হোৱা কোনো এটা নিৰ্লজ্জ ঘটনাৰ বাবে সেই প্ৰান্তৰ মানুহক জগৰীয়া কৰাতকৈ মানুহে ভাবিব লাগিব মানৱজাতিৰ বাবেই অহা এই মহা সংকটটোৰ কথা৷ কাৰণ এটা কথা সুস্পষ্ট যে মানুহ সামাজিক প্ৰাণী হ'লেও প্ৰত্যেক মানুহ স্বাধীন, প্ৰত্যেক মানুহৰ স্বাধীন চিন্তা-চৰ্চ্চাইহে এটা সামগ্ৰিক ৰূপ পৰিগ্ৰহণ কৰে৷ গতিকে এজন মানুহৰ ভুল বা বিবেকহীনতাৰ কাৰণে সেই অঞ্চলটো বা সমাজখনক বিবেকহীন বুলিব নোৱাৰি৷ সেই সমাজখনৰ প্ৰধান দায়িত্ব হ'ব সমাজখনত বাস কৰা প্ৰত্যেকজন মানুহকে যাতে বিবাকবান কৰি তুলিব পৰাকৈ এটা পৰিবেশৰ জন্ম দিয়ে৷ কিন্তু তাৰ মাজৰ পৰাও বিকৃত মস্তিষ্কৰে ওলাই অহা কোনোবা সমাজবিৰুধী মানুহৰ কাৰণে সমস্ত সমাজখন কেতিয়াও জগৰীয়া হ'ব নোৱাৰে৷ গতিকে আমাৰ সকলোৰে প্ৰধান দায়িত্ব হ'ল আমি ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰি পুনৰ এখন নতুন মহাভাৰত সৃষ্টি হোৱাৰ পৰা বিৰত থাকিব লাগে৷ য'ত মানুহৰ অধিকাৰ আৰু সভ্যতাক বুজি উঠি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থাকিব পৰাকৈ এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ৷

কাম কৰাৰ প্ৰেৰণা

           অসমীয়া মানুহৰ এটা বদনাম আছে যে তেওঁলোকে সাধাৰণভাৱে পৰিশ্ৰমবিমুখ ।সকলো ক্ষেত্ৰতে থকাৰদৰে এই ক্ষেত্ৰতো হয়তো ব্যতিক্ৰম আছে ;অৰ্থাত্‍ কিছুমান অসমীয়া মানুহ অসাধাৰণ পৰিশ্ৰমী । কিন্তু ব্যতিক্ৰমে কেৱল নিয়মৰ অস্তিত্বহে প্ৰমাণ কৰে । উনৈশ শতিকাতে এ জে এম মিল‍ছে অসমক ‘land of lahe lahe” বুলি কৈ গৈছিল ।এই কথা আজিও মিছা বুলি প্ৰমাণিত নহ’ল । আজিও ম‍ই মোৰ বহুতো বিশিষ্ট অনা-অসমীয়া বন্ধুৰ মুখত এনে কথা শুনি লাজত তলমূৰ কৰিবলগীয়া হওঁ যে সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ কম সময় কাম কৰা বা কম পৰিশ্ৰম কৰা মানুহখিনি হ’ল অসমীয়া । তেওঁলোকৰ কথাৰ প্ৰতিবাদ কৰিবলৈ ম‍ই কোনো যুক্তি বা প্ৰমাণ বিচাৰি নাপাওঁ । ম‍ই গোটেই জীৱন ধৰি যিবোৰ মানুহৰ লগত কাম কৰিছোঁ-ঘাইকৈ লেখক আৰু সাংবাদিক-তেওঁলোকক খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি ম‍ই নিজেও এই কথাত পতিয়ন গৈছোঁ যে অসমীয়াসকল স্বভাৱতেই পৰিশ্ৰমবিমুখ ।
          কেইটামান কথা ম‍ই কেতিয়াও পাহৰি যাব নোৱাৰো । ১৯৬৮ চনত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে ‘বিংশ শতাব্দীৰ অসমীয়া সাহিত্য’ নামেৰে এখন কিতাপ প্ৰণয়ন আৰু প্ৰকাশ কৰাৰ সংকল্প লোৱা হৈছিল ।সংকলন আৰু সম্পাদনাৰ দায়িত্ব দিয়া হৈছিল মোক । কিতাপখন প্ৰকাশ হ’ল আধৰুৱা ৰূপত,কাৰণ কেইটামান বিশেষ প্ৰবন্ধ লিখিবলৈ কেইজনমান বছা বছা লেখকক আঠ মাহ সময় দিয়া স্বত্তেও ম‍ই তেওঁলোকৰ হাতে-ভৰিয়ে ধৰিও নিৰ্দিষ্ট সময়ত প্ৰবন্ধকেইটা আদায় কৰিব নোৱাৰিলো । এই কথাও সত্য নহয় যে সেই সময়ছোৱাত তেওঁলোক তাতোকৈ ডাঙৰ কিবা কামত ব্যস্ত হৈ আছিল । তেওঁলোক আটাইকেজন মোৰ ঘনিষ্ঠ বন্ধু মানুহ । তেওঁলোক কি কামত ব্যস্ত হৈ থাকে, সেইকথা ম‍ই ভালকৈ জানো ।আচলতে আজি কৰিবলগীয়া কামটো আজি নকৰি কাইলৈ পেলাই থোৱাটোৱেই বেছিভাগ অসমীয়া মানুহৰ স্বভাৱ । ইংৰাজীত যাক কোৱা হয় procrastination । ওপৰত উল্লেখ কৰা কিতাপখনৰ পাতনিত ম‍ই মোৰ তিক্ত অভিজ্ঞতা আৰু ক্ষোভৰ কথা অকণো লুক-ঢাক নকৰাকৈ লিখিছোঁ ।
        ম‍ই এই কথাও পাহৰি থাকিব নোৱাৰোঁ যে অসম প্ৰকাশন পৰিষদৰ বিশ্বকোষৰ আচঁনি ব্যৰ্থ হৈছিল ঘাইকৈ অসমীয়া পণ্ডিতসকলৰ পৰিশ্ৰমবিমুখতাৰ ফলত । আনন্দৰাম বৰুৱা ভাষা-সাহিত্য-সংস্কৃতি কেন্দ্ৰৰ প্ৰস্তাৱিত ছটা খণ্ডৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ মাত্ৰ দুটা খণ্ড প্ৰকাশ হৈ ওলোৱাৰ পিছত বাকী চাৰিটা খণ্ডৰ আশা চিৰকাললৈ পৰিত্যাগ কৰিব লগা হ’ল একমাত্ৰ অসমীয়া পণ্ডিতসকলৰ অসহযোগিতা আৰু দীৰ্ঘসূত্ৰিতাৰ ফলত । যিকোনো এটা সুসভ্য জাতিৰ কাৰণে গৌৰৱৰ প্ৰতীক হ’ব পৰা এখন ব্যুত্‍পত্তিগত অসমীয়া অভিধান প্ৰণয়নৰ কামত আজিলৈকে কোনেও হাত দিবলৈ আগবাঢ়ি অহা নাই কেৱল পৰিশ্ৰম-ভীতিৰ কাৰণে । অৱশ্যকৰণীয় অথচ কোনেও কৰিবলৈ আগবাঢ়ি নহা এনেকুৱা কামৰ তালিকাখন হ’ব অন্তহীন ।
          এইবোৰ দেখি-শুনি মাজে মাজে মনলৈ আহে- এইখন দৰিদ্ৰ ৰাজ্যই ইমানবোৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ কাৰণে খৰছ কৰা বিপুল পৰিমাণৰ ধনৰ বেছিভাগেই পানীত পৰিছে নেকি ? হাজাৰ হাজাৰ তথাকথিত উচ্চশিক্ষিত মানুহে কি প্ৰতিদান দিছে সমাজক ? কিয় ইমানবোৰ কলেজ আৰু বিশ্ববিদ্যালয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখিব পৰা মাত্ৰ কুৰিজনমান প্ৰৰিশ্ৰমী আৰু প্ৰতিভাবান পণ্ডিত সৃষ্টি কৰিব পৰা নাই ?
           কেইমাহমানৰ আগতে ম‍ই আমেৰিকান লাইব্ৰেৰীৰ পৰা ধাৰ কৰি আনি এখন কিতাপ পঢ়িছিলো- ‘Where Shall Wisdom Be Found’ । কিতাপখনৰ লেখক হেৰল্ড ব্লুম আমেৰিকাৰ এজন অতি প্ৰভাৱশালী পণ্ডিত অধ্যাপক । কিতাপখন পঢ়ি মোৰ মনত এনে ধাৰণা হ’ল যে এই এখন মাত্ৰ কিতাপ লিখিবলৈ লেখকজনে কমেও এহাজাৰখনমান কিতাপ পঢ়ি সেইবোৰক পানী যেন কৰি হজম কৰিব লগা হৈছে । তেওঁৰ অধ্যয়ন আৰু তুলনামূলক বিচাৰে সামৰি লৈছে ওল্ড টেষ্টামেণ্টৰ পৰা আৰম্ভ কৰি ডাণ্টে, শ্বেইকছপীয়েৰ, চাৰ্ভেণ্টিছ, গ্যেটে, ছেমুৱেল জনছন, বালজাক,এমাৰ্ছনৰ জগতখনৰ বিস্তীৰ্ণ প্ৰান্তৰ অতিক্ৰম কৰি একেবাৰে ছিগমুণ্ড ফ্ৰয়েদৰ ৰহস্যময় জগতখনলৈকে । অথচ তেওঁ লিখা এনে কিতাপৰ সংখ্যা মাত্ৰ এখন নহয়, প্ৰায় ত্ৰিশখন । মোৰ মনত সন্দেহ হয় যে এই এজন মাত্ৰ আমেৰিকান অধ্যাপকে ৫০ বছৰত যিমানবোৰ কিতাপ পঢ়ি পানী যেন কৰি হজম কৰি নিজৰ ৩০খন কিতাপত সমগ্ৰ পাশ্চাত্য সাহিত্য আৰু দৰ্শনৰ সাৰাংশ ব্যাখ্যা কৰিছে, সেই কাম কৰিবলৈ আটাইবোৰ অসমীয়া পণ্ডিত অধ্যাপকক এশ বছৰ সময় দিলেও তেওঁলোকে কিজানি নোৱাৰিব !
         সাধাৰণভাৱে অসমীয়াসকলৰ আৰু বিশেষভাৱে অসমীয়া শিক্ষিত সম্প্ৰদায়ৰ এই শ্ৰমবিমুখতাৰ কাৰণ কি ?
         কাৰণ হয়তো বহুতো । তথাপি ম‍ই অনুমান কৰা এটা কাৰণ হ’ল এইযে কেৱল জ্ঞানৰ কাৰণেই জ্ঞানক ভাল পাবলৈ যি ধৰণৰ মানসিকতা লাগে, তেনে মানসিকতা আমাৰ মাজত এতিয়াও আশানুৰূপভাৱে গঢ় লৈ উঠা নাই । বিখ্যাত ইংৰাজ ঐতিহাসিক জি এম ট্ৰেভেলিয়ানে কোৱা এটা কথা প্ৰায়েই মোৰ মনলৈ আহি থাকে । তেওঁ কৈছিল – ‘Disinterested pursuit of knowledge is the life-blood of western civilization.’ জ্ঞানৰ নিঃস্বাৰ্থ সাধনাই হ’ল পাশ্চাত্য সভ্যতাৰ জীৱনীশক্তি । এনে মনোবৃত্তি কেৱল পশ্চিমৰ মানুহৰ আছুতীয়া বা একচেটিয়া সম্পত্তি নিশ্চয় নহয় । জ্ঞানৰ নিঃস্বাৰ্থ সাধনাৰ ঐতিহ্য ভাৰততো আছিল আৰু সি এতিয়াও ক্ৰিয়াশীল হৈ আছে । ম‍ই বিশেষভাৱে ক’ব খুজিছোঁ অসমীয়া সকলৰ কথা
সামান্য আত্মসমালোচনা কৰিলেই আমি বুজিব পাৰিম যে জ্ঞান-চৰ্চাৰ যিকোনো কামত আমি কষ্ট স্বীকাৰ কৰিব নোৱাৰাৰ বা দীৰ্ঘ সময় ধৰি একাগ্ৰভাৱে লাগি থাকিব নোৱাৰাৰ এটা প্ৰধান কাৰণ হ’ল এই যে আমি কেৱল জ্ঞান-চৰ্চা কৰাৰ আনন্দতে জ্ঞানক নিঃস্বাৰ্থভাৱে ভাল পাবলৈ এতিয়াও শিকা নাই
এই বিষয়ে বহল আলোচনা কৰাৰ অৱকাশ আছে ।
               কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু হৈছিল ৯৫ বছৰ বয়সত । জীৱনৰ অন্তিম দিনকেইটাত তেওঁ দিনে-ৰাতিয়ে ব্যস্ত হৈ আছিল আণৱিক বোমাবিৰোধী আন্দোলনৰ কামত । নব্বৈ বছৰ বয়সতো তেওঁ প্ৰতিদিনে কাম কৰিছিল ১২ ঘণ্টাকৈ । এবাৰ এজন সাংবাদিকে তেওঁৰ দৈনন্দিন ৰুটিনখন জানিবলৈ বিচৰাত ৰাছেলে লিখিতভাৱে জনাইছিল –‘পুৱা ৮ বজাৰপৰা ১১.৩০ বজালৈ মোলৈ অহা চিঠিবোৰ পঢ়োঁ আৰু সেইবোৰৰ উত্তৰ দিওঁ । সেইখিনি সময়তে ম‍ই বাতৰিকাকতবোৰ পঢ়োঁ । প্ৰতিদিনে গড় হিচাবে ম‍ই এশখন চিঠি পাওঁ । ১১.৩০ বজাৰপৰা ১বজালৈ ম‍ই মানুহৰ লগত দেখা-সাক্ষাত্‍ কৰোঁ । ২ বজাৰ পৰা ৪ বজালৈ ম‍ই পঢ়োঁ । বেছিকৈ পঢ়োঁ আণৱিক বিজ্ঞান সম্পৰ্কীয় সাম্প্ৰতিক লেখাবোৰ । ৪ বজাৰ পৰা ৭ বজালৈ ম‍ই লিখোঁ আৰু মানুহৰ লগত দেখা সাক্ষাত্‍ কৰোঁ । ৮ বজাৰ পৰা মাজনিশা ১ বজালৈ ম‍ই পঢ়োঁ আৰু লিখোঁ ।’
             এই ৰুটিনখন মানি চলিবৰ সময়ত বাৰ্ট্ৰাণ্ড ৰাছেলৰ বয়স হৈছিল ৯০ বছৰ ।

( হোমেন বৰগোহাঁঞিদেৱৰ- ‘ম‍ই যেতিয়া ক্লান্ত হওঁ আৰু অন্যান্য ৰচনা’ গ্ৰন্থৰ পৰা লেখাটি আগবঢ়োৱা হ’ল।- বৰ্ণালী হাজৰিকা )
Related Posts Plugin for WordPress, Blogger...