Thursday, January 27, 2011

সময়: হৃষীৰাজ শৰ্মা



সময়ক ম‍ই কাহানিও ধৰি ৰাখিব নোৱাৰিলোঁ
তুমি আঁতৰি যোৱাটোৱেই শেষ কথা আছিল
তাৰ পিছৰ সময়বোৰ স্থবিৰ.! চন্দুকত ভৰাই থৈ কি লাভ?
তুমি আহিছিলা এদিন সময়ৰ বিমানত, সংগোপনে
মোৰ আইয়ে যে গাইছিল দেউতা ৰাজা এ, হিৰ হিৰ নৰবি..”
দুঃসময়ৰ বৰষুণত তেওঁ তিতি জুৰুলী জুপুৰী
নাঙলৰ মুঠিত ধৰি উচপ খায় দেউতাই
কিজানি এইবাৰো কপালৰ ৰেখা বানে উটুৱায়.!
সময়বোৰ স্বাৰ্থপৰ, তোমাৰ দৰেই
তোমাৰ চৌপাশে যেতিয়া অনিশ্চয়তাৰ কুঁৱলী
সেমেকা ৰাতিপুৱাবোৰত উম বিচাৰিয়েইতো তুমি থিতাপি ল’ব খুজিছিলা
ময়েই কাষ চপাইছিলোঁ তোমাক হাতে হাত ধৰি..
সময়বোৰ ম‍ই কিদৰে ধৰি ৰাখোঁ?
শেতেলীত পৰি আকাশৰ তৰা গণাৰ উন্মাদনা
দেউতাৰ দৈন্যতা; ঘৰৰ উৰুখা চাল
বৰষুণ পৰিলেই পাটীগনিত পাতত ৰয়, দুটোপাল পানী মোৰ বহীৰ পাতত..
হাতত এচাৰিৰ কোব, সুৰেণ চাৰে সকীয়ায়
সময়বোৰ দূৰ্বোধ্য
তুমিও; আজিলৈ নুবুজিলোঁ, কিয়
মোৰ যন্ত্ৰণাৰ দিনবোৰতেই নিউটন আহিছিল, স্ক্ৰুডিনজাৰ আহিছিল
ভোকৰ স’তে যুঁজি যুঁজি এবেলা পাৰ কৰিছিলোঁ চাইন থিতা কচ থিতাৰ স’তে
পিছত সপোনে ভোকাতুৰ কৰিছিল পানবজাৰৰ চুকত
সময়বোৰে পিছলৈ নজোকোৱা হ’ল,
কিজানি তুমি আহিবা বুলি ভয় খাইছিল
সময়বোৰ ম‍ই কাহানিও পাহৰিব নোৱাৰিলোঁ
ইঞ্জিনিয়েৰিঙৰ ৰেগিঙৰ প্ৰথম ৰাতিৰ বাইশটা চৰ
কৃষ্ণাৰ সম্মুখত তোমাৰ নেইলপলিচৰ ৰং..কফি নে ৰঙা, চেঃ মনত নাই
এয়া মোৰ নিলাজ সময়, আশাৰ সময়, ভালপোৱাৰ সময়
তুমি হিয়াত গুজি থোৱা প্ৰতিটো ফুলকেই ম‍ই কবিতা নাম দিছোঁ
তুমি চাই ৰোৱা প্ৰতিটো ঋতুকে ম‍ই বসন্ত নাম দিছোঁ
তোমাৰ ওঁঠ নিগৰা প্ৰতিটো হাঁহিকেই ম‍ই গান বুলি গাইছোঁ
সময়বোৰ ধৰি ৰাখিবলৈ পৰা হ’লে..! কিজানি তোমাকো..
সময়বোৰে দেউতাক আজি গৌৰৱৰ পোছাক পিন্ধাইছে
আইৰ শুকান ওঁঠ ভেদি শাওঁনী হাঁহি বিৰিঙিছে
সময়ে কঢ়িয়াই আনিছে আনন্দৰ তানপুৰা, সুখৰ ধ্ৰুপদী সংগীত বাজিছে ৰাতি দিন
সময়ে হাঁহিছে, সময়ে নাচিছে, সময়ে উমলিছে
সেই হাঁহি বোৰক বান্ধি ৰাখিবলৈ তুমি নাই
তুমি আজি তোমাৰ সময়্ত বন্দী
আৰু ম‍ই?
আঁতৰি যোৱাটোৱেই তোমাৰ শেষ কথা আছিল
তাৰ পিছৰ সময়বোৰ স্থবিৰ.! চন্দুকত ভৰাই থৈ কি লাভ?
সময়ক ম‍ই কাহানিও ধৰি ৰাখিব নোৱাৰিলোঁ; ঠিক তোমাৰ দৰেই..

Wednesday, January 26, 2011

প্ৰিয় অনুৰাধা সমীপেষু

বাৰিষাৰ প্ৰথমজাক বৰষুণৰ দৰে
তোমাৰ বাবে মোৰ চিৰদিন হেপাঁহ
(তুমি ধুৱাই দিয়া মোৰ ধূলিয়ৰি বুকু
বুকুৰ শুকান ফচল)

অনুৰাধা, চকুলোৰ দৰে বৈ আহা তুমি
(কোন!) প্ৰেমিক দুহাতত ডুবি যোৱা আকণ্ঠ
অন্ধকাৰৰ দৰে ম‍ই খেপিয়াই চাওঁ মোৰ বুকু
(কাৰ!) উমাল বুকুত হেৰাই যোৱা তুমি
ম‍ই দিশহাৰা হওঁ বহু পথৰ মাজত
অনুৰাধা তুমি ভালপোৱা
তুমি ভালপাব জানা

মোৰ সমুখলে মূৰ তুলি চোৱা
এবাৰ কৈ যোৱা তুমি ভালপোৱা

ৰচনাকাল: ৪-৮-২০০২

Thursday, January 20, 2011

গান গোৱা ছোৱালীজনী: হৃষীৰাজ শৰ্মা



তাই গান গাই ভাল পায়
তাইৰ মাত নুশুনিলে বেলিয়ে শোৱাপাটী নেৰে
তাইৰ সুৰৰ সোৱাদত সন্ধিয়াবোৰ
ৰূপৰ কাঁহী-বাতি
সুৰৰ মাজত তাই বিচাৰি যায় কোনোবা স্বপ্নকুমাৰক
তাৰ পৰশ, তাৰ মৰম, তাৰ ঊষ্ণতা
তাইৰ গানে গানে বিয়পে
যেন এডালি লতা হৈ মেৰিয়াই ধৰিব সাতসৰী
ভালপোৱাৰ প্ৰতিটো স্বৰগমতেই তাইৰ লাজ ঢৌ খেলি থাকে
লাজ লাগিলে তাই এটা ৰঙা পনিয়ল হৈ গোট মাৰিব খোজে
তাইৰ কণ্ঠ বাৰিষাৰ ভোগদৈ
কঢ়িয়াই নিয়ে ৰং আৰু বিষাদ একেলগে
আপোনাৰ দুঃখ যন্ত্ৰনা হৰণকাৰী বিষল্যকৰণী
অথবা সুখৰ মূহুৰ্ত্তত গাই যোৱা ভৈৰৱ ৰাগ এটি
পুৱাৰ পোহৰত তাইৰ দুগাল উপচি গুলপীয়াবোৰৰ উচপিচনি
আবেলি নীলাভ বক্ষৰ পালপতা বগলী
ঋতুৱে ঋতুৱে তাইৰ ন-ৰং
সপোন আৰু হেঁপাহৰ আগমণি
ভুলতেও ভাল পাওঁ বুলি নকব তাইক
তাইৰ লাজ লাগিব পাৰে
লাজ লাগিলে পনিয়ল হৈ গোট মাৰিব খোজে তাই
তাইৰ ভালপোৱা গানৰ মাজতেই
পাৰে যদি সেই গানটো হবলৈ চেষ্টা কৰক
অথবা সুৰৰ সপ্তনদী
যাক লৈ তাই সপোন দেখে দিবানিশি..

Friday, January 14, 2011

ভোগালীৰ সুৰ: হৃষীৰাজ শৰ্মা

ভোগালী মানেই মনে নামানা কিছু আত্মকথা
এৰি থৈ অহা বহুতো সাধুকথা
ভোগা
লী মানেই উছৱৰ বতৰ
আকাংক্ষাৰ লহৰ
কাৰোবাৰ সুৰত সুৰ মিলাই
ফুলি উঠা এটি প্ৰহৰ
ভোগা
লী আহিলেই পুতুকণৰ উলাহ চৰে
আঘোণীৰো মন উৰোঁ উৰোঁ,
বছৰত যে পয়েৰাকে এবাৰেই হাঁহে.!
ভোগা
লী মানেই বিধ্বংসী মৰণপণ
ভোগতেই আৰম্ভণি, ভোগতেই সমৰ্পণ
ভোগা
লী মানেই মাজনিশাৰ অস্বস্তি
তেজৰ বানত উটি যোৱা নব্বৈৰ নলবাৰী
ভোগা
লী মানেই আশ্বাস, বিশ্বাস
অসমৰ বুকুত প্ৰতিশ্ৰুতিৰ নিশ্বাস
ভোগা
লী মানেই বেদনাৰ অন্ত
অপেক্ষাৰ বন্দনা ইমানতে সমাপ্ত
ভোগা
লীতেই আইৰ আঁচল চকুলোত তিতিছে
পোনাকণে হাবি এৰি ঘৰলৈ আহিছে..
Related Posts Plugin for WordPress, Blogger...