Friday, July 29, 2011

কবিতা: কুলদীপ মেধি


এতিয়া আহাৰ মাহ
আম কঁঠালৰ বতৰ
ভৰা নৈত টুলুং-ভুটুং নাও

কৃষ্ণ গহ্বৰত দৈত্যৰ বিকট চিঞৰ |




Wednesday, July 27, 2011

কিমান পালাগৈ অ’ সন্ধ্যাতৰা

(যাক চাই পচিমৰ আকাশত আপোন পাহৰা হওঁ প্ৰতিটো সন্ধিয়া, তেওঁলৈ)

কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ কঠিয়াডঁৰা পুৰঠ হৈ
মোৰ বুকুৰ পথাৰত এতিয়া আঘোঁণৰ উছাহ
সন্ধ্যাতৰা, ৰাতি কিমান গভীৰ হলে বাৰু
তোমাৰ সপোনত ভিৰ কৰে পুঁৱাৰ বোল, কিমান ?
জানাইতো, যাতনাৰ ভাৰেৰেই কঢ়িয়াই ফুৰো মই
ভাৰসাৰে সৈতে অলপ আশা, সম্ভাৱ্নীয়তাৰ সৈতে অলপ সপোন
আকাশত ডাঁৱৰৰ কিমান ডাঠ চামনি পৰিলে বাৰু
গধুৰ হয়, অঠবা কিমান জোৰেৰে বৰষুণ হৈ আহিলে ই
ভাল লাগে তোমাৰ মন !
স্মৃতিৰ সৰাপাটৰ কোনটো দুখৰ গানে বাৰু
সেমেকাই তোলে তোমাৰ বকুলফুলিয়া হাঁহিৰ দুগাল |
তুমিও উচপিচাই উঠা নেকি পদুলি মুখত জেওঁৰাৰ সিপাৰে
কোনোবাই টাং-গুটি খেলিলে অথবা দৌৰ মাৰিলে চুবলৈ ’হাউ’ৰ ঘাই
দেউতাৰ কান্ধেৰেই যেতিয়া পদুলিৰে ঘৰ সোমায়
জিৰ জিৰ আঘোণী সপোন
লেচেৰি বোটলাত হেৰাই পাওঁ মোৰ শৈশৱ
নিহালিখন লৈ ৰ’দালেই আইতাই পুহৰ কোমল ৰ’দ
সমগ্ৰ সত্তা জুৰি অনুভৱ কৰো
আইতাৰ চুলিত ’লক্ষীবিলাস’ তেলৰ গোন্ধ
ককাৰ প্ৰথম মৰমৰ চিন |
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ উজনি সোতে বাধা দিলেও যাবই যে লাগিব আগুৱাই
বিশ্বাসেই হব তোমাৰ বিশ্বাসী সহচৰ
সন্ধ্যাতৰা সপোন দেখি মইও ভাল পাওঁ জানা
তথাপিও কাৰোবাৰ সপোনেৰেই যদি বন্ধা থাকে মোক
ভয়াতুৰ হৈ পৰো মই
উৰুঙা উৰুঙা হৈ পৰে ভাৱনাৰ পথাৰ |
ভয় কৰো মই মোৰ দেউতাক, ভয় কৰো তেওঁৰ সপোন
দুখৰ নৈত সাতুৰি সাতুৰিও যে তেও এজন অক্লান্ত যোদ্ধা
যাতনাৰ হাকুটি জোৰাই জোৰাইও যে
তেওঁ পাৰি আনিব খোজে সুখৰ এটুকুৰা জোন |
কোনখন ক্ষোভৰ সাগৰত জানো মানুহজনে
বান্ধিলে অভিজ্ঞতাৰ পাৰ আৰু কব পাৰিলে
“কেবল আদৰ্শৰ নৈয়ে ধুই দিব নোৱাৰে বোপাই
উটুৱাই নিব নোৱাৰে কল-মল কল-মল পেটৰ জুই,
ভোকৰ সময়ত সকলোকে লাগে ভাত
লাজ ধাকিবলৈ নহলেও জাৰ ধাকিবলৈয়ে লাগে কাপোৰ এখনি গাত” |
সন্ধ্যাতৰা দুখৰ বোকোচাতো লৈ ফুৰিছো এয়া ফাগুণত উতলা এটি মন
দেউতাৰ সপোনকো নেওঁচা দি
মোৰ আবেগৰ ধমনিত ধৌৱাই আছে
টগ-বগ টগ-বগ সাটোতা তেজাল ঘোঁৰা
মাৰ মৰমকো এৰি থৈ দুখৰ বতাহতে জলিছে একুৰা জুই |
তুমিটো মৰমৰে এখনি নৈ
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
হ’মনে বাৰু হ’মনে মই
দুখৰ ৰ’দ অথবা সুখৰ বৰষুণ ঢাকিবলৈ
তাৰেই এখনি চৈ.....
কিমান পালাগৈ বাৰু অ’ মোৰ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই !!!!

Monday, July 25, 2011

বৰষুণ

আজি বৰকৈ তিতিলে
খেতিয়কৰ খৰাং হেঁপাহ
এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ
ভৰিত ছটফট মাছৰ লাহ-বিলাহ

ডাৱৰৰ ঠেঁহ ভাগোতে
আকাশমুৱা গছৰ চুবুৰিটো তিতে
কেঁচা ঘাঁহৰ গা জুৰ পৰে
সেমেকি সেমেকি থাকে ৰাতিপুৱা

বৰষুণৰ গানত কি সুৰ, কি ৰাগ?
যি সুৰত নৈখন কাষচাপি আহে
শেলুৱৈ টোপনিৰপৰা সাৰ পায়
প্রতিছটা প্রাচীন শিল

কালি হাবিখনৰ সিপাৰে
খহি পৰা বেলিটো হেনো
আজি গোটেই দিনটো শুব।

Saturday, July 23, 2011

...

তোমাৰ বসন্ত বসন্ত যেন লগা ধেমালিটোৰ আঁৰে আঁৰে
এতিয়া এটি কক্ষ-চ্যুত নক্ষত্র হ’লো মই
অথচ পদুম পাতৰ ছাঁত লালিত পালিত আছিল এই হৃদয়...

Friday, July 22, 2011

শাৰদ: হৃষীৰাজ শৰ্মা


শৰতৰ ঠিকনা নুসুধিবা
শৰত্‍ এনেয়োতো আহিব‍ই
তুমি অহা দেখিলে
নৈখনো ভটিয়াব একেলগে
তোমাৰেই খোজত উখল মাখল
শেৱালীৰ শুভ্ৰ শোভা
মোৰ হৃদয়ৰ সকলো উত্‍সৱ
তোমাৰেই প্ৰেমৰ মণিকাঞ্চন,
সেয়াই শৰত্‍ নহয় যদি আৰুনো কি?

Monday, July 11, 2011

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক
ওভতনি যাত্ৰাৰ বাচখনত খিৰিকী ফাঁকেৰে সেউজীয়াত মগ্ন থাকিব তেওঁ
দুষ্ট বতাহজাকে চূৰ্ণি টানি মেহুৰা কৰি তুলিব
আৰু ওফন্দা লাজ ধাকিবলৈ বাৰে বাৰে ব্যৰ্থ নহ’বলৈ চেষ্টা কৰিব
তেওঁৰ বাবে ম‍ই সেউজীয়া হোৱাৰ প্ৰয়াস কৰিম

নাইবা ধৰক, মহানগৰীৰ ভিৰ ৰাষ্টা পাৰ কৰাবলৈ
বৃদ্ধজনৰ লাখুটিত থকা তেওঁৰ সেই হাতখনৰ প্ৰেমতেই পৰিলো
অথবা গ্ৰন্থমেলাত মোৰ পচন্দৰ কিতাপখন বিচাৰি তেওঁৰ সতে এটা খুন্দা মাৰিলো
বিৰক্তিকৰ ৰেল ভ্ৰমণত সেই কিতাপখন বিচাৰিওতো তেওঁ আহিব পাৰে
"আপুনি কিতাপৰ প্ৰেমিকা নেকি বাৰু ?" ম‍ই সুধিম
তেওঁ ক’ব যে মানৱতাৰ জয়গানে মুগ্ধ কৰে তেওঁক
যিয়েই শেৱালীৰ সুবাস ভাল পায় তেওঁয়েই তেওঁৰ প্ৰেমিক
তেওঁৰ বাবে ম‍ই শেৱালিৰ সুবাস চিঙি আনিম

এই ধৰক, হঠাতে এদিন মোৰ কবিতাৰ প্ৰেমতেই পৰিলে তেওঁ
ধৰক, কবিতাৰ শেতেলীত সামাজিক আঁকি সুখী হয় তেওঁ
উশাহত যাৰ সেৱিত হয় কবিতা অথবা জীৱনৰ গান
মোৰ কবিতাৰ গুচ্ছ উভালি নপৰাৰ জোখেৰে এজাক বৰষুণ হৈ নামিব
বৰষুণ পিবলৈ ফুল হৈ ফুলিম
সাগৰ হৈ মেলি দিম বুকু

এই ধৰক, হঠাতে এদিন প্ৰেমত পৰি গলো তেওঁৰ...
Related Posts Plugin for WordPress, Blogger...