Friday, August 21, 2009

তুমি জোন : কুলদীপ মেধি

তৰাৰ দেশত থকাহেঁতেন
হয়তো দিব পাৰিলোহেঁতেন
এটা ধুনীয়া সপোন আৰু
ৰামধেনুৰ সাতোটা ৰঙেই
তৰাৰ দেশত থকাহেঁতেন
ঘাটলৈ পানী নিবলৈ অহা
বিজুলীজাকক কলোঁহেঁতেন
আৰু নোজোকাবা, তাই যে এতিয়াও ভালদৰে
হাঁহিবলৈ শিকা নাই
তৰাৰ দেশত থকাহেঁতেন
হয়্তো গলোঁহেঁতেন বেলিৰ দেশলৈ
তাত বোলে হালধীয়া ফুলৰ মিচিৰি খাই
মৌ-মাখি বোৰে সুহুৰিয়াই আৰু
সোণালী মাছবোৰে ছন্দতে ছন্দ মিলাই
তৰাৰ দেশত থকাহেঁতেন
কোমল মেঘৰ চপৰাতেই আঁকিলোহেঁতেন
এখন ছবি,
লিখিলোঁহেঁতেন এটা কবিতা, এটা গান
জীৱনৰ ছন্দ বিছাৰি
তৰাৰ দেশত থকাহেঁতেন
হয়তো কব পাৰিলোহেঁতেন
মোৰ গহ্বৰটোৰ ভিতৰতো এখন দেশ আছে
তৰাৰ
আৰু তুমিয়েতো সেই দেশৰ
জোন ||
Related Posts Plugin for WordPress, Blogger...