Thursday, November 17, 2011

প্ৰযত্নে: হৃষীৰাজ শৰ্মা

একাঁজলি শ্ৰদ্ধা

প্ৰযত্নে:

নাকান্দিবা.!
ৰাতিৰ আন্ধাৰে উচুপি কাণে কাণে কয়
সৌৱা দিখৌৰে ভটিয়াই গদাধৰেৰে উজাই
লুইতত মিলিছে অসমীয়া |
এহালি মৰমৰ বাবে তেওঁ এটি গান হ’ল
মানুহৰ বুকুত সুৰৰ ৰাং সানি থাকোতেই
পূৰ্ব দিশত সন্ধিয়া হ’ল.!
উহঃ, নাকান্দিবা
সেই সোৱাদবোৰৰ বাবেইতো
স্পন্দনৰ অন্য এক নাম
বুকু ফালি দেখুৱাইছা একেখন ছবি
ছবিৰ মাজত উদ্ভাসিত অতীত,
বৰ্তমান আৰু ভৱিষ্যতৰ ভিন্নতা
আৰু চকুদুটা?
হেৰৌ অসমীয়া.! অনন্তকাল সাক্ষী হৈ ৰ’ব
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ ৰূপ চাবা |

Wednesday, November 16, 2011

ভূপেন দা তুমি অমৰ হোৱা...

হে’ শিল্পী,
আজি তুমি শিল্প হ’লা।
আৰু সময় সেই অসহায় তুলিকাধাৰী...।
বন্দনাৰ ভাষা যাৰ হেৰাই গৈছে,
যাযাবৰ সত্তাৰ বিশালতাক বিন্দুত বান্ধিব খুজি।

কাৰুণ্যৰ অমিয়া শংখ ধ্বনিৰ মাজেৰে
যেতিয়া তুমি মূর্ত হৈছা,
সমদলত বিলীন হৈছে বহু বর্ণিল ভাৱানুভূতি।

আভিমানবোৰৰ আঁত হেৰাই গৈছে,
অট্টালিকাৰ ছাঁত জিৰোৱাসকলেও যেতিয়া সমস্বৰে চিঁঞৰি উঠিছে,
চোৱা, ইশ্বৰ তেওঁৰ মাজতো আছিল।


অন্তিম শয়নৰ ঠিকনা বিচাৰি
ৰক্তিম এটি উত্তাপ হৈ বাৰে বাৰে ভেটিছা আজি
আবেলিৰ অস্তমিত বেলি,
কণ্ঠৰ শোণিতেৰে তিয়াইছা আজি
শীতৰে সেমেকা ৰাতি।

হে’ শিল্পী,
শব্দ যদি ব্রহ্ম হয়,
সেই ব্রহ্মত্বৰ স্বাক্ষৰ হোৱা তুমি।
মৃত্যু যদি শিল্প হয়,
সেই শিল্প হোৱা তুমি।

আৰু,
সৃষ্টি যদি অমৰ হয়,
তেন্তে অমৰ হোৱা তুমি...।

চন্দ্রমা কলিতা

Wednesday, November 2, 2011

মোৰ ঠিকনা: অমৃতা প্ৰীতমৰ কবিতা

( মূল পঞ্জাবী কবিতাৰ পৰা অসমীয়া অনুবাদঃ যামিনী অনুৰাগ )

আজি মই মোৰ ঘৰৰ নম্বৰ মছি পেলালো
আৰু গলিৰ মূৰত থকা ফলকৰ পৰা গলিৰ নাম আতৰাই দিলো
আৰু প্ৰতিটো পথৰ দিশৰ নাম মোহাৰি পেলালো
আৰু যদি আপুনি মোক বিচাৰি পাবই লাগে
তেন্তে প্ৰতি দেশৰ, প্ৰতি চহৰৰ, প্ৰতি গলিৰ দুৱাৰ খটখটাৱক
ই এক শাপ, ই এক বৰ
আৰু য’তেই স্বাধীন আত্মাৰ জিলিকনি পাব
-জানিব সেয়াই মোৰ ঘৰ

Wednesday, October 12, 2011

আবেলি এটিত তেওঁ...

সৰাপাতে ৰিঙিয়াই থকা আবেলিটোত,
তেওঁ বহু কথা সোঁৱৰে।
আছিলনে কাহানিবা তেওঁ,
কাৰোবাৰ ছন্দোবদ্ধ আবেগৰ শিৰোনাম?
হ’ব পাৰিছিলনে তেওঁ,
হালধীয়া দোপাত্তাৰে সোনাৰু সিচাঁ
এজনী অনামিকা অথবা সাগৰিকা?

হেমন্তৰ গুণগুণনিবোৰ শুনি শুনি
তেওঁ বাৰে বাৰে ভাবে,
কিহৰ ভয়ত তেওঁ শুনিব বিচাৰিও শুনা নাছিল,
সেউজ পাতৰ আঁৰৰ সখিয়তীজনীৰ গীত?
কি হেৰুওৱাৰ ভয়ত তেওঁ বুটলিব পৰা নাছিল,
পদূলিত সৰা ফুলবোৰৰ পাহি?

খিৰিকিখনৰ সিপাৰেৰে পাৰ হৈ গৈছিল,
অলেখ জোনাকী সপোনৰ মিছিল।
স্বপ্নাতুৰ বিহগীজনী হৈও তেওঁ জোনাক চুব নোৱাৰিলে।
বিষাদগ্রস্ত হৃদয়খনিত সদায় শূণ্য হৈ ৰ’ল,
বিষন্ন পঁজাটিৰ দুৱাৰ খোলাৰ সাহস।

বাহিৰ ওলালেইযে তেতিয়া নিয়ঁৰত তিতাৰ ভয়।

Sunday, October 9, 2011

এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি? : হৃষীৰাজ শৰ্মা






এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?
বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি
এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন কি?
বিষাদ সুৰত বিশৃংখল মোৰ বেদনাৰ নগৰী
এতিয়া শুকুলা ডাৱৰৰ আঁৰে আঁৰে ম‍ই তোমাৰ বাবে সাধুকথা নহওঁ
এতিয়া এটোপ দুটোপ বৰষুণত তিতিবলৈ ম‍ই তোমাৰ বাবে দুপৰীয়া নহওঁ
এতিয়া তোমাৰ সকলো উছাহৰ সমাপ্তি ম‍ই
সকলো উছৱৰ শেষ ম‍ই
সকলো ৰাতিৰ আৰম্ভণি আৰু সীমাহীন মৌনতাৰ প্ৰাতঃভ্ৰমণ ম‍ই
এতিয়া তোমাৰ আকাঙ্খাৰ সিমূৰত ৰৈ থকাৰ প্ৰয়োজন কি?

সকলোবোৰ কবিতাৰ বুকুৱেদি যদি বৈ যায় দুঃখৰ ফল্গুধাৰা
শব্দ‍ই হাহাকাৰ কৰক, নালাগে একোকে থাকিবলৈ স্মৃতি জোকাৰি
বাৰে বাৰে শৰত্‍ আহক
হুমুনিয়াহবোৰ নিশাৰ ডাৱৰৰ সৈতে ক’ৰবালৈ গুচি যাওক
ম‍ই প্ৰাণ ভৰি চাই ৰ’ম আকাশ আৰু জোনৰ প্ৰেমৰ মায়াময়তা
হৃদয় জুৰাই গান গাম, দুহাত মেলি স্পৰ্শ কৰিম সেউজীয়া উপত্যকাৰ মোহনীয়তা
কবিতাবোৰ কবিতা হৈ থকাত ক্ষতি কি?

সুখৰ এচিকুট বিচাৰি যোৱানিশা চাহেবপুৰালৈ গৈছিলোঁ, অনুৰাধাৰ স’তে
সৰিয়হ ফুলা দিনবোৰ মাজুলীৰ বালিচৰত সমাধি দিয়া বহুবছৰ হ’ল
এতিয়া তাৰ জীৱাশ্মটো বাকী আছে
জুৰাছিক পাৰ্কৰ লেবৰেটৰীত ক্লনিঙৰ বাবে উপহাৰ দিব পাৰিম
অন্ততঃ মোৰ বাবে নহ’লেও আনৰ বাবে জী উঠিব ৰঙবোৰ
য’ত চাগে’ তুমি নাথাকা
নথাকিলেই ভাল, মাজুলীত খহনীয়া আৰু নালাগে..!!

Sunday, October 2, 2011

মৃত্যু চেতনা : কুলদীপ মেধি

এটা জৰাগ্ৰস্থ কবিতা ম‍ই
মোৰ স’তে লৈ ফুৰিছো
দিহিঙে দিপাঙে অনাই বনাই
ঘুৰি ফুৰিছো সহবাস কৰিছো |

 ঘূণ পোক এটাই কুটি কুটি খাইছে
গোটেই ঘৰ খনৰ আচবাব কাঠৰ
দুৱাৰ খিৰিকি ইত্যাদি
জহিব ধৰিছে এপদ এপদকৈ
লাগতিয়াল সকলো মূল্যবান সামগ্ৰী |

মাস্তুল হেৰুৱা জাহাজ এখন 
গৈ আছে ভটিয়াই  
পাৰত কহুৱাৰ ৰিবৰিবনি 
অজস্ৰ হাত বাউলি 
পানীত সূৰ্যাস্তৰ প্ৰতিবিম্ব 
ভাহি উঠিছে জিলমিলায় |


এই আন্ধাৰ এই পোহৰ 
পলকতে লোপ পায় 
চকুৰ আগৰ নান্দনিক দৃশ্য 
কায়াকল্প শুভ্ৰ জোত্‍স্না 
হয়তো কোনোবা দোকমোকালি এটাত 
সাৰ পোৱা শেৱালিয়ে চোতালত বহি লৈ 
ৰাউচি জুৰিব 
জৰাগ্ৰস্ত কবিতাটোৰ মৰাশ দেখি 
আৰু নিজকে প্ৰশ্ন কৰিব 
জীৱন কি সচাঁকৈয়ে অসম্পূৰ্ণ !

Saturday, September 24, 2011

এনেকৈয়ে শৰত্‍ আহক

লাহে লাহে অনাবৃত হওক অৰণ্যখন
ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে
পুৱাটোৰ সেমেকা গালেদি
তৰুণ ৰ'দজাক বৈ আহক
ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক
বেলিটোৰ চেঁচা পৰি থকা মুখ
লালকাল দি থকা এডৰা ৰামধেনুত
প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া
শেষ হওক অন্তহীন বৰষুণৰ ঋতু
এনেকৈয়ে শৰত্‍ আহক।

Thursday, September 22, 2011

শৰৎ : মিতালী বর্মন

শৰৎ--- তুমি বিলাই যোৱা
শাৰদী জোনাক
তাতেই ৰচিব
মধুচন্দ্রিকা
আমাৰ হেঁপাহবোৰে
সুৰুয উঠাৰ আগতে...

Monday, September 19, 2011

অচিন্তন : হৃষীৰাজ শৰ্মা



বৰ্ণত যদি বৰণ সানি দিছিলা
মোৰ হৃদয় সেউজীয়া,
তোমাৰ অভিমান কজলা; চকুৰ বৰণৰ এফাল..!

Wednesday, September 7, 2011

সাপ

বৰষুণজাক খপজপকৈ পৰোঁতেই সাপটোৰ চিকমিকনি দেখিছিলো চাকিৰ অকমান পোহৰতচোন সি মোৰ ভৰিয়েদি বগাই আহে নিষিদ্ধতাত তাৰ হেনো দুআঙুল ডুবি চাবৰ মন।

Friday, September 2, 2011

আক্ষেপ: কুলদীপ মেধি

জীৱনটোক যদি কেমেৰাৰে লুক-থ্ৰু কৰিব পৰা হ’লে
বিষয় বস্তুৰ ওপৰত দৃষ্টি স্থিৰ কৰি
জুম ইন জুম আউট কৰি লৈ
ফ’কাছ মিলাব পৰা হ’লে

হয়তো হ’লহেতেন এখন সুন্দৰ প’ট্ৰেইট !

Saturday, August 20, 2011

তোলৈ...

সুৰেৰে সজোৱা এটা গান আছিলি,
তই বৰষুণ...!
মুকুতা সৰা দুপৰবোৰৰ সেউজীয়া সপোন আছিলি,
তই বৰষুণ...!

পাহাৰখন খহাই দি ৰং বুটলিলি,
তই বৰষুণ...!
নদীখনক বাউলী কৰি ধেমালি কৰিলি,
তই বৰষুণ...!

পলকতে হাঁহি বিৰিঙাই পলকতে বিষাদ বুলোৱা,
তই উন্মাদ বৰষুণ।

হ’ব জানো পাৰিবি চিৰমধুৰ,
তই ডাৱৰৰ কান্দোন...???

Tuesday, August 16, 2011

স্বাধীনতা দিৱসৰ চিঠি

প্ৰিয় অৰূপ সমীপেষু,

দূৰণিবটীয়া মৰম গ্ৰহণ কৰিবি | আশা কৰোঁ পৰমেশ্বৰৰ কৃপাত তোৰ মঙ্গল |

ভাগৰুৱা চহৰখন এতিয়া লেবেজান হৈ শুইছে | কিনকিনীয়াৰ টিপ্‌টপ্‌ শব্দই জগাব পৰা না‍ই চহৰ, নিচুকাব পৰা না‍ই মোৰ চকু | এতিয়া নিঃশব্দতাৰ সময় | নিঃশব্দতাৰ বুকুত গুজি আছোঁ ম‍ই শব্দ, চিঠিৰ ভাঁজত | পোহৰে পূৱত ভুমুকি মৰাৰ আগতেই যে শেষ কৰিব লাগিব শব্দ গুজাৰ কাম ! সুৰুজ জ্বলিলেই স্বাধীন হোৱাৰ ভয়ত কম্পিত হ’ব শব্দ ! গিৰিম...গাৰাম...গুৰুম !!! স্বাধীন দেশত ভয়ংকৰ শব্দৰ অবাধ বিচৰণ |

অৰূপ, তোৰ বাৰু এবাৰো মন নাযায়নে স্বকীয় ঘৰখনৰৰ খবৰ এটা ল’বলৈ ? ঘৰত তোৰ সকলোৰে মঙ্গল দে | দুবছৰ আগতে তোৰ বিধৱা মা স্বাধীন হৈছিল যদিও ঘৰত সকলোৰেই মঙ্গল দে | যৌতুকে তোৰ ভনীয়েৰক জ্বলালে যদিও তাইৰ শহুৰেকৰ ঘৰত আটাইৰে কুশল দে | তোৰ মেধাৱী ভায়েৰেও সন্ত্ৰাসবাদীৰ ভুৱা নাম পালে যদিও তাৰ নথি-পত্ৰবোৰ এতিয়াও সযতনেই সাঁচি থোৱা আছে তাৰ বৰপেৰাত | ইখনৰ পিছত সিখন টেবুলত পেঞ্চনৰ নামত অপমান বুটলিব যোৱা তোৰ দেউতাৰৰো মঙ্গলেই আছিল কেইবছৰমান আগলৈকে | মহাজনৰ মুঠিত তোৰ প্ৰেমিকাই সতীত্ব হেৰুওৱালে যদিও মহাজনৰ ঘৰত সকলোৰে কুশল দে | বানপানীয়ে প্ৰায়েই স্নান কৰালেও তোৰ গাঁওখনো কুশলেই আছে দে, চিন্তা নকৰিবি ত‍ই |

পৰ্দা ঠেলি সোমা‍ই আহিছে পোহৰ | কেইমুহূৰ্তমান পিছতেই সাৰ পাব স্বাধীনতা দিৱস | মোৰ দেহেৰে গিৰিম-গুৰুম শব্দ স্বাধীন নহ’লে ঠিকেই লিখি থাকিম চিঠি তোলৈ, চিন্তা নকৰিবি ত‍ই | তোৰ পৰা চিঠিৰ প্ৰত্যুত্তৰ ম‍ই আশা কৰা বুলি নাভাবিবি | নেদেখাজনৰ কৃপাত তোৰ মঙ্গল বুলিয়েই ধৰি লৈছোঁ ম‍ই |

চিঠিখন ম‍ই ডাকত নিদিওঁ | ওক এডাল ৰুইছোঁ | তাৰেই ঠানি এটিত গুজি দিম বুলি ভাবিছোঁ | ওকজোপা এদিন ওখ হ’ব | চিঠিখন নি চিলনীক দিব | চিলনীয়ে মেঘক দিব আৰু মেঘেই তোৰ বতৰা ল’ব |


ইতি
তোৰ মৰমৰ
স্বাধীন দেশৰ এজন পৰাধীন নাগৰিক



১৪ আগষ্ট
গুৱাহাটী


পুনশ্চঃ- কোনোবা এটা স্বাধীনতা দিৱ্সত ত‍ই স্বাধীন হৈছিলি জীৱনৰ পৰা | পৰাণ ত্যাগী অৰূপ হৈছিলি ত‍ই | ভুৱন ক’কা, বিজিত খুৰাৰ কোলাত থকা দুবছৰীয়া টিক্‌লু, সদ্যবিবাহিত বিভোৰ, জিতুৰ বাবে "চেৰেলেক" কিনিবলৈ যোৱা পুটুলি পেহী আদি জীৱনৰ পৰা স্বাধীন হোৱা অৰূপসকলৰ যাকেই লগ পাৱ নজনোৱাকৈ নাথাকিবি ত‍ই...স্বাধীনতাই আজি ভয় কৰে স্বাধীনতা দিৱসলৈ যদিও দেশখন কুশলেই আছে দে |

Monday, August 8, 2011

সংকীৰ্ণ ভৱিষ্যত: কুলদীপ মেধি

নৰাণিৰ মাজেদি খোজকাঢ়িলে ভৰি কাটে
কটা ঘাঁত চূণপানী
আইচু-বাইচু কৰিলেই মৰম নুবুজায়
আগলি কলপাতত কাউৰীয়ে কলমলায়
লহপহকৈ ফুলিছিল ফুলনিত কতনা
ফুলৰ ঠেঙুলিত বিছা, পাতত বিছা
আনকি পাহিতো বিছা...

খহুৱা বুকু
খৰে খোৱা পিঠি
ৰ’দৰ উত্তাপত বৈ পৰা
চকুহালি
এতিয়াচোন একো নমনি
আই, পোহৰৰ বাট কেনি !

Thursday, August 4, 2011

তোমালৈ…

তোমাৰ হিয়াৰ বুলনিত খোজ দিব দিয়া এবাৰ
মই সেউজীয়াৰ বাতৰি হৈ বুটলি আনিম সকলো হালধীয়া।
দুচকুৰ গভীৰতাত ডুবি চাব দিবাচোন কাহানিবা,
মই জোনাক হৈ সিঁচি আহিম তাত এধানি সপোনৰ ৰূপালী আভা।

হেঙুলীয়া আবেলি এটিত আহিবা কেতিয়াবা,
গধুলিলৈকে আমি পাতি থাকিম
গুটিমালি ফুলবোৰৰ কথা...

Friday, July 29, 2011

কবিতা: কুলদীপ মেধি


এতিয়া আহাৰ মাহ
আম কঁঠালৰ বতৰ
ভৰা নৈত টুলুং-ভুটুং নাও

কৃষ্ণ গহ্বৰত দৈত্যৰ বিকট চিঞৰ |




Wednesday, July 27, 2011

কিমান পালাগৈ অ’ সন্ধ্যাতৰা

(যাক চাই পচিমৰ আকাশত আপোন পাহৰা হওঁ প্ৰতিটো সন্ধিয়া, তেওঁলৈ)

কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ কঠিয়াডঁৰা পুৰঠ হৈ
মোৰ বুকুৰ পথাৰত এতিয়া আঘোঁণৰ উছাহ
সন্ধ্যাতৰা, ৰাতি কিমান গভীৰ হলে বাৰু
তোমাৰ সপোনত ভিৰ কৰে পুঁৱাৰ বোল, কিমান ?
জানাইতো, যাতনাৰ ভাৰেৰেই কঢ়িয়াই ফুৰো মই
ভাৰসাৰে সৈতে অলপ আশা, সম্ভাৱ্নীয়তাৰ সৈতে অলপ সপোন
আকাশত ডাঁৱৰৰ কিমান ডাঠ চামনি পৰিলে বাৰু
গধুৰ হয়, অঠবা কিমান জোৰেৰে বৰষুণ হৈ আহিলে ই
ভাল লাগে তোমাৰ মন !
স্মৃতিৰ সৰাপাটৰ কোনটো দুখৰ গানে বাৰু
সেমেকাই তোলে তোমাৰ বকুলফুলিয়া হাঁহিৰ দুগাল |
তুমিও উচপিচাই উঠা নেকি পদুলি মুখত জেওঁৰাৰ সিপাৰে
কোনোবাই টাং-গুটি খেলিলে অথবা দৌৰ মাৰিলে চুবলৈ ’হাউ’ৰ ঘাই
দেউতাৰ কান্ধেৰেই যেতিয়া পদুলিৰে ঘৰ সোমায়
জিৰ জিৰ আঘোণী সপোন
লেচেৰি বোটলাত হেৰাই পাওঁ মোৰ শৈশৱ
নিহালিখন লৈ ৰ’দালেই আইতাই পুহৰ কোমল ৰ’দ
সমগ্ৰ সত্তা জুৰি অনুভৱ কৰো
আইতাৰ চুলিত ’লক্ষীবিলাস’ তেলৰ গোন্ধ
ককাৰ প্ৰথম মৰমৰ চিন |
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ উজনি সোতে বাধা দিলেও যাবই যে লাগিব আগুৱাই
বিশ্বাসেই হব তোমাৰ বিশ্বাসী সহচৰ
সন্ধ্যাতৰা সপোন দেখি মইও ভাল পাওঁ জানা
তথাপিও কাৰোবাৰ সপোনেৰেই যদি বন্ধা থাকে মোক
ভয়াতুৰ হৈ পৰো মই
উৰুঙা উৰুঙা হৈ পৰে ভাৱনাৰ পথাৰ |
ভয় কৰো মই মোৰ দেউতাক, ভয় কৰো তেওঁৰ সপোন
দুখৰ নৈত সাতুৰি সাতুৰিও যে তেও এজন অক্লান্ত যোদ্ধা
যাতনাৰ হাকুটি জোৰাই জোৰাইও যে
তেওঁ পাৰি আনিব খোজে সুখৰ এটুকুৰা জোন |
কোনখন ক্ষোভৰ সাগৰত জানো মানুহজনে
বান্ধিলে অভিজ্ঞতাৰ পাৰ আৰু কব পাৰিলে
“কেবল আদৰ্শৰ নৈয়ে ধুই দিব নোৱাৰে বোপাই
উটুৱাই নিব নোৱাৰে কল-মল কল-মল পেটৰ জুই,
ভোকৰ সময়ত সকলোকে লাগে ভাত
লাজ ধাকিবলৈ নহলেও জাৰ ধাকিবলৈয়ে লাগে কাপোৰ এখনি গাত” |
সন্ধ্যাতৰা দুখৰ বোকোচাতো লৈ ফুৰিছো এয়া ফাগুণত উতলা এটি মন
দেউতাৰ সপোনকো নেওঁচা দি
মোৰ আবেগৰ ধমনিত ধৌৱাই আছে
টগ-বগ টগ-বগ সাটোতা তেজাল ঘোঁৰা
মাৰ মৰমকো এৰি থৈ দুখৰ বতাহতে জলিছে একুৰা জুই |
তুমিটো মৰমৰে এখনি নৈ
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
হ’মনে বাৰু হ’মনে মই
দুখৰ ৰ’দ অথবা সুখৰ বৰষুণ ঢাকিবলৈ
তাৰেই এখনি চৈ.....
কিমান পালাগৈ বাৰু অ’ মোৰ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই !!!!

Monday, July 25, 2011

বৰষুণ

আজি বৰকৈ তিতিলে
খেতিয়কৰ খৰাং হেঁপাহ
এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ
ভৰিত ছটফট মাছৰ লাহ-বিলাহ

ডাৱৰৰ ঠেঁহ ভাগোতে
আকাশমুৱা গছৰ চুবুৰিটো তিতে
কেঁচা ঘাঁহৰ গা জুৰ পৰে
সেমেকি সেমেকি থাকে ৰাতিপুৱা

বৰষুণৰ গানত কি সুৰ, কি ৰাগ?
যি সুৰত নৈখন কাষচাপি আহে
শেলুৱৈ টোপনিৰপৰা সাৰ পায়
প্রতিছটা প্রাচীন শিল

কালি হাবিখনৰ সিপাৰে
খহি পৰা বেলিটো হেনো
আজি গোটেই দিনটো শুব।

Saturday, July 23, 2011

...

তোমাৰ বসন্ত বসন্ত যেন লগা ধেমালিটোৰ আঁৰে আঁৰে
এতিয়া এটি কক্ষ-চ্যুত নক্ষত্র হ’লো মই
অথচ পদুম পাতৰ ছাঁত লালিত পালিত আছিল এই হৃদয়...

Friday, July 22, 2011

শাৰদ: হৃষীৰাজ শৰ্মা


শৰতৰ ঠিকনা নুসুধিবা
শৰত্‍ এনেয়োতো আহিব‍ই
তুমি অহা দেখিলে
নৈখনো ভটিয়াব একেলগে
তোমাৰেই খোজত উখল মাখল
শেৱালীৰ শুভ্ৰ শোভা
মোৰ হৃদয়ৰ সকলো উত্‍সৱ
তোমাৰেই প্ৰেমৰ মণিকাঞ্চন,
সেয়াই শৰত্‍ নহয় যদি আৰুনো কি?

Monday, July 11, 2011

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক
ওভতনি যাত্ৰাৰ বাচখনত খিৰিকী ফাঁকেৰে সেউজীয়াত মগ্ন থাকিব তেওঁ
দুষ্ট বতাহজাকে চূৰ্ণি টানি মেহুৰা কৰি তুলিব
আৰু ওফন্দা লাজ ধাকিবলৈ বাৰে বাৰে ব্যৰ্থ নহ’বলৈ চেষ্টা কৰিব
তেওঁৰ বাবে ম‍ই সেউজীয়া হোৱাৰ প্ৰয়াস কৰিম

নাইবা ধৰক, মহানগৰীৰ ভিৰ ৰাষ্টা পাৰ কৰাবলৈ
বৃদ্ধজনৰ লাখুটিত থকা তেওঁৰ সেই হাতখনৰ প্ৰেমতেই পৰিলো
অথবা গ্ৰন্থমেলাত মোৰ পচন্দৰ কিতাপখন বিচাৰি তেওঁৰ সতে এটা খুন্দা মাৰিলো
বিৰক্তিকৰ ৰেল ভ্ৰমণত সেই কিতাপখন বিচাৰিওতো তেওঁ আহিব পাৰে
"আপুনি কিতাপৰ প্ৰেমিকা নেকি বাৰু ?" ম‍ই সুধিম
তেওঁ ক’ব যে মানৱতাৰ জয়গানে মুগ্ধ কৰে তেওঁক
যিয়েই শেৱালীৰ সুবাস ভাল পায় তেওঁয়েই তেওঁৰ প্ৰেমিক
তেওঁৰ বাবে ম‍ই শেৱালিৰ সুবাস চিঙি আনিম

এই ধৰক, হঠাতে এদিন মোৰ কবিতাৰ প্ৰেমতেই পৰিলে তেওঁ
ধৰক, কবিতাৰ শেতেলীত সামাজিক আঁকি সুখী হয় তেওঁ
উশাহত যাৰ সেৱিত হয় কবিতা অথবা জীৱনৰ গান
মোৰ কবিতাৰ গুচ্ছ উভালি নপৰাৰ জোখেৰে এজাক বৰষুণ হৈ নামিব
বৰষুণ পিবলৈ ফুল হৈ ফুলিম
সাগৰ হৈ মেলি দিম বুকু

এই ধৰক, হঠাতে এদিন প্ৰেমত পৰি গলো তেওঁৰ...

Friday, June 17, 2011

ইচ্ছা

একোছা ঘাঁহ হৈ খামুচি ধৰিবৰ মন গৈছে
বৰপুখুৰীৰ কানৰ সেমেকা গোন্ধৰ মাটি
য'ত চেঁচা বৰষুণ এজাকলৈ ৰ'ব পাৰি গোটেইটো ৰাতি

Saturday, June 11, 2011

ভোক

(১)
ভোক ম‍ই

ছোমালিয়াৰ,

এমুঠি আহাৰ দিয়া
কুঁহিয়াৰীয়া পেটৰ জোখেৰে,
তাতেই বিল গেট্‌ছ ম‍ই |


(২)
ভোক ম‍ই

ৰাজনীতিৰ,

ভিক্ষা দিয়া, ভোটৰ
টকা লোৱা,
ক’লা টকা |


(৩)
ভোক ম‍ই

দুখুনী নাৰীৰ,

নাৰী হেনো ময়ো !
হ’লোয়েইবা কঙ্গাল,
জীয়াই থাকিব দিয়া মোক
পৰ জনমত যৌতুকেৰে উপজিম |


(৪)
ভোক ম‍ই

সোণাগাছিৰ,

খুদকণ দিয়া পেটত,
খলা-বমাখিনি পাবা
ৰাত্ৰিদানেৰে দানী ম‍ই |


(৫)
ভোক ম‍ই

নাগাছাকিৰ,

ভেম্পায়াৰ হওঁ,
তেজ দিয়া, শুহিম
বাৰুদ পাবা আৰু
শুন্যতা |


(৬)
ভোক ম‍ই

বাৰ্দ্ধ্যকতাৰ,

গৰ্ভ দিলো তোমাক,
বীৰ্য্য দিলো আৰু পোহৰ
সংগ দিয়া মোক |


ভোক ম‍ই
একবিংশ শতিকাৰ
অন্তহীন.....

Thursday, June 9, 2011

এটা হাইকু

উন্মাদ সোঁতে বাৰে বাৰে হেঁচুকিলেও
কিয় নাভাগে শিলৰ শেলুৱৈ টোপনি?
হয়তো বুকুত এখন বুৰঞ্জী সামৰাৰ ভাগৰ

Friday, June 3, 2011

খেতিৰ দিনৰ কবিতা

হুৰমূৰাই বাঢ়িছে এপথাৰ ব্যস্ততা
কুঢ়া চৰাইৰ কঠিয়াতলীত
পোনা মাছৰ উলাহ
সমাৰ বোৱা মাটিৰ গোন্ধত
গাভিনী টোমবোৰ পাতল হয়
হোলোঙাত ওলমি
গঙাচিলনীৰ কোঢ়ালবোৰো যায় নেকি কেনিবা?
আলিৰ কানত ভেঁজা দি ৰোৱা
এশাৰী খোকাত বন্দী
ৰাতিৰ সাঁজৰ কল্‌মল্‌ ভোক

ৰংমন অ',
বেলিটোচোন ভাগৰিলেই
তোৰহে ব্যস্ততাৰ শেষ নাই।

Sunday, May 22, 2011

অন্তৰ্দাহ:কুলদীপ মেধি

ৰ’দটো খাওঁ খাওঁকৈ ওলাইছে
পাতত লাগি থকা বিৰিখৰ ডালবোৰৰ
কোৱাৰি ফাটি তেজ ওলাইছে
চোঁচৰি চোঁচৰি সৰি পৰিছে গাৰে
লুণীয়া সৰ
ধূলিবোৰ চকু মোহাৰি মোহাৰি বাট নমনি
ওফৰি পৰিছে পথৰ দাঁতিত
বগলীজাক উৰি গৈছে পছিমলৈ
নীলা ছাতি এটাৰ তলে তলে
নৈখনে হামিয়াই হেকেটিয়াই বৈ আছে
পিয়াহত শুকাই গৈছে অণ্ঠ-কণ্ঠ...

ৰ’দটো ক্ৰমান্বয়ে তীখৰ হৈ পৰিছে
আৰু মোৰ ছালৰ সুৰুঙায়েদি
তাপবোৰ সৰকি সৰকি
ভিতৰখন পুৰি পেলাইছে |

Wednesday, May 18, 2011

এটা সপোন আৰু এজাক মানুহ

মানুহ স্বপ্নাভিলাষী ! মানুহ আত্মাভিমানী !নিজৰ বুলি, দেশৰ বুলি, জাতিৰ বুলি কৈ মানুহ গৌৰৱাম্বিত হ’য় | সেয়েই মানুহ ইতৰ প্ৰজাতিৰ পৰা পৃথক| ভালপোৱা, দুখ লগা, খং উঠা অন্যান্য জীৱ-জন্তুৰো আছে, কিন্তু মানুহ এইবাবেই পৃথক যে মানুহৰ লক্ষ্য থাকে| আৰু ইয়াক পোৱাৰ বাবে অধ্যৱসায় আৰু একাগ্ৰতাৰে কাম কৰাৰ সামৰ্থ্য আছে |
মানুহৰ এনে কিছু সপোন থাকে যি ব্যক্তিগত পৰ্যায়ৰ পৰা বহু ওপৰৰ | ই সমূহীয়া সপোন | ই হ’ব পাৰে এটা জাতিৰ সপোন, এটা প্ৰজন্মৰ সপোন নতুবা সমগ্ৰ মানৱ জাতিৰ সপোন | এনে সমূহীয়া সপোনৰ তাড়নাতেই মানুহে বিশ্বাশান্তিৰ সপোন দেখে, প্ৰযুক্তিগত সুবিধাৰে সুচল আৰু সুসম পৃথিৱীৰ সপোন দেখে |
এনে এক সপোনৰ তাগিদাতেই সৃষ্টি হৈছিল ’সুগন্ধি পখিলা’ৰ | ’সুগন্ধি পখিলা’ এক সপোনৰ বাস্তৱ ৰূপ | অসমীয়া ভাষাটো কম্পিউটাৰৰ পৰ্দাত চাবলৈ পোৱাৰ হেপাঁহত বিভিন্ন ধৰণেৰে চেষ্টা কৰিছিলো এটা অসমীয়া ব্লগ তৈয়াৰ কৰাৰ বাবে | ইউনিক’ডৰ বিষয়ে জনাৰ আগতে কম্পিউটাৰত অসমীয়া লিখাৰ বাবে বিভিন্ন ধৰণৰ সঁজুলিৰে চেষ্টা কৰিছিলোঁ, ৰামধেনু, লীপ-অফিচ আদিৰে অসমীয়া লিখি তাৰ পৰা ইমেজ ফাইল তৈয়াৰ কৰি, ইমেজ সমূহ ব্লগত প্ৰকাশ কৰিছিলোঁ | এনেদৰে এদিন ইন্টাৰনেটেৰে চিনাকি বন্ধু কুলদীপক অনুৰোধ জনালো সুগন্ধি পখিলাত কবিতা লিখিবৰ বাবে | লাহে লাহে মানুহৰ মতামত পোৱা হলো, ইজনে সিজনে ভাল লগা বুলি কোৱাৰ পিছত দুই-এজন বন্ধুলৈ অনুৰোধ পঠাবলৈ আৰম্ভ কৰিলো, আৰু সুগন্ধি পখিলাৰ লিখকৰ সংখ্যাও দুজনৰ পৰা তিনিজন চাৰিজনলৈ বৃদ্ধি পালে, বিভিন্ন জনৰ মতামতো আহিবলৈ ধৰিলে | এদিন এজন বাংলাদেশী পাঠকৰ মন্তব্য পালো, ’অহমীয়া ভাষাৰ ব্লগ অনলাইনে খুউব কম, এই কম সংখ্যক ব্লগেৰ মধ্যে আপনাৰটি একটি, কিন্তু টেক্সট লেখেননি কেন, সব ইমেজ ফাইল | তাহলে তো আপনাৰ ব্লগটি সাৰ্চ ইঞ্জিনে খুঁজে পাওয়া যাবে না |.................. ’ কথাষাৰ পঢ়াৰ পাছত অসমীয়া টেক্সত লিখাৰ প্ৰচেষ্টা আৰম্ভ হৈ গ’ল | কেনেকৈ লিখিব পাৰি অসমীয়া আখৰত? কি সঁজুলি ব্যৱহাৰ হ’য় ইয়াৰ বাবে ? ইন্টাৰনেটৰ বুকু চলাথ কৰি বিচাৰি উলিয়ালো অসমীয়া লিখাৰ সাধন, অভ্ৰ নামৰ এটা অসমীয়া লিখন-সঁজুলিৰে এইবাৰ আৰম্ভ কৰিলো অসমীয়া লিখাৰ প্ৰচেষ্টা | লাহে লাহে এই প্ৰচেষ্টাৰ স’তে জড়িত বিভিন্ন জনৰ লগত আলাপ আলোচনা আৰম্ভ হ’বলৈ ধৰিলে | বিভিন্ন জনৰ পৰামৰ্শ, আগ্ৰহে আমাক প্ৰতিদিনেই নতুনকৈ প্ৰেৰণা দিলে | লাহে লাহে সদস্যৰ তালিকাও বৃদ্ধি পালে | অসমীয়া ইউনিক’ডৰে লিখামেলা কৰি থকা বিভিন্ন জনে আমাৰ সতে সহযোগ কৰি সুগন্ধি পখিলাত লিখিবলৈ আৰম্ভ কৰিলে |
অসমীয়া ভাষাক ইন্টাৰনেটৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াসেৰে বিভিন্ন জনে বিভিন্ন ধৰণেৰে এই যাত্ৰা অব্যাহত ৰাখিছে | আমিও এই যাত্ৰাত যোগ হ’লো | এই প্ৰয়াসত বিভিন্ন জন বিভিন্ন ধৰণেৰে জড়িত হৈ আছে | কোনোবা জন ইউনিক’ডক জনপ্ৰিয় কৰাত ব্যস্ত হৈ আছে, কোনোবাজন সাহিত্য, কবিতাৰ চৰ্চাৰে ইয়াক আগুৱাই লৈ যোৱাত ব্যস্ত হৈ আছে |কিন্তু সকলোতকৈ মন কৰিবলগীয়া দিশ কেইটামান হ’ল-পাৰষ্পৰিক সহযোগিতা আৰু পুৰণি প্ৰজন্মৰ আগ্ৰহ !ইন্টাৰনেটৰ বুকুত অসমীয়াত লিখা আখৰ কেইটি দেখা পাই স্বয়ংক্ৰিয় ভাৱেই বহু জনে প্ৰশ্ন কৰে ইয়াত অসমীয়া কেনেকৈ লিখে? আৰু তাৰ সঁহাৰিত বহুজনে নিঃস্বাৰ্থভাৱে শিকাই দিয়ে-কেনেকৈ অতি সহজতে অসমীয়া লিখিব পাৰি | অসমীয়া সাহিত্যৰ দুই-এজন জ্যেষ্ঠ সাহিত্যিক-লিখককো যেতিয়া এই তালিকাত দেখা পাওঁ, মনটো এক অনাবিল আনন্দত ভৰি উঠে | কিবা এক প্ৰাপ্তিৰ আনন্দ জাগে |
এক ক্ষুদ্ৰ প্ৰয়াসেৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল | ইয়াৰে আঁত ধৰি লাহে লাহে চিনাকি হোৱা পৃথিৱী খনৰ মায়াই আমাক নিঃস্বাৰ্থভাৱে কাম কৰি যোৱাৰ প্ৰেৰণা দিয়ে | লাহে লাহে পৰিসৰ বৃদ্ধি হ’বলৈ ধৰা অসমীয়া ইউনিক’ডৰ পৃথিৱীখন আৰু ব্যাপ্ত হৈ পৰক, অসমীয়া ভাষাটো স্বকীয়তাৰে উজলি উঠক বিশ্ব-দৰবাৰত !

Monday, May 16, 2011

আইতা : মিতালী বর্মন


ঘৰ এটা সজালোঁ,
কংক্ৰিটৰ নহয়, কেঁচা মাটিৰ ৷
তোমাৰ বাঁহনিৰ বগলী বহা
দুজোপামান বাঁহ আৰু
খেৰৰ কেইটামান মুঠিৰে
আইতাৰ ভেটিতে ঘৰটো সজালোঁ ৷

গোৱৰ মাটিৰে লেপা বেৰত
মাজে মাজে সাৰ পাই উঠে
আইতাৰ টুকুৰা-টুকুৰ স্বপ্নৰ
ক'লা মণিৰ চকুযুৰি ৷
খুটাৰ পাবৰ সাঁচতীয়া ধনত
কঁপা কঁপা আঙুলিৰ ফুলবচা নাচোন
চুকে-কোণে ফুলি উঠে
আইতাৰ হাইতাল বৰণীয়া হাঁহি
বতাহত উমলি ফুৰে খুন্দা তামোলৰ গোন্ধ !
মাটিমাহৰ আঞ্জাত মিথিগুটিৰ তেলনিয়ে
নাকৰ আগতে আহি অগা-দেৱা কৰে
জোনাকৰ বহল চোতালত আইতাৰ সাধুৱে
নিৰ্ভয়ে ইফাল সিফাল কৰে
আজিও আমাৰ কাণৰ কাষতে
ইচাট-বিচাট কৰে 'কাণখোৱাৰ গীত'

জুহালত তুঁহগুৰিৰ উম
পুহমহীয়া ঘৰৰ চালেদি
আইতাই চকুপানী টোকে
পছোৱাত ডেউকা কোৱাই ঢপঢপাই
উৰি যায়
বাঁহনিৰ বগলীজনী
কুলিৰ বিননিত কপৌজুপিয়েও
ঘৰৰ খুটাতে বগুৱাবাই যাব খোজে

কেতিয়াবা সময় পালে
মোৰ কেঁচা মাটিৰ ঘৰটোলৈ
এবাৰ আহিবাচোন ৷
হেৰাই পাবও পাৰা
ফ্ৰেমত বন্ধা এখন আধা-জ্বলা ফ’টো ৷
--------------

Sunday, May 15, 2011

আউল লগা কবিতা

জোনাকীৰ পিঠিত কবিতা এটিয়ে লিখিবলৈ চেষ্টা কৰি আছে মোক |
শব্দৰ ৰিক্ততাত বাৰে বাৰে শুকোৱাৰ উপক্ৰম হয় চিয়াঁহী
শুকান নীলাৰ টুকুৰা এটাই বখলিয়াই আনিছে এলান্ধুময় এমখল স্মৃতি
স্মৃতিৰ বেজাৰত ভাগৰি পৰে কবিতা
শুকান বেজাৰ, ধুষৰ কবিতা....
জোনাকীয়ে আগুৱাই কবিতালৈ ৰিঙিয়ায়
নীলাত ভেজা দি পুনৰাই আগবঢ়াৰ চেষ্টাত এটি কবিতা |
শুকান টুকুৰাত যে বাৰে বাৰে ৰৈ থাকে উজুটি
জোনাকী আগুৱায়......
হঠাত্‍ নামি অহা বৰষুণজাকত গলিব ধৰিছে এলান্ধু
চিয়াঁহীত আউল লাগে,
জোনাকীৰ পিঠিৰ পৰা সৰি পৰে পিছল কবিতা
এন্ধাৰত পোত গৈ কবিতা এটিয়ে পঢ়িবলৈ চেষ্টা কৰি আছে মোক |

Sunday, May 8, 2011

কেতিয়াবা নিজানত

তোমাক ক'ম ক'ম বুলিয়েই বুকুতে ৰ'ল
ভালপোৱাৰ কঁপা কঁপা আখৰ
এতিয়া উকলি যোৱা সময়বোৰে
অকলে অকলে উচুপে
এতিয়াও ক'ৰবাত
মৌ-চাপৰিৰ ঐনিতমৰ সুৰ এটা হৈ
বাজি থাকা
ঐনিতমবোৰত বাৰু কিয় ইমান বেজাৰ??
(মৌ-চাপৰি যোৰহাটৰ এক নৈ চাপৰি।)

Saturday, May 7, 2011

মা

শেঙুণ উজাই উজাই হঠাতে এদিন সুধিছিলো
বুঢ়ী হ’লে তোক কি বুলি মাতিম মা ?
উচপ খাইছিলি তই !
সময়ৰ বোকোচাই কঢ়িয়াই নিব নেকি মোকো
যৰ পৰা ঢুকি নাপাম তোৰ দৰদী কোলা ?
তই চিন্তা নকৰিবি মা
তোৰ মমৰঙী চুলিয়েও মোক ডাঙৰ কৰিব নোৱাৰে দে
হৃদয়খন মোৰ কংক্ৰিটেৰ নবনাওঁ দে মা
আজুৰি আনি বিক্ৰী নকৰো দে আনৰ ওচৰত |
নাতিয়েৰক সাধু শিকাবিনে তই মা.......তেজিমলা, বুঢ়ী আই,লটকন
শিকাবিনে তই তৰা গণিবলৈ ?
পিঠাৰ জুতি নাপালে বোৱাৰীয়েৰক তইয়েই শিকাবি,
বুঢ়ী হ’লেওঁ তোক মা বুলিয়েই মাতিম
মই লাজ নকৰো দে মা

গ্রীষ্মৰ স্তৱক: নিয়ৰপৰশ

গ্রীষ্মৰ স্তৱক
(১)
চেৰ্‌চেৰীয়া ৰদত দিনটোৰ আয়ুস বাঢ়িছে
উশাহত হুৰ্‌মূৰকৈ উজাই আহিছে শুকান নৈখন
ৰুক্ষ বতাহতে কঁপে আগলি কলাপাত ..
(২)
শীর্ণ কাকডোঙা,
তাতেই নামিছে দুপৰৰ বেলি
দুকাষে উলুৱনি জোপোহাত লৰে
কপহুৱা পতাকা ..
(৩)
ৰৈ আছোঁ,
বৰষুণজাক আহিলেই মই
শুকান মাটি হৈ তিতিম
এখিলা পাত হৈ পখালিম গা
খেলিমেলিকৈ বাজি থাকিব
ৰাগ মেঘমল্লাৰ ..
(৪)
ক'লা ডাৱৰৰ জাকৰুৱা উছাহত
আকাশ যেতিয়া গধুৰ হ'ব
তেতিয়াই সৰিব জাকৰুৱা বৰষুণ
উলাহৰ গীত এটা তাত ৰৈ ৰৈ তিতিব ..

(মোৰ অন্য কবিতা সমূহ পঢ়িবৰ বাবে http://niyorporoshchandancp.blogspot.com/ চাওক)

‘পঢ়াত চোকা’ হ’বলৈ পঢ়িব লাগিব



জীৱন-যাত্ৰাৰ কোনো কোনো বিশেষ মুহূৰ্তত আমি প্ৰত্যেকেই অপ্ৰয়োজনীয়ভাৱে অত্যাধিক পৰামৰ্শৰ মুখামুখি হোৱাৰ অভিজ্ঞতা লাভ কৰোঁ। সেই পৰামৰ্শৰ বৰষুণজাকত তিষ্ঠি থাকিবলৈ বা নিজৰ পৰৱৰ্তী কাম-কাজৰ ক্ষেত্ৰত সঠিক দিশত আগবাঢ়ি যাবলৈ ব্যক্তি এজনক জ্ঞান, দৃঢ়তা, অভিজ্ঞতাৰ পৰা আহৰণ কৰা শিক্ষা, নিজৰ লক্ষ্যৰ দূৰত্ব সম্পৰ্কে সুস্পষ্ট ধাৰণা আদিৰ প্ৰয়োজন হয়। কোনো বিবেচনাক্ষম ব্যক্তিৰ পৰামৰ্শইয়ো সেই সময়বোৰত সহায় কৰে।

এখন বিশ্ববিদ্যালয়ৰ এটা বিভাগত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰসকলক প্ৰথম অৱস্থাত বিভাগটোৰ তৃতীয় ষাণ্মাসিকৰ কেইজনমান ছাত্ৰ আৰু সেইটো বিভাগৰ পৰা ইতিমধ্যে স্নাতকোত্তৰ ডিগ্ৰী লোৱা কেইজনমান ছাত্ৰই গোটাই লৈ খুব পৰামৰ্শ দিবলৈ লৈছিল। ময়ো সেই নৱাগত ছাত্ৰসকলৰ মাজৰে এজন আছিলো। স্নাতকোত্তৰ ডিগ্ৰী লোৱা ছাত্ৰ এজনে নেট(NET) আৰু গেট(GATE) পোৱা তেওঁলোকৰ সহপাঠী এজনৰ কথা জনাই কেইবাদিনো এনেধৰণৰ কথা কিছুমান কৈছিল- ইয়াত বেছি পঢ়াৰ দৰকাৰ নাই। সিতো আমাৰ লগৰ সৱতকৈ কম পঢ়ে। দিনৰ দিনটো কাণত ফোনটো লৈ কথা পাতি থাকিব! টেবুলত কেৱল বহিকেইখনহে থাকে, কিতাপ-পত্ৰও একো নলয়...... পঢ়া পঢ়া বুলি বেছি গুৰুত্ব দিয়া কেইটাই একো কৰিব নোৱাৰিব- চাবি, নপঢ়াকেইটায়েই নেট লগাব... মাজে মাজে অশ্লীল, কিছু আমোদ প্ৰদানকাৰী, কিছু পৰামৰ্শ তথা নিৰ্দেশমূলক আৰু বহুতো কথা। বাৰে বাৰে সেই একেই পৰামৰ্শবোৰ শুনিবলৈ বাধ্য হোৱা বাবে নৱাগতসকল প্ৰথমে বিৰক্ত হৈছিল আৰু তাৰ পিচত তেওঁলোকে কি সিদ্ধান্ত লৈছিল মই নাজানো, মাথো তেতিয়া মই ভবা কথাটো হল- মই নিজে তেনেকুৱা পৰামৰ্শ নিদিলোহেঁতেন বা নিদিওঁ। পিচলৈ সেই লৰাজনৰ চিন্তাধাৰা, ব্যৱহাৰ আদি লক্ষ্য কৰি মোৰ মনত ভাৱ হয় যে তেওঁ নিজস্ব বিবেচনাখিনি প্ৰদৰ্শন কৰিবৰ বাবেই কথাখিনি কৈছিল, এটা পৰামৰ্শ কাৰোবাৰ উপকাৰত আহিবনে নাহে, পৰামৰ্শটো কোনোবাই গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী হবনে নহয় সেইবোৰ চিন্তা তেওঁৰ নাছিল, অৱশ্যে কাৰোবাৰ অপকাৰ হোৱাৰ উদ্দেশ্যেৰেও তেওঁ কোনো কথাই কোৱা নাছিল। আৰু সেই নেট পোৱা লৰাজনৰ সম্পৰ্কে ভাবিছিলো যে, হয়তো তেওঁ খুব কম সময়তে বিষয়টোত গভীৰ মনোযোগ বহুৱাব পৰা বাবেই কম সময় পঢ়িও তেওঁ ভাল ফল দেখুৱাব পাৰিছে; কাৰণ তীক্ষ্ণ ছাত্ৰ-ছাত্ৰীসকলক(বিশেষকৈ গণিতৰ ছাত্ৰ-ছাত্ৰী) লক্ষ্য কৰি দেখোঁ যে তেওঁলোকে খৰটকীয়াকৈ বিষয়(topic) এটাৰ বহুকেইটা দিশ বিবেচনা কৰিব পৰে আৰু এই গুণটো তেওঁলোকে লাভ কৰে কেৱল কঠোৰ অনুশীলনৰ জড়িয়তে।

বছৰ পাৰ হোৱাৰ লগে লগে আমি লগ পোৱা মানুহৰ সংখ্যা বাঢ়ি যায়। এই সংখ্যা যিমানে বাঢ়ে আমাৰ এটা উপলব্ধি গাঢ় হৈ যায়- প্ৰতিজন মানুহেই আনতকৈ বেলেগ কিছু কথা হলেও জানে আৰু কোনো এটা ঘটনাৰ প্ৰতি প্ৰতিজন মানুহেই এটা নিজস্ব দৃষ্টিভংগী গ্ৰহণ কৰে, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হল আমি প্ৰত্যেকেই জনা কথাবোৰৰ বহুতো ভুলকৈ জানো। এক দোধোৰ-মোধোৰ অৱস্থা পাৰ কৰি এটা সিদ্ধান্ত লব পাৰিলে আমি আনন্দ লাভ কৰোঁ, কিন্তু বহু সময়ত আমি একোটা ভুল সিদ্ধান্ত লওঁ। মই নিজেও বহু ভুল কৰিছো; অগ্ৰজ, সমনীয়া, আনকি অনুজেও মোৰ ভুল দেখুৱাই দিছে। ভুলকৈ জনা, ভুল দৃষ্টিভংগী গ্ৰহণ কৰা, ভুল সিদ্ধান্ত লোৱা – এইবোৰ কমাই যোৱাটোও শিক্ষা আহৰণৰ এক উদ্দেশ্য। আমি এজনে আনজনক শুদ্ধ কথাবোৰ জনাব লাগিব।

প্ৰায় চাৰি মাহৰ পিচত বিশ্ববিদ্যালয়তে চলা এখন কৰ্মশালাত সেই নেট পোৱা লৰাজনৰ সৈতে একেলগে অংশ লবলৈ পালো। কৰ্মশালাখন চলিছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ বন্ধ থকা এটা মাহৰ কেইটামান দিনত। কৰ্মশালাৰ আগৰ কেইদিন ঘৰত আছিলো। কিবা কথা জানিব লগা থাকিলে বা ইণ্টাৰনেটত কোনো তথ্যৰ সন্ধান কৰিবলগীয়া থাকিলে সেইবোৰ মনলৈ অহা লগে লগে বহি এখনত লিখি থওঁ। নিজাকৈ ইণ্টাৰনেট সংযোগ লোৱা নাই বাবে ঘৰত থকা কেইদিনত বহিখনত লিখা বিষয়ৰ সংখ্যা বহুত বৃদ্ধি পালে আৰু আমাৰ বিশ্ববিদ্যালয়ত Wi-Fi সুবিধা আছে বাবে কৰ্মশালাৰ দিনকেইটাত হোষ্টেলত থকা সময়খিনিত কেৱল ইণ্টাৰনেটত তথ্য খুঁচৰি থকাতে লাগি আছিলো। তেনেকৈ এদিন তথ্য খুঁচৰি থাকোঁতে মই থকা কোঠাটোতে সেই লৰাজনে কেইজনমানৰ সৈতে তাচ খেলি আছিল আৰু আন কেইজনমানে চিনেমা চাই আছিল। সৱেই নিজৰ নিজৰ কাম মনোযোগ দি কৰি থকা যেন দেখি ময়ো মোৰ কাম মনোযোগেৰে কৰাত লাগিলো। এবাৰ ফিল্ডছ মেডেল (Fields Medal) বিজযী এজনৰ বিষয়ে পঢ়ি আছো। তেনেতে লৰাজনে গণিতজ্ঞজনৰ নাম উচ্চাৰণ কৰি বা...! তই এওঁৰ প্ৰফাইল উলিয়াইছ নেকি বুলি হাতত তাচপাত লৈয়েই মোৰ লেপটপটোৰ সমুখলৈ উঠি আহিল। মোৰ কৌতূহল বাঢ়ি, সুধিলো- আপুনি তেখেতক কেনেকৈ চিনি পায়?ৰবাত লগ পাইছিল নেকি? কেইমাহমানৰ আগতে হায়দৰাবাদত আন্তৰাষ্ট্ৰীয় গাণিতিক সংঘৰ আন্তৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল। চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই সন্মিলনখন অতি বিখ্যাত আৰু সৰ্ববৃহ গাণিতিক সন্মিলন, যত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুতো শ্ৰেষ্ঠ গণিতজ্ঞই অংশগ্ৰহণ কৰে। ভাৰততে সেইবাৰ সন্মিলনখন অনুষ্ঠিত হোৱা কাৰণে আমাৰ দেশৰ বহুতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে ইয়াত উপস্থিত থকাৰ সুযোগ পাইছিলগতিকে গণিতজ্ঞজনক লৰাজনে লগ পোৱাটো সম্ভৱ হব পাৰে বুলি মই প্ৰশ্নটো কৰিছিলো। তেওঁ মোক কিছু আচৰিত কৰি এটা কথা কলে (এই প্ৰৱন্ধটোৰ প্ৰথম অংশ যদি মনত আছে তেন্তে পাঠকসকলে আমোদ পাব!)-তেওঁ কলে, নহয়, মই লগ পোৱা নাই। যোৱা বছৰ তেওঁৰ কিতাপ এখন পঢ়িছিলো, ইমান ভাল কিতাপ মই আগতে পঢ়াই নাই।” ল’ৰাজনে কিতাপখনৰ বৰ্ণনা দি সেইখন মোকো পঢ়িবলৈ উপদেশ দিলে আৰু touch pad লৈ আঙুলী নি মই চাই থকা পৃষ্ঠাটোত গণিতজ্ঞজনৰ আন কিতাপবোৰৰ সন্ধান কৰিবলৈ ধৰিলে। মাজতে পেলাব লগীয়া তাচপাতখিলাও তেওঁ পেলাই থৈ আহিল....

লগে লগে মই ভাবিবলৈ ধৰিলো- এক বছৰৰ আগতে ল’ৰাজন তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ আছিল আৰু তেতিযাই তেওঁ পাঠ্যপুথিৰ বিষয় খৰচি মাৰি জানি উঠাৰ উপৰিও ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞজনৰ কিতাপ পঢ়িও হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰিছিল, যিখন কিতাপৰ নাম বা গণিতজ্ঞজনৰ নামো সেই সহপাঠীকেইজনে নাজানে অথচ তেওঁলোকে ল’ৰাজনে নপঢ়েই বুলি ব্যাখ্যা আগবঢ়ালে! আন এটা দিনত ল’ৰাজনে কৈছিল যে PhD scholarship ৰ প্ৰথম দুমাহৰ ধনখিনি লৈ ত্ৰিশ হাজাৰমান টকাৰ কিতাপ কিনি ল’ব।

মই ক’ব বিচৰা কথাখিনি সকলোৱে নিশ্চয় বুজি পাইছে। কৰ্মশালাখনৰ লগত জড়িত কেইবাটাও কথাই মোক কিছুমান দিশ দেখুৱাইছিল। ইয়াৰে আৰু এটা হ’ল: তাত অংশ ল’বলৈ অহা কলেজীয়া ছাত্ৰকেইজনমানে ডেক্সবোৰত কলমৰ আঁকবাঁকবোৰ দেখি চঁক খাই এজনে আনজনক কোৱা শুনিছিলো- “ঐ ঐ চা, ইয়াতো ডেক্সত আঁকে!!”

Friday, May 6, 2011

তোমালৈ: হৃষীৰাজ শৰ্মা



মোৰ হৃদয়ৰ পৰা বহু দূৰৈত তোমাৰ প্ৰেমৰ ষ্টেচন
ভালপোৱাৰ উকি মাৰি নিশাৰ ৰেলগাড়ী চলে
আমাৰ মৰমক শেষ গাড়ীখন বুলি ভাবিছিলোঁ
আৰু ভাবিছিলোঁ তোমাৰ হৃদয়ৰ ষ্টেচনৰ ময়েই একমাত্ৰ যাত্ৰী |

তোমাৰ বুকুখনৰ একোণ কোনোবা চহৰত হেৰাই আছিল
কোনোবা চহৰৰ এক আন্ধকাৰ গলিত
তুমিও প্ৰেমৰ ঠিকনাত বিজ্ঞাপন দিছিলা |
তোমাৰ বিজ্ঞাপনৰ এটুকুৰা মোৰ হৃদয়তো থিতাপি লৈছিল কাহানিবা
নজনাটোৱেই ভাল আছিল
যে তুমি তেতিয়া উকা কাগজত কবিতা লিখিবলৈ আৰম্ভ কৰিছিলা |

সকলোবোৰ বাৰিষা গুচি যোৱাৰ পাছত
মোৰ হৃদয়খন তোমাৰ বাবে পথাৰ আছিল
পলসুৱা আছিল প্ৰেম
দূৰ্বল শপতবোৰ আছিল তোমাৰ বাবে আকাশ
আৰু ডাঁৱৰৰ প্ৰতি মোৰ শতিকাৰ ভেম
ভয় মাথোঁ একেটাই,
বৰষাৰ কোনো দিন বাৰ নাই..||

Saturday, April 9, 2011

তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ? :হৃষীৰাজ



তোমাৰ শব্দবোৰেৰে মোৰ উশাহ আৰু
তোমাৰ ভাৱনাবোৰ মোৰ মন শৰতৰ জোনাক |
তুমি প্ৰেমৰ ৰাগীৰ এপিয়লা ৰঙা মদিৰা
আৰু ম‍ই ব্যকুল সেই নিচাত উতলিবলৈ
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?
তুমি ৰৈ আছা দূৰণীত,
বন্ধ তোমাৰ চৌপাশ
ম‍ই বিশৃংখল, মোহান্ধ, ভয়াৰ্ত
নাজানোঁ, কেতিয়ালৈ মুকলি হ
তোমাৰ আঁচলত আবদ্ধ সেই জোন ;
যাৰ জোনাকত তিতি বুৰি
কবিতা লিখাৰ হেঁপাহ মোৰ বহুদিনৰ |
তোমাৰ চকুৰ পতা জাপ খাওঁতেই কিজানি
প্ৰাণ পাই উঠে হুছেইনৰ তুলিকা ,
তোমাৰ চাৱনিৰ বৰষাত গাভৰু হয়
মোৰ হৃদয়ৰ মোহনা |
তুমি হিয়াত ৰুণু ৰুণু সুৰ তুলি যোৱা
এটি পাহাৰী চিফুঙৰ মাত ,
বেলি লহিয়াওঁ লহিয়াওঁ কৰা এটি পথৰুৱা বাট |
তোমাৰ পদূলীত এজুপি খৰিকাজাঁই দেখিলোঁ; ৰাতিপুৱা,
ৰূপোৱালী হাঁহিবোৰেৰে সি ফুলি উঠিছে |
সেউজীয়া জপনাখন খুলি থ’বা আলফুলে,
কিজানি সোমাবলৈ পাৰোৱেই ধীৰে ধীৰে |
আৰু কত পৰ ৰখাই থ’বা মোক, বসন্তৰ ঠিকনা বিচাৰি
শীতৰ বাতৰি বিচাৰি
নৈৰ বিষাদ বিচাৰি
আকাশৰ অভিমান বিচাৰি
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?

Monday, April 4, 2011

যান্ত্ৰিক: মিতালী বৰ্মন

অনুভৱবোৰ কিনিব পৰা হ'লে!
ভিন্ন স্বাদৰ অনুভৱবোৰ!!
প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি
প্ৰেমৰ শ্ব'ৰুমৰ দুৱাৰদলিত
প্ৰেম নোপোৱাবোৰে পাবলৈ
পোৱাবোৰে আৰু বেছি পাবলৈ
পায়ো হেৰুৱাবোৰো আহিব
আকৌ এবাৰ ভাগ্য জুখিবলৈ

দৰ-দাম কৰিব৷
আটাইতকৈ চৰা দামত
বিক্ৰি হ'ব সুখী অনুভৱবোৰ!
মুখৰ আগত চেঙা লুটি খাই
পৰি থাকিব দুখবোৰ....


প্ৰেমিকবোৰে কেৰাহিকৈয়ো চাব নুখুজে
দুখী অনুভৱবোৰ
ভয় হয়---- কি ঠিক
ডিচকাউণ্টৰ প্ৰলোভন দি
টানি টানি মেৰিয়াই
পিন্ধাই দিয়ে যদি দুখৰ পোচাক!


মহঙা দিনৰ গোলকীয় কায়দা....
প্ৰেমিকবোৰে বুজিয়েই নাপায়
দৰ-দাম কৰি কৰি
চৰা দামত কিনা
প্ৰেমৰ বজাৰৰ সুখবোৰৰ লগত
বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ!!
      ------------------

Saturday, April 2, 2011

স্মৃতিৰ উদ্যান

মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান

অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’

শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম

অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ

অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ

Thursday, March 17, 2011

শামুক : মিতালী বৰ্মন

       
এখন সাগৰৰ দুষ্যন্ত প্ৰেমত
মই শকুন্তলা
তোমাৰ দুবাহুৰ অগ্নিগড়ত
ঊষা হ'ব বিচাৰোঁ মই
অথচ মোৰেই স্বপ্নেৰে
আশাৰ পাল তৰা এজাক মানুহ
মোৰ মাজতেই সিহঁতে বিচাৰে
সুখৰ এচমকা উৰ্মিলা হাঁহি৷
  -------------------

Wednesday, March 9, 2011

মইও এদিন ৰাজনীতিত যোগ দিম!

     বৰ্তমান যুগত এটা শব্দ শুনিলেই মানুহে নাক কোঁচাব খোজে, সেইটো হৰাজনীতি ৰাজনীতি শব্দটো ইমানেই বেয়া বুলি ভাবে যে ইয়াৰ নাম শুনিলেই কিছুলোকে সাত জাপ মাৰে কিন্তু ৰাজনীতি বাদ দি এখন দেশ অথবা সমাজ চলিব পাৰে জানো? সেই তাহানিৰ ৰজা মহাৰজাৰ দিনৰে পৰাই ৰাজনীতি শব্দটোৱে সমাজৰ এক অপৰিহাৰ্য্য অংগ হিচাবে চিহ্নিত হৈ আহিছে। কিন্তু আজি সমাজত ৰাজনীতিৰ প্ৰতি ৰাইজৰ ইমান বিতৃষ্ণা কিয়? ৰাজনীতি কেতিয়াও বেয়া হব নোৱাৰে, ইয়াক কলুষিত কৰি তুলিছে মাথোঁ কিছুমান ভণ্ড তথাকথিত ৰাজনীতিবিদে আজি চৌদিশে দুৰ্নীতি, সন্ত্ৰাসৰ পয়োভৰ আমি চৰকাৰ, ৰাজনীতিবিদক গালি শপনি পাৰি তত্ নাপওঁ। কিন্তু আমি এবাৰ ভাবি চাইচোনে যে কাৰ কাৰণে এওঁলোকে ক্ষমতা ভোগ কৰি আছে? আমিয়ে জানো এওঁলোকক ভোট দি জয়যুক্ত কৰি অহা নাই?  কিহৰ কাৰণে হবলৈ পাইছে এইবোৰ? আমাৰ অমনোযোগিতাৰ কাৰণেই নহয়নে? ৰাজপথত দুৰ্নীতিৰ বিৰুদ্ধে কিমান টেঁটু ফালিব আৰু? এনেধৰণৰ নেতিবাচক প্ৰশ্নবোৰে আমাৰ সকলোৰে মনটো ভাগৰুৱা কৰি তোলে। তেন্তে ইয়াৰ উপায় কি? এটাই হয়তো উত্তৰ, আমি যুৱ প্ৰজন্মটো ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱাটো কাৰণ এতিয়া সমাজ পৰিৱৰ্তন কৰিবলৈ ৰাজনীতিয়েই এটা ভাল হাথিয়াৰ শিক্ষিত নৱপ্ৰজন্মৰ যুৱ সমাজ যদি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয় তেন্তে ৰাজনীতিৰ গোটেই স্বৰূপ টোৱেই সলনি হৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস সকলো ব্যক্তিৰেই আছে নিজস্ব এক নীতি আৰু আদৰ্শ, সেইবাবে ৰাজনৈতিক দল যিয়েই নহওঁক কিয়, এজন সৎ লোকে যিকোনো ৰাজনৈতিক দলৰে ভাৱমুৰ্তি নিকা কৰি তুলিব পাৰে। কথাতে কোৱা হয়, "লংকালৈ যিয়েই যায় সিয়েই ৰাৱণ হয়" কিন্তু লংকালৈ ৰামো গৈছিল,ৰাম কেতিয়াও ৰাৱণ হৈ উভতি অহা নাছিল এটা সময়ত ভাবিছিলো এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ কিন্তু এতিয়া ভণ্ড ৰাজনীতিবিদ সকলৰ শ্ৰুতলিপি শুনি কাম কৰা সেই বিষয়া সকলৰ অৱস্থা দেখিলে পুতৌ ওপজে অৱশ্যে তাৰে মাজত কিছুমান নিষ্ঠাবান বিষয়াও দেখা যায়, যিসকলে কিবা এটা কৰিবলৈ বিচাৰে কিন্তু ৰাজনৈতিক মেৰপাকত সি সম্ভৱ হৈ নুঠে। এতিয়া আপুনি নিজকে সোধক, দিন ৰাতি একাকাৰ কৰি পঢ়ি শুনি হোৱা এজন প্ৰশাসনিক বিষয়াৰ ক্ষমতা বেছি নে এগৰাকী দুই তিনিবাৰ মেট্ৰিক ফেইল কৰা ভণ্ড ৰাজনীতিবিদ এজনৰ ক্ষমতা বেছি? ইয়াৰ দ্বাৰা যদিও মই প্রশাসনিক বিষয়া সকলক হেয় জ্ঞান কোনো কাৰণতে কৰা নাই, কিন্তু ই বৰ্তমান সামাজিক প্ৰেক্ষাপটত এখন প্ৰকৃত ছবি।
     কিন্তু আমি আমাৰ কেৰিয়াৰ বাদ দি ৰাজনীতিৰ পথাৰত কেনেকৈ নামিম? লাখটকীয়া প্ৰশ্ন এটা! ইয়াৰ বাবে আমি নিজকে স্বাৱলম্বী কৰি তুলিব লাগিব এতিয়া নহলেও হয়তো কিছু বছৰৰ পাছত কম্পিউটাৰত বহি, নিজৰ ৰাজ্যৰ বাহিৰত থাকি হা হুমুনিয়াহ কাঢ়ি থাকিলে নিশ্চয় একো নহব, যেতিয়ালৈকে আমি হাতে কামে নালাগো। উপদেশতকৈ সদায় আৰ্হি ভাল কিছুবছৰ পাছত হয়তো ময়ো ৰাজনীতিত যোগ দিম! এখন নিকা দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ আশাৰে! লংকালৈ মইও যাম, কিন্তু ৰাৱণ নহওঁ এয়া এক দৃঢ় বিশ্বাস

Tuesday, March 8, 2011

গীতৰ কথা

বাবু- (১)

আঁচুতীয়া কৈ থৈ দিয়া মোক
হৃদয়ৰ সোণৰ সঁজাত,
হিম চেঁচা যেন মৰমেৰে মোক,
লৈ যোৱা গানৰ দেশত
গুণ গুণ গানত ,
ঢৌ উঠে মনত,
প্ৰীতি সৰে মিঠা সুৰত,
চন্দ্ৰ মণি বিচাৰো যি
প্ৰতি অন্তৰেৰে কোমল ভাঁজত..
কাষলে অহাৰ সপোন জাগে,
আঁতৰি গ’লে দিঠকে মাৰে,
কিনো যে ভাবোঁ, কিনো যে কৰো
দুয়োটা দুই দিশে যায়,
আঁতুৰ আঁতুৰ ওঠৰে গান
তুমি ছাগে শুনিছাই,
আঁচুতীয়া কৈ থৈ দিয়া মোক..
ঘুমটি আহে, আহে ভাঁগে,
পলক খুলি থৈ ৰাতি ৰওঁ সাৰে,
বুকুৰ প্ৰতি উঠা নমাত,
তোমাক ৰাখিছো সঁচাই
আঁতুৰ আঁতুৰ ওঠৰে গান
তুমি ছাগে শুনিছাই,
আঁচুতীয়া কৈ থৈ দিয়া মোক.. (বাবু- অচিনাকী মন )




(১)
আগলি বাহঁৰে গগনা বজাওঁ
মাতে লাহৰি লাহৰি কৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা..?
ঘুমটিৰ বেলাতে,
চিকুণী সপোনে,
তোমাক আনি বুকুতে থয়...

ফুটুকীয়া সেই ফৰক চোলাটিৰে,
তোমাকে পাইছিলো ল’ৰালিত,
ফলি-কিতাপ লৈ বহিছিলা গৈ,
পাঠশালাৰে বাঁকৰিত,
হেঁচুকি থৈ যায় অতীতে...
হাতে বাউলী, সোঁৱৰণে মাতে,
মনটো যায় নিতে গাঁৱলৈ..

ছতিয়নাজোপা একেই আছেনে,
তোমাৰ নঙলা মুখতে,
দুয়োৰে শৈশৱ লগতে ৰাখি থৈ
কুক-ভা এতিয়াও খেলানে..?
নৈ পৰীয়া বা ৰুন্জুন..
উভতি আহিছো আপোন গাঁৱলৈ
আছা হ’বলা বাটে চাই...

আগলি বাহঁৰে গগনা বজাওঁ
মাতে লাহৰি লাহৰি কৈ,
দেখিবৰে পৰা তোমাকে চাওঁ,
চকু নাযায় আন কালৈ,
লগৰী বোলোনে কোৱানা..? (জুবিন - জোনাকীমন )

(২)

মন যায়…..মোৰো মন যায়…
চকুত চকু থৈ চাবলে,
লাহে লাহে ওচৰ পাবলে’
কাষে কাষে খোজ দিবলে,
মন যায়…
তোমাক দেখা পালে সপোন জাগি উঠে
বুকুখনি হয় তাজমহল..
মন নদী হৈ মৰম সুঁতি বয়,
ঢৌ বোৰো তাত হয় সাঁথৰ,
সমুখত যেতিয়া তোমাক দেখোঁ,
যাযাবৰ অভিমান মুঠিতে ৰাখোঁ,
মন যায়….
মোৰ বুলিবলে আছেহি বুকুত,
মৌ মিঠা তোমাৰে অনুভৱ
ভয় লাগে জানা কথাৰে ক’বলে,
নাম দিয়া জানোচা শিহৰণ
ক’বানে কিয় এনে ভাললগা,
অসহায় অসহায় নিৰৱতা,
মন যায়…
উদাসী উদাসী চকুৰ পলকতে
যোৰ সপোন আহি বহে,
চুবুৰীয়া বহু শিহৰণে আহি
মোক অকলশৰীয়া কৰে,
মোৰ খোজৰ বাটত ছায়া নামে,
তুমি পোহৰ দিয়া সাহনো বাঢ়ে,
মন যায়…
আৰু কিছুবেলি দেখা দিবা নেকি..
তোমাক চোৱাৰ বতৰ এয়া
হৃদয়ৰে বাঁকি তেজ সিঁচি সিঁচি,
তোমাক ভবাৰ বতৰ এয়া,
দুচকুলে আহা সুৰে হাঁহে
আঁৰ হৈ আঁতৰা কাঁইটে খোঁচে,
মন যায়….
টুকুৰা টুকুৰা ভাঁঙি খুলি হোৱা
মনটো কিদৰে জোৰা দিওঁ,
খেলি মেলি বোৰে ধুই শেতা কৰা,
বুকুত কিহৰেনো ৰঙ সানো,
বেদনা বেদনা মোৰ ভালপোৱা,
তোমাক হেৰুৱাই পাথৰ হিয়া,
মন যায়….
সুখী হৈয়ে ৰোৱা মই অবিহনে,
এয়া মোৰে শুভ-কামনা
লাহে লাহে আঁতৰাই আনি ল’লো
মই মোক তোমাৰ পৰা
কিনো হ’ল সপোন সপোনেই ৰ’ল,
সাধনা আজি যে আধৰুৱা হ’ল..
মন যায়… ( মন যায়- জুবিন)


(৩)

চকুলোৰে মালা গঁথা গানত
কি ৰঙ দিব খুজিছা,
শুকান এখিলা পাতৰ বুকুত
কিয় বসন্ত বাঁকিছা,
ডাল এৰি সৰা বহুদিন হ’ল
মিছাতে সতেজ কিয় বুলিছা..?

আপোন পৰিচয় হেৰোৱা
মই মৰা সুঁতি
কোন নদীয়ে এৰি গ’ল
সিয়ো বেথাৰে স্মৃতি,
শাওনৰ ঢল হয়নে আলহী
বুলি কিয় মোক সুধিছা..?
একোঠা দুকোঠা মনৰ পঁজা,
অবোধ সপোনে ভৰা,
খেলে ওমলে হাঁহে নাঁচে,
ৰঙাই থাকে মোৰ হিয়া
সেয়া যে অতীত নহয় আজি,
মিছাতে কিয়নো মাতিছা..? (আলসুৱা মন- জুবিন)

(৪)

টোপাল টোপাল বৰষুণে আহি,
চকুৰ পতাত চুমা সিঁচি দি যায়
মেঘৰ নাঁচোনে পৃথিবী কঁপালে
সেউজ অহাৰ আজি বাতৰি পাই
উপচি আহে কলিজাৰে জোঁৱাৰ
কোঁহে কোঁহে শুনো গীতি ন বৰষাৰ
টোপাল টোপাল…
প্ৰতিটো টোপালত স্পন্দন আহে গৈ
দুৰণিত হিয়াতে জোকাৰি যাবলৈ
সপোনৰ গুঞ্জণ থোপা থোপে আহে গৈ,
দুৰণিত বুকুতে জীপাল হ’বলৈ
উপচি আহে কলিজাৰে জোঁৱাৰ
কোঁহে কোঁহে শুনো গীতি ন বৰষাৰ
টোপাল টোপাল…

কেঁচা কেঁচা মাটিলে, থৌকি বাথৌ মন,
সুৱাসত আমোলমোল মিঠা মিঠা যৌবন,
মেঘে মেঘে ৰ’দালিৰ ,সোণালী চুলি মেলি,
মায়াময় অভিনয় লুকা-ভাকু খেলি,
উপচি আহে কলিজাৰে জোঁৱাৰ
কোঁহে কোঁহে শুনো গীতি ন বৰষাৰ
টোপাল টোপাল… (বৰষুণ- জুবিন)

Monday, March 7, 2011

"মা"লৈ এখন চিঠি: হৃষীৰাজ শৰ্মা




মা তোমালৈ এখন চিঠি লিখিম বুলি ভাবিছিলোঁ
সেই যে তাহানিতে বুকুৰ বাবাৰ শিৰত হাত ফুৰাই বিদায় দিছিলা
নোটোকো বুলিয়েইটো চকুপানীবোৰ সযতনে সাঁচি থ’লা
কিমান বিশাল তোমাৰ হৃদয়ৰ প্ৰতিটো কোঠালী
য’ত তুমি সাঁচি ৰাখিছা সময়বোৰ
সেই সময়বোৰকেই একলগ কৰি লিখাৰ কথা আছিল এদিন
তোমাৰ বিশালতাক কেতিয়া চিনি পাম ম‍ই?
মা ম‍ই দেখিছোঁ বন্ধুত্বৰ সোৱাদ, মৰমৰ প্ৰকাশ
ম‍ই দেখিছোঁ নদী পাৰ হৈ অহা প্ৰতিজন লোকৰে গুপুত অহংকাৰ
আৰু দেখিছোঁ আত্মপ্ৰতিষ্ঠাৰ দৌৰত নিজকে হেৰুৱাব খোজা প্ৰতিজনৰে নীৰৱ শোক
এই দেখি থকা বোৰকে তোমাকো দেখুৱাবলৈ খুজিছিলোঁ
পিছে কোনোবাই এদিন ক’লে,
চিঠিয়ে হেনো হৃদয়ৰ বতৰা কঢ়িওৱা বন্ধ কৰিছে আজিকালি
মা, তুমিতো তোমাৰ বাবাৰ অন্তৰৰ কথাবোৰ বুজি পাবা অন্তত
ম‍ই এতিয়াও তাহানিৰ বাবা হৈয়েই আছোঁ তোমাৰ বাবে
মা সময়বোৰ বদলিল,
হয়তো তুমি সাঁচি থোৱা সময়বোৰ আজিৰ বাবে ইতিহাস
পাঁচ বছৰত কত নদীয়ে সোঁত সলালে তাৰ হিচাপ তুমিতো ৰখা নাই
পাঁচ বছৰত মৰিশালিত ফুল গজিল, দিন বাঢ়িল, ৰাতি বাঢ়িল
নোকোৱা কথাবোৰ কৈ কৈয়েই কোনে কিমান কাঢ়িলে
তাৰ খবৰ তুমিতো ৰখা নাই
কিমান ৰাখিলোঁ, কিমান দিলোঁ,
সকলোবোৰ আজি অতীত মা
তোমালৈ লিখিবলৈ দুখ লাগিছে,
দূৰণীতো অনুভৱ কৰিছোঁ জাতিৰ পতন আৰু ব্যৰ্থ ৰণহুংকাৰ
মা, জীৱনৰ সকলো দ্বাৰ বন্ধ হোৱাৰ পিছত
ম‍ইও দৌৰিছোঁ ভোগবাদীৰ ভাৱনাত
পদে পদে বিশৃংখল হৈ পৰিছে মোৰ সত্ত্বা,
স্বপ্নবোৰ বৰ ভয়ানক মা
কেৱল জীয়াই থকাৰ তাড়নাতে চকু থাকিও কণা, কাণ থাকিও কলা আজি ম‍ই
বিপন্ন পথেৰে বহুখিনি আগবঢ়াৰ পিছত দিনবোৰৰ লগত মিলিবলৈ শিকিলোঁ
আৰু এদিন হাতত ধৰি পোহৰৰ স’তে চিনাকী কৰাই দিলে এজনে
দেখিলোঁ আজিও পুৱাৰ বেলিৰ সেই একেই সুমথিৰা ৰং
শুকুলা কুঁৱলীবোৰৰ আৰ্দ্ৰতা আৰু বতাহত ভাঁহি অহা মন্ত্ৰধ্বনি
বিশ্বাস কৰিবানে মা, সকলোবোৰ যেন আজিও সাৰে আছে
অন্তৰেৰে বৈ গৈছে সহস্ৰ সমুদ্ৰৰ ঢল
ম‍ই মুগ্ধ মা, তোমাৰ সময়বোৰ সযতনে আছে আজিও
তুমি সাঁচি ৰখা সময়বোৰকে ন সাজত নতুনকৈ গঢ়ি পিতি সজাম বুলি ভাবিছোঁ
তুমি আশীৰ্বাদ দি যাবা মা, তোমাৰ বাবা এতিয়া ঘূৰি আহিছে
কোনো কথাই সলনি হোৱা নাই এতিয়াও, তুমি শিকোৱাৰ দৰেই
ম‍ই আজিও জন্মৰে ভাৰতীয়, হৃদয়ৰে অসমীয়া..||

Sunday, March 6, 2011

মালিনী থান: লীলা গগৈ

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই । এই ঠাই ছিয়াং জিলাৰ দক্ষিণ সীমান্তত অৱস্থিত । চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত । পাহাৰৰ পাদদেশত । ইয়াত একালত কেইটিমান মন্দিৰ আছিল, নতুবা একোটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল । কিন্তু কালক্ৰমত মন্দিৰটি ভাগি পৰিল আৰু আৰু মূৰ্তি বা বিগ্ৰহ পোত গ’ল । অনেক দিন এইদৰে থকাৰ পাছত এই শতিকাৰ তৃতীয় দশকত ডব্লিউ-এইছ-কালভাৰ্ট নামেৰে পাছিঘাটৰ সহকাৰী পলিটিকেল অফিচাৰ এজনে মালিনী থান পৰিদৰ্শন কৰে আৰু উক্ত ঠাইত থকা সন্যাসী এজনক তাৰ পৰা খেদি পঠায় । সেই সময়লৈকে উক্ত ঠাইত ভালেমান দেৱ-দেৱীৰ মূৰ্তি অক্ষত অৱস্থাত আছিল কিন্তু আগতে উল্লেখ কৰা সন্যাসীজনে কিছুমান মূৰ্তি ভাঙি পেলাই সম্ভৱতঃ তেওঁৰ নিজৰ বিশ্বাসসন্মত কোনোবা দেৱতাক প্ৰতিষ্ঠা কৰিব খুজিছিল । তাৰ পিছত বছৰচেৰেক নীৰৱতাৰ মাজেদি পাৰ হৈ যায় । ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত পুনৰ দুজনমান চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি যোনী-পীঠৰপৰা বিচ্ছিন্ন হৈ থকা থকা এটা শিৱলিঙ্গ, তিনিডোখৰ হৈ ভাগি থকা দুৰ্গাৰ দশভূজা মূৰ্তি, গণেশৰ মূৰ্তি আদিৰ উপৰিও কিছুমান ভগা-ছিগা মূৰ্তি দেখিবলৈ পায় । ১৯৬৮-৬৯ চনত অৰুণাচল চৰকাৰৰ বিভাগীয় কৰ্ত্তৃপক্ষ‍ই ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ বস্তু উদ্ধাৰ কৰে । সেই সময়তে আমি মালিনী থান চাবলৈ গৈছিলোঁ আৰু ভগ্নাৱশেষৰ মাজত থকা শিলৰ ভাস্কৰ্য্য দেখি অভিভূত হৈছিলোঁ ।


মালিনী থানৰ সাম্প্ৰতিক ঐতিহাসিক গুৰুত্ব বিশেষ তাত্‍পৰ্য্যপূৰ্ণ । এই তাত্‍পৰ্য্যৰ ব্যাখ্যা দিবলৈ যাওঁতে স্বাভাৱিকতে অতীতলৈ তথা ইতিহাসলৈ উলটি যাব লাগিব । বৰ্তমান অৰুণাচল ৰাজ্যৰ ভিতৰত পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ড, তাম্ৰেশ্বৰী মন্দিৰ, ভীষ্মক নগৰ, মালিনী থান, ইটানগৰ আৰু ভালুকপুং এই ছঠাইত প্ৰাচীন ঐতিহ্যৰ ধ্বংসাৱশেষ দেখা পোৱা যায় । মালিনীথানৰ লগতে বাকী পাচঁখন ঠাইৰ ঐতিহাসিক গুৰুত্বও পৰ্য্যবেশনযোগ্য ।

অৰুণাচল আৰু দেশৰ বাকী অঞ্চলৰ মাজত বাধাৰ হৈ দেখা দিয়ে ১৮৭৩ চনত । যেতিয়া তেতিয়াৰ বৃটিছ চৰকাৰে ইনাৰ লাইন সৃষ্টি কৰে । ইয়াৰ আগতে অসম আৰু সীমান্ত প্ৰশাসনৰ মাজত তেনে কোনো ঢাপ বা সীমা নাছিল । মিচিমি গড়, ডফলা গড় বা ৰাজগড় আদি মাটি বা ৰাজ্যৰ সীমা নহয় । এই অঞ্চলৰ সকলো মানুহেই ঝুম খেতি কৰে । ঝুম খেতি কৰিবলৈ ঠাই সলনি কৰি থাকিব লাগে । গতিকে ভৈয়ামৰ মানুহৰ একেডোখৰ মাটিৰ প্ৰতি যি মোহ, সেই মোহ পৰ্বতীয়া মানুহৰ প্ৰকৃততে নাছিল । তদুপৰি পাৰ্বত্য-জনজীৱন সদায়েই বিপদসংকুল ; যিকোনো মুহূৰ্ততে বিৰোধী ফৈদে আক্ৰমণ কৰিব পাৰে, গতিকে পৰ্বতৰ গাত এনে ঠাইত গাওঁ পাতে য’লৈ মাত্ৰ এটা বাটহে থাকে । সেই বাটত থাকিয়েই থাকিয়েই আক্ৰমণকাৰীক প্ৰতিহত কৰিব পাৰি । গতিকে পাৰ্বত্য জনজাতীয় মানুহে পুৰণিকালত মুকলি , নিৰাপত্তাহীন ঠাইতকৈ হাবিতলীয়া পৰ্বতীয়া ঠাইহে বাছি লৈছিল । ফলত পাহাৰৰ পাদদেশ অঞ্চল উন্মুক্ত আছিল আৰু জনজাতীয় লোকসকল যথেষ্ট ভিতৰত বাস কৰিছিল ।

প্ৰাচীন কামৰূপত সৰহভাগ মঙ্গোলীয় জনগোষ্ঠীৰ মানুহৰে বসতি । ৰামায়ন-মহাভাৰত যুগৰে পৰা প্ৰাচীন কামৰূপৰ কিৰাত-চিন মানুহৰ কথা পোৱা যায় । সেয়ে হ’লেও এসময়ত ভাৰতীয় আৰ্য্য সংস্কৃতিৰ এটা সোঁতা উজাই আহি সুদূৰ পৰশুৰাম কুণ্ড পায়হি । আনপিনে ভাৰতীয় সংস্কৃতিৰ আৰ্য্যকৰণ কৰাত সহায় কৰোঁতা কৃষ্ণ-ভক্তি শাখাৰ মূল পুৰুষ শ্ৰীকৃষ্ণয়ো কুণ্ডিল নদীৰ পাৰত ভৰি দিয়া কাহিনীয়ে অসমৰ এই উত্তৰ-পূব অঞ্চল যে এসময়ত আৰ্য্য সংস্কৃতিৰে ধৌত হৈছিল তাৰ প্ৰমান পোৱা যায় । একালৰ হাবুং অঞ্চলত বসবাস কৰা কিছুমান বাহ্মণ মানুহ মিচিমি ৰাজ্যত সোমাই মিহলি হৈ যোৱাৰ কথাও শুনা যায় । ড: বাণীকান্ত কাকতিয়ে এই অঞ্চলত এখন কলিতা ৰাজ্য থকাৰ কথাও উল্লেখ কৰিছে । এইদৰে বৰ্তমান অৰুণাচল ৰাজ্যৰ দক্ষিণ সীমাৰপৰা অনেক ভিতৰলৈকে অ-জনজাতীয় মানুহৰ বসতি আছিল আৰু তাত নগৰ আৰু মঠ-মন্দিৰ নিৰ্মিত হৈছিল । কোনো পাৰ্বত্য জনজাতিৰ মানুহে এই ধ্বংসাৱশেষবোৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কীৰ্তিচিন আছিল বুলিও দাবী কৰে । সেয়ে হ’লে তেওঁবিলাক মূলতে অ-জনজাতীয় মানুহ আছিল, কালক্ৰমত সংমিশ্ৰিত হৈ জনজাতীয় মানুহত পৰিণত হ্য় ।

ইটানগৰ আৰু ভীষ্মক নগৰৰ ইটাৰ গড় আৰু নগৰৰ পৰিকল্পনাৰ পদ্ধতি দেখিছোঁ । ইটাবোৰ আহোম যুগত ব্যৱহৃত ইটাৰ আকাৰ-প্ৰকাৰৰ লগত মিলে । ইটানগৰৰ ইটাৰ দুৱাৰ মুখকেইখনো দেখিছোঁ ।ভীষ্মক নগৰ নামে অভিহিত ঠাইখনৰ ইটাৰ গড়, আলি আৰু পুখুৰীও দেখিছোঁ । বুৰঞ্জীত আছে ৰজা চক্ৰধ্বজ সিংহ‍ই ১৫৯০ শকত অৰ্থাত্‍ ১৬৬৮ খৃষ্টাব্দত মণিপুৰলৈ (বৰ্তমান বৰদলনিৰ ওচৰত) গ’ল । টুৱা বিহিয়াৰ (ডফলা) গাঁৱৰ কোষত সোৱণশিৰীৰ কাষৰত ৺দেৱে নগৰ পাতিলে । তাতে বহুতো নগৰীয়া বৃত্তিয়াল নিলগাই পাতিলে । সোৱণশিৰীত মাঘ স্নান কৰি ৺দেৱো গড়গাঁৱলৈ আহিল ।সোৱণশিৰী অঞ্চলৰ দক্ষিণতে মাঘ-নোৱা সৰোবৰ। এই মাঘ-নোৱা সৰোবৰৰ উত্তৰতে ইটানগৰ ।সোৱণশিৰীৰ দক্ষিণ অঞ্চল টুৱা আৰু তিতা নামৰ দুজন ডফলা গামৰ অধীনত আছিল আৰু এওঁবিলাক বিহ-যোগনীয়া বিহিয়া বুলি জনাজাত আছিল। আনপিনে আজিকালি যাক ভীষ্মক নগৰ নাম দিয়া হৈছে, এইখনেই প্ৰকৃততে শদিয়াখোৱা গোহাঁইৰ ৰাজধানী শদিয়া । ছৈখোৱাৰ বিপৰীতে পতা শদিয়াখন ইংৰাজে পতা শদিয়াহে । পুৰণি শদিয়ালৈ অহা-যোৱা কৰা ৰাজগড় আলি এতিয়াও আছে । সেই ইটা আহোম যুগৰ ইটাৰ সৈতে একে । পুখুৰীতো খন্দাৰ পদ্ধতিও আহোম যুগৰ পুখুৰীৰ নিচিনা । ভীষ্মক ৰজাৰ সময় নাই বুলিও খৃষ্টপূৰ্বলৈ উজাই যাব । খৃষ্টপূৰ্বত বিশেষকৈ প্ৰাক্‌ আহোম যুগৰ মাজভাগৰ আগলৈকে অসমৰ স্থাপত্যত ইটাৰ ব্যৱহাৰ হোৱা নাছিল, শিলৰহে ব্যৱহাৰ হৈছিল । মালিনী থানৰ স্থাপত্য আৰু ভাস্কৰ্য্য শিলৰ । সেইবাবেই ইয়াৰ ঐতিহাসিক গুৰুত্ব মন কৰিবলগীয়া । মালিনী থানত আৱিষ্কৃত হোৱা সম্পদসমূহৰ ভিতৰত মন্দিৰৰ ভেটিৰ কাৰুকাৰ্য্যখচিত গাথঁনি, গণেশ- মূৰ্তি, অপ্সৰা, পাৰ্বতী, শিৱলিঙ্গ আদি পোৱা গৈছে । শিৱৰ বাহন নন্দী, পাৰ্বতীৰ বাহন সিংহ আৰু ইন্দ্ৰ নামেৰে অভিহিত প্ৰস্তৰ মূৰ্তিটোত সোঁহাতত ডম্বৰু আৰু স্পষ্ট লিঙ্গলৈ চাই শিৱমূৰ্তি যেন লগা মূৰ্তি কেইটাৰ যথাৰ্থতে কোনো ৰূপদক্ষ ভাস্কৰৰ নিপুণ হাতৰ পৰশ পৰা যেন লাগে ।

মালিনী থানৰ মন্দিৰটো দেখ্‌ দেখকৈ প্ৰাক্‌-আহোম যুগৰ । মই নিজে এটা কথা লক্ষ্য কৰিছিলোঁ মালিনী থানৰ ধ্বংসাৱশেষৰ মাজত যি কেইটা হাতীৰ মূৰৰ মূৰ্তি পোৱা গৈছে, সেই মূৰ্তিৰ চানেকীৰ লগত বৰ্মন বংশীয় ৰজাসকলৰ ৰাজকীয় তামৰ ফলিসমূহৰ ছীল-মোহৰৰ সাদৃশ্য আছে । এনে হাতীৰ মূৰ উৰিষ্যা আৰু দাক্ষিণাত্যৰ মন্দিৰবিলাকৰ গাতো দেখা পোৱা যায় । উৰিষ্যাৰ বিখ্যাত কোনাৰক মন্দিৰটি হাতী আৰু সিংহৰ ’মতিফ’ দেখা যায় । মালিনী থানৰ ভাস্কৰ্য্যসমূহত খৃষ্টীয় নৱম-দশম শতিকাত নিৰ্মিত অসমৰ অন্যান্য ঠাইত আৱিষ্কৃত হোৱা ভাস্কৰ্য্য্সমূহৰ লগতো মিল দেখা যায় । বৰগঙ্গাৰ ভগ্নাৱশেষত পোৱা প্ৰস্তৰ বাসুদেৱঁৰ পাদশিলা, নুমলীগড়ৰ দেওপৰ্বতত পোৱা উৰণীয়া বিদ্যাধৰৰ সৌন্দৰ্য্যপূৰ্ণ ভাস্কৰ্য্য, বেতালৰ মূৰ্তি, ডবকাৰ পাদশিলা, গছতলৰ দ্বাৰস্তম্ভৰ, জীৱজন্তুৰ মূৰ্তি, প্ৰহৰীৰ মূৰ্তি আদিৰ লগত মালিনী থানৰ ভাস্কৰ্য্যসমূহৰ সাদৃশ্য মন কৰিবলগীয়া । ইয়াৰদ্বাৰা এইটো প্ৰতীয়মান হয় যে গুপ্ত সংস্কৃতিৰ প্ৰভাৱ লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যি সংস্কৃতিৰ বিকাশ সাধন হৈছিল তাৰ স্মৃতি পুৰাতত্বৰ বুকুতহে জীয়াই আছে । কিন্তু এইটো সত্য যে খৃষ্টীয় অষ্টম-দশম শতিকাৰ ভিতৰত অসমলৈ হিন্দুধৰ্ম আৰু আৰ্য্য সংস্কৃতিৰ এটি কোবাল ঢৌ আহিছিল । এই সময়তে ক্ষীণকৈ বৌদ্ধধৰ্ম আৰু বৈঞ্চৱ আদৰ্শ জীয়াই থাকিলেও তান্ত্ৰিক শাক্তধৰ্ম প্ৰৱল হৈ উঠিল। ইতিমধ্যে শাক্ত আৰু শৈৱৰ মাজত সন্ধি স্থাপিত হৈছিল । সেয়েহে দুৰ্গা, শিৱ, গণেশ, কাৰ্তিক, নন্দীৰ মূৰ্তি একে ঠাইতে পোৱা গৈছে। শাক্ত পূজাৰ অন্যতম তাম্ৰেশ্বৰীৰ অভ্যুত্থানৰ লগত মালিনী সম্বন্ধ অতি ওচৰ।

মালিনী থান কোন বংশীয় ৰজাসকলৰ কীৰ্ত্তি, এই বিষয়ে আলোচনাৰ থল আছে । চুতীয়াসকল শাক্ত-পন্থী।তামেশ্বৰী কেচাইখাতীৰ উপাসক। মালিনী থানত বাসন্তী দুৰ্গাপূজা অনুষ্ঠিত হ্য়। দুৰ্গা-পূজাৰ ইতিহাসত বাসন্তী দুৰ্গা-পূজাহে প্ৰাচীন । প্ৰাক-আহোম যুগৰ চুতীয়া ৰজাসকলৰ লগত কমতাৰ ৰাজবংশৰ বৈবাহিক সম্পৰ্ক সংঘটিত হৈছিল । আনপিনে পালবংশীয় ৰজাসকলে চুতীয়া ৰাজ্যৰ অনেক ভিতৰলোকে দখল কৰি লৈছিল। উত্তৰ-পূব অসমত ভূঞা সকলো প্ৰতাপী হৈ উঠিছিল আৰু বৰ্তমান লক্ষীমপুৰ জিলাত নাৰায়ণপুৰ, চলপুৰ, কলংপুৰ, লক্ষীমপুৰ, ৰতনপুৰ, মণিপুৰ আদি স্থাপন কৰিছিল ।শংকৰদেৱৰ পূৰ্ববৰ্তী ভূঞা সকলো দোৰ্ঘোৰ শাক্ত আছিল ।কিবা কাৰণত আহোম যুগত মালিনী থান এৰা পৰিছিল নতুবা আহোম যুগৰ শেষলৈকে মালিনী থান মন্দিৰ অক্ষত অৱস্থাত আছিল । মালিনী থানৰ কাষেদি ঘাগৰ নামেৰে এখন নৈ বৈ গৈছিল । কোনোবা প্ৰলয়ংকৰী ভূমিকম্পত এই নৈখন পোত যায় আৰু মন্দিৰটোও ভাগি পৰে । তদুপৰি দাঁতিকাষৰীয়া ঠাই জনশূন্য হৈ পৰাত মালিনী থান অৱহেলিত হৈ পৰে ।

মালিনী থানৰ ঐতিহাসিক গুৰুত্ব এই কাৰণেই যে হাবিতলীয়া অনাৰ্য্য অধ্যূষিত অঞ্চলত আৰ্য্য সংস্কৃতিৰ ধ্বজাবাহী এটা মন্দিৰ অৱস্থিত, যি মন্দিৰৰ পূজা-পৰম্পৰা হেৰাই গ’লেও তাৰ ভগ্নাৱশেষত সৰ্বভাৰতীয় মন্দিৰ-ভাস্কৰ্য্যৰ চানেকী আৰু সাদৃশ্য দেখিবলৈ পোৱা যায় ।একালত পৰ্বত-ভৈয়াম, জাতি-উপজাতি সামৰি এই মন্দিৰে ঐক্য আৰু সংহতিৰ পৰিবেশ সৃষ্টি কৰিছিল, উত্‍সৱ পাৰ্বনৰ যোগেদি মানুহৰ পাৰলৌকিক ধাৰণা পূৰণ কৰাৰ উপৰিও প্ৰচুৰ আনন্দ দিছিল । (উত্‍‍স: হাঁহি আৰু বাঁহী: লীলা গগৈ)
Related Posts Plugin for WordPress, Blogger...