Wednesday, May 18, 2011

এটা সপোন আৰু এজাক মানুহ

মানুহ স্বপ্নাভিলাষী ! মানুহ আত্মাভিমানী !নিজৰ বুলি, দেশৰ বুলি, জাতিৰ বুলি কৈ মানুহ গৌৰৱাম্বিত হ’য় | সেয়েই মানুহ ইতৰ প্ৰজাতিৰ পৰা পৃথক| ভালপোৱা, দুখ লগা, খং উঠা অন্যান্য জীৱ-জন্তুৰো আছে, কিন্তু মানুহ এইবাবেই পৃথক যে মানুহৰ লক্ষ্য থাকে| আৰু ইয়াক পোৱাৰ বাবে অধ্যৱসায় আৰু একাগ্ৰতাৰে কাম কৰাৰ সামৰ্থ্য আছে |
মানুহৰ এনে কিছু সপোন থাকে যি ব্যক্তিগত পৰ্যায়ৰ পৰা বহু ওপৰৰ | ই সমূহীয়া সপোন | ই হ’ব পাৰে এটা জাতিৰ সপোন, এটা প্ৰজন্মৰ সপোন নতুবা সমগ্ৰ মানৱ জাতিৰ সপোন | এনে সমূহীয়া সপোনৰ তাড়নাতেই মানুহে বিশ্বাশান্তিৰ সপোন দেখে, প্ৰযুক্তিগত সুবিধাৰে সুচল আৰু সুসম পৃথিৱীৰ সপোন দেখে |
এনে এক সপোনৰ তাগিদাতেই সৃষ্টি হৈছিল ’সুগন্ধি পখিলা’ৰ | ’সুগন্ধি পখিলা’ এক সপোনৰ বাস্তৱ ৰূপ | অসমীয়া ভাষাটো কম্পিউটাৰৰ পৰ্দাত চাবলৈ পোৱাৰ হেপাঁহত বিভিন্ন ধৰণেৰে চেষ্টা কৰিছিলো এটা অসমীয়া ব্লগ তৈয়াৰ কৰাৰ বাবে | ইউনিক’ডৰ বিষয়ে জনাৰ আগতে কম্পিউটাৰত অসমীয়া লিখাৰ বাবে বিভিন্ন ধৰণৰ সঁজুলিৰে চেষ্টা কৰিছিলোঁ, ৰামধেনু, লীপ-অফিচ আদিৰে অসমীয়া লিখি তাৰ পৰা ইমেজ ফাইল তৈয়াৰ কৰি, ইমেজ সমূহ ব্লগত প্ৰকাশ কৰিছিলোঁ | এনেদৰে এদিন ইন্টাৰনেটেৰে চিনাকি বন্ধু কুলদীপক অনুৰোধ জনালো সুগন্ধি পখিলাত কবিতা লিখিবৰ বাবে | লাহে লাহে মানুহৰ মতামত পোৱা হলো, ইজনে সিজনে ভাল লগা বুলি কোৱাৰ পিছত দুই-এজন বন্ধুলৈ অনুৰোধ পঠাবলৈ আৰম্ভ কৰিলো, আৰু সুগন্ধি পখিলাৰ লিখকৰ সংখ্যাও দুজনৰ পৰা তিনিজন চাৰিজনলৈ বৃদ্ধি পালে, বিভিন্ন জনৰ মতামতো আহিবলৈ ধৰিলে | এদিন এজন বাংলাদেশী পাঠকৰ মন্তব্য পালো, ’অহমীয়া ভাষাৰ ব্লগ অনলাইনে খুউব কম, এই কম সংখ্যক ব্লগেৰ মধ্যে আপনাৰটি একটি, কিন্তু টেক্সট লেখেননি কেন, সব ইমেজ ফাইল | তাহলে তো আপনাৰ ব্লগটি সাৰ্চ ইঞ্জিনে খুঁজে পাওয়া যাবে না |.................. ’ কথাষাৰ পঢ়াৰ পাছত অসমীয়া টেক্সত লিখাৰ প্ৰচেষ্টা আৰম্ভ হৈ গ’ল | কেনেকৈ লিখিব পাৰি অসমীয়া আখৰত? কি সঁজুলি ব্যৱহাৰ হ’য় ইয়াৰ বাবে ? ইন্টাৰনেটৰ বুকু চলাথ কৰি বিচাৰি উলিয়ালো অসমীয়া লিখাৰ সাধন, অভ্ৰ নামৰ এটা অসমীয়া লিখন-সঁজুলিৰে এইবাৰ আৰম্ভ কৰিলো অসমীয়া লিখাৰ প্ৰচেষ্টা | লাহে লাহে এই প্ৰচেষ্টাৰ স’তে জড়িত বিভিন্ন জনৰ লগত আলাপ আলোচনা আৰম্ভ হ’বলৈ ধৰিলে | বিভিন্ন জনৰ পৰামৰ্শ, আগ্ৰহে আমাক প্ৰতিদিনেই নতুনকৈ প্ৰেৰণা দিলে | লাহে লাহে সদস্যৰ তালিকাও বৃদ্ধি পালে | অসমীয়া ইউনিক’ডৰে লিখামেলা কৰি থকা বিভিন্ন জনে আমাৰ সতে সহযোগ কৰি সুগন্ধি পখিলাত লিখিবলৈ আৰম্ভ কৰিলে |
অসমীয়া ভাষাক ইন্টাৰনেটৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াসেৰে বিভিন্ন জনে বিভিন্ন ধৰণেৰে এই যাত্ৰা অব্যাহত ৰাখিছে | আমিও এই যাত্ৰাত যোগ হ’লো | এই প্ৰয়াসত বিভিন্ন জন বিভিন্ন ধৰণেৰে জড়িত হৈ আছে | কোনোবা জন ইউনিক’ডক জনপ্ৰিয় কৰাত ব্যস্ত হৈ আছে, কোনোবাজন সাহিত্য, কবিতাৰ চৰ্চাৰে ইয়াক আগুৱাই লৈ যোৱাত ব্যস্ত হৈ আছে |কিন্তু সকলোতকৈ মন কৰিবলগীয়া দিশ কেইটামান হ’ল-পাৰষ্পৰিক সহযোগিতা আৰু পুৰণি প্ৰজন্মৰ আগ্ৰহ !ইন্টাৰনেটৰ বুকুত অসমীয়াত লিখা আখৰ কেইটি দেখা পাই স্বয়ংক্ৰিয় ভাৱেই বহু জনে প্ৰশ্ন কৰে ইয়াত অসমীয়া কেনেকৈ লিখে? আৰু তাৰ সঁহাৰিত বহুজনে নিঃস্বাৰ্থভাৱে শিকাই দিয়ে-কেনেকৈ অতি সহজতে অসমীয়া লিখিব পাৰি | অসমীয়া সাহিত্যৰ দুই-এজন জ্যেষ্ঠ সাহিত্যিক-লিখককো যেতিয়া এই তালিকাত দেখা পাওঁ, মনটো এক অনাবিল আনন্দত ভৰি উঠে | কিবা এক প্ৰাপ্তিৰ আনন্দ জাগে |
এক ক্ষুদ্ৰ প্ৰয়াসেৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল | ইয়াৰে আঁত ধৰি লাহে লাহে চিনাকি হোৱা পৃথিৱী খনৰ মায়াই আমাক নিঃস্বাৰ্থভাৱে কাম কৰি যোৱাৰ প্ৰেৰণা দিয়ে | লাহে লাহে পৰিসৰ বৃদ্ধি হ’বলৈ ধৰা অসমীয়া ইউনিক’ডৰ পৃথিৱীখন আৰু ব্যাপ্ত হৈ পৰক, অসমীয়া ভাষাটো স্বকীয়তাৰে উজলি উঠক বিশ্ব-দৰবাৰত !

No comments:

Related Posts Plugin for WordPress, Blogger...