Saturday, April 9, 2011

তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ? :হৃষীৰাজ



তোমাৰ শব্দবোৰেৰে মোৰ উশাহ আৰু
তোমাৰ ভাৱনাবোৰ মোৰ মন শৰতৰ জোনাক |
তুমি প্ৰেমৰ ৰাগীৰ এপিয়লা ৰঙা মদিৰা
আৰু ম‍ই ব্যকুল সেই নিচাত উতলিবলৈ
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?
তুমি ৰৈ আছা দূৰণীত,
বন্ধ তোমাৰ চৌপাশ
ম‍ই বিশৃংখল, মোহান্ধ, ভয়াৰ্ত
নাজানোঁ, কেতিয়ালৈ মুকলি হ
তোমাৰ আঁচলত আবদ্ধ সেই জোন ;
যাৰ জোনাকত তিতি বুৰি
কবিতা লিখাৰ হেঁপাহ মোৰ বহুদিনৰ |
তোমাৰ চকুৰ পতা জাপ খাওঁতেই কিজানি
প্ৰাণ পাই উঠে হুছেইনৰ তুলিকা ,
তোমাৰ চাৱনিৰ বৰষাত গাভৰু হয়
মোৰ হৃদয়ৰ মোহনা |
তুমি হিয়াত ৰুণু ৰুণু সুৰ তুলি যোৱা
এটি পাহাৰী চিফুঙৰ মাত ,
বেলি লহিয়াওঁ লহিয়াওঁ কৰা এটি পথৰুৱা বাট |
তোমাৰ পদূলীত এজুপি খৰিকাজাঁই দেখিলোঁ; ৰাতিপুৱা,
ৰূপোৱালী হাঁহিবোৰেৰে সি ফুলি উঠিছে |
সেউজীয়া জপনাখন খুলি থ’বা আলফুলে,
কিজানি সোমাবলৈ পাৰোৱেই ধীৰে ধীৰে |
আৰু কত পৰ ৰখাই থ’বা মোক, বসন্তৰ ঠিকনা বিচাৰি
শীতৰ বাতৰি বিচাৰি
নৈৰ বিষাদ বিচাৰি
আকাশৰ অভিমান বিচাৰি
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?

Monday, April 4, 2011

যান্ত্ৰিক: মিতালী বৰ্মন

অনুভৱবোৰ কিনিব পৰা হ'লে!
ভিন্ন স্বাদৰ অনুভৱবোৰ!!
প্ৰেমিকবোৰে আহি ভিৰ কৰিবহি
প্ৰেমৰ শ্ব'ৰুমৰ দুৱাৰদলিত
প্ৰেম নোপোৱাবোৰে পাবলৈ
পোৱাবোৰে আৰু বেছি পাবলৈ
পায়ো হেৰুৱাবোৰো আহিব
আকৌ এবাৰ ভাগ্য জুখিবলৈ

দৰ-দাম কৰিব৷
আটাইতকৈ চৰা দামত
বিক্ৰি হ'ব সুখী অনুভৱবোৰ!
মুখৰ আগত চেঙা লুটি খাই
পৰি থাকিব দুখবোৰ....


প্ৰেমিকবোৰে কেৰাহিকৈয়ো চাব নুখুজে
দুখী অনুভৱবোৰ
ভয় হয়---- কি ঠিক
ডিচকাউণ্টৰ প্ৰলোভন দি
টানি টানি মেৰিয়াই
পিন্ধাই দিয়ে যদি দুখৰ পোচাক!


মহঙা দিনৰ গোলকীয় কায়দা....
প্ৰেমিকবোৰে বুজিয়েই নাপায়
দৰ-দাম কৰি কৰি
চৰা দামত কিনা
প্ৰেমৰ বজাৰৰ সুখবোৰৰ লগত
বিনামূলীয়াকৈ আহে দুখী অনুভৱবোৰ!!
      ------------------

Saturday, April 2, 2011

স্মৃতিৰ উদ্যান

মোৰ বুকুৰ খিৰিকী মেলি দিলো,
এন্ধাৰৰ জাল বন্ধা ধূলিময় বাটেৰে সোমাই আহিল ফাগুনৰ বতাহজাক ,
আৰু উদাস-উদাস ফাগুনৰ এজাক ৰ’দ
শিৰ-শিৰাই উঠিল দেৱালবোৰ
বহু যুগৰ সীমাহীন অপেক্ষাৰ ক্লান্তি ভাঙি যেন এক ৰৌদ্ৰস্নান

অভিমানত ডুবি থাকিল দেৱালৰ ঘড়ীটো
’কিয় মোৰ বাবে নাছিল তোমাৰ তিলমানো অৱকাশ
অসাৰ যাতনাত ডুবি ৰ’ল ক’ত বসন্ত
আজি কিয় ঘূৰি চালা মোৰ ফালে !’

শুই আছে মোৰ বুকুৰ কোঠালিৰ আচ-বাব বোৰ
মোৰ পঢ়া-মেজৰ অকামিলা টিপ-চাকিটো
মোৰ আধালিখা ডায়েৰীবোৰ
চিলিঙত ওলোমা বিচনীখন
আৰু এটা নিলিখা কলম

অৱসাদৰ ধূলি চামনিত পোত খাই আছে মোৰ স্মৃতিৰ উদ্যান
খিৰিকীৰে জুমি চালো, মৰহি যোৱা গোলাপৰ পাহিত লাগি আছে নেকি
সন্ধিয়াৰ সেই কিছু একান্ত ক্ষণ,
ক’ৰবাত ৰৈ আছে নেকি অপেক্ষাৰ কবিতা
ওঠৰতা বসন্তৰ হিচাব-নিকাচ

অৱসাদে মূক কৰি নিছে মোক
ধূসৰ হৈ আহিছে দৃষ্টিৰ গভীৰতা
সন্ধিয়াৰ আগমনে সোঁৱৰাই দিলে
জোনাক হ’ব নোৱাৰাৰ কি যে দুখঃ
Related Posts Plugin for WordPress, Blogger...