Thursday, July 30, 2009

আকাশ : যামিনী অনুৰাগ

সৰুতে আকাশ চাই ভাবিছিলো
কিমান ওখ হ'লে ঢুকি পাম আকাশ
কিমান দীঘল হ'লে দুহাত
জুখিব পাৰিম আকাশ

আইৰ আঁচলত লুকাই থাকে
আকাশ
পিতাইৰ হাতৰ মুঠিত সোমাই থাকে
আকাশ
সন্ধিয়াৰ আকাশৰ হালধীয়া বেলিত
লাহে লাহে মাৰ যায় আকাশ

বৃত্তৰ দৰে চলি থাকে সময়
পুৱাৰ সূৰুযৰ হাতত ধৰি
মনে মোৰ আকাশ ধিয়াই ।

বৃত্ত : যামিনী অনুৰাগ

জীৱন

নদী আৰু আকাশ
মাটি আৰু মানুহ

এক সপোনৰ ৰাগী
যেন ৰাতিৰ বাঁহী
Related Posts Plugin for WordPress, Blogger...