Tuesday, October 24, 2017

বাইক ষ্টান্ট কৰি আওমৰণ সাৱটি লোৱা ফুকলিয়া যুৱক সকলৰ নামত


Friday, September 8, 2017

সুগন্ধি পখিলা: Bhupen Hazarika

সুগন্ধি পখিলা: Bhupen Hazarika

শুই থাক অ' ভূপেন মামা

"কুসুম্বৰৰ পুত্ৰ
শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান" বুলি
গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা
লুইতৰ পৰা মিচিচিপি হৈ ভল্গাৰ
বৰ্ণময়  যাত্ৰা ৷
তোমাৰ গীতৰ হেজাৰ শ্ৰোতাক
মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে
মোহাচ্ছন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷
শীতৰ সেমেকা ৰাতিবোৰত যিদৰে
বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা
কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত
উচুপি উঠিছিলা তুমি ৷
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰি ফুৰিছিলা যদিও
সূৰ্য্য উঠা দেশৰ
ৰ'দ পুৱাবৰ কাৰণে মাতিছিলা আমাক ৷
একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷
মূৰৰ ফুলাম গামোচা খনি
ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা
কোনে কি ভাও লয় দেশৰ বাবে
মাতিছিলা সৱকে ৷
বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ
পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা
জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই
মনত পেলাই দিছিলা
সাগৰ সংগমত সাঁতুৰি
ক্লান্ত নোহোৱা মানুহ জনো
তুমিয়েই আছিলা ৷
জিৰাবৰ তৰু-তৃণহীন
উৰণীয়া মৌ জাকৰ এটা
মৌ মাখি আছিলা তুমি
বিমূৰ্ত নিশা বোৰত
মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷
 মহানগৰীৰ যক্ষ হৈ
মিছলীয়া মৰমত কাৰাৰূদ্ধ
হোৱা নাছিলা জানো তুমি?
যৌৱন বাসনাৰ
উপকূল ৰিক্ত কৰি
বিৰহৰ গীত
নতুবা
সূৰ্যোদয় যদি লক্ষ্য
সূৰ্যাস্তৰ পিনে ধাৱমান কিয় বুলি কৰা প্ৰশ্ন
জুয়ে পোৰা তিৰাশীত হেৰাই যোৱা ভাইটোৰ সন্ধান,
তিমিৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষলৈ পোহৰৰ ঢল,
অথবা দিচাং মুখৰ মিচিং ডেকাটোৰ সোণৰ গেংগোঙৰ সুৰ
শ্বিলঙৰ মনালিছা লিংডোৰ গীতাৰৰ ঝংকাৰ
খাঁচী গৰখীয়াৰ শ্বৰাটিৰ সুৰ
এই আটাইবোৰতে আছিলা তুমি ৷
অগ্নি যুগৰ ফিৰিঙতি হৈ
সৰ্বহাৰৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ সংকল্প আছিল তোমাৰ ৷
প্ৰচণ্ড ধুমুহাক নিৰ্ভীক ভাৱে
খুজিছিলা শক্তি
পাহাৰটোৰ সিপাৰে প্ৰতিধ্বনি শুনিছিলা
কোনো গাভৰুৰ শোক ভৰা কথা ৷
পৰহি পুৱাতে মাছলৈ গৈ
ওভটি নহা ৰংমনৰ বিৰহত
কান্দিছিলা তুমি ৷
দেশৰ চন্দ্ৰমা
কাল  আন্ধাৰেৰে আৱৰিল বুলি চিঞৰিছিলা তুমি…

কোনেও নুশুনিলে ভূপেন মামা
কোনেও নবুজিলে ৷
জীৱনতো
মৰণতো ৷

গীতেৰে নোৱাৰি ভাবিছিলা শাসনেৰে কৰিম
নাওবৈচাৰ সেই সোণালী দিন
জালুকবাৰীত শেষ হৈ গ'ল ৷

সংগীহীনতাকে সংগী কৰি
ছাঁ-কেই লগৰীয়া কৰি
তুমি যুঁজি গ'লা আমৰণ ৷
পাঠশালাতেই শিকাব'লে
জাতীয়তাবোধৰ পাঠ
লিখিছিলা
"জ-ই বোলে জয় জয় অসমৰ জয়
অসমৰ জয় হ'লে ভাৰতৰো জয় ৷"
"ম-ই বোলে মুচলমান হিন্দুও একেই
গান্ধীজীয়ে কৈছিল বাৰে বাৰে তাকেই ৷" বুলি
শিকাব খুজিছিলা সৰ্বধৰ্ম সমানহঃ ৷

নাই ভূপেন মামা নাই ৷
তুমিও নাই
নাই আমাৰ জাতি ৷
দখল কৰিলে আমাৰ মাটি
দখল কৰিলে ভেটি
অসমৰ মাটিতে নিজেই মগনীয়া আমি আজি ৷
তোমাৰ জন্মৰ ঘৰ শদিয়ালৈ যাবলৈ দলং হ'ল
পিছে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ থকা সাঁকোবোৰ ভাগি পৰিল ৷
মোৰ আইক ভাল পাওঁ বুলিলে
বহিৰাগতই গোচৰ তৰে আজি ৷
হয় ধৰ্ণা, হয় প্ৰতিবাদ
সৱ নিমাত ৷
সকলোৰে মনত বিচ্ছিন্নতাবাদ
কোনেও নাগায়
"অসম আমাৰ ৰূপহী"
গায় ৰাজনীতিৰ গান
যদিও ব্ৰহ্মপুত্ৰ বহ্নিমান
শতৰুৱে বৰঘৰতে
বুকুত মাৰি থৈ যায় হান ৷

কোনেও নাগাই গভীৰ আস্থাৰ গান ৷
কথাবোৰ শুনি ছাগে ভাবিছা
সৰগৰ পৰাই
"কি বিচাৰি ওৰে জীৱন
কেনি আগুৱালো!?"
একো লাভ নাই অ' ভূপেন মামা
বুভূক্ষ শিশুৰ আৰ্তনাত শুনি
নাকান্দে কোনেও ইয়াত ৷
ব'ধিবলৈ ওলাই নাহে ৰামৰ দেশৰ ৰাৱণ ৷
কেৱল জন্ম আৰু মৃত্যুত তোমাক সোঁৱৰণ ৷
তাতো প্ৰতিযোগিতা
প্ৰচাৰৰ ৷
শুই থাকা ভূপেন মামা
অসমত এতিয়া গভীৰ নিশা
গভীৰ নিদ্ৰাত জাতি
শতৰুৰ দখলত ভেটি
কি লাভ সাৰে থাকি
শুই থাকা সমাধিতে
এৰা ইয়াত এতিয়া বৰ জয়াল ৰাতি ৷

Bhupen Hazarika

ভূপেন মামা

"কুসুম্বৰৰ পুত্ৰ
শ্ৰীশংকৰ গুৰুৱে
ধৰিছিল নামৰে তান" বুলি
গুৰু বন্দনাৰেই আৰম্ভ কৰিছিলা
লুইতৰ পৰা মিচিপি হৈ ভল্গাৰ
বৰ্ণময়  যাত্ৰা ৷
তোমাৰ গীতৰ হেজাৰ শ্ৰুতাক
মুগ্ধ কৰিছিলা যাদু কণ্ঠৰে
মোহাচন্ন কৰিছিলা শব্দৰ মায়া জালেৰে ৷
শীতৰ সেমেকা ৰাতিবোৰত যিদৰে
বস্ত্ৰহীনৰ তুঁহ জুই একুৰা হৈ জ্বলিছিলা
কামেং সীমান্তৰ সৈনিকৰ মৃত্যুত
উচুপি উঠিছিলা তুমি ৷
ধৰাৰ দিহিঙে-দিপাঙে
লৱৰি ফুৰিছিলা যদিও
সূৰ্য্য উঠা দেশৰ
ৰ'দ পুৱাৰ কাৰণে মাতিছিলা আমাক ৷
একতাৰে মহুৰাতে জাতিটোক পকাবলৈ অহো পুৰুষাৰ্থ কৰিছিলা তুমি ৷
মূৰ ফুলাম গামোচা খনি
ক'ৰবাৰ শেনে আহি নিলে টানি - বুলি চিঞৰিছিলা
কোনে কি ভাও লয় দেশৰ বাবে
মাতিছিলা সৱকে ৷
বহ্নিমান ব্ৰহ্মপুত্ৰৰ আকাশ
পপীয়া তৰা ঘূৰাৰ কথা কৈছিলা
জাতিটোক পদে পদে কৰা অপমানৰ কথা তুমিয়েই
মনত পেলাই দিছিলা 
সাগৰ সংগমত সাঁতুৰি
ক্লান্ত নোহোৱা মানুহ জনো
তুমিয়েই আছিলা ৷
জিৰাবৰ তৰু-তৃণহীন
উৰণীয়া মৌ জাকৰ এটা
মৌ মাখি আছিলা তুমি
বিমূৰ্ত নিশা বোৰত
মৌনতাৰ নীলা খেলো খেলিছিলা তুমি ৷
 মহানগৰীৰ যক্ষ হৈ
মিছলীয়া মৰমত কাৰাৰূদ্ধ
হোৱা নাছিলা জানো তুমি?
যৌৱন বাসনাৰ
উপকূল ৰিক্ত কৰি
বিৰহৰ গীত
নতুবা
সূৰ্যোদয় যদি লক্ষ্য
সূৰ্যাস্তৰ পিনে ধাৱমান কিয় বুলি কৰা প্ৰশ্ন
জুয়ে পোৰা তিৰাশীত হেৰাই যোৱা ভাইটোৰ সন্ধান,
তিমিৰৰ ভেটা ভাঙি
প্ৰাগজ্যোতিষলৈ পোহৰৰ ঢল,
অথবা দিচাং মুখৰ মিচিং ডেকাটোৰ সোণৰ গেংগোঙৰ সুৰ
শ্বিলঙৰ মনালিছা লিংডোৰ গীতাৰৰ ঝংকাৰ
খাঁচী গৰখীয়াৰ শ্বৰাটিৰ সুৰ
এই আটাইবোৰতে আছিলা তুমি ৷
অগ্নি যুগৰ ফিৰিঙতি হৈ
সৰ্বহাৰৰ সৰ্বস্ব পুনৰ ফিৰাই অনাৰ সংকল্প আছিল তোমাৰ ৷
প্ৰচণ্ড ধুমুহাক নিৰ্ভিক ভাৱে
খুজিছিলা শক্তি
পাহাৰটো সিপাৰে প্ৰতিধ্বনি শুনিছিলা
কোনো গাভৰুৰ শোক ভৰা কথা ৷
পৰহি পুৱাতে মাছলৈ গৈ
ওভটি নহা ৰংমনৰ বিৰহত
কান্দিছিলা তুমি ৷
দেশৰ চন্দ্ৰমা
কাল  আন্ধাৰেৰে আৱৰিল বুলি চিঞৰিছিলা তুমি…

কোনেও নুশুনিলে ভূপেন মামা
কোনেও নবুজিলে ৷
জীৱনটো
মৰণতো ৷

গীতেৰে নোৱাৰি ভাবিছিলা শাসনেৰে কৰিম
নাওবৈচাৰ সেই সোণালী দিন
জালুকবাৰীত শেষ হৈ গ'ল ৷

সংগীহীনতাকে সংগী কৰি
ছাঁকেই লগৰীয়া কৰি
তুমি যুঁজি গ'লা আমৰণ ৷

পাঠশালাতেই শিকাবলে
জাতীয়তাবোধৰ পাঠ
লিখিছিলা
"জ-ই বোলে জয় জয় অসমৰ জয়
অসমৰ জয় হ'লে ভাৰতৰো জয় ৷"
"ম-ই বোলে মুচলমান হিন্দুও একেই
গান্ধীজীয়ে কৈছিল বাৰে বাৰে তাকেই ৷" বুলি
শিকাব খুজিছিলা সৰ্বধৰ্ম সমানহঃ ৷

নাই ভূপেন মামা নাই ৷
তুমিও নাই
নাই আমাৰ জাতি ৷
দখল কৰিলে আমাৰ মাটি
দখল কৰিলে ভেটি
অসমৰ মাটিতে নিজেই মগনীয়া আমি আজি ৷
তোমাৰ শদিয়ালৈ যাবলৈ দলং হ'ল
পিছে মানুহৰ হৃদয়ৰ পৰা হৃদয়লৈ থকা সাঁকোবোৰ ভাগি পৰিল ৷
মোৰ আইক ভাল পাওঁ বুলিলে
বহিৰাগতই গোচৰ তৰে আজি ৷
হয় ধৰ্ণা, হয় প্ৰতিবাদ
সৱ নিমাত ৷
সকলোৰে মনত বিচ্চিন্নতাবাদ
কোনেও নাগায়
"অসম আমাৰ ৰূপহী"
গায় ৰাজনীতিৰ গান
যদিও ব্ৰহ্মপুত্ৰ বহ্নিমান
শতৰুৱে বৰঘৰতে
বুকুত মাৰি থৈ যায় হান ৷

কোনেও নাগাই গভীৰ আস্থাৰ গান ৷
কথাবোৰ শুনি চাগে ভাবিছা
সৰগৰ পৰাই
"কি বিচাৰি ওৰে জীৱন
কেনি আগুৱালো!?"
একো লাভ নাই অ' ভূপেন মামা
বুভূক্ষ শিশুৰ আৰ্তনাত শুনি
নাকান্দে কোনেও ইয়াত ৷
বধিবলৈ ওলাই নাহে ৰামৰ দেশৰ ৰাৱণ ৷
কেৱল জন্ম আৰু মৃত্যুত তোমাক সোঁৱৰণ ৷
তাতো প্ৰতিযোগিতা
প্ৰচাৰৰ ৷
শুই থাকা ভূপেন মামা
অসমত এতিয়া গভীৰ নিশা
গভীৰ নিদ্ৰাত জাতি
শতৰুৰ দখলত ভেটি
কি লাভ সাৰে থাকি
শুই থাকা সমাধিতে
এৰা ইয়াত এতিয়া বৰ জয়াল ৰাতি ৷

Saturday, April 1, 2017

ব্ৰহ্মপুত্ৰ
             -বিনয় ২৯ মাৰ্চ ২০১৭

হিমালয়ৰ "অাগং-চি হিমবাহ"ৰ শীতল পানীৰ ধাৰা
মানস সৰোৱৰ ভেদি বৈ আহিছিল তেওঁ
চাংপো হৈ মিলিছিল চিয়াঙত
দিহাং  হৈ নামিছিল
লগ দিছিল দুইভনী
দিবাং আৰু লোহিত ৷৷
কালিকা পুৰাণৰ ব্ৰহ্মকুণ্ড,
পৰশুৰ পাপমোচনৰ
বহু যুগ আগৰে পৰাই
আৰম্ভ কৰিছিল তেওঁ
সাগৰমুখী যাত্ৰা ৷৷
ব্ৰহ্মপুত্ৰ ৷৷
এটা ধৰ্মৰ নাম নহয়
নহয় ব্ৰহ্মপুত্ৰ এজন দেৱতাৰ নাম ৷
অদৃশ্য দেৱতাৰ দৰে
কল্পনা প্ৰসূত নহয় ব্ৰহ্মপুত্ৰ ৷৷
ব্ৰহ্মপুত্ৰ এটা সভ্যতাৰ নাম
ব্ৰহ্মপুত্ৰ
না না ধৰ্ম
না না জাতি
না না সংস্কৃতি
ভিন্ন বিশ্বাস
ৰহনীয়া কৃষ্টি সাৱতি
নিৰৱধি বৈ থকা
এক বিশাল জলধীৰ নাম ৷৷
যথেষ্ট নহয় তেওঁক পূজিৱলৈ কেৱল প্ৰণাম ৷৷
শংকৰদেউ সাঁতুৰি পাৰপাৰ হোৱাৰ আগতেও
বৈ আছিল তেওঁ দুপাৰৰ
খিলঞ্জীয়াৰ বিশ্বাস সাৱটি
তিব্বতৰ লামা, পাহাৰৰ দঞি-পঃল,
দেউৰীৰ গোঁসানী
বড়ো বাথৌ,
আহোমৰ চোমচেং আৰু পুলিন-পুথাও …
সকলোকে চিনিছিল তেওঁ ৷
এটা ধৰ্ম নাছিল তেওঁ
সৰ্বধৰ্মৰ বিশ্বাস জিনী
বুঢ়ালুইত হৈ বৈ গৈছিল
যমুনা হৈ  মিলিছিল গংগাত
হুগলী আৰু পদ্মাহৈ
সাজিছিল সুন্দৰ বন ৷৷
অগনন জনগণ দুপাৰৰ
অগনন ভাষা
অগনন ধৰ্ম
অলেখ বিশ্বাস
সকলো সামৰি মিলিছিল
বংগোপত ৷৷

চিৰিলুই যে দেৱতা নহয়
ব্ৰহ্ম পুত্ৰ নহয় ব্ৰহ্মাৰ পুত্ৰ
নমন কৰয়েই যাক
কৰিব পাৰি সন্তুষ্ট ৷
পলেসেৰে
দুপাৰৰ সহস্ৰ আৰ্ত কণ্ঠৰ
সপোন গঢ়োতা ব্ৰহ্মপুত্ৰ ৷
বলিয়া বানেৰে সৰ্বস্ব হৰি নিয়া জনো ব্ৰহ্ম পুত্ৰ ৷
বৌদ্ধ মঠ বোৰৰ পৰা
ভাঁহি অহা গম্ভীৰ ধব্বনি বোৰৰ নাম ব্ৰহ্মপুত্ৰ
পাহাৰীয়া ডালিমীৰ
খিল খিল হাঁহিটোৰ নাম
ব্ৰহ্মপুত্ৰ ৷
ভৈয়ামৰ অইনিঃতম
আৰু বনৰীয়া নামবোৰ,
বনঘোষা বোৰ
বাগৰুম্বা অথবা দেওধনি নাচোনটোৰ নাম ব্ৰহ্মপুত্ৰ ৷
ফজিৰৰ আজান আৰু
নিশাৰ ভাওনাৰ বৰধেমালী-সৰু ধেমালী বোৰৰ নাম ব্ৰহ্মপুত্ৰ ৷

ধেমাজি অথবা মাতমৰাৰ বান
ৰহমৰীয়া অথবা
মাজুলীৰ খহনীয়াৰ নাম
ব্ৰহ্মপুত্ৰ ৷৷
পঞ্চৰত্ন যোগীঘোপাৰ
গুহাবোৰ
শৰাইঘাটৰ ইতিহাস
উমানন্দৰ বান্দৰবোৰ
কলিয়াভোমোৰাৰ
শাল কাঠৰ খুঁটাৰ
সপোনবোৰ
বগীবিলৰ আধৰুৱা সপোনটো
ঢলা-শদিয়াৰ
দুপাৰস্পৰ্শী
আকাংক্ষা বোৰৰ
নাম ব্ৰহ্মপুত্ৰ ৷৷

ব্ৰহ্মপুত্ৰ নহয় এটা
নহয় ব্ৰহ্মপুত্ৰ এক অদেখা দেৱতাৰ নাম ৷ নহয় এটা বৈদিক মন্ত্ৰৰ নাম ৷
নমন কৰিয়েই যাক কৰিব পাৰি সন্তুষ্ট ৷
ব্ৰহ্মপুত্ৰ যে সৃষ্টিকৰ্তা
দুপাৰৰ অগনন জনতাৰ
অদৃষ্টৰ ৷৷
কেতিয়াবা শ্ৰদ্ধাত শিৰ নত কৰিছে
কেতিয়াবা খঙত ফাটি পৰিছে
জীৱন-জীৱিকাৰ বাবে ধন্যবাদ
আৰু বলিয়া বানৰ বাবে শাওপাত দিছে জনতাই
ব্ৰহ্মপুত্ৰক ৷
প্ৰণাম নহয় হে ব্ৰহ্ম পুত্ৰ
বন্দো তোমাৰ পদকমলত
মনত লৈ সেই সাৰ্বজনীন ভাৱ
সৰ্ব ধৰ্ম সমানহঃ ৷

Wednesday, March 8, 2017

উদাৰ অসমীয়া

উদাৰ অসমীয়া:
        -বিনয় ৮ মাৰ্চ ২০১৭
অ-সম
তুলনাবিহীন মোৰ দেশ
অ-সমান
ওখোৰা-মোখোৰা মোৰ দেশ
নানা জাতি-বৰ্ণ- ধৰ্ম-ভাষা-দোৱানৰ
সানমিহলি মোৰ দেশ
তথাপিও সমান
তথাপিও সকলোৰে বুকুত
মৰমৰ টান
জনাব জানে পৰস্পৰক  সন্মান
অ-তুলনীয়,
অ-সম
মোৰ অসম দেশ

হ'ব পাৰে সকলোৰে ভিন ভিন বেশ
তথাপিও সৰ্বজন সমানহঃ মোৰ দেশ
উদাৰ চিতে সৱটি সকলো
ম'চি সকলোৰে চকুলো
যুগে যুগে গাই
সম্প্ৰীতিৰ নামঘোষা, আজান,কেৰল, অইনিঃতম, বিহু, বাগৰুমবা, ঝুমইৰ…
গাই একতাৰ বৃন্দগান
বৈ আছে চিৰিলুইত
চিৰ প্ৰৱাহমান ৷

আমি জানো কোন আপোন
কোন পৰ
আলহিকো এৰি দিওঁ
নিজৰ ঘৰ ৷
অতিথি পৰায়ণ আমি
নৰ আমাৰ নাৰায়ণ
সেই বুলি
খুৱাই দিব খোঁজোতে
কামুৰিব খোজিলে আঙুলি
আমিও জানো
আমাৰো আছে
কাণতলিয়াত দাঁত সৰুৱাব পৰা হাত ৷
অতিথি আৰু অঘৰী
চিনি পাওঁ আমি
মজিয়াত খাবলৈ দিলো বুলি
ভঁৰাললৈ নেমেলিবি হাত ৷
জানো আমি কেতিয়া ল'ব লাগে
চিটিপনি,
মহ'ৰ টোকোন,
হেংদান ৷

অসমীয়া এটা জাতিৰ নাম
অসমীয়া এটা বৃন্দ গান
কোনো ধৰ্মৰ নাম নহয় অসমীয়া
উদাৰতা মানে নহয়
সহনশীলতা

কোমলতা-কঠোৰতা
দুয়োটাই জানো আমি
অঘৰীক বৰঘৰ এৰি
নিজে নহওঁ যাযাবৰী

উদাৰতা মানে দুৰ্বলতা
সৰলতা মানে সহনশীলতা
বুলি
ওভত গোৰে নানাচিবি হেৰ'
ভাঙি দিব পাৰো তহঁতৰ
ওভত গোৰে নচা ঠেং
ল'ব লাগিব জীৱনৰ বাবে পেং

আমি হ'ব পাৰোঁ উদাৰ
শেষ হোৱা নাই হেংদানৰ ধাৰ
অসমীয়া নহয় কোনো ধৰ্মৰ নাম
মিলি থাকিলে পাবি উচিত মান
উদাৰতাক দূৰ্বলতা বুলি ল'লে
সাৰি নাযাবি হেৰ'
অসমীয়া এটা
অপ্ৰতিৰোধ্য শক্তিৰ নাম ৷

Tuesday, March 7, 2017

টেলিভিছন

সৰুতে আমাৰ এটা টেলিভিছন নাছিল
বাবেই নেকি দেওবাৰৰ পুৱাবোৰ বৰ উত্কণ্ঠাৰ আছিল
ৰাম-সীতাৰ প্ৰেম আৰু ধৰ্ম-অধৰ্মৰ যুঁজতকৈ
আন এখন যুজ জিকিব লাগিছিল টেলিভিছনৰ প্ৰেমত

দেওবাৰৰ যুঁজবোৰ শেষ হয়
এটা টেলিভিছন সোমাই আহে যেতিয়া ঘৰলৈ
দৰ্শক হোৱাৰ উত্কণ্ঠাবোৰ তাৰ আগতেই শেষ হয়

সোমবাৰে টেলিভিছন এটাৰ ভিতৰলৈ সোমাই যাওঁ মই
অলি-গলি, গাঁও-চহৰ, দোকান-পোহাৰ
বাট-পথ সকলোবোৰ ঘুৰ্মুটিয়াই ঘুৰ্মুটিয়াই বিচাৰি ফুৰোঁ উত্কণ্ঠাবোৰ

এটা টেলিভিছনৰ ঘৰ, ঘৰৰ ভিতৰত অলেখ টেলিভিছন
টেলিভিছনবোৰে আমাক বিচাৰি ঘূৰি ফুৰে


প্ৰেমবোৰ, যুঁজবোৰ, দুখবোৰ ঘূৰি ফুৰে
এটা গোলাকাৰ টেলিভিছনৰ ভিতৰত সোমাই থকা
অলেখ টেলিভিছনৰ তাঁৰে তাঁৰে বগাই বগাই

২০১১

Tuesday, January 31, 2017



ধৰ্ম

পুৱাই উঠি টুথপেষ্টটোক সোধিলো
কি ধৰ্ম অ' তোৰ?
কোনে বনাইছে তোক
হিন্দু? ইচলাম? খ্ৰীষ্টান………?
স্নানাগাৰৰ চাবোন টুকুৰাক সোধিলো
কি চৰ্বিৰে তৈয়াৰি তই?
গৰু? গাহৰী?????
 দাপোন খনক সোধিলো
প্ৰতিফলিত কৰণে তই
পৃথক প্ৰতিবিম্ব,  পৃথক ধৰ্মীৰ?

আলনাৰ চোলাটোক সোধিলো
কোনে বা সী- ছে টোক?
সি বা কোন ধৰ্মৰ?

পথটোক সোধিলো
যাব পাৰেনে তোৰ ওপৰেৰে
সৰ্বধৰ্মৰ মানুহ?

পথটোৰ কাষৰ মন্দিৰ, মচজিদ, গীৰ্জা, গুৰুদ্বাৰা সকলোতে মূৰ দোঁৱালো
সিহঁতে  নোসোধিলে
"অই তোৰ ধৰ্ম কি?"

Wednesday, January 25, 2017

ছাকিৰা আহিব বকুল তললৈ

ছাকিৰা,
তই বকুল তললৈ আহিবি
বিয়পি পৰিছল খবৰ
বনজুইৰ দৰে
ইখন সিখন সাতো খন গাঁও ৷
তই আহিবি বুলি
আয়ে ভাজিছিল
বৰাধান হুৰুম
জেতুকা বুলাইছিল
গাঁৱৰ গাভৰু জাকে
তোৰ স'তে এপাক কঁকাল ভাঙি নচাৰ হেঁপাহত ৷
ধোঁৱা চাঙত তুলি থোৱা ঢোলৰ খোলাটো
দি আহিছিল মুচিয়াৰক
ৰং মন ককাইদেৱে ন-চাওনি চোৱাবলৈ
ওজা ঢোলৰ ৷
বতাহে বতাহে বিয়পিছিল খবৰ
ছাকিৰা আহিব
ছাকিৰা আহিব
বকুল তলৰ বিহুলৈ ৷
গাঁৱৰ ডেকা জুমে
চিকুনাই বকুলৰ তল
পাৰিছিল দলিচা
তোৰ বাবে ৷

ছাকিৰা
বকুল তলতচোন কোনোবা
বহিৰাগতই তৰিছে
তম্বু দেখুৱাবলৈ
অৰ্থ গৰ্বৰ যাদু খেল ৷৷

কলৈ আহিবি ছাকিৰা?
ক'ত নাচিবি বিহু কঁকাল ঘূৰাই??

সেই বুলিয়ে তই ককাইদেউক
কিয় লগাই দিলি সিহঁতৰ কথা
তেওঁ যে বৰ খঙাল
স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা
ককাইদেও জনৰ যদি খং উঠে
আৰু জ্বলাই দিয়ে বকুল তলৰ
বহিৰাগতৰ তামিঘৰা
লেৰেলি নাযাবনে তাৰ তাৰ তাপত
আমাৰ হেঁপাহৰ বকুল ৷

ছাকিৰা
তইতো দেখানাই লক্ষীপথাৰৰ আৰ্তনাদ
পোৱা নাই চৰাইপুঙৰ বাতৰি
তোৰ ককাইদেউক বিচাৰি যদি আকৌ আহে সিহঁত
সাৰ পাই চিঞৰিব এবাৰ
ভনীমাইৰ আত্মাই আকৌ

ছাকিৰা অ'
নেলাগে মাতিব তোৰ সূৰ্য সন্ধানী
ককাই দেওক
তই আমাৰ বুকুত আছ
আৰু তোৰ লগত আছে
জেতুকা বুলিয়া বুকুৰ উচাহ ৷

চাকিৰা
নাশিৱ লাগিব দুষ্কৃতি
সুন্দৰৰ মন্ত্ৰ আওঁৰাই
নে লাগে দে থক
খঙাল ককাইদেউক মাতিব
তই আছচোন আমাৰ হিঁয়াই হিঁয়াই
- বিনয় ২৫ জানুৱাৰী

Sunday, January 8, 2017

অসমীয়া ভাষা-গীত ইত্যাদি ৷৷

সংস্কৃতি বোৱতী নৈ ৷ ই গতি সলোৱাতো স্বাভাৱিক ৷ সেই দৰে ভাষাও ৷ ভাষাৰ জন্ম আছে বিকাশ আছে, মৃত্যু আছে ৷ মই অৱশ্যে
কোনো ভাষাবিদ নহও ৷ কলা শাখাৰ এজন সাধাৰণ স্নাতক ৷ ওজা ছাত্ৰও নাছিলো ৷ মধ্যমীয়া ৷ তথাপি আপোন ভাষাটো ভাল পাওঁ ৷
সংস্কৃতি ভাল পাওঁ ৷ সেইবাবেই মনলৈ কিছু কথা আহিছে ৷ ক'লৈ গৈ আছে অসমীয়া ভাষা? ভাষাৰ লগত যিহেতু সংস্কৃতিৰো ওতঃপ্ৰোতঃ সম্বন্ধ,  সেই বাবে ভাষাৰ আঁচলত ধৰি আওবাটে গতি কৰিছে নেকি অসমীয়া সংস্কৃতি? কিয় কৈছো বুজি পাইছে চাগৈ ৷
বৰ্তমান সময়ত অসমীয়া ভাষাত যিবোৰ গীত ওলাইছে, গীতবোৰত যিবোৰ শব্দৰ প্ৰয়োগ হৈছে - সেইবোৰ দেখি শুনি এই ভাৱ মনলৈ আহিছে ৷ অসমীয়া ভাষাটো ইমান দুখীয়া হ'ল নে যে ইংৰাজী,  হিন্দীৰ খিচিৰি নপকালে গীতৰ সৃষ্টি কৰিব নোৱাৰি?? কৈছো ভাষাৰ বিকাশ আছে ৷ "চচাৰ''ৰ সময়ত ইংৰাজী ভাষাটোত মাত্ৰ দহ হাজাৰ শব্দ আছিল ৷ যেতিয়া এসময়ত বৃটিচৰ বেলি ডুৱ নোযোৱাৰ অৱস্থাৰ সৃষ্টি হ'ল, গোটেই বিশ্বতে বৃটিচৰ আধিপত্য হ'ল
তেতিয়া বৃটিচ দখলিকৃত সৰু সৰু অঞ্চলৰ ভাষাৰ শব্দক ইংৰাজী ভাষাই সামৰি ল'লে ৷
বৰ্তমান ইংৰাজীৰ অক্সফোৰ্ড অভিধানত থকা শব্দৰ সংখ্যা 171,476 টা ৷ সেই দৰে "অৰুণোদয়" যুগৰ পৰা বিকশিত হৈ অসমীয়া ভাষাই আজিৰ অৱস্থা পাইছেহি ৷ অসমীয়া ভাষাটো অসমৰ খিঞ্জীয়া জাতি-জনগোষ্ঠীৰ নিজা ভাষা নহয় ৷ এসময়ত ই বৰ অসমৰ সকলো ৰাজ্যৰে সংযোগী ভাষা আছিল ৷
অসমীয়া ভাষাটো বিভিন্ন ভাষাৰ আমদানি ঘটিছে ৷ থলুৱা বড়ো, আহোম আদি ভাষাৰ দেধাৰ শব্দই অসমীয়া ভাষাত ঠাই পাইছে ৷
উদাহৰণ স্বৰূপে বড়োৰ "বৰদৈচিলা" আহোমৰ
সম্বন্ধ বাচৰ শব্দ যেনে - নিচাদেও, আপাদেও, এনাইদেও, পুথাও, ৰাজমাও, স্বৰ্গদেও আদি শব্দৰ ওপৰি বস্ত বাচক শব্দ কাৰেং,মাইহাং,ভোগজৰা, দৌল,হেংদাং ইত্যাদি ৷ সেই দৰে ৰুটি, পৰঠা, ৰসগোল্লা, চিংৰা,  কচৌৰী, চামুচ, আলমিৰা, কম্পিউটাৰ, কেলকুলেটৰ আদি শব্দবোৰ অসমীয়া ভাষাই জাতত তুলি লৈছে ৷ নহ'লে উপায় নাই ইয়াৰ প্ৰতি শব্দ অসমীয়াত কৰিলে বুজি পোৱাত অসুবিধা হ'ব ৷
     কিন্তু সেই বুলিয়েই বিহুৰ নামত বাৰে ভচহু
শব্দ কেইটামান সংযোজন কৰি আধুনিক বাদ্য যন্ত্ৰ সহিতে গাই দিলেই সি গ্ৰহণযোগ্য হ'ব - এনে কথা মানিবলৈ টান লাগে ৷ বিহুৰ ঐতিহ্য আছে ৷ বিহু গীতৰ সুকিয়া বৈশিষ্ট আছে ৷ সেইবোৰ ধোঁৱা চাঙত তুলি মুখত যি আহে তাকেই গালে বিহু বিহু হৈ থাকিবগৈ নে?
বহুতে ক'ব এইজন আওপুৰণি মানুহ,  সংৰক্ষণশীল মানুহ ৷ উত্তৰত ক'ম -
জাতীয় স্বাৰ্থত আমাক অকণমান সংৰক্ষণশীলতাৰো দৰকা আছে ৷ কৈছোৱেই মই ভাষাবিদ বা বিহুৰ গৱেষক নহও ৷ এজন মধ্যম শ্ৰেণীৰ সাধাৰণ স্নাতক ৷ মোৰ সীমিত জ্ঞানেৰে কথা খিনি ক'লো ৷ বাকী  ভাষা সংস্কৃতিৰ গৱেষক, পণ্ডিত, জাতীয় সংগঠন সমুহলৈ এৰিছো ৷ মোৰ মতে বিহু বা অসমীয়া আধুনীক গীতৰ ক্ষেত্ৰত এখন ' চেন্সৰ বৰ্ড'ৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ সুৰ যি কৰে কৰি থাকক ৷ কিন্তু প্ৰতিজন গীতিকাৰে গীত সমুহ এই 'চেন্সৰ বৰ্ড'ৰ দ্বাৰা  অনুমোদন কৰোৱাবই লাগিব ৷ এনে নিয়মৰ প্ৰৱৰ্তন নকৰিলে ভাষাৰ লগতে অসমীয়া সংস্কৃতিও যায় যায় ৷

বিনয় 8/2/2017
মদিৰাৰ ৰং

আপুনি সুৰাপায়ী???

হয় আপোনাকে সুধিছো
সুৰাপান কৰে নে আপুনি?
মাতাল হ'বলৈ
নে পাহৰাই ৰাখিবলৈ নিজক
মদৰ ৰাগীত?
নে সুৰাই পান কৰি পেলাইছে
আপোনাৰ জীৱনৰ সমষ্ট ৰং?

হয় আপোনাকে সুধিছো
শেতেলীত এৰি
নৱবিবাহিতা পত্নীক
গুছি যায় নে "বাইন বাৰ"
অথবা "বাইৰ গলি"লৈ??
ঢলং পলং খোজেৰে যেতিয়া
আপুনি ঢকিয়াই আপোনাৰ
শুৱনি কোঠাৰ দুৱাৰ
উৎকণ্ঠিত পত্নীয়ে
উচুপি উঠে নে নিৰৱে?
নিশাৰ বাবে পোহি ৰখা
তেওঁৰ প্ৰজন্মৰ সপোনবোৰ
আপোনাৰ অশ্লীল চিঞৰত
ভাগি পৰাৰ শেষত
আপুনি যেতিয়া কামনা পূৰ্ণকৰে তেওঁৰ স'তে
সেয়া বাৰু মিলন
নে বলাৎকাৰ?

হয় আপোনাকে সুধিছো
বিয়াৰ আগতে যে
প্ৰতিশ্ৰুতি দিছিল তেওঁক
"তোমাক পালে মই এৰিদিম
সমষ্ট নিচা-
মদ, চিগাৰেট, গুটখা…"

হেৰি কিয় পাহৰিছে আপুনি
তেওঁৰ সেওঁতাৰ ৰং
আৰু আপোনাৰ ৰঙীন পানীয়ৰ গিলাচৰ ৰঙৰ
সামঞ্জস্য আছে জানো

আপোনাৰ পানীয়ৰ গ্লাচত
বৰফৰ টুকুৰা গলা দি
তেওঁৰ যে সপোনবোৰ
চকুপানী হৈ গলিছে
আপুনি জানে জানো??
হেৰি
কিয় হেৰুৱাব খুজিছে
আপোনাৰ জীৱনৰ ৰং
সুৰাৰ ৰঙীন আৱেশত।
যি ৰং মিহলি হ'লে
নিস্তেজ হৈ পৰে
সেওঁতাৰ ৰঙা ৰং ?

হেৰি এবাৰ ভাবক
সেওঁতাৰ ৰং আৰু
পানীয়ৰ ৰং মিলাই
"কক্ টেল" নকৰিব
তাইৰ জীৱন ৷

কাৰণ তাই জীৱনক ভালপায়
যি জীৱনৰ স'তে
সাঙুৰ খাই আছে
আপোনাৰ কলিজাৰ ৰং

ৰঙীন সুৰা ঢালি ঢালি
এঙেৰুৱা কৰি নেপেলাব
আপোনাৰ কলিজা ৷

ৰং ভাল পাবলৈ শিকক
জীৱনৰ ৰং

( সদ্যোবিবাহিত এজন মাতাল বন্ধুৰ হাতত)
-বিনয় 6/1/17
Related Posts Plugin for WordPress, Blogger...