Sunday, January 8, 2017

অসমীয়া ভাষা-গীত ইত্যাদি ৷৷

সংস্কৃতি বোৱতী নৈ ৷ ই গতি সলোৱাতো স্বাভাৱিক ৷ সেই দৰে ভাষাও ৷ ভাষাৰ জন্ম আছে বিকাশ আছে, মৃত্যু আছে ৷ মই অৱশ্যে
কোনো ভাষাবিদ নহও ৷ কলা শাখাৰ এজন সাধাৰণ স্নাতক ৷ ওজা ছাত্ৰও নাছিলো ৷ মধ্যমীয়া ৷ তথাপি আপোন ভাষাটো ভাল পাওঁ ৷
সংস্কৃতি ভাল পাওঁ ৷ সেইবাবেই মনলৈ কিছু কথা আহিছে ৷ ক'লৈ গৈ আছে অসমীয়া ভাষা? ভাষাৰ লগত যিহেতু সংস্কৃতিৰো ওতঃপ্ৰোতঃ সম্বন্ধ,  সেই বাবে ভাষাৰ আঁচলত ধৰি আওবাটে গতি কৰিছে নেকি অসমীয়া সংস্কৃতি? কিয় কৈছো বুজি পাইছে চাগৈ ৷
বৰ্তমান সময়ত অসমীয়া ভাষাত যিবোৰ গীত ওলাইছে, গীতবোৰত যিবোৰ শব্দৰ প্ৰয়োগ হৈছে - সেইবোৰ দেখি শুনি এই ভাৱ মনলৈ আহিছে ৷ অসমীয়া ভাষাটো ইমান দুখীয়া হ'ল নে যে ইংৰাজী,  হিন্দীৰ খিচিৰি নপকালে গীতৰ সৃষ্টি কৰিব নোৱাৰি?? কৈছো ভাষাৰ বিকাশ আছে ৷ "চচাৰ''ৰ সময়ত ইংৰাজী ভাষাটোত মাত্ৰ দহ হাজাৰ শব্দ আছিল ৷ যেতিয়া এসময়ত বৃটিচৰ বেলি ডুৱ নোযোৱাৰ অৱস্থাৰ সৃষ্টি হ'ল, গোটেই বিশ্বতে বৃটিচৰ আধিপত্য হ'ল
তেতিয়া বৃটিচ দখলিকৃত সৰু সৰু অঞ্চলৰ ভাষাৰ শব্দক ইংৰাজী ভাষাই সামৰি ল'লে ৷
বৰ্তমান ইংৰাজীৰ অক্সফোৰ্ড অভিধানত থকা শব্দৰ সংখ্যা 171,476 টা ৷ সেই দৰে "অৰুণোদয়" যুগৰ পৰা বিকশিত হৈ অসমীয়া ভাষাই আজিৰ অৱস্থা পাইছেহি ৷ অসমীয়া ভাষাটো অসমৰ খিঞ্জীয়া জাতি-জনগোষ্ঠীৰ নিজা ভাষা নহয় ৷ এসময়ত ই বৰ অসমৰ সকলো ৰাজ্যৰে সংযোগী ভাষা আছিল ৷
অসমীয়া ভাষাটো বিভিন্ন ভাষাৰ আমদানি ঘটিছে ৷ থলুৱা বড়ো, আহোম আদি ভাষাৰ দেধাৰ শব্দই অসমীয়া ভাষাত ঠাই পাইছে ৷
উদাহৰণ স্বৰূপে বড়োৰ "বৰদৈচিলা" আহোমৰ
সম্বন্ধ বাচৰ শব্দ যেনে - নিচাদেও, আপাদেও, এনাইদেও, পুথাও, ৰাজমাও, স্বৰ্গদেও আদি শব্দৰ ওপৰি বস্ত বাচক শব্দ কাৰেং,মাইহাং,ভোগজৰা, দৌল,হেংদাং ইত্যাদি ৷ সেই দৰে ৰুটি, পৰঠা, ৰসগোল্লা, চিংৰা,  কচৌৰী, চামুচ, আলমিৰা, কম্পিউটাৰ, কেলকুলেটৰ আদি শব্দবোৰ অসমীয়া ভাষাই জাতত তুলি লৈছে ৷ নহ'লে উপায় নাই ইয়াৰ প্ৰতি শব্দ অসমীয়াত কৰিলে বুজি পোৱাত অসুবিধা হ'ব ৷
     কিন্তু সেই বুলিয়েই বিহুৰ নামত বাৰে ভচহু
শব্দ কেইটামান সংযোজন কৰি আধুনিক বাদ্য যন্ত্ৰ সহিতে গাই দিলেই সি গ্ৰহণযোগ্য হ'ব - এনে কথা মানিবলৈ টান লাগে ৷ বিহুৰ ঐতিহ্য আছে ৷ বিহু গীতৰ সুকিয়া বৈশিষ্ট আছে ৷ সেইবোৰ ধোঁৱা চাঙত তুলি মুখত যি আহে তাকেই গালে বিহু বিহু হৈ থাকিবগৈ নে?
বহুতে ক'ব এইজন আওপুৰণি মানুহ,  সংৰক্ষণশীল মানুহ ৷ উত্তৰত ক'ম -
জাতীয় স্বাৰ্থত আমাক অকণমান সংৰক্ষণশীলতাৰো দৰকা আছে ৷ কৈছোৱেই মই ভাষাবিদ বা বিহুৰ গৱেষক নহও ৷ এজন মধ্যম শ্ৰেণীৰ সাধাৰণ স্নাতক ৷ মোৰ সীমিত জ্ঞানেৰে কথা খিনি ক'লো ৷ বাকী  ভাষা সংস্কৃতিৰ গৱেষক, পণ্ডিত, জাতীয় সংগঠন সমুহলৈ এৰিছো ৷ মোৰ মতে বিহু বা অসমীয়া আধুনীক গীতৰ ক্ষেত্ৰত এখন ' চেন্সৰ বৰ্ড'ৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ সুৰ যি কৰে কৰি থাকক ৷ কিন্তু প্ৰতিজন গীতিকাৰে গীত সমুহ এই 'চেন্সৰ বৰ্ড'ৰ দ্বাৰা  অনুমোদন কৰোৱাবই লাগিব ৷ এনে নিয়মৰ প্ৰৱৰ্তন নকৰিলে ভাষাৰ লগতে অসমীয়া সংস্কৃতিও যায় যায় ৷

বিনয় 8/2/2017

No comments:

Related Posts Plugin for WordPress, Blogger...