Wednesday, January 25, 2017

ছাকিৰা আহিব বকুল তলৰ বিহুলৈ

ছাকিৰা আহিব বকুল তললৈ

ছাকিৰা,
তই বকুল তললৈ আহিবি
বিয়পি পৰিছল খবৰ
বনজুইৰ দৰে
ইখন সিখন সাতো খন গাঁও ৷
তই আহিবি বুলি
আয়ে ভাজিছিল
বৰাধান হুৰুম
জেতুকা বুলাইছিল
গাঁৱৰ গাভৰু জাকে
তোৰ স'তে এপাক কঁকাল ভাঙি নচাৰ হেঁপাহত ৷
ধোঁৱা চাঙত তুলি থোৱা ঢোলৰ খোলাটো
দি আহিছিল মুচিয়াৰক
ৰং মন ককাইদেৱে ন-চাওনি চোৱাবলৈ
ওজা ঢোলৰ ৷
বতাহে বতাহে বিয়পিছিল খবৰ
ছাকিৰা আহিব
ছাকিৰা আহিব
বকুল তলৰ বিহুলৈ ৷
গাঁৱৰ ডেকা জুমে
চিকুনাই বকুলৰ তল
পাৰিছিল দলিচা
তোৰ বাবে ৷

ছাকিৰা
বকুল তলতচোন কোনোবা
বহিৰাগতই তৰিছে
তম্বু দেখুৱাবলৈ
অৰ্থ গৰ্বৰ যাদু খেল ৷৷

কলৈ আহিবি ছাকিৰা?
ক'ত নাচিবি বিহু কঁকাল ঘূৰাই??

সেই বুলিয়ে তই ককাইদেউক
কিয় লগাই দিলি সিহঁতৰ কথা
তেওঁ যে বৰ খঙাল
স্বাধীনতাৰ সূৰ্য বিচাৰি যোৱা
ককাইদেও জনৰ যদি খং উঠে
আৰু জ্বলাই দিয়ে বকুল তলৰ
বহিৰাগতৰ তামিঘৰা
লেৰেলি নাযাবনে তাৰ তাৰ তাপত
আমাৰ হেঁপাহৰ বকুল ৷

ছাকিৰা
তইতো দেখানাই লক্ষীপথাৰৰ আৰ্তনাদ
পোৱা নাই চৰাইপুঙৰ বাতৰি
তোৰ ককাইদেউক বিচাৰি যদি আকৌ আহে সিহঁত
সাৰ পাই চিঞৰিব এবাৰ
ভনীমাইৰ আত্মাই আকৌ

ছাকিৰা অ'
নেলাগে মাতিব তোৰ সূৰ্য সন্ধানী
ককাই দেওক
তই আমাৰ বুকুত আছ
আৰু তোৰ লগত আছে
জেতুকা বুলিয়া বুকুৰ উচাহ ৷

চাকিৰা
নাশিৱ লাগিব দুষ্কৃতি
সুন্দৰৰ মন্ত্ৰ আওঁৰাই
নে লাগে দে থক
খঙাল ককাইদেউক মাতিব
তই আছচোন আমাৰ হিঁয়াই হিঁয়াই
- বিনয় ২৫ জানুৱাৰী

No comments:

Related Posts Plugin for WordPress, Blogger...