Tuesday, February 15, 2011

সঁচা কথা


সঁচা কথা মনালিছা,
যুঁজি যুঁজি ভাগৰি পৰিছোঁ ৭৯ৰ পৰা
ব্যাকৰণবিহীন যুদ্ধৰ ভাষা, লিখি আছোঁ
শুনাই আছোঁ অনৰ্গল, নুশুনাজনক
তেওতো নুবুজে কোনেও
বহু কষ্ট হয়, আইৰ পৰা নিলগত
বিশ্বাস কৰা মনালিছা, আইৰ আঁচলে আজিও ৰিঙিয়ায়
মন যায় দেউতাৰ সতে পথাৰত বোকা ফেনেকিবলৈ
ভাইটিৰ সতে খেলিবলৈ এপলক,
ভন্টিৰ সতে গাবলৈ গান সন্ধিয়া পৰত
তুমি হয়্তো বুজিও নুবুজা, অহোৰাত্ৰ সুধি আছা
দূৰণীৰ পৰা কিদৰে মচিম ম‍ই আইৰ কপালৰ আঘাত
সেওঁতাত যে এই সেন্দুৰ ৰঙী তেজৰেই কৰাল
কি দৰৱে ভৰাই তুলিব আইৰ বিক্ষত দেহৰ আঘাত
সেই বন দৰৱৰ ঠিকনা বিছাৰিয়েই মোৰ জংঘলে জংঘলে আৱাস
সঁচা কথা মনালিছা,
প্ৰহসন এতিয়া মাথোঁ, মোৰ বিগত সময়
পাহৰনি মোৰ পুৰণি সপোন, যেন এখিলা ধুই পেলোৱা কাগজৰ পাত
নাজানিলো, কিয় অতিথিৰ আগমনে বসন্ত আনিলে পিতাইৰ গাত
সহোদৰেও অঘৰী সজালে ৰাজপাতৰ আশাত
তুমিও নিলিখা চিঠি, উজাগৰি ৰাতি হৃদয়ৰ কবিতা সানি
হয়তো ঘৰ এৰিলে এনেকুৱাই হয়
সতিনীৰ পুতেকে আহি লব‍ই ভেঁটি
সঁচা কথা মনালিছা,
নাস্তিক হবৰ মন মোৰ এতিয়াৰ পৰা
"অতিথি দেৱো ভৱঃ" ধৰ্মৰ ঢোল
কিৰাতৰ ৰাজপাত, চাণ্ডালৰ দয়া
ঘৰৰ লৰা মৰিছেগৈ, কাৰ কি অহা-যোৱা?

Saturday, February 12, 2011

চটু মাঝি: বৰ্ণালী হাজৰিকা

(গল্প নহয়, কিন্তু গল্পৰ দৰে লগা সত্য ঘটনা....)
শহুৰদেউতাৰ বছেৰেকীয়া শ্ৰাদ্ধৰ বাবে ডিচেম্বৰৰ মাজভাগত ডিব্ৰুগড়ৰ ঘৰলৈ যাবলগীয়া হৈছিল কমদিনৰ চুটিত। ছোৱালী দুজনীয়েও অসমলৈ যাবলৈ পালে বৰ ভাল পায়।দিনৰ দিনটো ইজোপা সিজোপা গছৰ তলে তলে ঘুৰি ফুৰি, নানান ফুল পাত গোটাই, দদায়েকহঁতৰ লগত পুখুৰীত মাছ ধৰি, পথাৰলৈ গৈ, চাহ বাগানৰ মাজে মাজে ঘুৰি পকি বৰ আনন্দ পায় ।
আমাৰ ঘৰটো চাহবাগানৰ একেবাৰে কাষতে হোৱা বাবে চাহ জনজাতিৰ সকলো ধৰণৰ উত্‍সৱ, পূজা-পাৰ্বন, সিহঁতৰ কাম-কাজৰ সময়, বাগানৰ ঘণ্টা আদিৰ লগত আমাৰ বহু দিনৰ চিনা পৰিচয় ।দিনটোৰ যিকোনো সময়ত কোনোবা নহয় কোনোবা এটা ওলাইহি কাম-বন কি আছে কৰি দিবলৈ, নতুবা হেঁপাহতে ‘চা-পানী’ একাপ পাম বুলি..
তেনেকুৱা দুপৰীয়া এটাত.., মই আগফালৰ বাৰান্দাতে চুলি শুকুৱাই বহি আছিলো । গেটৰ ফালে পিঠি দি থকাৰ বাবে কোন অহা-যোৱা কৰি আছে সিমান মন দিয়াও নাছিলো । কোমল ৰ’দজাকত বহি আলিজালিকৈ টোপনিয়াই থাকোতে হঠাত্‍ কাণৰ কাষতে শুনিলোঁ, ‘আইতা..অ’....আইতা, আণ্ডা ল’বি..?’ ঘুৰি চাই দেখো অকণমাণি প্ৰায় ৭/৮ বছৰীয়া ল’ৰা এটি ৰৈ আছে মোৰ ওচৰত !
ঘৰুৱা মূৰ্গীৰ কণী ম‍ই এনেইও বিচাৰিয়ে ফুৰোঁ, তাক সুধিলো, ‘কি অ’ই- কাক মাতিছ?’ সি মোক আকৌ সুধিলে, ‘আইতা আণ্ডা ল’বি?’ ম‍ই বোলো-‘...অ’ ল’ম, পিছে আণ্ডা ক’ত...?’ সি পিছ্ফালে হাতৰ মুঠিৰ মাজত লৈ অনা এটা কণী উলিয়াই দিলে..। মোৰ খঙে-হাঁহিয়ে আধামৰা অৱস্থা, ক’লো, ‘এটা কণী লৈ আহিছ, আৰু চিঞৰ-বাখৰ কৰি আছ ? কিমান দিব লাগিব তোক ?’-তাৰ স্পষ্ট উত্তৰ,‘পাঁচ টকা ।’ ম‍ই বোলো-‘ঠিক আছে, দিম । ত‍ই আৰু কেইটামান ক’ৰবাৰপৰা যোগাৰ কৰি লৈ আন যা ।’
‘আপোনাক কালি আৰু এটা আনি দিম’ -
তাৰলগত চুপতি মাৰি ভালেই লাগিছিল ।
ম‍ই সুধিলো,-‘এটা এটা কৈ ত‍ই কি উমনি দি থোৱা মূৰ্গী কণীবোৰ আনি দিবি নেকি.??’
এইবাৰো তাৰ স্পষ্ট উত্তৰ- ‘নহয়, কালি পাৰিব আণ্ডা, তেতিয়া এটা আনি দিম..’ এইবাৰ ম‍ই চকীখন অলপ ঠিক-ঠাক কৰি বহিব ল’গা হ’ল, কাৰণ যিমান ধেমালিৰ সুৰত ম‍ই কথা সুধি আছো, সি কিন্তু কোনো কথাই ধেমালিৰ সুৰত লোৱা নাই..... . . .
সুধিলো,-‘কি নাম তোৰ ?’ ‘চটু মাঝি’ ।
ম‍ই তাক চিকচিকিয়া পাঁচ টকা এটা দিলো, ‘কালিলৈ পালে আনিবি যা বুলি......’
ভাড়াঘৰৰ বঙালী মানুহজনীয়ে চিঞৰ-বাখৰ লগালে, “ইয়াত ঘৰৰ ডিম চাৰিটকাতে পায়..”
চটু মাঝিৰ কথা ম‍ই পাহৰি গ’লো ।
পিছদিনা, অ‍ইন কামকাজত লাগি থাকি, কিবা কথাত আগফালে বাহিৰলৈ যাওঁতে মন কৰিলো, এপ‍ইচামান ল’ৰাটো আজিও বাহিৰত ৰৈ আছে । আজি সি ‘আইতা..আইতা’ বুলি চিঞৰাও নাই । তাক দেখি মোৰ মৰম লাগিল ।
‘ত‍ই আকৌ আহিলি যে..? আজি কণী পালি নে না‍ই?’ তাৰ হাতত যোৱাকালিৰ নিচিনাকৈ আৰু এটা কণী
‘কি হ’ল- এটাই আনিলি যে, আৰু নাপালি...?’
‘নাই , এদিনত এটাহে পাৰে...!’-
অ’ ঠিকেইতো, এদিনত এটা‍ইটো পাৰিব, ময়ো যে আৰু..!!
ম‍ই তাৰ কাষত আঠু কাঢ়ি বহি ল’লো ।
‘এতিয়া তোৰ কাহিনীটো ক’চোন ..
কালি দিয়া প‍ইচাটো কি কৰিলি..? মামা পুংটে কিনিলে নে মিঠাই..?’
‘পেন এটা কিনিলো ।’
মোৰ চকখোৱাৰ পাল..!!
‘পেন ? ত‍ই স্কুল যাৱ নেকি ? কোন ক্লাচত পঢ় ? ক’ত থাক’? ঘৰত কোন কোন আছে...?? ম‍ই তাক এফালৰ পৰা সুধি গ’লো, একেলেঠাৰিয়ে ।মোৰ মনত এসাগৰ প্ৰশ্ন ।
উত্তৰত সি যি ক’লে, মোটামুটি এনেধৰণৰ- কালি দিয়া চিকচিকিয়া প‍ইচাটোৰে সি এটা পেন কিনিলে । ঘৰত তাৰ দুজনী ভনীয়েক, মাক-দেউতাক লাইনত যায় পাত তুলিবলৈ ।মোৰ ধাৰণা আছিল, সৰু ভনীয়েকজনী নিশ্চয় মাকৰ কোলাত হ’ব । কিন্তু নহয়, চটু মাঝি, চতুৰ্থ মানত পঢ়ে, তাৰ ডাঙৰ ভনীয়েক দ্বিতীয় আৰু সৰুজনী প্ৰথম মানত পঢ়ে ।স্কুলৰপৰা কিতাপপত্ৰ পায় কিন্তু, বহী শেষ হ’ল, কিনিবৰ বাবে ঘৰত থকা তিনিজনী মূৰ্গীৰ (দুজনীয়ে কণী পাৰি আছে)কণী বেচিব লগা হৈছে । আজিৰ কণী বেচা প‍ইচাৰে সি বহী এখন কিনিব ।সৰু ভনীয়েকে কণী খুউব ভাল পায়, সেয়ে এটা কণী তা‍ইৰ বাবে সদায় থৈ আহে ।
পৃথিবীৰ অষ্টম আশ্চৰ্য্যৰ নিচিনা ম‍ই তালৈ তধালাগি চাই ৰ’লো. .ইমানকণ ল’ৰাটোৰ ইমান গভীৰ চিন্তা শক্তি...!
বৰ মৰম লাগিল তালৈ-, সুধিলো, ‘স্কুলত পঢ়াইনে ভালকৈ..? কি কি পঢ় বাৰু..?’ অসমীয়া আৰু অংক সি খুউব ভাল পায়...!
নেওঁতা কিতাপ না‍ই, মাকে তাক কিনি দিব নহলে সি নিজে কিনি ল’ব...... এনেকৈয়ে...!
কিন্তু অসমীয়াৰ কিতাপখন আছে, সি নেওঁতা আওঁৰালে স্কুলত শিকোৱা....
ম‍ই সুধিলো তাক, কবিতা কি আছে, কিবা এটা শুনা- কিব্বা এটা... ! আৰু চকু দুটা মুদি ল’লো....
তাৰ মুখেদি সলসলকৈ ওলায় আহিল- ‘লঘোণ’..

‘একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই,
আছে যদি আধাসেৰ, চিৰা দিবি ভাল চাই,
দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে,
খেজুৰীৰ গুড় নেকি?, লৈ আহ এইফালে,
নাই যদি মালভোগ, জাহাজী কলকে আন,
আজি মোৰ লঘোণত, এয়ে হ’ব জলপান.......’

...‘আৰু এটা গাবি নে....?’

সি বৰ হেপাহেৰে আকৌ গালে- ‘মৰমৰ আই’...

‘ কোনে মোক তুলি তালি কৰিলে ডাঙৰ,
মৌ সনা মিঠা মাতে, পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
তেঁৱে মোৰ পূজনীয়া মৰমৰ আই...’

হাতত লৈ থকা পঞ্চাশ টকীয়া নোটখন তাৰ হাতত গুজি দিয়াৰ অদম্য ইচ্ছা থকা স্বত্তেও – চটু মাঝিৰ আত্মসন্মানত ম‍ই আঘাত দিব নুখুজিলোঁ... ...!!
চিকচিকিয়া পাঁচটকীয়াটো লৈ চটু মাঝি দৌৰি দৌৰি দোকানৰ ফালে গুচি গ’ল....!!

তেতিয়া Vs এতিয়া

আগতে......

ক্ৰিং ক্ৰিং ক্ৰিং.....
: হেল্ল,
: (সিফালৰ পৰা) হেল্ল,
: কোনে কৈছেলে বাৰু ?
: হেৰি নহয় এইটো নিত্য কটকীৰ ঘৰ নহয়নে বাৰু ?
: অ’ হয়, আপুনি কোনে কৈছিলে ?
: অ; ম‍ই যোৰহাটৰ পৰা অৰুণ বৰুৱাই কৈছিলো |
: অ’ মামা, কি খবৰ আপোনাৰ, বহুদিনৰ মূৰত ফোন কৰিলে যে ? মামীৰ ভালনে বাৰু ?
: অ’ ভালেই আছোঁ, হেৰি নহয় নয়ন, ম‍ই বহুতদিন ধৰি ফোন কৰিবলৈ চেষ্টা কৰি পোৱা নাছিলো, ফোনটো dead আছিল নেকি অ ?
: হয় মামা, ওচৰতে ধোবী ঘাট এটা আছে নহয়, মাজে মাজে তাৰবোৰ কাটিলৈ যায়, কাপোৰ মেলা ৰছী কৰিবলৈ, দেউতাই P&T officeঅলৈ গৈ গৈ ৪দিন মান আগতে ফোনটো ঠিক কৰালে |
: অ’ ভালেই হল দে , আজি কালি এই ফোনবোৰ হোৱাৰ পৰা অন্ততঃ ২-৩ মাহৰ মুৰে মুৰে তহতঁৰ খা-খবৰ এটা লব পৰা হৈছোঁ , বাৰু হেৰি নহয়, দেউতাৰক দেছোন, ভিনদেউৰ খবৰ এটা লওঁ, আকৌ ফোনৰ লাইন বা কেতিয়া পাওঁ কব নোৱাৰোঁ নহয় |
: ৰব দেই মামা, দি আছো..( দেউতা অ দেউতা যোৰহাটৰ অৰুণ মামাই ফোন কৰিছে.. )

আজিকালি ...

ringtone বাজিছে... (যি কোনো শব্দ কল্পনা কৰি ললেই হ’ল)

: তোমাৰ এই mobileটোৰ পৰা উপাই নাই আৰু, শান্তিৰে চিনেমা এখনো চাবলৈ নাপাওঁ, বিয়াৰ আগতেই এনেকুৱা....
: কিয় তেনেকৈ কৈছা নাপায় নহ্য়, important phoneনো হব পাৰে..
: থোৱা তোমাৰ important phone !!!

ringtone বাজিয়েই আছে...

: অ’ মামা, আকৌ ফোন কৰিলে যে ? কওঁকছোন কি হল ?...
: হেৰি ত‍ই ক’ত আছ’ , দেউতাৰে mobileটো off কৰি থৈছে, কাৰোবাৰ লগত আকৌ কিবা লাগিল নেকি ?
: অ’ মামা ম‍ই ঘৰত নাই নহয় , এখন অতি জৰুৰী meeting আছো, ম‍ই ঘৰলৈ গৈ আপোনাক miss call দিম বাৰু ...
: অ, হয় নেকি, জানো পাই এই mobileবোৰ হোৱাৰ পৰা কোন কত থাকে একো ধৰিব নোৱাৰা হলো.. হ’ব বাৰু দে ...........

Wednesday, February 9, 2011

আজিৰ অসমৰ সাংস্কৃতিক দিগন্ত

সঁচা, অসমী আই ভাগি-ছিগি গ’ল । জিলাবোৰ সৰু-সৰু ৰাজ্য হ’ল । তথাপি কিন্তু আমাৰ অসমীয়াৰ কৰ্তব্য কমা নাই । নাগালেণ্ডৰ ডালিমীয়ে আজিও ‘নাগামিজ’ ভাষা কয় ।
‘দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী,
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি ?’...

...অসমীয়া গীত নগা বিদ্ৰোহী, অবিদ্ৰোহীয়ে নাগামিজ ভাষাত আজিও গায় এইবুলি-

‘দুবলা মানুহ যদি
জীৱ্নৰ পাগলা নদী,
পাৰ হয় তোৰেই তাকত্‍ত,
তুমি হাৰাবনু কি ?
মানুহ মানুহৰ বাবে...
মানুহ যদিহে নাহব মানুহ,
চৈতান কেতিয়াভি নাহব মানুহ,
আৰু চৈতানটো যদি মানুহ হয়
চৰম পাব কোনেনো কবি ও’ সাথী ’......

...যেতিয়া নগা ভাই-ভনীৰ কণ্ঠত শুনো, মোৰ আনন্দাশ্ৰু ওলায় । মেঘালয়ৰ গাৰোপাহাৰৰ তুৰালৈ যেতিয়া গীতগাবলৈ মাতে আৰু তেতিয়া গাৰোসকলৰ কৃষ্টি ‘ৱাংগলা’ত মই নিজেই যোগদান কৰোঁ, তেতিয়া হেজাৰ হেজাৰ গাৰো ভাই-ভনীয়ে চিঞৰে ‘এটা বিহু গাওঁক’। তেতিয়া মন বিচলিত হয় । অৰুণাচললৈ গৈ, টিৰাপত টাংচাসকলে নামঘৰত যেতিয়া মাধৱদেৱৰ ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো’ গোৱা শুনো, তেতিয়া কান্দিবৰ মন যায় ।
~মিজোৰাম ৰাজ্যলৈ গৈ যেতিয়া আজিৰ এম এল এ জলিয়ানাৰ কথা শুনো-‘ছাৰ, ইউ মাষ্ট কাম টু আইজল ভেৰি অফেন । আৱাৰ পিপল লাভ এছামিজ পিপল’- তেতিয়া চকুপানী থিতাতে মচি কওঁ-‘চিবাই চিবাইজ লিয়ানা, ধন্যবাদ । ’ কাৰ্বি আংলঙৰ ডিফুত যেতিয়া কাৰ্বি কৃষ্টিক মই সন্মান জনাওঁ, তেতিয়াহে মোক সন্মান কৰে অসমীয়াৰূপে । সন্মান পাৰস্পৰিক কথা । আমি অৰুণাচললৈ গৈ দেখো ভঙা ভঙা অসমীয়াত অৰুণাচলৰ ভাই-ভনী সকলে কথা পাতিছে । ভাওনা কৰিছে লখিমপুৰৰ ঘাৰমৰা সত্ৰৰ কিম্বা তেজপুৰৰ শ্ৰদ্ধেয় গহন গোসাঁইৰ মৰমত কিম্বা গজেন বৰুৱাদেৱৰ শিক্ষাত । তেতিয়া মোৰ বুকু হমহম কৰে । ৰাজনৈতিক কাৰণত হয়তো সৰু সৰু ভাইসকলে, সাবালক হোৱাৰ পিছত, একোটা নিজ নিজ কোঠা বা ৰাজ্য ল’লে । ৰাজনৈতিক, ভৌগোলিক কোঠাহে- সেইবোৰ । মনৰ সাগৰত জানো পাৰ থাকে? সাংস্কৃতিক জগতৰ জানো কিবা সীমা থাকে ? কৰ্নেল ৰাজা চাহেব আৰু ৰাজ্যপাল বি কে নেহৰু চাহাবৰ অনুৰোধ আৰু অৰুণাচলৰ বহুতো ডেকা-বুঢ়া জনজাতীয় নেতাৰ মৰমত মই লিখিছিলো-

‘অৰুণ কিৰণ শিৰৰ ভূষণ
গলে হিমৰ ধল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল ’

তেতিয়া মই অসমৰ হৈও, ‘আমাৰ’ অৰুণাচলৰ ‘আমাৰ’ কথাষাৰিৰ সৈতে সঁচাকৈয়ে নিজকে মিলাই দিছিলো । এজন অৰুণাচলৰ জনজাতীয় ডেকাই ‘আমাৰ’ অৰুণাচল বুলি যি আগ্ৰহেৰে গাব, আমাৰ অসমীয়াসকলেও একে আগ্ৰহেৰেই সেই ‘আমাৰ’ কথাষাৰি লোৱা উচিত । তাত জনজাতীয়ই ভুল নুবুজে যে ‘আমাৰ’ বুলি কৈছে অসমীয়াই, গতিকে তেওঁলোকে আমাৰ অৰুণাচলক শোষণ কৰিব !! তেনেকৈ কোনো জনজাতীয়ই ভবা মই অন্ততঃ দেখা নাই । অৰুণাচলত হিন্দি দিছে । কোনোবাই হয়তো একেটা গীতকে গাব এই বুলি-

‘অৰুণ কিৰণ শিৰ কি ভূষণ,
কণ্ঠে হিম কি ধাৰা,
প্ৰভাত সূৰ্য্য-চুম্বিত দেশ,
অৰুণাচল হামাৰা-
অৰুণাচল হামাৰা ’

এই গীত গাই যদি কোনো জনজাতীয় ছাত্ৰই এজন কাশ্মীৰী শিক্ষকক (অৰুণাচলৰ) সোধে- ‘ছাৰ, “হম ৱহা যায়েংগে” মানে কি ?’ তেতিয়া সেই কাশ্মীৰী শিক্ষকজনে জনজাতীয় ছাত্ৰক অসমীয়াত বুজাই দিয়ে, ‘মই তালৈ যাম’ বুলি । চাংলাঙৰ টিছাৰ্চ ট্ৰেইনিং কলেজত মই জনৈক অনা-অসমীয়া শিক্ষকক প্ৰশ্ন কৰাত তেওঁ মোক কৈছিল- ‘দাদা, পহলে অসমীয়া শিখ লেতাহুঁ- অৰুণাচলমে পঢ়ানে কে লিয়ে!’ এইবোৰ মই নিজে দেখা-শুনা কথা । সত্য । মহাসত্য !!

সেইবুলি অসমীয়াই কেৱল বিচাৰিলেই নহ’ব । দিবও লাগিব । ‘গিভ এণ্ড টেক’ নীতিয়েহে ভুল বুজাবুজি দূৰ কৰে । আমি অৰুণাচল, মিজোৰাম, মেঘালয়, নাগালেণ্ডৰ কৄষ্টিক, বড়ো, মিচিং,কাৰ্বি, উত্তৰ কাছাৰৰ কৃষ্টিক সন্মান দেখুৱাব লাগিব । সাহিত্য সভাৰ অধিবেশনবোৰত দীঘল দীঘল গাৰুত আঁউজি প্ৰস্তাৱ লোৱাটোৱেই শেষ কথা নহয় । সাংস্কৃতিক, অৰ্থনৈতিক কথাও সোমাই থাকে ।
অৰুণাচলৰ কাঠখিনিৰে যদি অসমৰ ৰে’ল লাইনৰ শ্লিপাৰ হয়, অসমৰ চাহ যদি মিজোৰামে খাব লগা হয়, মেঘালয়ৰ আলু, কচু, বন্ধাকবি, চিমেণ্ট যদি অসমৰ ফাঁচীবজাৰত বেচিব লগা হয়, নাগালেণ্ডৰ বাঁহ যদি অসমৰ কাগজ কলত দৰকাৰ হয়, অসমৰ হোজাই, লালুকৰ ধান যদি জনজাতীয় ৰাজ্যবোৰলৈ যাবলগীয়া হয়, তেতিয়া পাহাৰৰ তলীতে, ভৈয়ামৰ সীমাতে, ক’ৰবাত নহয় ক’ৰবাত মানুহ মানুহৰ মিলন হ’বই – আৰু মানুহ মানুহৰ মিলন হ’লেই বিনিময় হ’বই- অৰ্থনিতিৰ, সুখৰ, দুখৰ অভিমানৰ ।...আৰু সেই বিনিময়ৰ মাধ্যম হ’ল ভাষা. সাহিত্য, কৄষ্টি । মৌন হৈ বিনিময় কৰিব পাৰি জানো ? অসমৰ নতুন পুৰুষে সেয়েহে পূৰ্বভাৰতত যোগসূত্ৰ ৰখাত নতুন দিগন্তৰ কথা ভাল বুলি ক’ব খোজো । যুগ যুগৰ বন্ধুত্বৰ সাঁকো ভাঙোতা ওলাব । পিছে সেই ভাঙোতাসকল দূৰৰ মানুহ । আমি ওচৰতে থকা মানুহৰ মাজত থকা সাঁকোসমূহ নিজেই ইতিবাচক বা পজিটিভ দৃষ্টিভংগীৰে মেৰামতি কৰি ল’ব লাগিব ।এয়েই সময় ! এয়েই সময় !!

( ‘প্ৰসঙ্গঃ সুন্দৰৰ’ – ডঃ ভূপেন হাজৰিকা, মূল লেখাটি পাঠকৰ ৰসাস্বাদনৰ বাবে হুবহু আগবঢ়োৱা হ’ল :
বৰ্ণালী হাজৰিকা )

Saturday, February 5, 2011

অসমত আহোম ভাষা

আহোমসকল বিৰাট মঙ্গোলীয় গোষ্ঠীৰ এটা ঠাল । খৃঃ পূঃ কেইবা শতিকাৰো আগতেই এওঁবিলাকৰ প্ৰবজন আৰম্ভ হয় । চীনদেশৰ সাৰুৱা উপত্যকা অঞ্চলেই যদিও টাই সকলৰ আদি বাসস্থান, তথাপি ভাষা আৰু সংস্কৃতি উভয় বিষয়তে আহোমসকলৰ ওপৰত চীনা সংস্কৃতিৰ প্ৰভাৱৰ মাত্ৰা নিচেই তাকৰ। চীনদেশত বিভিন্ন বংশৰ ৰজাসকলে সাম্ৰাজ্য স্থাপনৰ প্ৰচেষ্টা চলোৱাৰ লগে লগে টাই সকলৰ প্ৰবজন আৰম্ভ হয় । তথাপি দক্ষিণ চীনৰ য়ুনান প্ৰদেশত খৃষ্টীয় পঞ্চম-ষষ্ঠ শতিকামানলৈকে এওঁবিলাকে সুকীয়া ভাষা, সংস্কৃতি আৰু ৰাজ্য শাসনৰ প্ৰণালীৰে বসবাস কৰে । এই সময়তে টাই জাতিটো কেইবাটাও শাখাত ভাগ হৈ দক্ষিণ-পূব এচিয়াত বিয়পি পৰে ( Linguistic Survey Of India Vol. II, pp. 59-60)। তাৰে এটা শাখাই উত্তৰ ব্ৰহ্মত ছ্শ বছৰমান ৰাজত্ব কৰাৰ পিছত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্ব্বত পাৰ হৈ আহি ব্ৰহ্মপুত্ৰ উপত্যকাত ৰাজ্য স্থাপন কৰেহি । এই ঠালটোৱেই কালক্ৰমত ‘আহোম’ নামেৰে জনাজাত হৈ পৰে আহোমসকলে নিজকে কিন্তু ‘খাম-টাই’ নামেৰেহে চিনাকী দিছিল ।
            আহোমসকলে অসমত ৰাজ্য শাসন কৰিছিল যদিও তেওঁ বিলাকৰ ভাষা প্ৰজাৰ ওপৰত জাপি দিবলৈ চেষ্টা নকৰিছিল। তাৰ সলনি নিজেই অসমীয়া ভাষা গ্ৰহণ কৰি তাৰ উন্নতিৰ অৰ্থেহে পাৰেমানে চেষ্টা কৰিছিল । আহোমভাষা পঞ্চদশ শতিকামানলৈকে আহোমসকলৰ মাজত চলি থকা যেন লাগে কিন্তু বুৰঞ্জী লিখা আৰু ধৰ্ম সম্পৰ্কীয় কামত আহোম ৰাজত্বৰ বেলি মাৰ যোৱাৰ পিছতো আহোমভাষা চলি আছিল । সাধাৰণ কথোপকথনত বিনিময় হোৱা ভালেকিছুমান আহোম ভাষাৰ শব্দ অসমীয়া ভাষাত সোমাই পৰে । তাৰে কিছুমান শব্দ একেবাৰে জীণ গ’ল, কিছুমান শব্দৰ মাথোন আঁতি-গুৰি খুচৰিব পৰা হৈ আছে । জান, কাৰেং, ফেটা, পাং, ফাও, বুৰঞ্জী, ডাং, আদি শব্দ অসমীয়া ভাষাত মিলি গ’ল কিন্তু কিছুমান শব্দৰ ভাষাতাত্বিক আলোচনাৰ থল আছে । ভাষাতত্ববিদসকলৰ আলোচনাৰ বাবেই আমি কিছুমান শব্দ উল্লেখ কৰিব খুজিছোঁ । ইয়াৰে কিছুমান শব্দ পোনপতীয়াকৈ অসমীয়া ভাষাত সোমাইছে আৰু কিছুমান অপভ্ৰংশ হৈ নতুবা যুক্ত হৈ সোমাইছে ; যেনে- পাং-পাত,ফাং-কাট, লাং-খাই পৰ ইত্যাদি ।

আহোম শব্দ          অসমীয়া শব্দ
টুপ                        টুপ, ঘৰৰ আগ ভাগ
ৰাপ                      ৰাপ, অনুৰাগ
চুট                        চুট‌
ডয়ৰিক                 ডৰিক চৰাই
লপ                       লপলপা
লম                       ওলম, ওলমি পৰা
চাং                        চাং
হুক                        হুক, হুক-হুককৈ কন্দা
ডাক                      ডাক, দংশন কৰা
ডুঙ                       ডোং, খাল ডোং
মিট                      মিট, মিট দা
ফাক                     ফাক, দা থোৱা সঁজুলি
অক                      অক, উকলিওৱা
ছপ                       চপ, চপচপীয়া
লিনকাই               লিংকাই, আলজিভা
লা                        লা
জাপ                     জাপ, ভাঁজ কৰা
বেঙ                     বেঙা, অঁকৰা
বে-বে                   বেবা, চিঞঁৰা
বান                     বান, বানবাটি, বানকাঁহী
বাক                     লিখ, আঁক-বাক
ফাট                     ফাট, বেপাৰ কৰা আৰু কৰ দিয়া ঠাই
পম                      পম, পমি যা
টিপ                     টিপ, টিপ খা, খাঁজ খা
নুই                      নুই, নুইকৰা,উলাই কৰা
খট                      খট-বান্ধ, বান্ধ
কন                      কণ, অঙ্কুৰ, গজালি
কেপ                    কেপ-কেপাই থকা
কিট কিট              কেট কেট, কেটকেটা
ফেঞ                   ফেনা
জী                        জী, জীয়েক
টঙ                       টং-কৰা, গমি চোৱা
লিকচৌ                লিকচৌ
পিং                       পিং,শূল, কাঁইট
পুং                        পুং, খনি
ফুট                       ফুট ধৰা
বাং                       বাং-বাংকৈ, বাৰে-বাংকৰা
চাক                      বিহুৰ গৰুগা ধো‍ওৱা চাক
থাপ                      থাপ, থাপ মাৰি নিয়া
লিন                      লীণ, মিলি যোৱা
হিত                      হিত, উপকাৰ
হাই                       হাই, দন্দ, কাজিয়া
খিন                       ক্ষীণ
খাং                       খাং, হোৰা, পাচি
কাট                      কাট
জান                      জান, জুৰি
বক                       বক, বলকা
জাঙ                      জাঙ, সেজ
ফাই (জুই)          ফাঁই (খং)
লাঙ-খা লিঙ-খি    লাঙ-খা লিঙ-খি
লিং-লাং                লিং-লাং, অথালি-পথালি
লাং-থাং                লাং-থাং, খেলি-মেলি

এই শব্দবোৰ আহোম আৰু অসমীয়া ভাষাত সমানে পোৱা হয় ।তদুপৰি এই শব্দবোৰৰ গঢ়লৈ চাই শব্দবোৰ আহোম ভাষাৰপৰাই অসমীয়া ভাষালৈ অহাটো স্বাভাৱিক ।

ছাক                    জাক, জুম
ছিপ                     চীপ, ফাঁচ
ডেট                     ধে‌‍ট
উন                      উম‍
ৰি-খাপ               ৰিহা
চুপ                      চোহ, শুহি নিয়া
বেঙ                    বেঙা
বু                        বোবা, মূৰ্খ
ফুট                     ভূত
খেট                    খেদ, পিছে পিছে যা
কেঞৰ               কেঁৰু
কাপ                   কাপ-খাই পৰ
খাক                   খেক, খেক-খেকাই থকা
চক                     চুক
খু-টা-ৰা              খুতৰা শাক
মি-চা-নি             বিছনি
ছিক                    জেক, জেকা
চং                       চেং, চুলি-চেং
ছক                     চোক, সোৱাদ
চয়                      চই, কৰ
ছাম                    চাম, বহ(হাতীত)
আও                   আওতোৱা, নিকা কৰ

এই শব্দবোৰৰ গুৰিতে আহোম শব্দ ; কিন্তু উচ্চাৰণগত অপভ্ৰংশ হৈ অসমীয়া ভাষাত সোমাইছে । তদুপৰি ৰাজকাৰ্য্যত ব্যৱহাৰ হোৱা কিছুমান আহোম শব্দ একেবাৰেই অসমীয়া হৈ গ’ল । যেনে :

ফুকন (ফু= বগা, ধুনীয়া ; ক’ন= মানুহ)
চাওডাং (চাও= ডাঙৰীয়া, ডাং= দণ্ড )
ম’হুং = মোহন
লিকচন= (লিক-চো-আন); লিগিৰা লৰাৰ খেল
কাৰেং (কা= নাচনী, ৰেণ= ঘৰ) ৰজাৰ আমোদৰ ঘৰ

কিছুমান আহোম শব্দ বুৰঞ্জী সমূহৰ যোগেদি অসমীয়া ভাষাত সোমায় ।এই শব্দবোৰ উপযুক্ত ভাৱ প্ৰকাশৰ বাবে পোনপতীয়াকৈ ব্যৱহাৰ হৈছে ।বুৰঞ্জী, চকলং আদি শব্দবোৰ অসমীয়া ভাষালৈ আহোমভাষাৰ অনন্য সাধাৰণ অৱদান । বুৰঞ্জীবোৰত পোৱা আহোম শব্দৰ ভিতৰত পুলিন, পুথাৱ, থেম-কৰা, চৌখাম, স্লেদাম-স্লেফু, ৰিক‍খন-মুংখন, কাঁৰফাই, চৌতাং,ওল, মিচাং, কাইচেঙ্গমুং, হুহি-মাৰ, ত্যৌখাম ইত্যাদি উল্লেখযোগ্য।
        আহোমসকলৰ এটা বিশেষত্বপূৰ্ণ পৰম্পৰা আছে যে তেওঁবিলাকৰ বংশৰ ডাঙৰ-সৰু পুৰুষানুক্ৰমে চলি থাকে । ডাঙৰ ঘৰ সদায় ডাঙৰ, সৰু ঘৰ সদায় সৰু, বয়সৰ ওপৰত নিৰ্ভৰ নকৰে । অসমলৈ আহি আহোমসকলে ভাষা, সংস্কৃতি সকলো পাহৰিলেও সমন্ধবাচক শব্দবোৰ কিন্তু নাপাহৰিলে; সেয়েহে তেওঁবিলাকৰ নিচাদেউ, এপাদেউ, এনাইদেউ, পুথাও, আথাও, পুলিন, কাই, আপুটি আদি শব্দবোৰ আজিও চলি আছে ।

নিচাদেউ = মাক-বাপেকৰ ককায়েক
এপাদেউ = নিচাদেৱেকৰ ঘৈণীয়েক, মাক বা বাপেকৰ বায়েক
এনাইদেউ = মাকৰ মাক
পুথাও = মাক বাপেকৰ দেউতাক, বুঢ়াদেউতাক, ককাক
আথাও = বুঢ়ীমাক
কাই = ককাই
আপুটি = বোপাই, বোপা, বাপু ইত্যাদি

স্বৰ্গদেউ চুকাফাই অসমত ৰাজ্য পাতোঁতে বা-বিষয়াৰ সংখ্যা তেনেই তাকৰীয়া আছিল । স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত(১৬০৩-৪১চন) বিষয় আৰু বিষয়া উভয়েৰে সংখ্যা বৃদ্ধি পায় । ডা-ডাঙৰীয়া সকলক আহোম পৰম্পৰা অনুযায়ী শপতগ্ৰহণ কৰোৱা হৈছিল । অসমীয়া ভাষাৰ বুৰঞ্জীত এই বিষয়াসকলক অসমীয়া উপাধিৰেই উল্লেখ কৰা হৈছে কিন্তু আহোম ভাষাৰ বুৰঞ্জীত আহোম ভাষাৰেহে দিয়া হৈছে
ৰজাঘৰৰ ভিতৰুৱা কাৰ্য্যত গাম্ভীৰ্য্য ৰক্ষাৰ বাবেই আহোম শব্দটোহে ব্যৱহাৰ কৰা হৈছিল । এইখিনিতে এই শব্দখিনিও উল্লেখ কৰিব খুজিছোঁ :

ৰজা = চাও-ফা
বুঢ়াগোহাঁই = চাও-ফ্ৰঙ-মুং
বৰগোঁহাই = চাও-থাও-লুং
বৰপাত্ৰগোহাঁই = চাও-ছেঙ-লুং
বৰবৰুৱা = ফু-কেন-লুং
বৰফুকন = ফু-কন-লুং
শদিয়াখোৱা গোহাঁই = চাও-ব-ঙেন
মৰঙীখোৱা গোহাঁই = চাও-মা-ৰাঙ-কি
ন্যায়সোধা ফুকন = ফু-কন-ছন-ঙিন
কলীয়াবৰীয়া ফুকন = ফু-কন-টুন-ৰুঙ-ডাম
খাৰ্ঘৰীয়া ফুকন = ফু-কন-খাৰী
খোৱাং ফুকন = ফু-কন-খু-আঙ
জালভাৰী ফুকন = ফু-কন-খে
ঢেকীয়াল ফুকন = ফু-কন-ফা-কুট
ডেকা ফুকন = ফু-কন-বাও
বাইলুং ফুকন = ফু-কন-বাই-লুঙ
তামুলী ফুকন = ফু-কন-মা-মূ
দেওধাই ফুকন = ফু-কন-ম’-ছাই
ন-ফুকন = ফু-কন-মৌ
চোলাধৰা ফুকন = ফু-কন-জাম-ছু
নাওশলীয়া ফুকন = ফু-কন-ৰু
ৰাইডঙীয়া ফুকন = ফু-কন-ৰাই-ডাং
চিৰিং ফুকন = ফু-কন-ছি-ৰিঙ
পৰ্বতীয়া ফুকন = ফু-কন-ডয়
দোলাকাষৰীয়াবৰুৱা = ফু-কে-কান-ৰাম
বেজবৰুৱা = ফু-কে-চাঙ-ছা-ৰি
দিহিঙ্গীয়া ৰাজখোৱা = ফু-কিন-মুঙ-টাই-মুং
হাতীমূৰীয়া = চাও-ৰু-চাং
বৰচেটিয়া = চাও-চিঙ-লুং
বৰভঁৰালী = চাও-জি
মহঙৰ গোঁহাই = চাও-ব-ক্লঙ
কুকুৰাচোৱা = চাও-কাই
বানৰুকীয়া গোহাঁই = চাও-কান-বান-ৰুক
ফুকন = ফু-কন
বৰুৱা = ফু-কে
হাজৰিকা = ৰু-ৰিঙ
শ‍ইকীয়া = ৰু-পাক
বৰা = ৰু-ছাও
সন্দিকৈ = লা-টাই-মুং
দিহিঙ্গীয়া হিলৈদাৰী = লান-চঙ-ক্লঙ

আহোম ভাষাটো সম্প্ৰতি এটা লুপ্ত ভাষা ।কেইখনমান ছপা পুথি আৰু কিছুমান সাঁচিপতীয়া পুথিৰ বাহিৰে আহোম ভাষাৰ আজি অস্তিত্বই নোহোৱাৰ নিচিনা ।আহোমভাষাৰ ব্যাকৰণ সম্পৰ্কে ভাষাতত্ববিদ ডঃ গ্ৰীয়েৰ্চন আৰু স্বৰ্গীয় গোপাল চন্দ্ৰ বৰুৱাই মাথোন সামান্যভাৱে বৈজ্ঞানিক দৃষ্টিকোণেৰে আলোচনা কৰিছিল ।এই ভাষাটোৰ শব্দতত্ব আৰু উচ্চাৰণ-বিজ্ঞান সম্পৰ্কে যথেষ্ট আলোচনাৰ থল আছে ।আমি মাত্ৰ সামান্য আলোচনাৰে ভাষাতত্ববিদৰ আগলৈ এইখিনি আগ বঢ়াই দিলোঁ ।
(আহোম জাতি আৰু অসমীয়া সংস্কৃতি – ডঃ লীলা গগৈ,  লেখাটি পাঠকলৈ আগবঢ়োৱা হ’ল -বৰ্ণালী হাজৰিকা)
Related Posts Plugin for WordPress, Blogger...