Wednesday, February 9, 2011

আজিৰ অসমৰ সাংস্কৃতিক দিগন্ত

সঁচা, অসমী আই ভাগি-ছিগি গ’ল । জিলাবোৰ সৰু-সৰু ৰাজ্য হ’ল । তথাপি কিন্তু আমাৰ অসমীয়াৰ কৰ্তব্য কমা নাই । নাগালেণ্ডৰ ডালিমীয়ে আজিও ‘নাগামিজ’ ভাষা কয় ।
‘দুৰ্বল মানুহে যদি
জীৱনৰ কোবাল নদী,
পাৰ হয় তোমাৰে সাহত
তুমি হেৰুৱাবানো কি ?’...

...অসমীয়া গীত নগা বিদ্ৰোহী, অবিদ্ৰোহীয়ে নাগামিজ ভাষাত আজিও গায় এইবুলি-

‘দুবলা মানুহ যদি
জীৱ্নৰ পাগলা নদী,
পাৰ হয় তোৰেই তাকত্‍ত,
তুমি হাৰাবনু কি ?
মানুহ মানুহৰ বাবে...
মানুহ যদিহে নাহব মানুহ,
চৈতান কেতিয়াভি নাহব মানুহ,
আৰু চৈতানটো যদি মানুহ হয়
চৰম পাব কোনেনো কবি ও’ সাথী ’......

...যেতিয়া নগা ভাই-ভনীৰ কণ্ঠত শুনো, মোৰ আনন্দাশ্ৰু ওলায় । মেঘালয়ৰ গাৰোপাহাৰৰ তুৰালৈ যেতিয়া গীতগাবলৈ মাতে আৰু তেতিয়া গাৰোসকলৰ কৃষ্টি ‘ৱাংগলা’ত মই নিজেই যোগদান কৰোঁ, তেতিয়া হেজাৰ হেজাৰ গাৰো ভাই-ভনীয়ে চিঞৰে ‘এটা বিহু গাওঁক’। তেতিয়া মন বিচলিত হয় । অৰুণাচললৈ গৈ, টিৰাপত টাংচাসকলে নামঘৰত যেতিয়া মাধৱদেৱৰ ‘মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো’ গোৱা শুনো, তেতিয়া কান্দিবৰ মন যায় ।
~মিজোৰাম ৰাজ্যলৈ গৈ যেতিয়া আজিৰ এম এল এ জলিয়ানাৰ কথা শুনো-‘ছাৰ, ইউ মাষ্ট কাম টু আইজল ভেৰি অফেন । আৱাৰ পিপল লাভ এছামিজ পিপল’- তেতিয়া চকুপানী থিতাতে মচি কওঁ-‘চিবাই চিবাইজ লিয়ানা, ধন্যবাদ । ’ কাৰ্বি আংলঙৰ ডিফুত যেতিয়া কাৰ্বি কৃষ্টিক মই সন্মান জনাওঁ, তেতিয়াহে মোক সন্মান কৰে অসমীয়াৰূপে । সন্মান পাৰস্পৰিক কথা । আমি অৰুণাচললৈ গৈ দেখো ভঙা ভঙা অসমীয়াত অৰুণাচলৰ ভাই-ভনী সকলে কথা পাতিছে । ভাওনা কৰিছে লখিমপুৰৰ ঘাৰমৰা সত্ৰৰ কিম্বা তেজপুৰৰ শ্ৰদ্ধেয় গহন গোসাঁইৰ মৰমত কিম্বা গজেন বৰুৱাদেৱৰ শিক্ষাত । তেতিয়া মোৰ বুকু হমহম কৰে । ৰাজনৈতিক কাৰণত হয়তো সৰু সৰু ভাইসকলে, সাবালক হোৱাৰ পিছত, একোটা নিজ নিজ কোঠা বা ৰাজ্য ল’লে । ৰাজনৈতিক, ভৌগোলিক কোঠাহে- সেইবোৰ । মনৰ সাগৰত জানো পাৰ থাকে? সাংস্কৃতিক জগতৰ জানো কিবা সীমা থাকে ? কৰ্নেল ৰাজা চাহেব আৰু ৰাজ্যপাল বি কে নেহৰু চাহাবৰ অনুৰোধ আৰু অৰুণাচলৰ বহুতো ডেকা-বুঢ়া জনজাতীয় নেতাৰ মৰমত মই লিখিছিলো-

‘অৰুণ কিৰণ শিৰৰ ভূষণ
গলে হিমৰ ধল
পুৱাৰ সূৰুযে চুমা খোৱা দেশ
আমাৰ অৰুণাচল ’

তেতিয়া মই অসমৰ হৈও, ‘আমাৰ’ অৰুণাচলৰ ‘আমাৰ’ কথাষাৰিৰ সৈতে সঁচাকৈয়ে নিজকে মিলাই দিছিলো । এজন অৰুণাচলৰ জনজাতীয় ডেকাই ‘আমাৰ’ অৰুণাচল বুলি যি আগ্ৰহেৰে গাব, আমাৰ অসমীয়াসকলেও একে আগ্ৰহেৰেই সেই ‘আমাৰ’ কথাষাৰি লোৱা উচিত । তাত জনজাতীয়ই ভুল নুবুজে যে ‘আমাৰ’ বুলি কৈছে অসমীয়াই, গতিকে তেওঁলোকে আমাৰ অৰুণাচলক শোষণ কৰিব !! তেনেকৈ কোনো জনজাতীয়ই ভবা মই অন্ততঃ দেখা নাই । অৰুণাচলত হিন্দি দিছে । কোনোবাই হয়তো একেটা গীতকে গাব এই বুলি-

‘অৰুণ কিৰণ শিৰ কি ভূষণ,
কণ্ঠে হিম কি ধাৰা,
প্ৰভাত সূৰ্য্য-চুম্বিত দেশ,
অৰুণাচল হামাৰা-
অৰুণাচল হামাৰা ’

এই গীত গাই যদি কোনো জনজাতীয় ছাত্ৰই এজন কাশ্মীৰী শিক্ষকক (অৰুণাচলৰ) সোধে- ‘ছাৰ, “হম ৱহা যায়েংগে” মানে কি ?’ তেতিয়া সেই কাশ্মীৰী শিক্ষকজনে জনজাতীয় ছাত্ৰক অসমীয়াত বুজাই দিয়ে, ‘মই তালৈ যাম’ বুলি । চাংলাঙৰ টিছাৰ্চ ট্ৰেইনিং কলেজত মই জনৈক অনা-অসমীয়া শিক্ষকক প্ৰশ্ন কৰাত তেওঁ মোক কৈছিল- ‘দাদা, পহলে অসমীয়া শিখ লেতাহুঁ- অৰুণাচলমে পঢ়ানে কে লিয়ে!’ এইবোৰ মই নিজে দেখা-শুনা কথা । সত্য । মহাসত্য !!

সেইবুলি অসমীয়াই কেৱল বিচাৰিলেই নহ’ব । দিবও লাগিব । ‘গিভ এণ্ড টেক’ নীতিয়েহে ভুল বুজাবুজি দূৰ কৰে । আমি অৰুণাচল, মিজোৰাম, মেঘালয়, নাগালেণ্ডৰ কৄষ্টিক, বড়ো, মিচিং,কাৰ্বি, উত্তৰ কাছাৰৰ কৃষ্টিক সন্মান দেখুৱাব লাগিব । সাহিত্য সভাৰ অধিবেশনবোৰত দীঘল দীঘল গাৰুত আঁউজি প্ৰস্তাৱ লোৱাটোৱেই শেষ কথা নহয় । সাংস্কৃতিক, অৰ্থনৈতিক কথাও সোমাই থাকে ।
অৰুণাচলৰ কাঠখিনিৰে যদি অসমৰ ৰে’ল লাইনৰ শ্লিপাৰ হয়, অসমৰ চাহ যদি মিজোৰামে খাব লগা হয়, মেঘালয়ৰ আলু, কচু, বন্ধাকবি, চিমেণ্ট যদি অসমৰ ফাঁচীবজাৰত বেচিব লগা হয়, নাগালেণ্ডৰ বাঁহ যদি অসমৰ কাগজ কলত দৰকাৰ হয়, অসমৰ হোজাই, লালুকৰ ধান যদি জনজাতীয় ৰাজ্যবোৰলৈ যাবলগীয়া হয়, তেতিয়া পাহাৰৰ তলীতে, ভৈয়ামৰ সীমাতে, ক’ৰবাত নহয় ক’ৰবাত মানুহ মানুহৰ মিলন হ’বই – আৰু মানুহ মানুহৰ মিলন হ’লেই বিনিময় হ’বই- অৰ্থনিতিৰ, সুখৰ, দুখৰ অভিমানৰ ।...আৰু সেই বিনিময়ৰ মাধ্যম হ’ল ভাষা. সাহিত্য, কৄষ্টি । মৌন হৈ বিনিময় কৰিব পাৰি জানো ? অসমৰ নতুন পুৰুষে সেয়েহে পূৰ্বভাৰতত যোগসূত্ৰ ৰখাত নতুন দিগন্তৰ কথা ভাল বুলি ক’ব খোজো । যুগ যুগৰ বন্ধুত্বৰ সাঁকো ভাঙোতা ওলাব । পিছে সেই ভাঙোতাসকল দূৰৰ মানুহ । আমি ওচৰতে থকা মানুহৰ মাজত থকা সাঁকোসমূহ নিজেই ইতিবাচক বা পজিটিভ দৃষ্টিভংগীৰে মেৰামতি কৰি ল’ব লাগিব ।এয়েই সময় ! এয়েই সময় !!

( ‘প্ৰসঙ্গঃ সুন্দৰৰ’ – ডঃ ভূপেন হাজৰিকা, মূল লেখাটি পাঠকৰ ৰসাস্বাদনৰ বাবে হুবহু আগবঢ়োৱা হ’ল :
বৰ্ণালী হাজৰিকা )

3 comments:

Anjal said...

দুবলা মানুহ যদি
জীৱ্নৰ পাগলা নদী,
পাৰ হয় তোৰেই তাকত্‍ত,
তুমি হাৰাবনু কি ?
মানুহ মানুহৰ বাবে...
মানুহ যদিহে নাহব মানুহ,
চৈতান কেতিয়াভি নাহব মানুহ,
আৰু চৈতানটো যদি মানুহ হয়
চৰম পাব কোনেনো কবি ও’ সাথী ’

এই কথাখিনি কিবা খেলি-মেলি যেন লাগিছে... মানে শব্দ আৰু বাক্যৰ.. এবাৰ চাবচোন৷

bornaly said...

‘আজিৰ অসমৰ সাংস্কৃতিক দিগন্ত’- লিখাটি ডঃ ভূপেন হাজৰিকাৰ ‘প্ৰসঙ্গঃ সুন্দৰৰ’ পুথিৰ পৰা হুবহু তুলি দিয়া হৈছে পাঠকৰ ৰসস্বাদনৰ বাবে .. বৰ্ণালী..

Anjal said...

ধেততেৰিক!! এতিয়াহে ভুলটো ভাগিল৷ এইয়া নগা মানুহৰ মুখৰ ভাষাত লিখা অসমীয়া শব্দৰ উচ্চাৰণহে...

Related Posts Plugin for WordPress, Blogger...