Sunday, August 3, 2014

কণিকা



কেতিয়াবা শব্দহীন হ'ব খোজো
অগনন অভিমানৰ ভৰত
যেতিয়া কথাবোৰ অকথ্য হৈ পৰে

কেতিয়াবা জোনাকৰ বোকোচাত
কিছুপৰ নিৰলে জিৰাব খোজো
দৈনন্দিন জীৱনৰ বাস্তৱিকতাত
যেতিয়া সপোনবোৰে অনিস্ছাস্বত্তেও দহি মৰিব খোজে  

ক্ৰমাৎ অশৰীৰী ৰূপ ধৰা আবেগানুভূতিবোৰক
কেতিয়াবা আতোলতোলকৈ তুলি ধৰাৰ প্ৰয়াস কৰো
কিজানি সংগোপনে মনে মনে
মোৰ মনেও কাৰোবাৰ ওঁঠত হাঁহি বিয়পাব বিচাৰে 

কংক্ৰিটৰ এই জীৱনত
হেৰাই যোৱাত অভ্যস্ত হ'ব নোখোজো কেতিয়াবা
ফুল হৈ ফুলি সুবাস হৈ উৰি ফুৰাৰ হেঁপাহবোৰ
যেতিয়া ৰৈ যায় কেতিয়াবা

সেয়ে কিজানি থমকি ৰ'ব খোজো কেতিয়াবা
এটা উশাহৰ পৰা আনটো উশাহৰ বাটতে
যানোচা কেনেবাকৈ নিজৰে অচিনাকী হৈ যাওঁ কাহানিবা




Tuesday, January 21, 2014

তুমি অহাৰ কথা



নিশাৰ জোনাকীপৰুৱাবোৰৰ সৈতে তুমি অহাৰ কথা আছিল
সপোন হৈ। সুৰ হৈ অথবা মৌনতা হৈ।
মোৰ অকলশৰীয়া আশাবোৰ সজীৱ কৰিবলৈ তুমি অহাৰ কথা আছিল।
পুৱাৰ মলয়াজাকৰ সৈতে পদূলিৰ ফুলবোৰ কঁপাই তুলি
শুকুলা মেঘৰ বোকোচাত উঠি তুমি অহাৰ কথা আছিল।
তোমাৰ অপেক্ষাতে মোৰ ৰাতি গুচি দিন কিম্বা ৰাতিবোৰো অন্তহীন
মেজৰ কাগজখিলাত তোমাৰ নামত লিখিম বোলা কবিতাটো
ওঁঠত লুকুৱাই ৰখা নিঃশব্দ সুহুঁৰিটো
মোৰ বিশৃঙ্খল জীৱনৰ প্ৰতিটো পথ-উপপথ
তোমাৰেই প্ৰতীক্ষাত মচগুল।
বসন্তৰ ডাকত অহা চিঠিখনে চটিয়াই গৈছিল সেই খবৰ
ফুল ফুলাৰ সময়বোৰত হেনো ঘাটলৈ আহিবা তুমি
সৌৱা, মোৰ হৃদয়ৰ গোদাৱৰীত শুকুলা নাওঁখন ভাঁহি আহিছে
কিজানি উজাই আহিছে স্বপ্নবোৰ
সেইয়া তুমি আহিছা নেকি?
Related Posts Plugin for WordPress, Blogger...