Saturday, February 12, 2011

চটু মাঝি: বৰ্ণালী হাজৰিকা

(গল্প নহয়, কিন্তু গল্পৰ দৰে লগা সত্য ঘটনা....)
শহুৰদেউতাৰ বছেৰেকীয়া শ্ৰাদ্ধৰ বাবে ডিচেম্বৰৰ মাজভাগত ডিব্ৰুগড়ৰ ঘৰলৈ যাবলগীয়া হৈছিল কমদিনৰ চুটিত। ছোৱালী দুজনীয়েও অসমলৈ যাবলৈ পালে বৰ ভাল পায়।দিনৰ দিনটো ইজোপা সিজোপা গছৰ তলে তলে ঘুৰি ফুৰি, নানান ফুল পাত গোটাই, দদায়েকহঁতৰ লগত পুখুৰীত মাছ ধৰি, পথাৰলৈ গৈ, চাহ বাগানৰ মাজে মাজে ঘুৰি পকি বৰ আনন্দ পায় ।
আমাৰ ঘৰটো চাহবাগানৰ একেবাৰে কাষতে হোৱা বাবে চাহ জনজাতিৰ সকলো ধৰণৰ উত্‍সৱ, পূজা-পাৰ্বন, সিহঁতৰ কাম-কাজৰ সময়, বাগানৰ ঘণ্টা আদিৰ লগত আমাৰ বহু দিনৰ চিনা পৰিচয় ।দিনটোৰ যিকোনো সময়ত কোনোবা নহয় কোনোবা এটা ওলাইহি কাম-বন কি আছে কৰি দিবলৈ, নতুবা হেঁপাহতে ‘চা-পানী’ একাপ পাম বুলি..
তেনেকুৱা দুপৰীয়া এটাত.., মই আগফালৰ বাৰান্দাতে চুলি শুকুৱাই বহি আছিলো । গেটৰ ফালে পিঠি দি থকাৰ বাবে কোন অহা-যোৱা কৰি আছে সিমান মন দিয়াও নাছিলো । কোমল ৰ’দজাকত বহি আলিজালিকৈ টোপনিয়াই থাকোতে হঠাত্‍ কাণৰ কাষতে শুনিলোঁ, ‘আইতা..অ’....আইতা, আণ্ডা ল’বি..?’ ঘুৰি চাই দেখো অকণমাণি প্ৰায় ৭/৮ বছৰীয়া ল’ৰা এটি ৰৈ আছে মোৰ ওচৰত !
ঘৰুৱা মূৰ্গীৰ কণী ম‍ই এনেইও বিচাৰিয়ে ফুৰোঁ, তাক সুধিলো, ‘কি অ’ই- কাক মাতিছ?’ সি মোক আকৌ সুধিলে, ‘আইতা আণ্ডা ল’বি?’ ম‍ই বোলো-‘...অ’ ল’ম, পিছে আণ্ডা ক’ত...?’ সি পিছ্ফালে হাতৰ মুঠিৰ মাজত লৈ অনা এটা কণী উলিয়াই দিলে..। মোৰ খঙে-হাঁহিয়ে আধামৰা অৱস্থা, ক’লো, ‘এটা কণী লৈ আহিছ, আৰু চিঞৰ-বাখৰ কৰি আছ ? কিমান দিব লাগিব তোক ?’-তাৰ স্পষ্ট উত্তৰ,‘পাঁচ টকা ।’ ম‍ই বোলো-‘ঠিক আছে, দিম । ত‍ই আৰু কেইটামান ক’ৰবাৰপৰা যোগাৰ কৰি লৈ আন যা ।’
‘আপোনাক কালি আৰু এটা আনি দিম’ -
তাৰলগত চুপতি মাৰি ভালেই লাগিছিল ।
ম‍ই সুধিলো,-‘এটা এটা কৈ ত‍ই কি উমনি দি থোৱা মূৰ্গী কণীবোৰ আনি দিবি নেকি.??’
এইবাৰো তাৰ স্পষ্ট উত্তৰ- ‘নহয়, কালি পাৰিব আণ্ডা, তেতিয়া এটা আনি দিম..’ এইবাৰ ম‍ই চকীখন অলপ ঠিক-ঠাক কৰি বহিব ল’গা হ’ল, কাৰণ যিমান ধেমালিৰ সুৰত ম‍ই কথা সুধি আছো, সি কিন্তু কোনো কথাই ধেমালিৰ সুৰত লোৱা নাই..... . . .
সুধিলো,-‘কি নাম তোৰ ?’ ‘চটু মাঝি’ ।
ম‍ই তাক চিকচিকিয়া পাঁচ টকা এটা দিলো, ‘কালিলৈ পালে আনিবি যা বুলি......’
ভাড়াঘৰৰ বঙালী মানুহজনীয়ে চিঞৰ-বাখৰ লগালে, “ইয়াত ঘৰৰ ডিম চাৰিটকাতে পায়..”
চটু মাঝিৰ কথা ম‍ই পাহৰি গ’লো ।
পিছদিনা, অ‍ইন কামকাজত লাগি থাকি, কিবা কথাত আগফালে বাহিৰলৈ যাওঁতে মন কৰিলো, এপ‍ইচামান ল’ৰাটো আজিও বাহিৰত ৰৈ আছে । আজি সি ‘আইতা..আইতা’ বুলি চিঞৰাও নাই । তাক দেখি মোৰ মৰম লাগিল ।
‘ত‍ই আকৌ আহিলি যে..? আজি কণী পালি নে না‍ই?’ তাৰ হাতত যোৱাকালিৰ নিচিনাকৈ আৰু এটা কণী
‘কি হ’ল- এটাই আনিলি যে, আৰু নাপালি...?’
‘নাই , এদিনত এটাহে পাৰে...!’-
অ’ ঠিকেইতো, এদিনত এটা‍ইটো পাৰিব, ময়ো যে আৰু..!!
ম‍ই তাৰ কাষত আঠু কাঢ়ি বহি ল’লো ।
‘এতিয়া তোৰ কাহিনীটো ক’চোন ..
কালি দিয়া প‍ইচাটো কি কৰিলি..? মামা পুংটে কিনিলে নে মিঠাই..?’
‘পেন এটা কিনিলো ।’
মোৰ চকখোৱাৰ পাল..!!
‘পেন ? ত‍ই স্কুল যাৱ নেকি ? কোন ক্লাচত পঢ় ? ক’ত থাক’? ঘৰত কোন কোন আছে...?? ম‍ই তাক এফালৰ পৰা সুধি গ’লো, একেলেঠাৰিয়ে ।মোৰ মনত এসাগৰ প্ৰশ্ন ।
উত্তৰত সি যি ক’লে, মোটামুটি এনেধৰণৰ- কালি দিয়া চিকচিকিয়া প‍ইচাটোৰে সি এটা পেন কিনিলে । ঘৰত তাৰ দুজনী ভনীয়েক, মাক-দেউতাক লাইনত যায় পাত তুলিবলৈ ।মোৰ ধাৰণা আছিল, সৰু ভনীয়েকজনী নিশ্চয় মাকৰ কোলাত হ’ব । কিন্তু নহয়, চটু মাঝি, চতুৰ্থ মানত পঢ়ে, তাৰ ডাঙৰ ভনীয়েক দ্বিতীয় আৰু সৰুজনী প্ৰথম মানত পঢ়ে ।স্কুলৰপৰা কিতাপপত্ৰ পায় কিন্তু, বহী শেষ হ’ল, কিনিবৰ বাবে ঘৰত থকা তিনিজনী মূৰ্গীৰ (দুজনীয়ে কণী পাৰি আছে)কণী বেচিব লগা হৈছে । আজিৰ কণী বেচা প‍ইচাৰে সি বহী এখন কিনিব ।সৰু ভনীয়েকে কণী খুউব ভাল পায়, সেয়ে এটা কণী তা‍ইৰ বাবে সদায় থৈ আহে ।
পৃথিবীৰ অষ্টম আশ্চৰ্য্যৰ নিচিনা ম‍ই তালৈ তধালাগি চাই ৰ’লো. .ইমানকণ ল’ৰাটোৰ ইমান গভীৰ চিন্তা শক্তি...!
বৰ মৰম লাগিল তালৈ-, সুধিলো, ‘স্কুলত পঢ়াইনে ভালকৈ..? কি কি পঢ় বাৰু..?’ অসমীয়া আৰু অংক সি খুউব ভাল পায়...!
নেওঁতা কিতাপ না‍ই, মাকে তাক কিনি দিব নহলে সি নিজে কিনি ল’ব...... এনেকৈয়ে...!
কিন্তু অসমীয়াৰ কিতাপখন আছে, সি নেওঁতা আওঁৰালে স্কুলত শিকোৱা....
ম‍ই সুধিলো তাক, কবিতা কি আছে, কিবা এটা শুনা- কিব্বা এটা... ! আৰু চকু দুটা মুদি ল’লো....
তাৰ মুখেদি সলসলকৈ ওলায় আহিল- ‘লঘোণ’..

‘একোকে নাখাওঁ আজি, একেবাৰে ভোক নাই,
আছে যদি আধাসেৰ, চিৰা দিবি ভাল চাই,
দৈ মোক নেলাগে, গাখীৰৰ সৰ পালে,
খেজুৰীৰ গুড় নেকি?, লৈ আহ এইফালে,
নাই যদি মালভোগ, জাহাজী কলকে আন,
আজি মোৰ লঘোণত, এয়ে হ’ব জলপান.......’

...‘আৰু এটা গাবি নে....?’

সি বৰ হেপাহেৰে আকৌ গালে- ‘মৰমৰ আই’...

‘ কোনে মোক তুলি তালি কৰিলে ডাঙৰ,
মৌ সনা মিঠা মাতে, পাহৰি ভাগৰ,
কৰিছিল স্নেহ মোক দুগালত চুমা খাই
তেঁৱে মোৰ পূজনীয়া মৰমৰ আই...’

হাতত লৈ থকা পঞ্চাশ টকীয়া নোটখন তাৰ হাতত গুজি দিয়াৰ অদম্য ইচ্ছা থকা স্বত্তেও – চটু মাঝিৰ আত্মসন্মানত ম‍ই আঘাত দিব নুখুজিলোঁ... ...!!
চিকচিকিয়া পাঁচটকীয়াটো লৈ চটু মাঝি দৌৰি দৌৰি দোকানৰ ফালে গুচি গ’ল....!!

No comments:

Related Posts Plugin for WordPress, Blogger...