Saturday, May 7, 2011

গ্রীষ্মৰ স্তৱক: নিয়ৰপৰশ

গ্রীষ্মৰ স্তৱক
(১)
চেৰ্‌চেৰীয়া ৰদত দিনটোৰ আয়ুস বাঢ়িছে
উশাহত হুৰ্‌মূৰকৈ উজাই আহিছে শুকান নৈখন
ৰুক্ষ বতাহতে কঁপে আগলি কলাপাত ..
(২)
শীর্ণ কাকডোঙা,
তাতেই নামিছে দুপৰৰ বেলি
দুকাষে উলুৱনি জোপোহাত লৰে
কপহুৱা পতাকা ..
(৩)
ৰৈ আছোঁ,
বৰষুণজাক আহিলেই মই
শুকান মাটি হৈ তিতিম
এখিলা পাত হৈ পখালিম গা
খেলিমেলিকৈ বাজি থাকিব
ৰাগ মেঘমল্লাৰ ..
(৪)
ক'লা ডাৱৰৰ জাকৰুৱা উছাহত
আকাশ যেতিয়া গধুৰ হ'ব
তেতিয়াই সৰিব জাকৰুৱা বৰষুণ
উলাহৰ গীত এটা তাত ৰৈ ৰৈ তিতিব ..

(মোৰ অন্য কবিতা সমূহ পঢ়িবৰ বাবে http://niyorporoshchandancp.blogspot.com/ চাওক)

No comments:

Related Posts Plugin for WordPress, Blogger...