Monday, July 11, 2011

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক
ওভতনি যাত্ৰাৰ বাচখনত খিৰিকী ফাঁকেৰে সেউজীয়াত মগ্ন থাকিব তেওঁ
দুষ্ট বতাহজাকে চূৰ্ণি টানি মেহুৰা কৰি তুলিব
আৰু ওফন্দা লাজ ধাকিবলৈ বাৰে বাৰে ব্যৰ্থ নহ’বলৈ চেষ্টা কৰিব
তেওঁৰ বাবে ম‍ই সেউজীয়া হোৱাৰ প্ৰয়াস কৰিম

নাইবা ধৰক, মহানগৰীৰ ভিৰ ৰাষ্টা পাৰ কৰাবলৈ
বৃদ্ধজনৰ লাখুটিত থকা তেওঁৰ সেই হাতখনৰ প্ৰেমতেই পৰিলো
অথবা গ্ৰন্থমেলাত মোৰ পচন্দৰ কিতাপখন বিচাৰি তেওঁৰ সতে এটা খুন্দা মাৰিলো
বিৰক্তিকৰ ৰেল ভ্ৰমণত সেই কিতাপখন বিচাৰিওতো তেওঁ আহিব পাৰে
"আপুনি কিতাপৰ প্ৰেমিকা নেকি বাৰু ?" ম‍ই সুধিম
তেওঁ ক’ব যে মানৱতাৰ জয়গানে মুগ্ধ কৰে তেওঁক
যিয়েই শেৱালীৰ সুবাস ভাল পায় তেওঁয়েই তেওঁৰ প্ৰেমিক
তেওঁৰ বাবে ম‍ই শেৱালিৰ সুবাস চিঙি আনিম

এই ধৰক, হঠাতে এদিন মোৰ কবিতাৰ প্ৰেমতেই পৰিলে তেওঁ
ধৰক, কবিতাৰ শেতেলীত সামাজিক আঁকি সুখী হয় তেওঁ
উশাহত যাৰ সেৱিত হয় কবিতা অথবা জীৱনৰ গান
মোৰ কবিতাৰ গুচ্ছ উভালি নপৰাৰ জোখেৰে এজাক বৰষুণ হৈ নামিব
বৰষুণ পিবলৈ ফুল হৈ ফুলিম
সাগৰ হৈ মেলি দিম বুকু

এই ধৰক, হঠাতে এদিন প্ৰেমত পৰি গলো তেওঁৰ...

No comments:

Related Posts Plugin for WordPress, Blogger...