Wednesday, July 27, 2011

কিমান পালাগৈ অ’ সন্ধ্যাতৰা

(যাক চাই পচিমৰ আকাশত আপোন পাহৰা হওঁ প্ৰতিটো সন্ধিয়া, তেওঁলৈ)

কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ কঠিয়াডঁৰা পুৰঠ হৈ
মোৰ বুকুৰ পথাৰত এতিয়া আঘোঁণৰ উছাহ
সন্ধ্যাতৰা, ৰাতি কিমান গভীৰ হলে বাৰু
তোমাৰ সপোনত ভিৰ কৰে পুঁৱাৰ বোল, কিমান ?
জানাইতো, যাতনাৰ ভাৰেৰেই কঢ়িয়াই ফুৰো মই
ভাৰসাৰে সৈতে অলপ আশা, সম্ভাৱ্নীয়তাৰ সৈতে অলপ সপোন
আকাশত ডাঁৱৰৰ কিমান ডাঠ চামনি পৰিলে বাৰু
গধুৰ হয়, অঠবা কিমান জোৰেৰে বৰষুণ হৈ আহিলে ই
ভাল লাগে তোমাৰ মন !
স্মৃতিৰ সৰাপাটৰ কোনটো দুখৰ গানে বাৰু
সেমেকাই তোলে তোমাৰ বকুলফুলিয়া হাঁহিৰ দুগাল |
তুমিও উচপিচাই উঠা নেকি পদুলি মুখত জেওঁৰাৰ সিপাৰে
কোনোবাই টাং-গুটি খেলিলে অথবা দৌৰ মাৰিলে চুবলৈ ’হাউ’ৰ ঘাই
দেউতাৰ কান্ধেৰেই যেতিয়া পদুলিৰে ঘৰ সোমায়
জিৰ জিৰ আঘোণী সপোন
লেচেৰি বোটলাত হেৰাই পাওঁ মোৰ শৈশৱ
নিহালিখন লৈ ৰ’দালেই আইতাই পুহৰ কোমল ৰ’দ
সমগ্ৰ সত্তা জুৰি অনুভৱ কৰো
আইতাৰ চুলিত ’লক্ষীবিলাস’ তেলৰ গোন্ধ
ককাৰ প্ৰথম মৰমৰ চিন |
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ উজনি সোতে বাধা দিলেও যাবই যে লাগিব আগুৱাই
বিশ্বাসেই হব তোমাৰ বিশ্বাসী সহচৰ
সন্ধ্যাতৰা সপোন দেখি মইও ভাল পাওঁ জানা
তথাপিও কাৰোবাৰ সপোনেৰেই যদি বন্ধা থাকে মোক
ভয়াতুৰ হৈ পৰো মই
উৰুঙা উৰুঙা হৈ পৰে ভাৱনাৰ পথাৰ |
ভয় কৰো মই মোৰ দেউতাক, ভয় কৰো তেওঁৰ সপোন
দুখৰ নৈত সাতুৰি সাতুৰিও যে তেও এজন অক্লান্ত যোদ্ধা
যাতনাৰ হাকুটি জোৰাই জোৰাইও যে
তেওঁ পাৰি আনিব খোজে সুখৰ এটুকুৰা জোন |
কোনখন ক্ষোভৰ সাগৰত জানো মানুহজনে
বান্ধিলে অভিজ্ঞতাৰ পাৰ আৰু কব পাৰিলে
“কেবল আদৰ্শৰ নৈয়ে ধুই দিব নোৱাৰে বোপাই
উটুৱাই নিব নোৱাৰে কল-মল কল-মল পেটৰ জুই,
ভোকৰ সময়ত সকলোকে লাগে ভাত
লাজ ধাকিবলৈ নহলেও জাৰ ধাকিবলৈয়ে লাগে কাপোৰ এখনি গাত” |
সন্ধ্যাতৰা দুখৰ বোকোচাতো লৈ ফুৰিছো এয়া ফাগুণত উতলা এটি মন
দেউতাৰ সপোনকো নেওঁচা দি
মোৰ আবেগৰ ধমনিত ধৌৱাই আছে
টগ-বগ টগ-বগ সাটোতা তেজাল ঘোঁৰা
মাৰ মৰমকো এৰি থৈ দুখৰ বতাহতে জলিছে একুৰা জুই |
তুমিটো মৰমৰে এখনি নৈ
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
হ’মনে বাৰু হ’মনে মই
দুখৰ ৰ’দ অথবা সুখৰ বৰষুণ ঢাকিবলৈ
তাৰেই এখনি চৈ.....
কিমান পালাগৈ বাৰু অ’ মোৰ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই !!!!

No comments:

Related Posts Plugin for WordPress, Blogger...