Wednesday, March 9, 2011

মইও এদিন ৰাজনীতিত যোগ দিম!

     বৰ্তমান যুগত এটা শব্দ শুনিলেই মানুহে নাক কোঁচাব খোজে, সেইটো হৰাজনীতি ৰাজনীতি শব্দটো ইমানেই বেয়া বুলি ভাবে যে ইয়াৰ নাম শুনিলেই কিছুলোকে সাত জাপ মাৰে কিন্তু ৰাজনীতি বাদ দি এখন দেশ অথবা সমাজ চলিব পাৰে জানো? সেই তাহানিৰ ৰজা মহাৰজাৰ দিনৰে পৰাই ৰাজনীতি শব্দটোৱে সমাজৰ এক অপৰিহাৰ্য্য অংগ হিচাবে চিহ্নিত হৈ আহিছে। কিন্তু আজি সমাজত ৰাজনীতিৰ প্ৰতি ৰাইজৰ ইমান বিতৃষ্ণা কিয়? ৰাজনীতি কেতিয়াও বেয়া হব নোৱাৰে, ইয়াক কলুষিত কৰি তুলিছে মাথোঁ কিছুমান ভণ্ড তথাকথিত ৰাজনীতিবিদে আজি চৌদিশে দুৰ্নীতি, সন্ত্ৰাসৰ পয়োভৰ আমি চৰকাৰ, ৰাজনীতিবিদক গালি শপনি পাৰি তত্ নাপওঁ। কিন্তু আমি এবাৰ ভাবি চাইচোনে যে কাৰ কাৰণে এওঁলোকে ক্ষমতা ভোগ কৰি আছে? আমিয়ে জানো এওঁলোকক ভোট দি জয়যুক্ত কৰি অহা নাই?  কিহৰ কাৰণে হবলৈ পাইছে এইবোৰ? আমাৰ অমনোযোগিতাৰ কাৰণেই নহয়নে? ৰাজপথত দুৰ্নীতিৰ বিৰুদ্ধে কিমান টেঁটু ফালিব আৰু? এনেধৰণৰ নেতিবাচক প্ৰশ্নবোৰে আমাৰ সকলোৰে মনটো ভাগৰুৱা কৰি তোলে। তেন্তে ইয়াৰ উপায় কি? এটাই হয়তো উত্তৰ, আমি যুৱ প্ৰজন্মটো ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হোৱাটো কাৰণ এতিয়া সমাজ পৰিৱৰ্তন কৰিবলৈ ৰাজনীতিয়েই এটা ভাল হাথিয়াৰ শিক্ষিত নৱপ্ৰজন্মৰ যুৱ সমাজ যদি ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হয় তেন্তে ৰাজনীতিৰ গোটেই স্বৰূপ টোৱেই সলনি হৈ যাব বুলি মোৰ দৃঢ় বিশ্বাস সকলো ব্যক্তিৰেই আছে নিজস্ব এক নীতি আৰু আদৰ্শ, সেইবাবে ৰাজনৈতিক দল যিয়েই নহওঁক কিয়, এজন সৎ লোকে যিকোনো ৰাজনৈতিক দলৰে ভাৱমুৰ্তি নিকা কৰি তুলিব পাৰে। কথাতে কোৱা হয়, "লংকালৈ যিয়েই যায় সিয়েই ৰাৱণ হয়" কিন্তু লংকালৈ ৰামো গৈছিল,ৰাম কেতিয়াও ৰাৱণ হৈ উভতি অহা নাছিল এটা সময়ত ভাবিছিলো এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হ কিন্তু এতিয়া ভণ্ড ৰাজনীতিবিদ সকলৰ শ্ৰুতলিপি শুনি কাম কৰা সেই বিষয়া সকলৰ অৱস্থা দেখিলে পুতৌ ওপজে অৱশ্যে তাৰে মাজত কিছুমান নিষ্ঠাবান বিষয়াও দেখা যায়, যিসকলে কিবা এটা কৰিবলৈ বিচাৰে কিন্তু ৰাজনৈতিক মেৰপাকত সি সম্ভৱ হৈ নুঠে। এতিয়া আপুনি নিজকে সোধক, দিন ৰাতি একাকাৰ কৰি পঢ়ি শুনি হোৱা এজন প্ৰশাসনিক বিষয়াৰ ক্ষমতা বেছি নে এগৰাকী দুই তিনিবাৰ মেট্ৰিক ফেইল কৰা ভণ্ড ৰাজনীতিবিদ এজনৰ ক্ষমতা বেছি? ইয়াৰ দ্বাৰা যদিও মই প্রশাসনিক বিষয়া সকলক হেয় জ্ঞান কোনো কাৰণতে কৰা নাই, কিন্তু ই বৰ্তমান সামাজিক প্ৰেক্ষাপটত এখন প্ৰকৃত ছবি।
     কিন্তু আমি আমাৰ কেৰিয়াৰ বাদ দি ৰাজনীতিৰ পথাৰত কেনেকৈ নামিম? লাখটকীয়া প্ৰশ্ন এটা! ইয়াৰ বাবে আমি নিজকে স্বাৱলম্বী কৰি তুলিব লাগিব এতিয়া নহলেও হয়তো কিছু বছৰৰ পাছত কম্পিউটাৰত বহি, নিজৰ ৰাজ্যৰ বাহিৰত থাকি হা হুমুনিয়াহ কাঢ়ি থাকিলে নিশ্চয় একো নহব, যেতিয়ালৈকে আমি হাতে কামে নালাগো। উপদেশতকৈ সদায় আৰ্হি ভাল কিছুবছৰ পাছত হয়তো ময়ো ৰাজনীতিত যোগ দিম! এখন নিকা দুৰ্নীতিমুক্ত সমাজ গঢ়াৰ আশাৰে! লংকালৈ মইও যাম, কিন্তু ৰাৱণ নহওঁ এয়া এক দৃঢ় বিশ্বাস

3 comments:

trix talks said...

সুন্দৰ চিন্তা, আপোনাৰ সৈতে ম‍ইও সহমত পোষণ কৰোঁ | সকলো ঠিকে ঠাকে থাকিলে ম‍ই সেই বাটেই বুলিব বিছাৰো, শুভেচ্ছা থাকিল |

AJ said...

হিমজ্যোতি, সুগন্ধি পখিলাৰ বুকুত আপোনাৰ প্ৰথম লিখনিটো পঢ়ি অতি আনন্দিত হ’লোঁ | আপোনাৰ পৰা আৰু অধিক আৰু নিয়মীয়াকৈ লিখনিৰ আশা ৰাখিলোঁ |

barnali said...

বা কি সুন্দৰ প্ৰস্তাৱ...বহুত দিনৰ মুৰত এটা ভাল খবৰ শুনিলো..মোৰ ফালৰ পৰাও দুৰ্নীতি মুক্ত সমাজৰ বাবে সকলো ধৰণৰ সহায় সহযোগ আগবঢাব পাৰিলে ভাল পাম.....

Related Posts Plugin for WordPress, Blogger...