Wednesday, March 2, 2011

কাম কৰাৰ প্ৰেৰণা

           অসমীয়া মানুহৰ এটা বদনাম আছে যে তেওঁলোকে সাধাৰণভাৱে পৰিশ্ৰমবিমুখ ।সকলো ক্ষেত্ৰতে থকাৰদৰে এই ক্ষেত্ৰতো হয়তো ব্যতিক্ৰম আছে ;অৰ্থাত্‍ কিছুমান অসমীয়া মানুহ অসাধাৰণ পৰিশ্ৰমী । কিন্তু ব্যতিক্ৰমে কেৱল নিয়মৰ অস্তিত্বহে প্ৰমাণ কৰে । উনৈশ শতিকাতে এ জে এম মিল‍ছে অসমক ‘land of lahe lahe” বুলি কৈ গৈছিল ।এই কথা আজিও মিছা বুলি প্ৰমাণিত নহ’ল । আজিও ম‍ই মোৰ বহুতো বিশিষ্ট অনা-অসমীয়া বন্ধুৰ মুখত এনে কথা শুনি লাজত তলমূৰ কৰিবলগীয়া হওঁ যে সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ কম সময় কাম কৰা বা কম পৰিশ্ৰম কৰা মানুহখিনি হ’ল অসমীয়া । তেওঁলোকৰ কথাৰ প্ৰতিবাদ কৰিবলৈ ম‍ই কোনো যুক্তি বা প্ৰমাণ বিচাৰি নাপাওঁ । ম‍ই গোটেই জীৱন ধৰি যিবোৰ মানুহৰ লগত কাম কৰিছোঁ-ঘাইকৈ লেখক আৰু সাংবাদিক-তেওঁলোকক খুব ওচৰৰ পৰা নিৰীক্ষণ কৰি ম‍ই নিজেও এই কথাত পতিয়ন গৈছোঁ যে অসমীয়াসকল স্বভাৱতেই পৰিশ্ৰমবিমুখ ।
          কেইটামান কথা ম‍ই কেতিয়াও পাহৰি যাব নোৱাৰো । ১৯৬৮ চনত অসম সাহিত্য সভাৰ সোণালী জয়ন্তী উপলক্ষে ‘বিংশ শতাব্দীৰ অসমীয়া সাহিত্য’ নামেৰে এখন কিতাপ প্ৰণয়ন আৰু প্ৰকাশ কৰাৰ সংকল্প লোৱা হৈছিল ।সংকলন আৰু সম্পাদনাৰ দায়িত্ব দিয়া হৈছিল মোক । কিতাপখন প্ৰকাশ হ’ল আধৰুৱা ৰূপত,কাৰণ কেইটামান বিশেষ প্ৰবন্ধ লিখিবলৈ কেইজনমান বছা বছা লেখকক আঠ মাহ সময় দিয়া স্বত্তেও ম‍ই তেওঁলোকৰ হাতে-ভৰিয়ে ধৰিও নিৰ্দিষ্ট সময়ত প্ৰবন্ধকেইটা আদায় কৰিব নোৱাৰিলো । এই কথাও সত্য নহয় যে সেই সময়ছোৱাত তেওঁলোক তাতোকৈ ডাঙৰ কিবা কামত ব্যস্ত হৈ আছিল । তেওঁলোক আটাইকেজন মোৰ ঘনিষ্ঠ বন্ধু মানুহ । তেওঁলোক কি কামত ব্যস্ত হৈ থাকে, সেইকথা ম‍ই ভালকৈ জানো ।আচলতে আজি কৰিবলগীয়া কামটো আজি নকৰি কাইলৈ পেলাই থোৱাটোৱেই বেছিভাগ অসমীয়া মানুহৰ স্বভাৱ । ইংৰাজীত যাক কোৱা হয় procrastination । ওপৰত উল্লেখ কৰা কিতাপখনৰ পাতনিত ম‍ই মোৰ তিক্ত অভিজ্ঞতা আৰু ক্ষোভৰ কথা অকণো লুক-ঢাক নকৰাকৈ লিখিছোঁ ।
        ম‍ই এই কথাও পাহৰি থাকিব নোৱাৰোঁ যে অসম প্ৰকাশন পৰিষদৰ বিশ্বকোষৰ আচঁনি ব্যৰ্থ হৈছিল ঘাইকৈ অসমীয়া পণ্ডিতসকলৰ পৰিশ্ৰমবিমুখতাৰ ফলত । আনন্দৰাম বৰুৱা ভাষা-সাহিত্য-সংস্কৃতি কেন্দ্ৰৰ প্ৰস্তাৱিত ছটা খণ্ডৰ অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ মাত্ৰ দুটা খণ্ড প্ৰকাশ হৈ ওলোৱাৰ পিছত বাকী চাৰিটা খণ্ডৰ আশা চিৰকাললৈ পৰিত্যাগ কৰিব লগা হ’ল একমাত্ৰ অসমীয়া পণ্ডিতসকলৰ অসহযোগিতা আৰু দীৰ্ঘসূত্ৰিতাৰ ফলত । যিকোনো এটা সুসভ্য জাতিৰ কাৰণে গৌৰৱৰ প্ৰতীক হ’ব পৰা এখন ব্যুত্‍পত্তিগত অসমীয়া অভিধান প্ৰণয়নৰ কামত আজিলৈকে কোনেও হাত দিবলৈ আগবাঢ়ি অহা নাই কেৱল পৰিশ্ৰম-ভীতিৰ কাৰণে । অৱশ্যকৰণীয় অথচ কোনেও কৰিবলৈ আগবাঢ়ি নহা এনেকুৱা কামৰ তালিকাখন হ’ব অন্তহীন ।
          এইবোৰ দেখি-শুনি মাজে মাজে মনলৈ আহে- এইখন দৰিদ্ৰ ৰাজ্যই ইমানবোৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ কাৰণে খৰছ কৰা বিপুল পৰিমাণৰ ধনৰ বেছিভাগেই পানীত পৰিছে নেকি ? হাজাৰ হাজাৰ তথাকথিত উচ্চশিক্ষিত মানুহে কি প্ৰতিদান দিছে সমাজক ? কিয় ইমানবোৰ কলেজ আৰু বিশ্ববিদ্যালয়ে অসমীয়া সাহিত্যৰ বুৰঞ্জী লিখিব পৰা মাত্ৰ কুৰিজনমান প্ৰৰিশ্ৰমী আৰু প্ৰতিভাবান পণ্ডিত সৃষ্টি কৰিব পৰা নাই ?
           কেইমাহমানৰ আগতে ম‍ই আমেৰিকান লাইব্ৰেৰীৰ পৰা ধাৰ কৰি আনি এখন কিতাপ পঢ়িছিলো- ‘Where Shall Wisdom Be Found’ । কিতাপখনৰ লেখক হেৰল্ড ব্লুম আমেৰিকাৰ এজন অতি প্ৰভাৱশালী পণ্ডিত অধ্যাপক । কিতাপখন পঢ়ি মোৰ মনত এনে ধাৰণা হ’ল যে এই এখন মাত্ৰ কিতাপ লিখিবলৈ লেখকজনে কমেও এহাজাৰখনমান কিতাপ পঢ়ি সেইবোৰক পানী যেন কৰি হজম কৰিব লগা হৈছে । তেওঁৰ অধ্যয়ন আৰু তুলনামূলক বিচাৰে সামৰি লৈছে ওল্ড টেষ্টামেণ্টৰ পৰা আৰম্ভ কৰি ডাণ্টে, শ্বেইকছপীয়েৰ, চাৰ্ভেণ্টিছ, গ্যেটে, ছেমুৱেল জনছন, বালজাক,এমাৰ্ছনৰ জগতখনৰ বিস্তীৰ্ণ প্ৰান্তৰ অতিক্ৰম কৰি একেবাৰে ছিগমুণ্ড ফ্ৰয়েদৰ ৰহস্যময় জগতখনলৈকে । অথচ তেওঁ লিখা এনে কিতাপৰ সংখ্যা মাত্ৰ এখন নহয়, প্ৰায় ত্ৰিশখন । মোৰ মনত সন্দেহ হয় যে এই এজন মাত্ৰ আমেৰিকান অধ্যাপকে ৫০ বছৰত যিমানবোৰ কিতাপ পঢ়ি পানী যেন কৰি হজম কৰি নিজৰ ৩০খন কিতাপত সমগ্ৰ পাশ্চাত্য সাহিত্য আৰু দৰ্শনৰ সাৰাংশ ব্যাখ্যা কৰিছে, সেই কাম কৰিবলৈ আটাইবোৰ অসমীয়া পণ্ডিত অধ্যাপকক এশ বছৰ সময় দিলেও তেওঁলোকে কিজানি নোৱাৰিব !
         সাধাৰণভাৱে অসমীয়াসকলৰ আৰু বিশেষভাৱে অসমীয়া শিক্ষিত সম্প্ৰদায়ৰ এই শ্ৰমবিমুখতাৰ কাৰণ কি ?
         কাৰণ হয়তো বহুতো । তথাপি ম‍ই অনুমান কৰা এটা কাৰণ হ’ল এইযে কেৱল জ্ঞানৰ কাৰণেই জ্ঞানক ভাল পাবলৈ যি ধৰণৰ মানসিকতা লাগে, তেনে মানসিকতা আমাৰ মাজত এতিয়াও আশানুৰূপভাৱে গঢ় লৈ উঠা নাই । বিখ্যাত ইংৰাজ ঐতিহাসিক জি এম ট্ৰেভেলিয়ানে কোৱা এটা কথা প্ৰায়েই মোৰ মনলৈ আহি থাকে । তেওঁ কৈছিল – ‘Disinterested pursuit of knowledge is the life-blood of western civilization.’ জ্ঞানৰ নিঃস্বাৰ্থ সাধনাই হ’ল পাশ্চাত্য সভ্যতাৰ জীৱনীশক্তি । এনে মনোবৃত্তি কেৱল পশ্চিমৰ মানুহৰ আছুতীয়া বা একচেটিয়া সম্পত্তি নিশ্চয় নহয় । জ্ঞানৰ নিঃস্বাৰ্থ সাধনাৰ ঐতিহ্য ভাৰততো আছিল আৰু সি এতিয়াও ক্ৰিয়াশীল হৈ আছে । ম‍ই বিশেষভাৱে ক’ব খুজিছোঁ অসমীয়া সকলৰ কথা
সামান্য আত্মসমালোচনা কৰিলেই আমি বুজিব পাৰিম যে জ্ঞান-চৰ্চাৰ যিকোনো কামত আমি কষ্ট স্বীকাৰ কৰিব নোৱাৰাৰ বা দীৰ্ঘ সময় ধৰি একাগ্ৰভাৱে লাগি থাকিব নোৱাৰাৰ এটা প্ৰধান কাৰণ হ’ল এই যে আমি কেৱল জ্ঞান-চৰ্চা কৰাৰ আনন্দতে জ্ঞানক নিঃস্বাৰ্থভাৱে ভাল পাবলৈ এতিয়াও শিকা নাই
এই বিষয়ে বহল আলোচনা কৰাৰ অৱকাশ আছে ।
               কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ দাৰ্শনিক বাৰ্ট্ৰাণ্ড ৰাছেলৰ মৃত্যু হৈছিল ৯৫ বছৰ বয়সত । জীৱনৰ অন্তিম দিনকেইটাত তেওঁ দিনে-ৰাতিয়ে ব্যস্ত হৈ আছিল আণৱিক বোমাবিৰোধী আন্দোলনৰ কামত । নব্বৈ বছৰ বয়সতো তেওঁ প্ৰতিদিনে কাম কৰিছিল ১২ ঘণ্টাকৈ । এবাৰ এজন সাংবাদিকে তেওঁৰ দৈনন্দিন ৰুটিনখন জানিবলৈ বিচৰাত ৰাছেলে লিখিতভাৱে জনাইছিল –‘পুৱা ৮ বজাৰপৰা ১১.৩০ বজালৈ মোলৈ অহা চিঠিবোৰ পঢ়োঁ আৰু সেইবোৰৰ উত্তৰ দিওঁ । সেইখিনি সময়তে ম‍ই বাতৰিকাকতবোৰ পঢ়োঁ । প্ৰতিদিনে গড় হিচাবে ম‍ই এশখন চিঠি পাওঁ । ১১.৩০ বজাৰপৰা ১বজালৈ ম‍ই মানুহৰ লগত দেখা-সাক্ষাত্‍ কৰোঁ । ২ বজাৰ পৰা ৪ বজালৈ ম‍ই পঢ়োঁ । বেছিকৈ পঢ়োঁ আণৱিক বিজ্ঞান সম্পৰ্কীয় সাম্প্ৰতিক লেখাবোৰ । ৪ বজাৰ পৰা ৭ বজালৈ ম‍ই লিখোঁ আৰু মানুহৰ লগত দেখা সাক্ষাত্‍ কৰোঁ । ৮ বজাৰ পৰা মাজনিশা ১ বজালৈ ম‍ই পঢ়োঁ আৰু লিখোঁ ।’
             এই ৰুটিনখন মানি চলিবৰ সময়ত বাৰ্ট্ৰাণ্ড ৰাছেলৰ বয়স হৈছিল ৯০ বছৰ ।

( হোমেন বৰগোহাঁঞিদেৱৰ- ‘ম‍ই যেতিয়া ক্লান্ত হওঁ আৰু অন্যান্য ৰচনা’ গ্ৰন্থৰ পৰা লেখাটি আগবঢ়োৱা হ’ল।- বৰ্ণালী হাজৰিকা )

No comments:

Related Posts Plugin for WordPress, Blogger...