Wednesday, March 2, 2011

মানুহৰ অধিকাৰ আৰু আধুনিক সভ্যতা

বিশ্বব্ৰহ্মাণ্ডৰ নটা গ্ৰহৰ ভিতৰত বৰ্তমানলৈকে একমাত্ৰ পৃথিবীত বাস কৰা মানুহেই হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী৷ বৰ্বৰ অৱস্থাৰ পৰা সভ্যতাৰ স্তৰলৈ আগুৱাই আহি এদিন মানুহে নিজকে জীৱশ্ৰেষ্ঠ হিচাপে সমাজত প্ৰতিষ্ঠা কৰিছিল৷ অন্ন, বস্ত্ৰ, বাসস্থান তিনিটা মৌলিক প্ৰয়োজনৰ ভিত্তিত মানুহে নিজকে অন্য প্ৰাণীৰ পৰা পৃথক কৰি ৰাখিবলৈ সক্ষম হৈছে৷ সময়ৰ পৰিবৰ্তন, সভ্যতাৰ উন্নতিৰ পিছতো আজি আমাৰ সন্মুখত এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে মানুহ সচাকৈ সভ্য হৈছে নে? নিজকে জীৱশ্ৰেষ্ঠ হিচাপে সভ্য সমাজত বাস কৰা আজিৰ মানুহে অন্য জীৱৰ ওপৰত নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰাৰ লগতে নিজ জাতিৰ ওপৰতো অধিকাৰৰ অপব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে৷ পৰম্পৰাগত সভ্যতা, কৃষ্টি-সংস্কৃতি তথা ধৰ্ম-কৰ্ম আৰু আধুনিক শিক্ষাকো ওলাই কৰি আজিৰ মানুহে কোনো কোনো অৱস্থাত বৰ্বৰতাৰ সেই সীমালৈ গতি কৰিছে য'ত মানুহে নিজেই নিজকে পশুতকৈও তললৈ লৈ গৈছে৷ যি মানুহে আজি একবিংশ শতিকাৰ সময়তো অবোধ জীৱ-জন্তুৰ বলি দি নিজৰ জীৱন সুৰক্ষাৰ মিছা আস্ফালনত জড়িত হৈ পৰিছে, সেই সময়তে বাতৰি কাকতত পঢ়িবলৈ পোৱা গৈছে কোনোবা জীৱ-জন্তুৱে মানৱতাৰ পৰিচয় দি ৰক্ষা কৰিছে অবোধ মানৱ শিশুক৷ যি সময়ত আজিৰ মানুহে ব্যক্তিস্বাৰ্থৰ মায়াত বন্দী হৈ স্বজাতিৰ তেজেৰে নিজৰ অস্তিত্ব ৰক্ষা কৰাৰ ব্যস্ত হৈ পৰিছে সেই সময়ত সাধাৰণ জীৱ-জন্তুৰ প্ৰতি সেই জীৱশ্ৰেষ্ঠ মানুহৰ পৰা দয়া- মানৱতাৰ আশা কৰাতো পৰ্বতত কাছ কণী বিচৰাৰ দৰেই দূৰ্লভ৷ সেই বুলি আমি এমুঠি এনে বৰ্বৰ মানুহৰ দোষ-দুৰ্বলতাৰ কাৰণেই গোটেই মানৱ জাতিক ধ্বংসৰ মুখলৈ ঠেলি দিয়াতো উচিত হ'বনে? তেন্তে মানুহৰ অধিকাৰো সীমিত কৰাৰ নতুন আইনৰ প্ৰয়োজন হৈ পৰিছে নেকি? কিন্তু ক্ষমতা আৰু দুৰ্নীতিৰ মোহত আবদ্ধ এচাম অত্যাধুনিক সভ্য মানুহৰ অধিকাৰ সীমিত কৰিব কোনে, য'ত আইন, ন্যায়ব্যৱস্থা সকলো হৈ পৰে অৰ্থ আৰু প্ৰতিষ্ঠাৰ বহতিয়া, য'ত সামন্ত্ৰযুগৰ ৰাজদণ্ডৰে গণতন্ত্ৰক পদপৃষ্ঠ কৰা হয়, য'ত সাধাৰণ মানুহৰ মূল্য হৈ পৰে নিজৰ ঘৰত পোহা লাখটকিয়া আধুনিক কুকুৰটোতকৈও নিম্ন তাত মানুহৰ অধিকাৰৰ সম মূল্যায়ন আশা কৰিব পাৰিনে?


প্ৰকৃততে মানুহ শব্দৰ কোনো আখ্যৰিক অৰ্থ নাই, পৃথিবীৰ সমস্ত প্ৰাণীজগতৰ যি শ্ৰেণীবিভাজন তাৰ তালিকাত মাথো মানুহ নামৰ প্ৰাণীটোক প্ৰথম স্থানত ৰাখিব পাৰি৷ আনহাতে সকলো জীৱৰ ভিতৰত আকৌ আন এখন তালিকা কৰিব পাৰি য'ত স্বজাতীৰ ভিতৰতে অৱস্থাৰ ভিত্তিত নামকৰণ কৰিব পাৰি৷ যি দৰে বাটৰ কাষৰ ভতুৱা কুকুৰৰ পৰা শীততাপ নিয়ন্ত্ৰিত কোঠাত থকা কুকুৰক একেটা শ্ৰেণীত সামৰিলেও কথাবোৰ খাপ নখাই তেনেদৰে মানুহৰ মাজতো এটা প্ৰভেদ লখ্য কৰা যায়৷ প্ৰায় এই গোটেই ব্যৱস্থাটোত দেখা যায় মানুহ হিচাপে মানুহে পাব লগা ন্যায় আৰু অধিকাৰৰ অপব্যৱহাৰ৷ ক্ৰমে ক্ৰমে আমাৰ সমাজত শিপাই যোৱা আনৰ মুৰত কঠাল ভাঙি খোৱা আধুনিক ভোগবাদি, ব্যক্তিকেন্দ্ৰিক জীৱন যাত্ৰাই মানুহক দিনে দিনে মানৱতাৰ শাৰীৰ পৰা তললৈ নমাই আনিছে আৰু মানুহ ক'ব নোৱাৰাকৈয়ে মানুহৰ বাবে পৰিণত হৈছে দানবলৈ৷ সেইবাবেই আজি মানুহৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে নিজৰ অধিকাৰক জীয়াই ৰখা আৰু তাৰ বাবে কৰিব লগা অবিৰাম সংগ্ৰাম৷ য'ত আজিৰ মানুহে ''যোগ্য ভোগ্য বসুন্ধৰা''ৰ মৰ্ম উপলব্ধি কৰি নিজৰ যোগ্যতা প্ৰতিপন্ন কৰাতকৈ আদিম অৰণ্যত বাস কৰা সেই বৰ্বৰ অৱস্থাৰ দৰেই মাথো ''জোৰ যাৰ মলুক তাৰ'' নীতিৰ দৰে নিজৰ ক্ষমতাক প্ৰতিপন্ন কৰিব লগা হৈছে৷


সময়ৰ পৰা শিক্ষা গ্ৰহণ কৰি সভ্যতা আগুৱাই যায়৷ সভ্যতাই মানুহক ন ন শিক্ষা দিয়ে৷ সভ্যতাৰ অৰ্থই হৈছে এখন সমাজৰ সামগ্ৰিক উন্নতি৷ কিন্তু আজি একবিংশ শতিকাৰ দুৱাৰ দলিত থিয় হৈ ভাবিবলৈ বাধ্য হৈছোঁ সচাকৈয়ে সভ্যতাৰ পোহৰে মানুহৰ মনবোৰ পোহৰ কৰিব পাৰিছেনে? নে বিজ্ঞানৰ বলত দ্ৰুত গতিত আগবাঢ়ি যোৱা সভ্যতাৰ লগত মানুহে নিজকে সমানে আগবঢ়াই নিবলৈ অসমৰ্থ হৈ পৰিছে? নে মানুহে সভ্যতাৰ এখন প্ৰতিচ্ছবি প্ৰস্তুত কৰি অন্য জীৱ-জন্তুৰ পৰা নিজকে পৃথক কৰিবলৈ এখন নাটকৰ সৃষ্টি কৰি মাথো সভ্য হোৱাৰ অভিনয় কৰি আছে? কাৰণ সাম্প্ৰতিক বহু ঘটনালীৰ প্ৰকৃত দৃশ্যাৱলীয়ে ইয়াকে প্ৰতিপন্ন কৰিছে যে প্ৰকৃততে অভিনয় শেষ হ'লেই মানুহে মানুহৰ আদিম পশু প্ৰবৃতিলৈ ঘুৰি যাবলৈ অলপো কুণ্ঠাবোধ নকৰে৷ তেন্তে আধুনিক সভ্যতাৰ প্ৰকৃত স্বৰূপ কি? সমস্ত মানৱজাতিক প্ৰতিনিধিত্ব কৰা সভ্যতা-সংস্কৃতি ধৰি ৰখাৰ দায়িত্ব কেৱল এচাম নিৰ্দিষ্ট মানুহৰ হাততেই নেকি? তাৰ বিপৰীতে এচাম মানুহৰ জড়িয়তে ক্ৰমে ক্ৰমে বিপন্ন হ'ব ধৰা সভ্যতাৰ গৰাখহনিয়াক ৰক্ষা কৰিব কোনে? পৃথিবীৰ কোনো এটা প্ৰান্তত হোৱা কোনো এটা নিৰ্লজ্জ ঘটনাৰ বাবে সেই প্ৰান্তৰ মানুহক জগৰীয়া কৰাতকৈ মানুহে ভাবিব লাগিব মানৱজাতিৰ বাবেই অহা এই মহা সংকটটোৰ কথা৷ কাৰণ এটা কথা সুস্পষ্ট যে মানুহ সামাজিক প্ৰাণী হ'লেও প্ৰত্যেক মানুহ স্বাধীন, প্ৰত্যেক মানুহৰ স্বাধীন চিন্তা-চৰ্চ্চাইহে এটা সামগ্ৰিক ৰূপ পৰিগ্ৰহণ কৰে৷ গতিকে এজন মানুহৰ ভুল বা বিবেকহীনতাৰ কাৰণে সেই অঞ্চলটো বা সমাজখনক বিবেকহীন বুলিব নোৱাৰি৷ সেই সমাজখনৰ প্ৰধান দায়িত্ব হ'ব সমাজখনত বাস কৰা প্ৰত্যেকজন মানুহকে যাতে বিবাকবান কৰি তুলিব পৰাকৈ এটা পৰিবেশৰ জন্ম দিয়ে৷ কিন্তু তাৰ মাজৰ পৰাও বিকৃত মস্তিষ্কৰে ওলাই অহা কোনোবা সমাজবিৰুধী মানুহৰ কাৰণে সমস্ত সমাজখন কেতিয়াও জগৰীয়া হ'ব নোৱাৰে৷ গতিকে আমাৰ সকলোৰে প্ৰধান দায়িত্ব হ'ল আমি ইতিহাসৰ পৰা শিক্ষা গ্ৰহণ কৰি পুনৰ এখন নতুন মহাভাৰত সৃষ্টি হোৱাৰ পৰা বিৰত থাকিব লাগে৷ য'ত মানুহৰ অধিকাৰ আৰু সভ্যতাক বুজি উঠি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে জীয়াই থাকিব পৰাকৈ এখন সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ৷

No comments:

Related Posts Plugin for WordPress, Blogger...