Sunday, October 2, 2011

মৃত্যু চেতনা : কুলদীপ মেধি

এটা জৰাগ্ৰস্থ কবিতা ম‍ই
মোৰ স’তে লৈ ফুৰিছো
দিহিঙে দিপাঙে অনাই বনাই
ঘুৰি ফুৰিছো সহবাস কৰিছো |

 ঘূণ পোক এটাই কুটি কুটি খাইছে
গোটেই ঘৰ খনৰ আচবাব কাঠৰ
দুৱাৰ খিৰিকি ইত্যাদি
জহিব ধৰিছে এপদ এপদকৈ
লাগতিয়াল সকলো মূল্যবান সামগ্ৰী |

মাস্তুল হেৰুৱা জাহাজ এখন 
গৈ আছে ভটিয়াই  
পাৰত কহুৱাৰ ৰিবৰিবনি 
অজস্ৰ হাত বাউলি 
পানীত সূৰ্যাস্তৰ প্ৰতিবিম্ব 
ভাহি উঠিছে জিলমিলায় |


এই আন্ধাৰ এই পোহৰ 
পলকতে লোপ পায় 
চকুৰ আগৰ নান্দনিক দৃশ্য 
কায়াকল্প শুভ্ৰ জোত্‍স্না 
হয়তো কোনোবা দোকমোকালি এটাত 
সাৰ পোৱা শেৱালিয়ে চোতালত বহি লৈ 
ৰাউচি জুৰিব 
জৰাগ্ৰস্ত কবিতাটোৰ মৰাশ দেখি 
আৰু নিজকে প্ৰশ্ন কৰিব 
জীৱন কি সচাঁকৈয়ে অসম্পূৰ্ণ !

No comments:

Related Posts Plugin for WordPress, Blogger...