Friday, November 13, 2009

এজনী বেশ্যাৰ দুঃখত দুখী হৈ : কুলদীপ মেধি

কমলা অ’
তোৰ বুকুৰ কামিহাড় খুলি
কিয় চাবলৈ দিয় উঁই হাফলু
কিয় কিয়

তোৰ কেচাঁপাতৰ বিচনাত
নৈখনে সদায় শুবলৈ আহে

তোৰ কি এনে কি দুখ
কলিজাটো কাটি পিবলৈ দিয় তেজ
নিলাজ তৰাবোৰক

ৰাস্তাবোৰ ৰৈ থাকে তোলৈ
চকু টিপিয়াই, চকু টিপিয়াই
শূন্য আস্থানবোৰত

তোৰ কিয় সপোন ভাল নালাগে
অকোৱা-পকোৱা বোৰেদি গৈ থকা মৰম
ভাল নালাগে
কিয় ক’চোন

অ’ কমলা
তই হাঁহিছ
ত‍ই কান্দিছ
তোৰ চকুপানীৰে আৰু কিমান
জ্বলাবি চাকি 

এটা পোহৰ নমনা বাট
বনৰীয়া ফুলৰ গোন্ধ এটি হৈ
তই গৈ আছ’
আৰু গৈয়েই আছ’

এপদ এপদকৈ খুলি
তোৰ হৃদয়ৰ সকলো ঊছাহ |

2 comments:

Jamini Anurag said...

কুলদীপ,
সুন্দৰ কবিতা,এক অন্য অনুভৱে চুই গ'ল । ভাল লাগিল ।
-যামিনী অনুৰাগ ।

Koushik said...

কবিতাটো আজিহে পঢ়াৰ সৌভাগ্য হল..... ভাল লাগিল..

Related Posts Plugin for WordPress, Blogger...