Tuesday, December 27, 2016

চিঠিবোৰ ক'ত হেৰাল?

"প্ৰকৃতিৰ চ'ৰা ঘৰ
চালো পিত্ পিত্
কাউৰী ঠেঙীয়া সেই আখৰ কেটিত
যি অমিয়া ঘঁহা আছে
আৰু ক'তো নাই"
            হেমচন্দ্ৰ গোস্বামী
নাজিতৰা অ'
মই আজিও বাট চাও
ছাঁইৰঙী জীৰ্ণ চাইকেলত
বেতৰ বাস্কেটত ওলোমাই
বন্ধ খামত বুকুৰ উশাহ বিলাই ফুৰা
ডাকোৱাল জনলৈ

গাঁৱত থাকোতেই ভাল আছিল
সিকিটোৰ লুজেন গুটি কিনি দি
কণল'ৰাৰ হাততে পঠাব পাৰিছিলো
তোলৈ টোপনি খতি কৰি লিখা চিঠিখন ৷
ক'তবাৰ যে লিখিছিলো, ফালিছিলো
আকৌ লিখিছিলো…
পুনশ্চত লিখিছিলো
"আখৰ বেয়া বুলি নাহাঁহিবা ৷"

যিদিনা গাওঁ এৰি চহৰলৈ আহিছিলো
তই কণপাহিৰ হাতত এজাপ চিঠি দিছিলি
কেইবাদিনো লিখা অথচ
দিবলৈ সুবিধা নোপোৱা এজাপ চিঠি ৷
নগৰত
বেডিং খোলাৰ আগতে
খুলিছিলো তোৰ দেহৰ চিনাকী গোন্ধ থকা
ফুলাম চিঠি ৷

উৰি গৈছিলো গাঁৱৰ চিনাকি ঘাট,
নৰা পথাৰৰ ৰৱাৱ টেঙাৰ সোৱাদ,
ভদীয়া পথাৰৰ আলিত বহি খোৱা
টোপোলা জলপান,
বিয়া ঘৰৰ যোৰা নামৰ জাঁত
আৰু ক'ত কি……

নাজিতৰা
তই সপ্তাহত এখনকৈ চিঠি দিছিলি মোলৈ
ডাকত ৷
মৰম বুজাবলৈ তই কেতিয়াবা
আঙুলি কাটি
তেজেৰে লিখিছিলি চিঠি ৷
লিখিছিলি গাঁৱৰ খবৰ
"কফে হেঁচি বায়ণ দাইটিক নিলে ৷"
" কপাহীৰ জীয়েক নিচকুলীয়া
ল'ৰা এটালৈ পলাই গ'ল ৷"
"বৰ আমৰ ডালৰ কাউৰীৰ বাঁহত
কুলিয়ে কণী পাৰিছে………"

নাজিতৰা
মই কংক্ৰিটৰ দেৱালত বন্দী কোঠাৰ পৰা
লোৰ জপনাৰে কাণ উনাইছিলো
চিনাকি ডাকোৱালৰ বাইচকলৰ
টিলিঙাৰ শব্দৰ বাবে ৷

বুকুৰ সমস্ত হেপাহেৰে খুলিছিলো
তোৰ কাউৰী ঠেঙীয়া আখৰৰ চিঠি
মৰমৰ, প্ৰিয়তম……

ক'ত হেৰাই গ'ল অ নাজিতৰা
হেপাহৰ- অপেক্ষাৰ সেই
সোনোৱালী দিন?
মই আজিও বিচাৰো তোক
ফেচবুকৰ ইনবক্সত,
ৱাটচ এপৰ গ্ৰুপত
এচ এম এচ বক্সত

নাই অ' নাজিতৰা
বৰ আমৰ কাউৰীৰ বাঁহত
কুলিৰ পোৱালীয়ে জগিল
বুকুৰ লঠঙা আজাৰত পৰি
কাউৰীজনীয়ে ৰমলিয়াইছে
কণ্ঠত তাইৰ
বিষাদৰ গান

      - বিনয় 26/12/2016

No comments:

Related Posts Plugin for WordPress, Blogger...