Friday, December 5, 2008

শ্ৰুতিধাৰা কাৰ বাবে এই উজাগৰ ৰাতি : কুলদীপ মেধি

শ্ৰুতিধাৰা কাৰ বাবে এই উজাগৰ ৰাতি
আহ!কিযে এই পৱিত্ৰ দুখ
কিযে এই স্বৰ্গীয় অনুভূতি
কিযে অপূৰ্ব, এই পুণ্য
শ্ৰুতিধাৰা সকলো তোমাৰ বাবেই ।

শ্ৰুতিধাৰা কাৰ বাবে এই উজাগৰ ৰাতি
সেমেকা চকু, আন্ধাৰক সাৱটি
চেচাঁ হুমুনিয়াহ আৰু এটা ৰাতিৰ স্মৃতি
তোমাকে যাচিলোঁ ।

মই কঢ়িয়াই লৈ ফুৰোঁ তোমাৰ হৃদয়খন
মোৰ বুকুৰ মাজত, যেনিয়ে যাওঁ তোমাক লৈ যাওঁ
যি ভাবো তোমাক লৈ ভাবো ।
লগৰীয়াবোৰে হাহেঁ
আৰু এজন....(পাগল প্ৰেমিক)
কিন্তু মই যে এজন প্ৰেমিক যোদ্ধা
সিহঁতবোৰে নাজানে, নুবুজে (হয়তো তুমিও নুবুজা)
কিমান ভালপাওঁ তোমাক
মোৰ ভয় হয় (পৰাজিত নায়ক, উপহাস কৰে বুলি)
সাংগীনৰ খোচত থকা-সৰকা হৈ
কিমানবাৰ যে অস্ত্ৰোপচাৰ হৈছিল
মোৰ হৃদয়খন
এলক্‌হলৰ সাগৰত ডুবাই থৈছো
গুলপীয়া নিচা লাগি সি পাহৰি আছে
প্ৰেনৰ উন্মাদনা ।

শ্ৰুতিধাৰা তুমি জানানে
ফিনাইল, ইথাইল আৰু এমিনৰ মিশ্ৰণত কি হয়
বিজ্ঞানে কৈছে- প্ৰেম
তুমি পৰিছানে প্ৰেমত কেতিয়াবা ?

নাজানো আকাশ হ'বলৈ কিমান মেঘৰ প্ৰয়োজন
নদী, সাগৰ হ'বলৈ কিমান পানীৰ
এখন হৃদয় পূৰ হ'বলৈ কিমান মৰমৰ?
তুমি বাৰু জানানে-
চি প্ৰোগামিঙৰ প্ৰট'টাইপ মিচিং হ'লে
কি লুপ হ'য়? মোৰ মৰম তেনেকুৱাই 'ইনফিনিট' ।
শ্ৰুতিধাৰা তুমিয়ে মোৰ পৃথিৱী
তোমাক লৈ জোন, বেলি, তৰা
গ্ৰহ, নক্ষত্ৰ, এই সৌৰজগত ।
তোমাক সাৱটিয়ে ফুলবোৰে পাহি মেলে
তোমাকে ভাবি চৰাইবোৰে গীত গাই বসন্তত
সপোনবোৰ পূৰঠ হৈ পাখি মেলি উৰা মাৰে
তোমাৰ কাষলৈ.....

শ্ৰুতিধাৰা,মই তোমাৰেই চিৰজনমৰ
তুমি মোৰ হ'বানে ?

2 comments:

mita said...

khub dhuniya kabita ...........shrutidhara tumarai hobo donot worry

pranjit said...

very good poem.....!!!

Related Posts Plugin for WordPress, Blogger...