Saturday, April 4, 2009

তাইৰ ঠিকনা : কুলদীপ মেধি

চৰাইবোৰেও  জাক পাতি উৰে
আকাশত

মাছবোৰেও জাক পাতি ঘূৰে
পানীৰ মাজত

গৰুবোৰেও পাল পাতি চৰে
সেউজীয়া পথাৰত

কিন্তু মই অকলশৰীয়া এই ধৰাত আছে
জানো মোৰো লগৰী ক’ৰবাত

ৰকতখোৱা জোনটোৱেও কৈ নগ’ল
যাবৰ পৰত

ক’ত লুকুৱাই ৰাখিছে তৰাবোৰে
তাইৰ ঠিকনা |

No comments:

Related Posts Plugin for WordPress, Blogger...