Sunday, November 1, 2009

উদাসীন যাত্ৰা : কুলদীপ মেধি

আৰু কিমান বেলি পাৰ হ’লে
তোমাক দেখা পাম
আৰু কিমান বাট বুলিলে
তোমাক লগ পাম

মই গৈ আছো চহৰৰ পিছত চহৰ
কৈশোৰৰ পৰা যৌৱন
ধূলি আৰু ধূমুহাৰ কিছু টুকুৰা-টুকুৰ ছবি এৰি থৈ
দুৰণিৰ টিং এটাত
এছটা মেঘ জমা হয় |

1 comment:

Related Posts Plugin for WordPress, Blogger...