জানো, মই এদিন মৰিম
তথাপিতো জীয়াই থাকিবলৈ বিচাৰোঁ
কাৰণ,
মোৰ এটা কুকুৰ, এটা গৰু আৰু এটা গাহৰি আছে
সিহঁতে চিঞৰে
মই জানো সিহঁতে ভোকত চিঞৰে
আৰু ইয়াকো জানো যে চিঞৰিলে ভোক বাঢ়ে
ময়ো চিঞৰি উঠো আৰু বজাৰলৈ ল’ৰ মাৰোঁ
বজাৰখনেও চিঞৰে,
ওখ চাপৰ ঘৰবোৰে চিঞৰে,
কাৰ্যালয়, চিকিত্সালয় সকলোৱে চিঞৰে,
ৰাস্তাৰ কাষত ফুটপাথবোৰে চিঞৰে,
ৰঙা, নীলা, হালধীয়া গাড়ীবোৰে,
নৈখনেও চিঞৰে...
ইয়াত নিচিঞৰে কোনে ?
আকাশ-বতাহ, পাহাৰ-ভৈয়াম
চাৰিওফালে মাথো চিঞৰ, চিঞৰ
আৰু চিঞৰৰ প্ৰতিধ্বনি
সকলো ভোকাতুৰ
ভোক বাঢ়ি বাঢ়ি গৈ আছে
আৰু ডাষ্টবিনত গেলিবলৈ ধৰিছে
সঁছা-মিছাৰ ধাৰণা, আচল নকলৰ বিৱৰণ
জীয়াই থকাৰ অৰ্থ
ভাবিবলৈ কাৰো আহৰি নাই
কাৰণ মোৰ এটা কুকুৰ, এটা গৰু আৰু এটা গাহৰি আছে
সিহঁতে ভোকত চিঞৰে -মই জানো
সকলো জানি-বুজিও জাপ দিওঁ বোকাৰ পুখুৰীত
কেৱল পদুমৰ মোহত !
পৃষ্ঠা সমূহ
Thursday, September 16, 2010
Tuesday, August 31, 2010
মহৎ লোকৰ বাণী
মহৎ লোকৰ বাণী
ক্রোধ মানুহৰ প্রধান শত্রু। ক্রোধ কৰা মানুহে যুদ্ধৰ বাহিৰে অন্য কামত ভাগ লব নোঁৱাৰে।
-বাইবেল
সকলো বস্তু কিনিছা কিনা। পৰাপক্ষত মাহেকত একোখন ভাল কিতাপ কিনিবা।
-যতীন্দ্র নাথ দুৱৰা-
সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে কাৰণ সত্যই অন্ধকাৰক ঘৃণা কৰে।
-মহাত্মা গান্ধী-
অকণমান সাহসৰ অভাৱতেই পৃথিবীৰ বহুতো প্রতিভাৰ অপচয় ঘটে।
-ছিডনি স্মিথ –
যি নিজৰ দেশক ভাল নাপাই সি একোকে ভাল নাপায়।
-বাইৰণ-
এটা বন্দুকৰ গুলীতকৈ এটোপাল চিঞাহীৰ মূ্ল্য বেছি।
-চেইন্ট টেৰেজা-
আমি যি কাম কৰো সেয়াই পৰম পিতাৰ কাম।
-স্বামী বিবেকানন্দ-
আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্র গঠন হয়।
-আনন্দ চন্দ্র আগৰৱালা-
ভাষাৰ বাপেক ভাৱ আৰু ককাক জ্ঞান।
-কমলা কান্ত ভট্টাচার্য্য-
শিক্ষাই মানুহৰ শ্রেষ্ঠ সম্পদ।
-চক্রেটিজ-
সংগ্রাহক - শুভদীপ পাল, তিনিচুকিয়া।
Wednesday, August 25, 2010
আকৌ শ্ৰুতিধাৰা : কুলদীপ মেধি
এনেদৰেই মই ইখনৰ পিছত সিখন
সিখনৰ পিছত আনএখন
পাহৰ বগাই বগাই
তোমাৰ কাষ পাইছিলোঁ
তুমি!
যিদৰে এটা কঠিন শিল
কোনোবা শিল্পীৰ হাতৰ পৰশত
ভাস্কৰ্য হ’বলৈ ৰৈ থাকে
ঠিক তেনেদৰেই
অৰণ্যৰ দৰে গহীন ভাব এটাত...
বাস্তৱত মই এক পলাতক
কিন্তু কাপুৰুষ বুলি নাভাবিবা,
বিপ্লৱী মন এটা নথকা নহয়
বিদ্ৰোহ কৰিব নোখোজো
জানোচা শিয়ালবোৰ গৈ গাঁতত লুকায় |
তোমাৰ হাতত হাত তুলি
চকুত চকু থৈ
আওঁৰাবৰ মন যায়
ভালপোৱাৰ নুফুটা শব্দবোৰ...
গধুৰ হৈ পৰে গধূলি
সোঁ-সোঁৱাই নামি আহে
ডিক্ৰং আৰু দিচাং...
ভালপোৱাবোৰে
ৰাতি কিয় আমনি কৰে
গাৰুৰ গিলিপত লাগি ৰয়
লুণীয়া দাগ ?
উত্তৰ বিচাৰি ফুৰোঁ
বিচাৰি বিচাৰি মোৰ চুলিত
হেজাৰ প্ৰশ্নৰ জোঁট,
ৰূপান্তৰিত হ’লো ভাস্কৰ্যলৈ
এটা আপুৰুগীয়া প্ৰেমৰ ভাস্কৰ্য
আৰু স্থানান্তৰিত হ’লো চানমাৰিৰ পদপথলৈ |
তোমাক কেতিয়াবা এইফালে অহা যেন দেখোঁ
নীলা ছাতিৰ তলত এজাক বৰষুণৰ লগত
বাৰিষাৰ কি অশ্লীল বৰষুণ !
ই তোমাৰ ওঁঠ, বুকু, নাভিৰে বাগৰি আহি
উলংগ হৈ নাচে ৰাজপথত,
মই চাই থাকোঁ আকুলতাৰে
আৰু আহ্বান কৰোঁ
আহা, মোৰ কাষলৈ আহা
ময়েতো তোমাৰ চিৰদিনৰ চিৰকালৰ
অনন্ত যাত্ৰাৰ পথিক |
সিখনৰ পিছত আনএখন
পাহৰ বগাই বগাই
তোমাৰ কাষ পাইছিলোঁ
তুমি!
যিদৰে এটা কঠিন শিল
কোনোবা শিল্পীৰ হাতৰ পৰশত
ভাস্কৰ্য হ’বলৈ ৰৈ থাকে
ঠিক তেনেদৰেই
অৰণ্যৰ দৰে গহীন ভাব এটাত...
বাস্তৱত মই এক পলাতক
কিন্তু কাপুৰুষ বুলি নাভাবিবা,
বিপ্লৱী মন এটা নথকা নহয়
বিদ্ৰোহ কৰিব নোখোজো
জানোচা শিয়ালবোৰ গৈ গাঁতত লুকায় |
তোমাৰ হাতত হাত তুলি
চকুত চকু থৈ
আওঁৰাবৰ মন যায়
ভালপোৱাৰ নুফুটা শব্দবোৰ...
গধুৰ হৈ পৰে গধূলি
সোঁ-সোঁৱাই নামি আহে
ডিক্ৰং আৰু দিচাং...
ভালপোৱাবোৰে
ৰাতি কিয় আমনি কৰে
গাৰুৰ গিলিপত লাগি ৰয়
লুণীয়া দাগ ?
উত্তৰ বিচাৰি ফুৰোঁ
বিচাৰি বিচাৰি মোৰ চুলিত
হেজাৰ প্ৰশ্নৰ জোঁট,
ৰূপান্তৰিত হ’লো ভাস্কৰ্যলৈ
এটা আপুৰুগীয়া প্ৰেমৰ ভাস্কৰ্য
আৰু স্থানান্তৰিত হ’লো চানমাৰিৰ পদপথলৈ |
তোমাক কেতিয়াবা এইফালে অহা যেন দেখোঁ
নীলা ছাতিৰ তলত এজাক বৰষুণৰ লগত
বাৰিষাৰ কি অশ্লীল বৰষুণ !
ই তোমাৰ ওঁঠ, বুকু, নাভিৰে বাগৰি আহি
উলংগ হৈ নাচে ৰাজপথত,
মই চাই থাকোঁ আকুলতাৰে
আৰু আহ্বান কৰোঁ
আহা, মোৰ কাষলৈ আহা
ময়েতো তোমাৰ চিৰদিনৰ চিৰকালৰ
অনন্ত যাত্ৰাৰ পথিক |
মই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত: কুলদীপ মেধি
বিষাদ-ব্যঞ্জনাৰে গধূৰ হৈ পৰিছে
খবৰৰ ভৰ
ধূমুহা-বৰষুণে বুৰাই পেলাইছে
জীৱন
কেৱল বোকা আৰু পানী...
কেতিয়া আহিব সেইজাক বৰষুণ
ধোৱাই লৈ যাব মোৰ
আইৰ উকা চাদৰত লাগি থকা
তেজৰ চেঁকুৰাবোৰ
এই ভেকেটা-ভেকেট গোন্ধ আৰু
গেঁথনিবোৰ...
আহিবনে তেনে এজাক বৰষুণ
আইৰ গাৰ তেজ পি থকা
মেলেৰিয়া, কলেৰা নামৰ অসুৰবোৰক
গিলি থবলৈ
কৃষ্টি, সংস্কৃতি নামৰ ভাই-ভনী দুজনাক
জীয়াই তুলিবলৈ...
আহিবনে, আহিবনে ?
মই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত... |
খবৰৰ ভৰ
ধূমুহা-বৰষুণে বুৰাই পেলাইছে
জীৱন
কেৱল বোকা আৰু পানী...
কেতিয়া আহিব সেইজাক বৰষুণ
ধোৱাই লৈ যাব মোৰ
আইৰ উকা চাদৰত লাগি থকা
তেজৰ চেঁকুৰাবোৰ
এই ভেকেটা-ভেকেট গোন্ধ আৰু
গেঁথনিবোৰ...
আহিবনে তেনে এজাক বৰষুণ
আইৰ গাৰ তেজ পি থকা
মেলেৰিয়া, কলেৰা নামৰ অসুৰবোৰক
গিলি থবলৈ
কৃষ্টি, সংস্কৃতি নামৰ ভাই-ভনী দুজনাক
জীয়াই তুলিবলৈ...
আহিবনে, আহিবনে ?
মই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত... |
Saturday, August 14, 2010
স্বামী বিবেকানন্দ
![]() |
-স্বামী বিবেকানন্দ- |
"সাগৰ যেতিয়া শান্ত হৈ থাকে তেতিয়া তাক ব্রহ্ম বুলিব পাৰি আৰু যেতিয়া সেই সাগৰেই ঢৌ উঠি খলক লগায় তাকেই আমি শক্তি বা ‘মা’ বোলো। সেই শক্তি বা মহামায়াই দেশকালৰ নিমিত্ত স্বৰূপা। প্রথমে কোৱা ৰূপত তেওঁ ঈশ্বৰ আৰু জগত। দ্বিতীয় ৰূপত অজ্ঞাত, অজ্ঞেয়। সেই নিৰাকাৰ অবিনাশী অৱস্থাৰ পৰাই ঈশ্বৰ জীৱ আৰু জগত- এই তিনি তত্বময়ভাৱ আহিছে। সকলো সত্তা, অৰ্থাৎ স্থিতি অৱস্থা যিবোৰ আমি জানো, এই তিনি আত্মাগত এয়েই বিশিষ্ট অদ্বৈত।"
Saturday, May 29, 2010
আকাশ: মৌনতাত মুগ্ধ এখন নদী
AakaX... আকাশ: Mounotat Mugdha akhon Nadi#links#links
Click the above link to view my new post @ aakax
© jaminianurag2010
Click the above link to view my new post @ aakax
© jaminianurag2010
Saturday, April 3, 2010
Subscribe to:
Posts (Atom)