Wednesday, August 25, 2010

ম‍ই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত: কুলদীপ মেধি

বিষাদ-ব্যঞ্জনাৰে গধূৰ হৈ পৰিছে
খবৰৰ ভৰ
ধূমুহা-বৰষুণে বুৰাই পেলাইছে
জীৱন
কেৱল বোকা আৰু পানী...

কেতিয়া আহিব সেইজাক বৰষুণ
ধোৱাই লৈ যাব মোৰ
আইৰ উকা চাদৰত লাগি থকা
তেজৰ চেঁকুৰাবোৰ
এই ভেকেটা-ভেকেট গোন্ধ আৰু
গেঁথনিবোৰ...

আহিবনে তেনে এজাক বৰষুণ
আইৰ গাৰ তেজ পি থকা
মেলেৰিয়া, কলেৰা নামৰ অসুৰবোৰক
গিলি থবলৈ
কৃষ্টি, সংস্কৃতি নামৰ ভাই-ভনী দুজনাক
জীয়াই তুলিবলৈ...

আহিবনে, আহিবনে ?
ম‍ই ৰৈ আছো তেনে এজাক বৰষুণৰ অপেক্ষাত... |

No comments:

Related Posts Plugin for WordPress, Blogger...