Wednesday, August 25, 2010

আকৌ শ্ৰুতিধাৰা : কুলদীপ মেধি

এনেদৰেই মই ইখনৰ পিছত সিখন
সিখনৰ পিছত আনএখন
পাহৰ বগাই বগাই
তোমাৰ কাষ পাইছিলোঁ
তুমি!
যিদৰে এটা কঠিন শিল
কোনোবা শিল্পীৰ হাতৰ পৰশত
ভাস্কৰ্য হ’বলৈ ৰৈ থাকে
ঠিক তেনেদৰেই
অৰণ্যৰ দৰে গহীন ভাব এটাত...

বাস্তৱত ম‍ই এক পলাতক
কিন্তু কাপুৰুষ বুলি নাভাবিবা,
বিপ্লৱী মন এটা নথকা নহয়
বিদ্ৰোহ কৰিব নোখোজো
জানোচা শিয়ালবোৰ গৈ গাঁতত লুকায় |

তোমাৰ হাতত হাত তুলি
চকুত চকু থৈ
আওঁৰাবৰ মন যায়
ভালপোৱাৰ নুফুটা শব্দবোৰ...

গধুৰ হৈ পৰে গধূলি
সোঁ-সোঁৱাই নামি আহে
ডিক্ৰং আৰু দিচাং...
ভালপোৱাবোৰে
ৰাতি কিয় আমনি কৰে
গাৰুৰ গিলিপত লাগি ৰয়
লুণীয়া দাগ ?

উত্তৰ বিচাৰি ফুৰোঁ
বিচাৰি বিচাৰি মোৰ চুলিত
হেজাৰ প্ৰশ্নৰ জোঁট,
ৰূপান্তৰিত হ’লো ভাস্কৰ্যলৈ
এটা আপুৰুগীয়া প্ৰেমৰ ভাস্কৰ্য
আৰু স্থানান্তৰিত হ’লো চানমাৰিৰ পদপথলৈ |

তোমাক কেতিয়াবা এইফালে অহা যেন দেখোঁ
নীলা ছাতিৰ তলত এজাক বৰষুণৰ লগত
বাৰিষাৰ কি অশ্লীল বৰষুণ !
ই তোমাৰ ওঁঠ, বুকু, নাভিৰে বাগৰি আহি
উলংগ হৈ নাচে ৰাজপথত,

ম‍ই চাই থাকোঁ আকুলতাৰে
আৰু আহ্বান কৰোঁ
আহা, মোৰ কাষলৈ আহা
ময়েতো তোমাৰ চিৰদিনৰ চিৰকালৰ
অনন্ত যাত্ৰাৰ পথিক |

No comments:

Related Posts Plugin for WordPress, Blogger...