Saturday, September 24, 2011

এনেকৈয়ে শৰত্‍ আহক

লাহে লাহে অনাবৃত হওক অৰণ্যখন
ওফোন্দ পাতি থকা ডাৱৰৰ ফাঁকেৰে
পুৱাটোৰ সেমেকা গালেদি
তৰুণ ৰ'দজাক বৈ আহক
ভিজা কুঁৱলীয়ে দুহাতেৰে চুই চাওক
বেলিটোৰ চেঁচা পৰি থকা মুখ
লালকাল দি থকা এডৰা ৰামধেনুত
প্রাণভৰি তিতক এবুকু সুগন্ধি নষ্টালজিয়া
শেষ হওক অন্তহীন বৰষুণৰ ঋতু
এনেকৈয়ে শৰত্‍ আহক।

3 comments:

সুশান্ত কর said...

ধীরে ধীরে অনাবৃত হোক, এই অরণ্য
মেঘের কালোমুখের ফাঁক দিয়ে
তরুণ রোদটি
ভোরের সিক্ত গাল বেয়ে নেমে আসুক।
ভেজা কুয়াশা তার দুই হাতে ছুঁয়ে যাক
রোদের ম্লান শীতল মুখ।
নেতিয়ে পড়া রামধনুতে
প্রাণভরে ভিজুক একবুক সুগন্ধী নষ্টালজিয়া
ফুরাক অন্তহীন বর্ষার ঋতু।
এভাবেই শরৎ আসুক।
---হৈছে নে মোৰ অনুবাদ? কবিতাটো ভাল লাগিল বুলি কৰি পেলালো।

Chandan said...

অনুবাদ বোধকৰোঁ ইয়াতকৈ সুন্দৰ আৰ সাৱলীল হ'ব নোৱাৰে। অযুত ধন্যবাদ জনাইছোঁ আপোনাক।

সুশান্ত কর said...

ধন্যবাদ!

Related Posts Plugin for WordPress, Blogger...