Sunday, March 31, 2024

হস্পিটেলৰ বিছনাৰ পৰা লাইভ

মোৰ ভাল লাগিছে যে আপুনি
মোৰ অসুখৰ খবৰ ল'বলৈকে বুলি মেছেজ কৰিছে
আপোনাৰ হাতৰ আখৰ মোবাইলৰ স্ক্ৰীনত ভাঁ‌হি অহা নাই যদিও
মই অন্তৰেৰে বিশ্বাস কৰোঁ
যে বিজ্ঞানে এদিন সেয়াও সম্ভৱ কৰিব
মোৰ মোবাইলৰ স্ক্ৰীনত কলিং বুলি
আপোনাৰ নামটো ভাঁ‌হি আহোতে
মই পৰম আহ্লাদিত হৈছো
ফোনটো ৰিচিভ কৰিবলৈ
মোৰ সোঁ‌ মণিবন্ধত কেণ্ডুলাৰ সৰ্পিল চুমা 
দুয়োহাতত চেলাইনেৰে খুৱাই থকা খাদ্য
চেলাইনেৰে পিন্ধাই থকা বস্ত্ৰ আৰু
চেলাইনেৰে আঁ‌কি থকা নতুন ঘৰৰ নক্সা
তথাপিও মই পৰম সুখ পাইছোঁ
কিয়নো বিনা স্বাৰ্থত আজিকালি
কোনে কাৰ অসুখৰ খবৰ লয়!

(সততে খবৰ লৈ থকা হিমানীৰ হাতত- চন্দন দা, ২৩/০২2024)

No comments:

Related Posts Plugin for WordPress, Blogger...