ওৰেটো ৰাতি শুই থাকিলোঁ
নৈখনৰ পাৰৰ শিল এচটাত
পদবিহীন দিব্যাংগ হৈ
কি মাছে খালে দুভৰি?
কি মাছে খালে??
বৰনদীত সাতোৰোতে অচিন মাছে খালে
দুভৰি অচিন মাছে খালে
পূবে ফেহুঁজালি দিওঁতেই
কোন বনদেৱীয়ে বা বোলাই গ'ল
যাদুকৰী চৰাইৰ পাখি
পুনৰ গজি উঠিছে মোৰ পদযুগল
সোণালী ডেউকা লগা পাদুকা এযোৰৰ সৈতে
দুচকুত বাকি গ'ল অজস্ৰ হেঁপাহ পুনৰ উৰিবলৈ
1 comment:
Makaut CGPA to Percentage Calculator
Post a Comment