Sunday, March 31, 2024

এই দিনবোৰ শেষ নহওঁতেই

টিনৰ চালত জিৰ জিৰকৈ 
ন-বাৰিষাৰ বৰষুণ পৰিছে
৪ বাই ৩ ফুট খিৰিকিখনৰ বাহিৰৰ 
পৃথিৱীখনে হাত বাউল দি মাতিয়েই আছে
ডাল ভৰি ফুলি থকা ৰবাব টেঙাজোপালৈ অহা 
মৌমাখিৰ জাকটো আঁ‌তৰি গৈছে
পানীৰ গতিশীল টোপালৰ ভৰত দোঁ‌ খাই পৰা ফুলবোৰৰ এপাহ-দুপাহ সৰিছে
অতদিন ধূলিৰে পোত খাই থকা চৌপাশত
বৰষুণ মিহলি হোৱাৰ 
সেই প্ৰাচীন চিনাকি গোন্ধটো 
মই নাকেৰে উজাই লৈছোঁ‌
এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম 
তুমি-মই একেলগে 
এদিন বহিম তোমাৰ বেলকনিত
ৰঙাচাহৰ কাপত চুমুক দি পাৰ হৈ যোৱা ধুমুহাজাকৰ কথাকে পাতিম
এই দিনবোৰ শেষ নহওঁ‌তেই মই ভাল হৈ উঠিম

No comments:

Related Posts Plugin for WordPress, Blogger...