Friday, July 29, 2011

কবিতা: কুলদীপ মেধি


এতিয়া আহাৰ মাহ
আম কঁঠালৰ বতৰ
ভৰা নৈত টুলুং-ভুটুং নাও

কৃষ্ণ গহ্বৰত দৈত্যৰ বিকট চিঞৰ |




Wednesday, July 27, 2011

কিমান পালাগৈ অ’ সন্ধ্যাতৰা

(যাক চাই পচিমৰ আকাশত আপোন পাহৰা হওঁ প্ৰতিটো সন্ধিয়া, তেওঁলৈ)

কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ কঠিয়াডঁৰা পুৰঠ হৈ
মোৰ বুকুৰ পথাৰত এতিয়া আঘোঁণৰ উছাহ
সন্ধ্যাতৰা, ৰাতি কিমান গভীৰ হলে বাৰু
তোমাৰ সপোনত ভিৰ কৰে পুঁৱাৰ বোল, কিমান ?
জানাইতো, যাতনাৰ ভাৰেৰেই কঢ়িয়াই ফুৰো মই
ভাৰসাৰে সৈতে অলপ আশা, সম্ভাৱ্নীয়তাৰ সৈতে অলপ সপোন
আকাশত ডাঁৱৰৰ কিমান ডাঠ চামনি পৰিলে বাৰু
গধুৰ হয়, অঠবা কিমান জোৰেৰে বৰষুণ হৈ আহিলে ই
ভাল লাগে তোমাৰ মন !
স্মৃতিৰ সৰাপাটৰ কোনটো দুখৰ গানে বাৰু
সেমেকাই তোলে তোমাৰ বকুলফুলিয়া হাঁহিৰ দুগাল |
তুমিও উচপিচাই উঠা নেকি পদুলি মুখত জেওঁৰাৰ সিপাৰে
কোনোবাই টাং-গুটি খেলিলে অথবা দৌৰ মাৰিলে চুবলৈ ’হাউ’ৰ ঘাই
দেউতাৰ কান্ধেৰেই যেতিয়া পদুলিৰে ঘৰ সোমায়
জিৰ জিৰ আঘোণী সপোন
লেচেৰি বোটলাত হেৰাই পাওঁ মোৰ শৈশৱ
নিহালিখন লৈ ৰ’দালেই আইতাই পুহৰ কোমল ৰ’দ
সমগ্ৰ সত্তা জুৰি অনুভৱ কৰো
আইতাৰ চুলিত ’লক্ষীবিলাস’ তেলৰ গোন্ধ
ককাৰ প্ৰথম মৰমৰ চিন |
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
দুখৰ উজনি সোতে বাধা দিলেও যাবই যে লাগিব আগুৱাই
বিশ্বাসেই হব তোমাৰ বিশ্বাসী সহচৰ
সন্ধ্যাতৰা সপোন দেখি মইও ভাল পাওঁ জানা
তথাপিও কাৰোবাৰ সপোনেৰেই যদি বন্ধা থাকে মোক
ভয়াতুৰ হৈ পৰো মই
উৰুঙা উৰুঙা হৈ পৰে ভাৱনাৰ পথাৰ |
ভয় কৰো মই মোৰ দেউতাক, ভয় কৰো তেওঁৰ সপোন
দুখৰ নৈত সাতুৰি সাতুৰিও যে তেও এজন অক্লান্ত যোদ্ধা
যাতনাৰ হাকুটি জোৰাই জোৰাইও যে
তেওঁ পাৰি আনিব খোজে সুখৰ এটুকুৰা জোন |
কোনখন ক্ষোভৰ সাগৰত জানো মানুহজনে
বান্ধিলে অভিজ্ঞতাৰ পাৰ আৰু কব পাৰিলে
“কেবল আদৰ্শৰ নৈয়ে ধুই দিব নোৱাৰে বোপাই
উটুৱাই নিব নোৱাৰে কল-মল কল-মল পেটৰ জুই,
ভোকৰ সময়ত সকলোকে লাগে ভাত
লাজ ধাকিবলৈ নহলেও জাৰ ধাকিবলৈয়ে লাগে কাপোৰ এখনি গাত” |
সন্ধ্যাতৰা দুখৰ বোকোচাতো লৈ ফুৰিছো এয়া ফাগুণত উতলা এটি মন
দেউতাৰ সপোনকো নেওঁচা দি
মোৰ আবেগৰ ধমনিত ধৌৱাই আছে
টগ-বগ টগ-বগ সাটোতা তেজাল ঘোঁৰা
মাৰ মৰমকো এৰি থৈ দুখৰ বতাহতে জলিছে একুৰা জুই |
তুমিটো মৰমৰে এখনি নৈ
কিমান পালাগৈ অ’ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই
হ’মনে বাৰু হ’মনে মই
দুখৰ ৰ’দ অথবা সুখৰ বৰষুণ ঢাকিবলৈ
তাৰেই এখনি চৈ.....
কিমান পালাগৈ বাৰু অ’ মোৰ সন্ধ্যাতৰা
আশাৰ ডিঙৰা বাই !!!!

Monday, July 25, 2011

বৰষুণ

আজি বৰকৈ তিতিলে
খেতিয়কৰ খৰাং হেঁপাহ
এতিয়া দুচকুত ভৰুণ কঠিয়াৰ ঘৰ
ভৰিত ছটফট মাছৰ লাহ-বিলাহ

ডাৱৰৰ ঠেঁহ ভাগোতে
আকাশমুৱা গছৰ চুবুৰিটো তিতে
কেঁচা ঘাঁহৰ গা জুৰ পৰে
সেমেকি সেমেকি থাকে ৰাতিপুৱা

বৰষুণৰ গানত কি সুৰ, কি ৰাগ?
যি সুৰত নৈখন কাষচাপি আহে
শেলুৱৈ টোপনিৰপৰা সাৰ পায়
প্রতিছটা প্রাচীন শিল

কালি হাবিখনৰ সিপাৰে
খহি পৰা বেলিটো হেনো
আজি গোটেই দিনটো শুব।

Saturday, July 23, 2011

...

তোমাৰ বসন্ত বসন্ত যেন লগা ধেমালিটোৰ আঁৰে আঁৰে
এতিয়া এটি কক্ষ-চ্যুত নক্ষত্র হ’লো মই।
অথচ পদুম পাতৰ ছাঁত লালিত পালিত আছিল এই হৃদয়...

Friday, July 22, 2011

শাৰদ: হৃষীৰাজ শৰ্মা


শৰতৰ ঠিকনা নুসুধিবা
শৰত্‍ এনেয়োতো আহিব‍ই
তুমি অহা দেখিলে
নৈখনো ভটিয়াব একেলগে
তোমাৰেই খোজত উখল মাখল
শেৱালীৰ শুভ্ৰ শোভা
মোৰ হৃদয়ৰ সকলো উত্‍সৱ
তোমাৰেই প্ৰেমৰ মণিকাঞ্চন,
সেয়াই শৰত্‍ নহয় যদি আৰুনো কি?

Monday, July 11, 2011

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক

এই ধৰক, লগ পাই গলো হঠাতে এদিন তেওঁক
ওভতনি যাত্ৰাৰ বাচখনত খিৰিকী ফাঁকেৰে সেউজীয়াত মগ্ন থাকিব তেওঁ
দুষ্ট বতাহজাকে চূৰ্ণি টানি মেহুৰা কৰি তুলিব
আৰু ওফন্দা লাজ ধাকিবলৈ বাৰে বাৰে ব্যৰ্থ নহ’বলৈ চেষ্টা কৰিব
তেওঁৰ বাবে ম‍ই সেউজীয়া হোৱাৰ প্ৰয়াস কৰিম

নাইবা ধৰক, মহানগৰীৰ ভিৰ ৰাষ্টা পাৰ কৰাবলৈ
বৃদ্ধজনৰ লাখুটিত থকা তেওঁৰ সেই হাতখনৰ প্ৰেমতেই পৰিলো
অথবা গ্ৰন্থমেলাত মোৰ পচন্দৰ কিতাপখন বিচাৰি তেওঁৰ সতে এটা খুন্দা মাৰিলো
বিৰক্তিকৰ ৰেল ভ্ৰমণত সেই কিতাপখন বিচাৰিওতো তেওঁ আহিব পাৰে
"আপুনি কিতাপৰ প্ৰেমিকা নেকি বাৰু ?" ম‍ই সুধিম
তেওঁ ক’ব যে মানৱতাৰ জয়গানে মুগ্ধ কৰে তেওঁক
যিয়েই শেৱালীৰ সুবাস ভাল পায় তেওঁয়েই তেওঁৰ প্ৰেমিক
তেওঁৰ বাবে ম‍ই শেৱালিৰ সুবাস চিঙি আনিম

এই ধৰক, হঠাতে এদিন মোৰ কবিতাৰ প্ৰেমতেই পৰিলে তেওঁ
ধৰক, কবিতাৰ শেতেলীত সামাজিক আঁকি সুখী হয় তেওঁ
উশাহত যাৰ সেৱিত হয় কবিতা অথবা জীৱনৰ গান
মোৰ কবিতাৰ গুচ্ছ উভালি নপৰাৰ জোখেৰে এজাক বৰষুণ হৈ নামিব
বৰষুণ পিবলৈ ফুল হৈ ফুলিম
সাগৰ হৈ মেলি দিম বুকু

এই ধৰক, হঠাতে এদিন প্ৰেমত পৰি গলো তেওঁৰ...

Friday, June 17, 2011

ইচ্ছা

একোছা ঘাঁহ হৈ খামুচি ধৰিবৰ মন গৈছে
বৰপুখুৰীৰ কানৰ সেমেকা গোন্ধৰ মাটি
য'ত চেঁচা বৰষুণ এজাকলৈ ৰ'ব পাৰি গোটেইটো ৰাতি

Saturday, June 11, 2011

ভোক

(১)
ভোক ম‍ই

ছোমালিয়াৰ,

এমুঠি আহাৰ দিয়া
কুঁহিয়াৰীয়া পেটৰ জোখেৰে,
তাতেই বিল গেট্‌ছ ম‍ই |


(২)
ভোক ম‍ই

ৰাজনীতিৰ,

ভিক্ষা দিয়া, ভোটৰ
টকা লোৱা,
ক’লা টকা |


(৩)
ভোক ম‍ই

দুখুনী নাৰীৰ,

নাৰী হেনো ময়ো !
হ’লোয়েইবা কঙ্গাল,
জীয়াই থাকিব দিয়া মোক
পৰ জনমত যৌতুকেৰে উপজিম |


(৪)
ভোক ম‍ই

সোণাগাছিৰ,

খুদকণ দিয়া পেটত,
খলা-বমাখিনি পাবা
ৰাত্ৰিদানেৰে দানী ম‍ই |


(৫)
ভোক ম‍ই

নাগাছাকিৰ,

ভেম্পায়াৰ হওঁ,
তেজ দিয়া, শুহিম
বাৰুদ পাবা আৰু
শুন্যতা |


(৬)
ভোক ম‍ই

বাৰ্দ্ধ্যকতাৰ,

গৰ্ভ দিলো তোমাক,
বীৰ্য্য দিলো আৰু পোহৰ
সংগ দিয়া মোক |


ভোক ম‍ই
একবিংশ শতিকাৰ
অন্তহীন.....

Thursday, June 9, 2011

এটা হাইকু

উন্মাদ সোঁতে বাৰে বাৰে হেঁচুকিলেও
কিয় নাভাগে শিলৰ শেলুৱৈ টোপনি?
হয়তো বুকুত এখন বুৰঞ্জী সামৰাৰ ভাগৰ

Friday, June 3, 2011

খেতিৰ দিনৰ কবিতা

হুৰমূৰাই বাঢ়িছে এপথাৰ ব্যস্ততা
কুঢ়া চৰাইৰ কঠিয়াতলীত
পোনা মাছৰ উলাহ
সমাৰ বোৱা মাটিৰ গোন্ধত
গাভিনী টোমবোৰ পাতল হয়
হোলোঙাত ওলমি
গঙাচিলনীৰ কোঢ়ালবোৰো যায় নেকি কেনিবা?
আলিৰ কানত ভেঁজা দি ৰোৱা
এশাৰী খোকাত বন্দী
ৰাতিৰ সাঁজৰ কল্‌মল্‌ ভোক

ৰংমন অ',
বেলিটোচোন ভাগৰিলেই
তোৰহে ব্যস্ততাৰ শেষ নাই।

Sunday, May 22, 2011

অন্তৰ্দাহ:কুলদীপ মেধি

ৰ’দটো খাওঁ খাওঁকৈ ওলাইছে
পাতত লাগি থকা বিৰিখৰ ডালবোৰৰ
কোৱাৰি ফাটি তেজ ওলাইছে
চোঁচৰি চোঁচৰি সৰি পৰিছে গাৰে
লুণীয়া সৰ
ধূলিবোৰ চকু মোহাৰি মোহাৰি বাট নমনি
ওফৰি পৰিছে পথৰ দাঁতিত
বগলীজাক উৰি গৈছে পছিমলৈ
নীলা ছাতি এটাৰ তলে তলে
নৈখনে হামিয়াই হেকেটিয়াই বৈ আছে
পিয়াহত শুকাই গৈছে অণ্ঠ-কণ্ঠ...

ৰ’দটো ক্ৰমান্বয়ে তীখৰ হৈ পৰিছে
আৰু মোৰ ছালৰ সুৰুঙায়েদি
তাপবোৰ সৰকি সৰকি
ভিতৰখন পুৰি পেলাইছে |

Wednesday, May 18, 2011

এটা সপোন আৰু এজাক মানুহ

মানুহ স্বপ্নাভিলাষী ! মানুহ আত্মাভিমানী !নিজৰ বুলি, দেশৰ বুলি, জাতিৰ বুলি কৈ মানুহ গৌৰৱাম্বিত হ’য় | সেয়েই মানুহ ইতৰ প্ৰজাতিৰ পৰা পৃথক| ভালপোৱা, দুখ লগা, খং উঠা অন্যান্য জীৱ-জন্তুৰো আছে, কিন্তু মানুহ এইবাবেই পৃথক যে মানুহৰ লক্ষ্য থাকে| আৰু ইয়াক পোৱাৰ বাবে অধ্যৱসায় আৰু একাগ্ৰতাৰে কাম কৰাৰ সামৰ্থ্য আছে |
মানুহৰ এনে কিছু সপোন থাকে যি ব্যক্তিগত পৰ্যায়ৰ পৰা বহু ওপৰৰ | ই সমূহীয়া সপোন | ই হ’ব পাৰে এটা জাতিৰ সপোন, এটা প্ৰজন্মৰ সপোন নতুবা সমগ্ৰ মানৱ জাতিৰ সপোন | এনে সমূহীয়া সপোনৰ তাড়নাতেই মানুহে বিশ্বাশান্তিৰ সপোন দেখে, প্ৰযুক্তিগত সুবিধাৰে সুচল আৰু সুসম পৃথিৱীৰ সপোন দেখে |
এনে এক সপোনৰ তাগিদাতেই সৃষ্টি হৈছিল ’সুগন্ধি পখিলা’ৰ | ’সুগন্ধি পখিলা’ এক সপোনৰ বাস্তৱ ৰূপ | অসমীয়া ভাষাটো কম্পিউটাৰৰ পৰ্দাত চাবলৈ পোৱাৰ হেপাঁহত বিভিন্ন ধৰণেৰে চেষ্টা কৰিছিলো এটা অসমীয়া ব্লগ তৈয়াৰ কৰাৰ বাবে | ইউনিক’ডৰ বিষয়ে জনাৰ আগতে কম্পিউটাৰত অসমীয়া লিখাৰ বাবে বিভিন্ন ধৰণৰ সঁজুলিৰে চেষ্টা কৰিছিলোঁ, ৰামধেনু, লীপ-অফিচ আদিৰে অসমীয়া লিখি তাৰ পৰা ইমেজ ফাইল তৈয়াৰ কৰি, ইমেজ সমূহ ব্লগত প্ৰকাশ কৰিছিলোঁ | এনেদৰে এদিন ইন্টাৰনেটেৰে চিনাকি বন্ধু কুলদীপক অনুৰোধ জনালো সুগন্ধি পখিলাত কবিতা লিখিবৰ বাবে | লাহে লাহে মানুহৰ মতামত পোৱা হলো, ইজনে সিজনে ভাল লগা বুলি কোৱাৰ পিছত দুই-এজন বন্ধুলৈ অনুৰোধ পঠাবলৈ আৰম্ভ কৰিলো, আৰু সুগন্ধি পখিলাৰ লিখকৰ সংখ্যাও দুজনৰ পৰা তিনিজন চাৰিজনলৈ বৃদ্ধি পালে, বিভিন্ন জনৰ মতামতো আহিবলৈ ধৰিলে | এদিন এজন বাংলাদেশী পাঠকৰ মন্তব্য পালো, ’অহমীয়া ভাষাৰ ব্লগ অনলাইনে খুউব কম, এই কম সংখ্যক ব্লগেৰ মধ্যে আপনাৰটি একটি, কিন্তু টেক্সট লেখেননি কেন, সব ইমেজ ফাইল | তাহলে তো আপনাৰ ব্লগটি সাৰ্চ ইঞ্জিনে খুঁজে পাওয়া যাবে না |.................. ’ কথাষাৰ পঢ়াৰ পাছত অসমীয়া টেক্সত লিখাৰ প্ৰচেষ্টা আৰম্ভ হৈ গ’ল | কেনেকৈ লিখিব পাৰি অসমীয়া আখৰত? কি সঁজুলি ব্যৱহাৰ হ’য় ইয়াৰ বাবে ? ইন্টাৰনেটৰ বুকু চলাথ কৰি বিচাৰি উলিয়ালো অসমীয়া লিখাৰ সাধন, অভ্ৰ নামৰ এটা অসমীয়া লিখন-সঁজুলিৰে এইবাৰ আৰম্ভ কৰিলো অসমীয়া লিখাৰ প্ৰচেষ্টা | লাহে লাহে এই প্ৰচেষ্টাৰ স’তে জড়িত বিভিন্ন জনৰ লগত আলাপ আলোচনা আৰম্ভ হ’বলৈ ধৰিলে | বিভিন্ন জনৰ পৰামৰ্শ, আগ্ৰহে আমাক প্ৰতিদিনেই নতুনকৈ প্ৰেৰণা দিলে | লাহে লাহে সদস্যৰ তালিকাও বৃদ্ধি পালে | অসমীয়া ইউনিক’ডৰে লিখামেলা কৰি থকা বিভিন্ন জনে আমাৰ সতে সহযোগ কৰি সুগন্ধি পখিলাত লিখিবলৈ আৰম্ভ কৰিলে |
অসমীয়া ভাষাক ইন্টাৰনেটৰ বুকুলৈ লৈ যোৱাৰ প্ৰয়াসেৰে বিভিন্ন জনে বিভিন্ন ধৰণেৰে এই যাত্ৰা অব্যাহত ৰাখিছে | আমিও এই যাত্ৰাত যোগ হ’লো | এই প্ৰয়াসত বিভিন্ন জন বিভিন্ন ধৰণেৰে জড়িত হৈ আছে | কোনোবা জন ইউনিক’ডক জনপ্ৰিয় কৰাত ব্যস্ত হৈ আছে, কোনোবাজন সাহিত্য, কবিতাৰ চৰ্চাৰে ইয়াক আগুৱাই লৈ যোৱাত ব্যস্ত হৈ আছে |কিন্তু সকলোতকৈ মন কৰিবলগীয়া দিশ কেইটামান হ’ল-পাৰষ্পৰিক সহযোগিতা আৰু পুৰণি প্ৰজন্মৰ আগ্ৰহ !ইন্টাৰনেটৰ বুকুত অসমীয়াত লিখা আখৰ কেইটি দেখা পাই স্বয়ংক্ৰিয় ভাৱেই বহু জনে প্ৰশ্ন কৰে ইয়াত অসমীয়া কেনেকৈ লিখে? আৰু তাৰ সঁহাৰিত বহুজনে নিঃস্বাৰ্থভাৱে শিকাই দিয়ে-কেনেকৈ অতি সহজতে অসমীয়া লিখিব পাৰি | অসমীয়া সাহিত্যৰ দুই-এজন জ্যেষ্ঠ সাহিত্যিক-লিখককো যেতিয়া এই তালিকাত দেখা পাওঁ, মনটো এক অনাবিল আনন্দত ভৰি উঠে | কিবা এক প্ৰাপ্তিৰ আনন্দ জাগে |
এক ক্ষুদ্ৰ প্ৰয়াসেৰে আমাৰ যাত্ৰা আৰম্ভ হৈছিল | ইয়াৰে আঁত ধৰি লাহে লাহে চিনাকি হোৱা পৃথিৱী খনৰ মায়াই আমাক নিঃস্বাৰ্থভাৱে কাম কৰি যোৱাৰ প্ৰেৰণা দিয়ে | লাহে লাহে পৰিসৰ বৃদ্ধি হ’বলৈ ধৰা অসমীয়া ইউনিক’ডৰ পৃথিৱীখন আৰু ব্যাপ্ত হৈ পৰক, অসমীয়া ভাষাটো স্বকীয়তাৰে উজলি উঠক বিশ্ব-দৰবাৰত !

Monday, May 16, 2011

আইতা : মিতালী বর্মন


ঘৰ এটা সজালোঁ,
কংক্ৰিটৰ নহয়, কেঁচা মাটিৰ ৷
তোমাৰ বাঁহনিৰ বগলী বহা
দুজোপামান বাঁহ আৰু
খেৰৰ কেইটামান মুঠিৰে
আইতাৰ ভেটিতে ঘৰটো সজালোঁ ৷

গোৱৰ মাটিৰে লেপা বেৰত
মাজে মাজে সাৰ পাই উঠে
আইতাৰ টুকুৰা-টুকুৰ স্বপ্নৰ
ক'লা মণিৰ চকুযুৰি ৷
খুটাৰ পাবৰ সাঁচতীয়া ধনত
কঁপা কঁপা আঙুলিৰ ফুলবচা নাচোন
চুকে-কোণে ফুলি উঠে
আইতাৰ হাইতাল বৰণীয়া হাঁহি
বতাহত উমলি ফুৰে খুন্দা তামোলৰ গোন্ধ !
মাটিমাহৰ আঞ্জাত মিথিগুটিৰ তেলনিয়ে
নাকৰ আগতে আহি অগা-দেৱা কৰে
জোনাকৰ বহল চোতালত আইতাৰ সাধুৱে
নিৰ্ভয়ে ইফাল সিফাল কৰে
আজিও আমাৰ কাণৰ কাষতে
ইচাট-বিচাট কৰে 'কাণখোৱাৰ গীত'

জুহালত তুঁহগুৰিৰ উম
পুহমহীয়া ঘৰৰ চালেদি
আইতাই চকুপানী টোকে
পছোৱাত ডেউকা কোৱাই ঢপঢপাই
উৰি যায়
বাঁহনিৰ বগলীজনী
কুলিৰ বিননিত কপৌজুপিয়েও
ঘৰৰ খুটাতে বগুৱাবাই যাব খোজে

কেতিয়াবা সময় পালে
মোৰ কেঁচা মাটিৰ ঘৰটোলৈ
এবাৰ আহিবাচোন ৷
হেৰাই পাবও পাৰা
ফ্ৰেমত বন্ধা এখন আধা-জ্বলা ফ’টো ৷
--------------

Sunday, May 15, 2011

আউল লগা কবিতা

জোনাকীৰ পিঠিত কবিতা এটিয়ে লিখিবলৈ চেষ্টা কৰি আছে মোক |
শব্দৰ ৰিক্ততাত বাৰে বাৰে শুকোৱাৰ উপক্ৰম হয় চিয়াঁহী
শুকান নীলাৰ টুকুৰা এটাই বখলিয়াই আনিছে এলান্ধুময় এমখল স্মৃতি
স্মৃতিৰ বেজাৰত ভাগৰি পৰে কবিতা
শুকান বেজাৰ, ধুষৰ কবিতা....
জোনাকীয়ে আগুৱাই কবিতালৈ ৰিঙিয়ায়
নীলাত ভেজা দি পুনৰাই আগবঢ়াৰ চেষ্টাত এটি কবিতা |
শুকান টুকুৰাত যে বাৰে বাৰে ৰৈ থাকে উজুটি
জোনাকী আগুৱায়......
হঠাত্‍ নামি অহা বৰষুণজাকত গলিব ধৰিছে এলান্ধু
চিয়াঁহীত আউল লাগে,
জোনাকীৰ পিঠিৰ পৰা সৰি পৰে পিছল কবিতা
এন্ধাৰত পোত গৈ কবিতা এটিয়ে পঢ়িবলৈ চেষ্টা কৰি আছে মোক |

Sunday, May 8, 2011

কেতিয়াবা নিজানত

তোমাক ক'ম ক'ম বুলিয়েই বুকুতে ৰ'ল
ভালপোৱাৰ কঁপা কঁপা আখৰ
এতিয়া উকলি যোৱা সময়বোৰে
অকলে অকলে উচুপে
এতিয়াও ক'ৰবাত
মৌ-চাপৰিৰ ঐনিতমৰ সুৰ এটা হৈ
বাজি থাকা
ঐনিতমবোৰত বাৰু কিয় ইমান বেজাৰ??
(মৌ-চাপৰি যোৰহাটৰ এক নৈ চাপৰি।)

Saturday, May 7, 2011

মা

শেঙুণ উজাই উজাই হঠাতে এদিন সুধিছিলো
বুঢ়ী হ’লে তোক কি বুলি মাতিম মা ?
উচপ খাইছিলি তই !
সময়ৰ বোকোচাই কঢ়িয়াই নিব নেকি মোকো
যৰ পৰা ঢুকি নাপাম তোৰ দৰদী কোলা ?
তই চিন্তা নকৰিবি মা
তোৰ মমৰঙী চুলিয়েও মোক ডাঙৰ কৰিব নোৱাৰে দে
হৃদয়খন মোৰ কংক্ৰিটেৰ নবনাওঁ দে মা
আজুৰি আনি বিক্ৰী নকৰো দে আনৰ ওচৰত |
নাতিয়েৰক সাধু শিকাবিনে তই মা.......তেজিমলা, বুঢ়ী আই,লটকন
শিকাবিনে তই তৰা গণিবলৈ ?
পিঠাৰ জুতি নাপালে বোৱাৰীয়েৰক তইয়েই শিকাবি,
বুঢ়ী হ’লেওঁ তোক মা বুলিয়েই মাতিম
মই লাজ নকৰো দে মা

গ্রীষ্মৰ স্তৱক: নিয়ৰপৰশ

গ্রীষ্মৰ স্তৱক
(১)
চেৰ্‌চেৰীয়া ৰদত দিনটোৰ আয়ুস বাঢ়িছে
উশাহত হুৰ্‌মূৰকৈ উজাই আহিছে শুকান নৈখন
ৰুক্ষ বতাহতে কঁপে আগলি কলাপাত ..
(২)
শীর্ণ কাকডোঙা,
তাতেই নামিছে দুপৰৰ বেলি
দুকাষে উলুৱনি জোপোহাত লৰে
কপহুৱা পতাকা ..
(৩)
ৰৈ আছোঁ,
বৰষুণজাক আহিলেই মই
শুকান মাটি হৈ তিতিম
এখিলা পাত হৈ পখালিম গা
খেলিমেলিকৈ বাজি থাকিব
ৰাগ মেঘমল্লাৰ ..
(৪)
ক'লা ডাৱৰৰ জাকৰুৱা উছাহত
আকাশ যেতিয়া গধুৰ হ'ব
তেতিয়াই সৰিব জাকৰুৱা বৰষুণ
উলাহৰ গীত এটা তাত ৰৈ ৰৈ তিতিব ..

(মোৰ অন্য কবিতা সমূহ পঢ়িবৰ বাবে http://niyorporoshchandancp.blogspot.com/ চাওক)

‘পঢ়াত চোকা’ হ’বলৈ পঢ়িব লাগিব



জীৱন-যাত্ৰাৰ কোনো কোনো বিশেষ মুহূৰ্তত আমি প্ৰত্যেকেই অপ্ৰয়োজনীয়ভাৱে অত্যাধিক পৰামৰ্শৰ মুখামুখি হোৱাৰ অভিজ্ঞতা লাভ কৰোঁ। সেই পৰামৰ্শৰ বৰষুণজাকত তিষ্ঠি থাকিবলৈ বা নিজৰ পৰৱৰ্তী কাম-কাজৰ ক্ষেত্ৰত সঠিক দিশত আগবাঢ়ি যাবলৈ ব্যক্তি এজনক জ্ঞান, দৃঢ়তা, অভিজ্ঞতাৰ পৰা আহৰণ কৰা শিক্ষা, নিজৰ লক্ষ্যৰ দূৰত্ব সম্পৰ্কে সুস্পষ্ট ধাৰণা আদিৰ প্ৰয়োজন হয়। কোনো বিবেচনাক্ষম ব্যক্তিৰ পৰামৰ্শইয়ো সেই সময়বোৰত সহায় কৰে।

এখন বিশ্ববিদ্যালয়ৰ এটা বিভাগত নতুনকৈ নামভৰ্তি কৰা ছাত্ৰসকলক প্ৰথম অৱস্থাত বিভাগটোৰ তৃতীয় ষাণ্মাসিকৰ কেইজনমান ছাত্ৰ আৰু সেইটো বিভাগৰ পৰা ইতিমধ্যে স্নাতকোত্তৰ ডিগ্ৰী লোৱা কেইজনমান ছাত্ৰই গোটাই লৈ খুব পৰামৰ্শ দিবলৈ লৈছিল। ময়ো সেই নৱাগত ছাত্ৰসকলৰ মাজৰে এজন আছিলো। স্নাতকোত্তৰ ডিগ্ৰী লোৱা ছাত্ৰ এজনে নেট(NET) আৰু গেট(GATE) পোৱা তেওঁলোকৰ সহপাঠী এজনৰ কথা জনাই কেইবাদিনো এনেধৰণৰ কথা কিছুমান কৈছিল- “ইয়াত বেছি পঢ়াৰ দৰকাৰ নাই। সিতো আমাৰ লগৰ সৱতকৈ কম পঢ়ে। দিনৰ দিনটো কাণত ফোনটো লৈ কথা পাতি থাকিব! টেবুলত কেৱল বহিকেইখনহে থাকে, কিতাপ-পত্ৰও একো নলয়...... পঢ়া পঢ়া বুলি বেছি গুৰুত্ব দিয়া কেইটাই একো কৰিব নোৱাৰিব- চাবি, নপঢ়াকেইটায়েই নেট লগাব...” মাজে মাজে অশ্লীল, কিছু আমোদ প্ৰদানকাৰী, কিছু পৰামৰ্শ তথা নিৰ্দেশমূলক আৰু বহুতো কথা। বাৰে বাৰে সেই একেই পৰামৰ্শবোৰ শুনিবলৈ বাধ্য হোৱা বাবে নৱাগতসকল প্ৰথমে বিৰক্ত হৈছিল আৰু তাৰ পিচত তেওঁলোকে কি সিদ্ধান্ত লৈছিল মই নাজানো, মাথো তেতিয়া মই ভবা কথাটো হ’ল- মই নিজে তেনেকুৱা পৰামৰ্শ নিদিলোহেঁতেন বা নিদিওঁ। পিচলৈ সেই ল’ৰাজনৰ চিন্তাধাৰা, ব্যৱহাৰ আদি লক্ষ্য কৰি মোৰ মনত ভাৱ হয় যে তেওঁ নিজস্ব বিবেচনাখিনি প্ৰদৰ্শন কৰিবৰ বাবেই কথাখিনি কৈছিল, এটা পৰামৰ্শ কাৰোবাৰ উপকাৰত আহিবনে নাহে, পৰামৰ্শটো কোনোবাই গ্ৰহণ কৰাৰ প্ৰতি আগ্ৰহী হ’বনে নহয় সেইবোৰ চিন্তা তেওঁৰ নাছিল, অৱশ্যে কাৰোবাৰ অপকাৰ হোৱাৰ উদ্দেশ্যেৰেও তেওঁ কোনো কথাই কোৱা নাছিল। আৰু সেই নেট পোৱা ল’ৰাজনৰ সম্পৰ্কে ভাবিছিলো যে, হয়তো তেওঁ খুব কম সময়তে বিষয়টোত গভীৰ মনোযোগ বহুৱাব পৰা বাবেই কম সময় পঢ়িও তেওঁ ভাল ফল দেখুৱাব পাৰিছে; কাৰণ তীক্ষ্ণ ছাত্ৰ-ছাত্ৰীসকলক(বিশেষকৈ গণিতৰ ছাত্ৰ-ছাত্ৰী) লক্ষ্য কৰি দেখোঁ যে তেওঁলোকে খৰটকীয়াকৈ বিষয়(topic) এটাৰ বহুকেইটা দিশ বিবেচনা কৰিব পৰে আৰু এই গুণটো তেওঁলোকে লাভ কৰে কেৱল কঠোৰ অনুশীলনৰ জড়িয়তে।

বছৰ পাৰ হোৱাৰ লগে লগে আমি লগ পোৱা মানুহৰ সংখ্যা বাঢ়ি যায়। এই সংখ্যা যিমানে বাঢ়ে আমাৰ এটা উপলব্ধি গাঢ় হৈ যায়- প্ৰতিজন মানুহেই আনতকৈ বেলেগ কিছু কথা হ’লেও জানে আৰু কোনো এটা ঘটনাৰ প্ৰতি প্ৰতিজন মানুহেই এটা নিজস্ব দৃষ্টিভংগী গ্ৰহণ কৰে, কিন্তু তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি প্ৰত্যেকেই জনা কথাবোৰৰ বহুতো ভুলকৈ জানো। এক দোধোৰ-মোধোৰ অৱস্থা পাৰ কৰি এটা সিদ্ধান্ত ল’ব পাৰিলে আমি আনন্দ লাভ কৰোঁ, কিন্তু বহু সময়ত আমি একোটা ভুল সিদ্ধান্ত লওঁ। মই নিজেও বহু ভুল কৰিছো; অগ্ৰজ, সমনীয়া, আনকি অনুজেও মোৰ ভুল দেখুৱাই দিছে। ভুলকৈ জনা, ভুল দৃষ্টিভংগী গ্ৰহণ কৰা, ভুল সিদ্ধান্ত লোৱা – এইবোৰ কমাই যোৱাটোও শিক্ষা আহৰণৰ এক উদ্দেশ্য। আমি এজনে আনজনক শুদ্ধ কথাবোৰ জনাব লাগিব।

প্ৰায় চাৰি মাহৰ পিচত বিশ্ববিদ্যালয়তে চলা এখন কৰ্মশালাত সেই নেট পোৱা ল’ৰাজনৰ সৈতে একেলগে অংশ লবলৈ পালো। কৰ্মশালাখন চলিছিল বিশ্ববিদ্যালয়ৰ শ্ৰেণীসমূহ বন্ধ থকা এটা মাহৰ কেইটামান দিনত। কৰ্মশালাৰ আগৰ কেইদিন ঘৰত আছিলো। কিবা কথা জানিব লগা থাকিলে বা ইণ্টাৰনেটত কোনো তথ্যৰ সন্ধান কৰিবলগীয়া থাকিলে সেইবোৰ মনলৈ অহা লগে লগে বহি এখনত লিখি থওঁ। নিজাকৈ ইণ্টাৰনেট সংযোগ লোৱা নাই বাবে ঘৰত থকা কেইদিনত বহিখনত লিখা বিষয়ৰ সংখ্যা বহুত বৃদ্ধি পালে আৰু আমাৰ বিশ্ববিদ্যালয়ত Wi-Fi সুবিধা আছে বাবে কৰ্মশালাৰ দিনকেইটাত হোষ্টেলত থকা সময়খিনিত কেৱল ইণ্টাৰনেটত তথ্য খুঁচৰি থকাতে লাগি আছিলো। তেনেকৈ এদিন তথ্য খুঁচৰি থাকোঁতে মই থকা কোঠাটোতে সেই ল’ৰাজনে কেইজনমানৰ সৈতে তাচ খেলি আছিল আৰু আন কেইজনমানে চিনেমা চাই আছিল। সৱেই নিজৰ নিজৰ কাম মনোযোগ দি কৰি থকা যেন দেখি ময়ো মোৰ কাম মনোযোগেৰে কৰাত লাগিলো। এবাৰ ফিল্ডছ মেডেল (Fields Medal) বিজযী এজনৰ বিষয়ে পঢ়ি আছো। তেনেতে ল’ৰাজনে গণিতজ্ঞজনৰ নাম উচ্চাৰণ কৰি “বা...! তই এওঁৰ প্ৰফাইল উলিয়াইছ নেকি” বুলি হাতত তাচপাত লৈয়েই মোৰ লেপটপটোৰ সমুখলৈ উঠি আহিল। মোৰ কৌতূহল বাঢ়ি, সুধিলো- “আপুনি তেখেতক কেনেকৈ চিনি পায়? ক’ৰবাত লগ পাইছিল নেকি?” কেইমাহমানৰ আগতে হায়দৰাবাদত আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছিল। চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হোৱা এই সন্মিলনখন অতি বিখ্যাত আৰু সৰ্ববৃহৎ গাণিতিক সন্মিলন, য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ বহুতো শ্ৰেষ্ঠ গণিতজ্ঞই অংশগ্ৰহণ কৰে। ভাৰততে সেইবাৰ সন্মিলনখন অনুষ্ঠিত হোৱা কাৰণে আমাৰ দেশৰ বহুতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে ইয়াত উপস্থিত থকাৰ সুযোগ পাইছিল। গতিকে গণিতজ্ঞজনক ল’ৰাজনে লগ পোৱাটো সম্ভৱ হ’ব পাৰে বুলি মই প্ৰশ্নটো কৰিছিলো। তেওঁ মোক কিছু আচৰিত কৰি এটা কথা ক’লে (এই প্ৰৱন্ধটোৰ প্ৰথম অংশ যদি মনত আছে তেন্তে পাঠকসকলে আমোদ পাব!)-তেওঁ ক’লে, “নহয়, মই লগ পোৱা নাই। যোৱা বছৰ তেওঁৰ কিতাপ এখন পঢ়িছিলো, ইমান ভাল কিতাপ মই আগতে পঢ়াই নাই।” ল’ৰাজনে কিতাপখনৰ বৰ্ণনা দি সেইখন মোকো পঢ়িবলৈ উপদেশ দিলে আৰু touch pad লৈ আঙুলী নি মই চাই থকা পৃষ্ঠাটোত গণিতজ্ঞজনৰ আন কিতাপবোৰৰ সন্ধান কৰিবলৈ ধৰিলে। মাজতে পেলাব লগীয়া তাচপাতখিলাও তেওঁ পেলাই থৈ আহিল....।

লগে লগে মই ভাবিবলৈ ধৰিলো- এক বছৰৰ আগতে ল’ৰাজন তৃতীয় ষাণ্মাসিকৰ ছাত্ৰ আছিল আৰু তেতিযাই তেওঁ পাঠ্যপুথিৰ বিষয় খৰচি মাৰি জানি উঠাৰ উপৰিও ফিল্ডছ মেডেল বিজয়ী গণিতজ্ঞজনৰ কিতাপ পঢ়িও হৃদয়ঙ্গম কৰাৰ চেষ্টা কৰিছিল, যিখন কিতাপৰ নাম বা গণিতজ্ঞজনৰ নামো সেই সহপাঠীকেইজনে নাজানে অথচ তেওঁলোকে ল’ৰাজনে নপঢ়েই বুলি ব্যাখ্যা আগবঢ়ালে! আন এটা দিনত ল’ৰাজনে কৈছিল যে PhD scholarship ৰ প্ৰথম দুমাহৰ ধনখিনি লৈ ত্ৰিশ হাজাৰমান টকাৰ কিতাপ কিনি ল’ব।

মই ক’ব বিচৰা কথাখিনি সকলোৱে নিশ্চয় বুজি পাইছে। কৰ্মশালাখনৰ লগত জড়িত কেইবাটাও কথাই মোক কিছুমান দিশ দেখুৱাইছিল। ইয়াৰে আৰু এটা হ’ল: তাত অংশ ল’বলৈ অহা কলেজীয়া ছাত্ৰকেইজনমানে ডেক্সবোৰত কলমৰ আঁকবাঁকবোৰ দেখি চঁক খাই এজনে আনজনক কোৱা শুনিছিলো- “ঐ ঐ চা, ইয়াতো ডেক্সত আঁকে!!”

Friday, May 6, 2011

তোমালৈ: হৃষীৰাজ শৰ্মা



মোৰ হৃদয়ৰ পৰা বহু দূৰৈত তোমাৰ প্ৰেমৰ ষ্টেচন
ভালপোৱাৰ উকি মাৰি নিশাৰ ৰেলগাড়ী চলে
আমাৰ মৰমক শেষ গাড়ীখন বুলি ভাবিছিলোঁ
আৰু ভাবিছিলোঁ তোমাৰ হৃদয়ৰ ষ্টেচনৰ ময়েই একমাত্ৰ যাত্ৰী |

তোমাৰ বুকুখনৰ একোণ কোনোবা চহৰত হেৰাই আছিল
কোনোবা চহৰৰ এক আন্ধকাৰ গলিত
তুমিও প্ৰেমৰ ঠিকনাত বিজ্ঞাপন দিছিলা |
তোমাৰ বিজ্ঞাপনৰ এটুকুৰা মোৰ হৃদয়তো থিতাপি লৈছিল কাহানিবা
নজনাটোৱেই ভাল আছিল
যে তুমি তেতিয়া উকা কাগজত কবিতা লিখিবলৈ আৰম্ভ কৰিছিলা |

সকলোবোৰ বাৰিষা গুচি যোৱাৰ পাছত
মোৰ হৃদয়খন তোমাৰ বাবে পথাৰ আছিল
পলসুৱা আছিল প্ৰেম
দূৰ্বল শপতবোৰ আছিল তোমাৰ বাবে আকাশ
আৰু ডাঁৱৰৰ প্ৰতি মোৰ শতিকাৰ ভেম
ভয় মাথোঁ একেটাই,
বৰষাৰ কোনো দিন বাৰ নাই..||

Saturday, April 9, 2011

তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ? :হৃষীৰাজ



তোমাৰ শব্দবোৰেৰে মোৰ উশাহ আৰু
তোমাৰ ভাৱনাবোৰ মোৰ মন শৰতৰ জোনাক |
তুমি প্ৰেমৰ ৰাগীৰ এপিয়লা ৰঙা মদিৰা
আৰু ম‍ই ব্যকুল সেই নিচাত উতলিবলৈ
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?
তুমি ৰৈ আছা দূৰণীত,
বন্ধ তোমাৰ চৌপাশ
ম‍ই বিশৃংখল, মোহান্ধ, ভয়াৰ্ত
নাজানোঁ, কেতিয়ালৈ মুকলি হ’ব
তোমাৰ আঁচলত আবদ্ধ সেই জোন ;
যাৰ জোনাকত তিতি বুৰি
কবিতা লিখাৰ হেঁপাহ মোৰ বহুদিনৰ |
তোমাৰ চকুৰ পতা জাপ খাওঁতেই কিজানি
প্ৰাণ পাই উঠে হুছেইনৰ তুলিকা ,
তোমাৰ চাৱনিৰ বৰষাত গাভৰু হয়
মোৰ হৃদয়ৰ মোহনা |
তুমি হিয়াত ৰুণু ৰুণু সুৰ তুলি যোৱা
এটি পাহাৰী চিফুঙৰ মাত ,
বেলি লহিয়াওঁ লহিয়াওঁ কৰা এটি পথৰুৱা বাট |
তোমাৰ পদূলীত এজুপি খৰিকাজাঁই দেখিলোঁ; ৰাতিপুৱা,
ৰূপোৱালী হাঁহিবোৰেৰে সি ফুলি উঠিছে |
সেউজীয়া জপনাখন খুলি থ’বা আলফুলে,
কিজানি সোমাবলৈ পাৰোৱেই ধীৰে ধীৰে |
আৰু কত পৰ ৰখাই থ’বা মোক, বসন্তৰ ঠিকনা বিচাৰি
শীতৰ বাতৰি বিচাৰি
নৈৰ বিষাদ বিচাৰি
আকাশৰ অভিমান বিচাৰি
তোমাৰ প্ৰেমত পৰিবলৈ আৰু কত পৰ ?
Related Posts Plugin for WordPress, Blogger...